সমললৈ যাওক

অনুৰাধা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনুৰাধা
পৰিচালক ৰাকেশ শৰ্মা
চিত্ৰনাট্য ৰাকেশ শৰ্মা
কাহিনী ৰাকেশ শৰ্মা
প্ৰযোজক লুইত কুমাৰ বৰ্মন
(এম এল এণ্টাৰটেইনমেণ্ট,
চিনে ড্ৰীম আনলিমিটেড)
অভিনয়ত মেঘৰঞ্জনী মেধি
দিগন্ত হাজৰিকা
জয় কাশ্যপ
প্ৰণামি বৰা
সূৰুয কলিতা
তানিয়া নন্দী
নয়ন শইকীয়া
চিত্ৰগ্ৰহণকাৰী সূৰুয ডেকা
সম্পাদনা ৰাতুল ডেকা
সংগীত পৰিচালক গীত প্ৰিয়ম
দেশ  ভাৰত
ভাষা অসমীয়া

অনুৰাধা ২০১৫ চনৰ ২৭ মাৰ্চত[1] মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ[2] নাৰীকেন্দ্ৰিক কাহিনীৰ এই ছবিখনৰ পৰিচালক ৰাকেশ শৰ্মা। ছবিখনৰ সহকাৰী পৰিচালকৰ দায়িত্বত থাকে অনুপম বৈশ্য আৰু অনিন্দিতা কলিতা। এম এল এণ্টাৰটেইনমেণ্ট আৰু চিনে ড্ৰীম আনলিমিটেডৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰে প্ৰযোজক লুইত কুমাৰ বৰ্মনে।[3] মুখ্য ভূমিকাত অভিনয় কৰিছে মেঘৰঞ্জনীয়ে[4]। দিগন্ত শইকীয়াই চলচ্চিত্ৰখনত কাৰ্যবাহী প্ৰযোজকৰ দায়িত্ব লয়।[5] সংগীত পৰিচালনা গীত প্ৰিয়মৰ। গীত প্ৰিয়মে প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত সংগীত পৰিচালনা কৰে। চিত্ৰগ্ৰহণ সূৰুয ডেকাৰ।

ব্যতিক্ৰমধৰ্মী পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি অনুৰাধা এখন সম্পূৰ্ণ নাৰীকেন্দ্ৰিক ছবি। কাৰ্যবাহী প্ৰযোজক দিগন্ত শইকীয়াৰ মতে ছবিখনত এগৰাকী নাৰীৰ অনুভূতি, আদৰ্শ, দৃষ্টিভংগী, প্ৰেম, দৰ্শন আদি সাৱলীলভাৱে উপস্থাপন কৰাৰ প্ৰচেষ্টা কৰা হৈছে৷[6]

নিৰ্মাণ

[সম্পাদনা কৰক]

ফাইভ ডি কেমেৰাৰে ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হয়। চিত্ৰগ্ৰহণৰ বাবে জিম্মি জিব প্ৰযুক্তি ব্যৱহাৰ কৰা হয়।[6]

বোলছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰে মেঘৰঞ্জনীয়ে। এইখন তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি। নায়কৰ চৰিত্ৰত অভিনয় কৰে দিগন্ত হাজৰিকাই। আন আন চৰিত্ৰৰ অভিনয়শিল্পীসকল হ'ল:

  • জয় কাশ্যপ
  • প্ৰণামি বৰা
  • সূৰুয কলিতা
  • তানিয়া নন্দী
  • নয়ন শইকীয়া
  • প্ৰশান্ত গোস্বামী
  • মালবিকা ঠাকুৰীয়া[2]

কলা-কুশলী

[সম্পাদনা কৰক]

ছবিখনৰ কাৰ্য্যবাহী প্ৰযোজক দিগন্ত শইকীয়া। ছবিখনৰ কাহিনী, সংলাপ, চিত্ৰনাট্য আৰু পৰিচালনা ৰাকেশ শৰ্মাৰ৷ বোলছবিখন সম্পাদনা কৰে ৰাতুল দাসে।[5] চিত্ৰগ্ৰহণ কৰে সূৰুয ডেকাই। মুখ্য সহকাৰী পৰিচালক অনুপম বৈশ্য।[3]

