শ্যামচি আই (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্যামচি আই

পোষ্টাৰ
পৰিচালক আচাৰ্য আত্ৰে
ৰচনা আচাৰ্য আত্ৰে
চিত্ৰনাট্য আচাৰ্য আত্ৰে
কাহিনী সানে গুৰুজী
ভিত্তি সানে গুৰুজী ৰচিত গ্ৰন্থ শ্যামচি আই
প্ৰযোজক আচাৰ্য আত্ৰে
সহকাৰী প্ৰযোজক- দত্তাত্ৰেয় ভৈৰৱ সাথে
অভিনয়ত বনমালা
মাধৱ ৱাজে
চিত্ৰগ্ৰহণকাৰী চি.এম. ৰেলে
সম্পাদনা নাৰায়ণ ৰাও
সংগীত পৰিচালক বসন্ত দেশাই
মুক্তি
১৯৫৩
দৈৰ্ঘ্য
১৫২ মিনিট
দেশ ভাৰত
ভাষা মাৰাঠী

শ্যামচি আই (ইংৰাজী: Shyamchi Aai; অসমীয়া অনুবাদ: শ্যামৰ মাতৃ) ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত প্ৰহ্লাদ কেশৱ আত্ৰে পৰিচালিত এখন মাৰাঠী চলচ্চিত্ৰ। সানে গুৰুজীৰ একে নামৰ মাৰাঠী গ্ৰন্থ এখনৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছে। সংগীত বসন্ত দেশাইৰ। শ্যাম আৰু শ্যামৰ মাকৰ ভূমিকাত অভিনয় কৰিছে ক্ৰমে মাধৱ ৱজে আৰু বনমালাই। শ্যামচি আই শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম ছবি।[1]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

শ্যামচি আইৰ কাহিনীটো শ্যাম নামৰ ল’ৰা এটা শ্যাম নামৰ লৰা আৰু মাকৰ সৈতে তেওঁৰ সম্পৰ্কৰ কেন্দ্ৰ কৰি আবৰ্তিত হৈছে। শ্যামৰ জীৱনৰ ওপৰত মাকৰ গভীৰ প্ৰভাৱ পৰিছে। মাকেই তেওঁক শিকাইছে, কেনেকৈ নীতি আৰু আদৰ্শত অটল থাকিব লাগে; আনকি চৰম দাৰিদ্ৰত পতিত হ’লেও নীতি-আদৰ্শ বিসৰ্জন দিয়া অনুচিত। শ্যামৰ পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্পৰ্কক উন্মোচিত কৰা হৈছে। মাকৰ ৰোগ আৰু মৃত্যুৰে ছবিৰ সমাপ্তি কৰা হৈছে।[1]

সমাজকৰ্মী পাণ্ডুৰং সদাশিৱ সানে (সানে গুৰুজী) ৰচিত শ্যামচি আই নামৰ আত্মজীৱনীমূলক গ্ৰন্থ এখনৰ আধাৰত ছবিখনৰ কাহিনীটো যুগুত কৰা হৈছে। শ্যাম নামৰ চৰিত্ৰটো লেখক সদাশিৱ সানে নিজেই বুলি দাবী কৰা হয়।

অভিনয় শিল্পী[সম্পাদনা কৰক]

  • বনমালা (যশোদা)
  • মাধৱ ৱজে (শ্যাম)
  • শংকৰ কুলকাৰ্ণী (সদুভাঊ)
  • সুমতি গুপ্তে
  • সৰস্বতী বোদাচ
  • বসন্ত বাপত
  • দামুন্না যোশী[1]

বঁটা[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "1st National Film Awards". Directorate of Film Festivals. http://dff.nic.in/2011/1st_nff_1954.pdf। আহৰণ কৰা হৈছে: 21 August 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]