অনুৰাধা (১৯৬০ চলচ্চিত্ৰ)
অনুৰাধা | |
---|---|
পোষ্টাৰ | |
পৰিচালক | হৃষিকেশ মুখাৰ্জী |
চিত্ৰনাট্য | শচীন ভৌমিক ৰাজেন্দ্ৰ সিং বেদী ডি এন মুখাৰ্জী সমীৰ চৌধুৰী |
কাহিনী | শচীন ভৌমিক |
প্ৰযোজক | হৃষিকেশ মুখাৰ্জী এল বি ঠাকুৰ |
অভিনয়ত | বলৰাজ চাহানী লীলা নাইডু |
চিত্ৰগ্ৰহণকাৰী | জয়ৱন্ত পাথাৰে |
সম্পাদনা | দাস ধাইমাড়ে |
সংগীত পৰিচালক | ৰবি শংকৰ |
মুক্তি |
১৯৬০ |
দৈৰ্ঘ্য |
১৪১ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
অনুৰাধা (হিন্দী: अनुराधा; ইংৰাজী: Love of Anuradha) হৃষিকেশ মুখাৰ্জীয়ে প্ৰযোজনা আৰু পৰিচালনা কৰা ১৯৬০ চনৰ এখন হিন্দী ভাষাৰ চলচ্চিত্ৰ। ছবিখনত অসিত সেন আৰু মুক্ৰীৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলৰাজ সাহনী আৰু লীলা নাইডুৱে। এই ছবিখন মিছ ইণ্ডিয়া নাইডুৰ প্ৰথম ছবি হিচাপে বিখ্যাত।
ছবিখনৰ সংগীতৰ ৰচনা কৰিছিল পণ্ডিত ৰবি শংকৰে। এয়া আছিল হিন্দী চলচ্চিত্ৰত তেওঁৰ অন্যতম বিৰল উপস্থিতি।[1] শচীন ভৌমিকৰ এটা চুটিগল্পৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছিল, যিটো চুটিগল্প প্ৰথম বঙালী মাহেকীয়া আলোচনী দেশত প্ৰথম প্ৰকাশিত হৈছিল। ভৌমিকে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে যে ১৮৫৭ চনৰ গুস্তাভ ফ্ল’বাৰ্টৰ উপন্যাস মেডাম ব’ভাৰীৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ এই গল্পটো সৃষ্টি কৰিছিল।
অনুৰাধাই শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু ১৯৬১ চনত বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন বিয়াৰৰ বাবে মনোনীত হয়।
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]এগৰাকী বিখ্যাত ৰেডিঅ' গায়িকা, নৃত্যশিল্পী আৰু এজন ধনী মানুহৰ কন্যা অনুৰাধা ৰায়ে এজন আদৰ্শবাদী চিকিৎসক ডাঃ নিৰ্মল চৌধুৰীৰ প্ৰেমত পৰে। দেউতাকৰ ইচ্ছাৰ বিৰুদ্ধে তাই নিৰ্মলৰ সৈতে বিয়াত বহিবলৈ সিদ্ধান্ত লয়। চিকিৎসাৰ অভাৱত মাকৰ মৃত্যু হোৱা নিৰ্মলে দূৰণিৰ নন্দগাঁও নামৰ এখন গাঁৱত দুখীয়াৰ সেৱা কৰাৰ সিদ্ধান্ত লয়। তেওঁ অনুৰাধাক এক কষ্টকৰ জীৱন আঁকোৱালী নলৈ দেউতাকৰ কথামতে চলিবলৈ উপদেশ দিয়ে। দেউতাকে তাইক লণ্ডনফেৰৎ দীপকৰ সৈতে বিয়া দিয়াৰ পৰিকল্পনা কৰিছিল।
বিয়া আৰু এটি কন্যা সন্তান জন্মৰ পিছত ঘৰ, পৰিয়ালৰ সকলো কামবন কৰি আজৰি নোপোৱা অনুৰাধাই গানৰ চৰ্চা কৰাটো এৰি দিয়ে। অথচ গান তাইৰ বাবে এসময়ত প্ৰাণ আছিল। এদিন অনুৰাধাৰ দেউতাক জীয়েকৰ ঘৰলৈ গৈ সিহঁতৰ দৈন্যদশা দেখি চহৰলৈ অহাৰ প্ৰস্তাৱ দিয়ে যদিও নিৰ্মলে সেই প্ৰস্তাৱ নাকচ কৰে আৰু কয় যে সময় আহিলে তেওঁ নিশ্চয় উভতি যাবগৈ।
এদিন দীপক আৰু তেওঁৰ প্ৰেমিকা এক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাৰ বাবে নিৰ্মলৰ ওচৰলৈ আহিবলগীয়া হয়। দীপকে নিৰ্মলক এৰি হ’লেও চহৰলৈ গৈ অনুৰাধাৰ গানৰ সাধনা অব্যাহত ৰাখিবলৈ কয়। নিৰ্মলেও চহৰলৈ ঘৈণীয়েকৰ ইচ্ছাক স্বীকাৰ কৰে। কিন্তু অৱশেষত অনুৰাধাই গিৰিয়েকক এৰি চহৰলৈ গ'লনে?
অভিনয়শিল্পী
[সম্পাদনা কৰক]- বলৰাজ সাহনী (ডাঃ নিৰ্মল চৌধুৰী)
- লীলা নাইডু (অনুৰাধা ৰায়)
- ৰাণু
- অভি ভট্টাচাৰ্য (দীপক)
- নাজিৰ হুছেইন
- ডেভিদ আব্ৰাহাম
- হৰি শিৱদাসানী (ব্ৰিজেশ্বৰ প্ৰসাদ ৰায়)
- অসিত সেন (জমিদাৰ)
- মুক্ৰি (আত্মাৰাম)
গীত
[সম্পাদনা কৰক]ছবিখনৰ সংগীত পৰিচালক আছিল প্ৰখ্যাত চেতাৰবাদক ৰবি শংকৰ আৰু গীতিকাৰ আছিল শৈলেন্দ্ৰ; যাক এক বিৰল সংযোগ বুলি গণ্য কৰা হয়।
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "জানে কেইচে স্বপ্নো মেঁ" | শৈলেন্দ্ৰ | লতা মংগেশকাৰ | |||||||
2. | "সঁৱাৰে সঁৱাৰে কাহে মোচে" | শৈলেন্দ্ৰ | লতা মংগেশকাৰ | |||||||
3. | "কেইচে দিন বিতে, কেইচী বিতি ৰাতিয়াঁ[2]" | শৈলেন্দ্ৰ | লতা মংগেশকাৰ | |||||||
4. | "বহুত দিন হুৱে" | শৈলেন্দ্ৰ | মহেন্দ্ৰ কাপুৰ | |||||||
5. | "হায় ৰে ৱো দিন কিউ নহী আয়ে[3]" | শৈলেন্দ্ৰ | লতা মংগেশকাৰ |
বঁটা
[সম্পাদনা কৰক]- ১৯৬০- ৮ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক[4]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Hrishikesh Mukherjee Biography Archived 15 October 2007 at the Wayback Machine on winning, the 31st Dada Saheb Phalke Award.
- ↑ "Kaise Din Beete" ইউটিউবত
- ↑ Songs of Anuradha 1960 Archived 25 September 2008 at the Wayback Machine
- ↑ "8th National Film Awards". International Film Festival of India. http://iffi.nic.in/Dff2011/Frm8thNFAAward.aspx। আহৰণ কৰা হৈছে: 7 September 2011.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Anuradha সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।