সমললৈ যাওক

সংস্কাৰ (১৯৭০ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সংস্কাৰ

সংস্কাৰৰ এটা দৃশ্য
পৰিচালক পট্টাভিৰাম ৰেড্ডী
কাহিনী ইউ আৰ অনন্তমূৰ্তি
প্ৰযোজক পট্টাভিৰাম ৰেড্ডী[1]
অভিনয়ত গিৰীশ কৰ্ণাড
পি লংকেশ
দাশৰথী দিক্সিত
সম্পাদনা Steven Cartaw
বাসু
সংগীত পৰিচালক ৰাজীৱ তাৰানাথ
পৰিবেশক ৰাম মনোহৰ চিত্ৰ
মুক্তি
১৯৭০
দৈৰ্ঘ্য
১১৩ মিনিট
দেশ ভাৰত
ভাষা কানাড়া
বাজেট ৯০,০০০[1]

সংস্কাৰ (ইংৰাজী: Samskara; ইংৰাজী শিৰোনাম: Funeral Rites) ইউ আৰ অনন্তমূৰ্তি ৰচিত উপন্যাসৰ আধাৰত নিৰ্মিত আৰু ১৯৭০ চনত মুক্তিপ্ৰাপ্ত এখন কানাড়া ভাষাৰ চলচ্চিত্ৰ। [2] ছবিখনৰ পৰিচালক আৰু প্ৰযোজক পাট্টাভিৰাম ৰেড্ডী। [3] এই ছবিখনক কানাড়া ভাষাৰ সমান্তৰাল চলচ্চিত্ৰ আন্দোলনৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। সংস্কাৰে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৭০) লাভ কৰে।

কানাড়া ভাষাত সংস্কাৰ শব্দৰ অৰ্থ "আচাৰ-অনুষ্ঠান"। [4] [5] মাদ্ৰাছ চেন্সৰ ব’ৰ্ডে ছবিখনক নিষিদ্ধ কৰিছিল, কাৰণ ছবিখনৰ জাতিবাদ বিৰোধী প্ৰবল বাৰ্তাই জনসাধাৰণৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে বুলি অনুভৱ কৰা হৈছিল। পিছত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই নিষেধাজ্ঞা বাতিল কৰে। [6] [7] সংস্কাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল।

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

নাৰায়ণাপ্পা এজন বিদ্ৰোহী ব্ৰাহ্মণ, যিয়ে ব্ৰাহ্মণ্যবাদৰ নীতি-নিয়ম মুকলিকৈ ভংগ কৰি এক উচ্ছৃংখল জীৱন যাপন কৰে। তেওঁ মদ খায়, উপপত্নী ৰাখে আৰু ধৰ্মীয় আচাৰ-বিচাৰত গুৰুত্ব নিদিয়ে। হঠাৎ প্লেগ মহামাৰীত তেওঁৰ মৃত্যু হয়। কিন্তু এনে ধৰ্মবিৰোধী ব্যক্তিৰ দাহ-সংস্কাৰ কৰিব কোনে? গাঁৱৰ বয়োজ্যেষ্ঠসকলে বিষয়টো আলোচনা কৰে আৰু সকলোৱে মৃতকৰ শেষকৃত্যৰ পৰা আঁতৰি থাকে। একে সময়তে তেওঁলোকে উপলব্ধি কৰে যে ৰীতি-নীতি অনুসৰি মৃতকৰ দাহ-সংস্কাৰ নকৰাকৈ গাঁৱৰ কোনেও খোৱা-লোৱা কৰিব নোৱাৰে। ইফালে শ্মশানৰ খৰচৰ বাবদ মৃতকৰ উপপত্নী চন্দ্ৰীয়ে আগবঢ়োৱা অলংকাৰবোৰ দেখি গাঁওবাসী দ্বিধাগ্ৰস্থ হৈ পৰে।[1]