অনুৰাধা
ৰাকেশ শৰ্মাৰ
বোলছবি
মুক্তি ২০১৪
শৈলী/ধৰণ বোলছবি সংগীত
লেবেল M L Entertainment
প্ৰযোজক লুইত কুমাৰ বৰ্মন

অনুৰাধাৰ সংগীত পৰিচালনা আৰু গীতৰ কথা গীত প্ৰিয়মৰ। গীত সমূহত কণ্ঠদান কৰিছিল অংগৰাগ মহন্ত, ৰূপম ভূঞা, প্ৰাৰ্থনা গগৈ, অনিতা বি ডেকা, নীহাৰ জিত আৰু সৌৰভ মহন্তই।[7]

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "এচেৰেঙা পোহৰ"  গীত প্ৰিয়মনীহাৰ জিত ২:৪২
2. "বৈ যোৱা"  গীত প্ৰিয়মঅংগৰাগ মহন্ত ৫:৩৬
3. "শ্বিলঙৰে কুঁৱলী"  গীত প্ৰিয়মৰূপম ভূঞা ৩:২৭
4. "থীম ছং"  গীত প্ৰিয়মসৌৰভ মহন্ত ৫:৪৭
5. "গুণ গুণ"  গীত প্ৰিয়মঅনিতা বি ডেকা ২:০৮
6. "টোপা টোপে"  গীত প্ৰিয়মপ্ৰাৰ্থনা গগৈ ৩:০০
7. "বৈ যোৱা - ভাৰ্ছন ২"  গীত প্ৰিয়মসৌৰভ মহন্ত ৫:৩৮
মুঠ দৈৰ্ঘ্য:
২৮:৪২

শ্ৰব্য গীতৰ অডিঅ'

[সম্পাদনা কৰক]

২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ নেহৰু পাৰ্কত এক বৰ্ণাঢ্য অনুষ্ঠানত বোলছবিখনৰ সংগীত মুকলি কৰা হয়।[5] এই অনুষ্ঠানত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, গায়ক জে পি দাস আৰু অভিনেতা জয়ন্ত কুমাৰ দাস উপস্থিত আছিল।[6]

২০১৫ চনৰ ২৭ মাৰ্চ তাৰিখে সমগ্ৰ অসমতে বোলছবিখনে মুক্তি লাভ কৰে।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Pranjal Borah (17 মাৰ্চ 2015). "Anuradha to Release on 27th March 2015". Kothasobi. Archived from the original on 2015-03-30. https://web.archive.org/web/20150330001218/http://www.kothasobi.com/photo/anuradha-to-release-on-2nd-january-2015/। আহৰণ কৰা হৈছে: 31 মাৰ্চ 2015. 
  2. 2.0 2.1 "অনুৰাধাৰ কথা". বিস্ময়: ১২৩. মাৰ্চ ২০১৪. 
  3. 3.0 3.1 অসমীয়া খবৰ, ১০ নৱেম্বৰ, ২০১৩
  4. গীতিকা তালুকদাৰ. মেঘৰঞ্জনী আৰু দিগন্ত হাজৰিকাৰ ৰোমাণ্টিক যুটিৰে অনুৰাধা, বহুমুখ, পৰিপূৰিকা, আমাৰ অসম, ১৩ নৱেম্বৰ, ২০১৩, পৃ: চিত্ৰবাণী (৪)
  5. 5.0 5.1 5.2 "কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ ৰাকেশ শৰ্মাৰ অনুৰাধা". নিয়মীয়া বাৰ্তা. ১২ মাৰ্চ, ২০১৪. 
  6. 6.0 6.1 6.2 "অনুৰাধাৰ চিডি মুকলি". দৈনিক অসম. ২৮ ফেব্ৰুৱাৰী, ২০১৪. 
  7. জ্যোতি প্ৰকাশ নাথ. সম্পাদনা মেজত অসমীয়া কথাছবি অনুৰাধা, শংকৰজ্যোতি, ২০ ডিচেম্বৰ, ২০১৩, পৃ: কলা সংস্কৃতি (১০)

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]