শেষত তেওঁলোকে শেষকৃত্য সম্পৰ্কে সিদ্ধান্ত লোৱাৰ দায়িত্ব আচাৰ্য প্ৰাণেশাচাৰ্যক এৰি দিয়ে।আচাৰ্যই কয় যে পুথি-পাঁজি পৰীক্ষা কৰি তেওঁৰ সিদ্ধান্ত জনাব। এই অপেক্ষাৰ সময়চোৱাতে ছবিখনৰ কাহিনী আগবাঢ়ে। ভুৱা ৰীতি-নীতি অনুসৰণ কৰিবলৈ গৈ লঘোনে থকা গাঁওবাসী ভোক আৰু বায়ুজনিত সমস্যাত ভুগিবলৈ আৰম্ভ কৰে। মৃতকৰ উপপত্নী চন্দ্ৰীৰ স্পৰ্শত আচাৰ্যই ইমান দিনে বজাই ৰখা সংযম চাৰখাৰ হৈ যায়। ভোক সহ্য কৰিব নোৱাৰি তেওঁ খাব নলগীয়া খাদ্যও গ্ৰহণ কৰে। তেওঁ অনুভৱ কৰে যে মৃতদেহ এটাক পাপী বুলি অবজ্ঞা কৰিবলৈ কোনোৱে ইমান বিশুদ্ধ নহয়।ইফালে চন্দ্ৰীৰ মুছলমান বন্ধুসকলে কাকো খবৰ নিদিয়াকৈ নাৰায়ণাপ্পাৰ মৃতদেহ সৎকাৰ কৰে। ইয়াৰ পিছত কি হ’ব, সেই প্ৰশ্নৰে কাহিনীৰ অন্ত পৰে। বহু প্ৰশ্ন উত্থাপন হয় আৰু এনে প্ৰশ্নৰ উত্তৰ দৰ্শকৰ অনুমানৰ ওপৰত এৰি দিয়া হয়।[8]

অভিনয় শিল্পী[সম্পাদনা কৰক]

  • গিৰিশ কৰ্ণাড (প্ৰাণেশাচাৰ্য)
  • স্নেহলতা ৰেড্ডী (চন্দ্ৰী)
  • জয়ৰাম
  • পি লংকে্শ
  • প্ৰধান
  • দাশৰথী দিক্সিত
  • লক্ষ্মী কৃষ্ণমূৰ্তি
  • জয়দেৱ
  • অৰ্বুতা ৰাণী
  • লক্ষ্মণ ৰাও
  • লোকনাথ

নিৰ্মাণ[সম্পাদনা কৰক]

১৯৬৫ চনত বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ পি.এইচ.ডি. ছাত্ৰ হৈ থাকোঁতেই ইউ আৰ অনন্তমূৰ্তিয়ে সংস্কাৰৰ কাহিনীটো লিখিছিল। ইঙ্গমাৰ বাৰ্গমেনৰ দ্য চেভেনথ ছীল (১৯৫৭) ছবিখন চাই তেওঁ যথেষ্ঠ প্ৰভাৱিত হৈছিল। তেওঁৰ টিউটৰ মেলকম ব্ৰেডবেৰীয়ে তেওঁক ভাৰতীয় সমাজৰ বহুস্তৰীয় গাঁথনিৰ বিষয়ে ভাৰতত হোৱা অভিজ্ঞতাৰ বিষয়ে লিখিবলৈ পৰামৰ্শ দিছে। [9][8]

কাহিনীটো সম্পূৰ্ণ কৰাৰ পিছত তেওঁ পাণ্ডুলিপিটো ভাৰতত থকা গিৰীশ কৰ্ণাডলৈ প্ৰেৰণ কৰে। কৰ্ণাডে মাদ্ৰাছভিত্তিক অপেচাদাৰী নাট্যগোষ্ঠী মাদ্ৰাছ প্লেয়াৰ্ছৰ সৈতে জড়িত পট্টাভিৰামী ৰেড্ডী আৰু এছ জি বাসুদেৱ নামৰ এজন চিত্ৰশিল্পীৰ সৈতে যোগাযোগ কৰে। কাহিনীটোৰ বিষয়বস্তু ভাল লগাত ৰেড্ডীয়ে প্ৰযোজনা আৰু পৰিচালনাৰ সিদ্ধান্ত লয়। বাসুদেৱে কলা নিৰ্দেশকৰ দায়িত্ব লোৱাৰ লগতে অষ্ট্ৰেলিয়াৰ কমনৱেলথ ডকুমেণ্টেশ্যন ডিভিজনৰ ফটোগ্ৰাফাৰ টম কোৱানক চিত্ৰগ্ৰহণকাৰী হিচাপে লৈ আনিছিল। কোৱানে পাছলৈ নিজৰ বন্ধু ষ্টিভেন কাৰ্টাকো সম্পাদক হিচাপে লৈ আহে। ছবিখনৰ প্ৰাৰম্ভিক কাষ্টিং মাদ্ৰাজ প্লেয়াৰ্ছৰ শিল্পীসকলৰ পৰা কৰা হয় আৰু বাকীসকলক পিছত বাংগালুৰুত বাচনি কৰা হয়। [5]

ছবিখনৰ পৃষ্ঠভূমি বাবে ব্ৰাহ্মণসকলে বাস কৰা অঞ্চল এটাৰ প্ৰয়োজন হৈছিল আৰু কলা নিৰ্দেশক বাসুদেৱে মহীশূৰ ৰাজ্যৰ (বৰ্তমান কৰ্ণাটক) শ্ৰীঙ্গেৰীৰ ওচৰৰ বৈকুণ্ঠপুৰাত এখন ঠাই বিচাৰি পায়। শ্ৰীঙ্গেৰীৰ সাৰদা পীঠমৰ হস্তক্ষেপ সত্ত্বেও চিত্ৰগ্ৰহণৰ সময়ত ছবিৰ টীমটোৱে স্থানীয় লোকৰ পৰা সহযোগিতা লাভ কৰে। [5] ২০১৪ চনত দ্য টাইমছ অৱ ইণ্ডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অনন্তমূৰ্তিয়ে কৈছিল- "বৈকুণ্ঠপুৰাৰ বাসিন্দাসকল বিশুদ্ধ ব্ৰাহ্মণ আছিল। ছবিখনৰ শ্বুটিং কৰি থকা সময়ত অগ্ৰহৰ মহিলাসকলে টমক [কোৱান] পাকঘৰত প্ৰৱেশ কৰিবলৈ দিয়ে। যদিহে স্থানীয় লোকে ছবিখনৰ থীমটো জানিলেহেঁতেন, তেন্তে তেওঁলোকে কেতিয়াও তাত শ্বুটিং কৰিবলৈ নিদিয়ে। ছবিখন মুক্তি পোৱাৰ পিছত তেওঁলোকে নিশ্চয় অনুশোচনা কৰিছিল। কিন্তু ছবিখন মুক্তিৰ পিছত সেই ঠাইখন বিখ্যাত হৈ পৰে।" কোৱানে ৩০ দিন কাম কৰিছিল, প্ৰতিদিনে গড়ে ৩০টাকৈ ৯০০টা শ্বটৰ শ্বুটিং কৰিছিল। ছবিখনৰ নিৰ্মাণ ৯০,০০০ টকাত সম্পূৰ্ণ হৈছিল। [10]

সংস্কাৰ আছিল পট্টাভিৰামী ৰেড্ডীয়ে পৰিচালনা আৰু প্ৰযোজনা কৰা প্ৰথমখন কানাড়া ছবি। তেওঁ মূলতঃ তেলেগু ছবিৰ সৈতে জড়িত আছিল। [11] ছিংগীতম শ্ৰীনিবাস ৰাও ছবিখনৰ কাৰ্যবাহী পৰিচালক আছিল। [12] এইখন প্ৰসাধন সামগ্ৰী, সংগীত আৰু নৃত্যৰ অত্যধিক ব্যৱহাৰ নকৰা প্ৰথমখন কানাড়ী ছবি। সম্পূৰ্ণৰূপে অপেশাদাৰী অভিনেতা-অভিনেত্ৰীৰে নিৰ্মিত হোৱাৰ বাবেও এই ছবিখন বিশেষভাবে উল্লেখযোগ্য। অভিনয় শিল্পীসকলৰ অধিকাংশই কবি, লেখক আৰু সাংবাদিক আছিল। মাদ্ৰাজ চেন্সৰ ব’ৰ্ডে প্ৰথমে ছবিখনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। ব'ৰ্ডে অৱশ্যে নিৰ্মাতাসকললৈ লিখা পত্ৰখনত নিষেধাজ্ঞাৰ কোনো কাৰণ উল্লেখ কৰা নাছিল। [5] পিছলৈ এই নিষেধাজ্ঞা কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বাতিল কৰে। [5]

বঁটা[সম্পাদনা কৰক]

১৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা
১৯৭০-৭১ː কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা
  • দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ সহযোগী অভিনেতা- বি আৰ জয়ৰাম
  • শ্ৰেষ্ঠ কাহিনী- ইউ আৰ অনন্তমূৰ্তি
  • শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী- টম কাৱান
আন্তঃৰাষ্ট্ৰীয় সন্মান
  • ব্ৰঞ্জ লিঅ'পাৰ্ডː লোকাৰ্ণ' আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (১৯৭২)
  • ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (১৯৭২)

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "18th National Film Awards". Directorate of Film Festivals. পৃষ্ঠা: 2. http://dff.nic.in/2011/17th_NFF_1971.pdf। আহৰণ কৰা হৈছে: 26 September 2011. 
  2. S Kalidas and Rehmat Merchant. "Renaissance Man". Online Edition of the India Today, dated 1999-04-12. Living Media India Ltd. Archived from the original on 2010-11-24. https://web.archive.org/web/20101124040310/http://india-today.com/itoday/12041999/arts.html। আহৰণ কৰা হৈছে: 2007-08-08. 
  3. "35th National Film Festival". Directorate of Film Festival. http://iffi.nic.in/Dff2011/Frm35thNFAAward.aspx?PdfName=35NFA.pdf। আহৰণ কৰা হৈছে: 2011-07-30. 
  4. Parvathi Menon. "The multi-faceted playwright". Frontline, Vol. 16, No. 3, Jan. 30-Feb. 12, 1999. The Hindu. http://www.frontline.in/static/html/fl1603/16031170.htm। আহৰণ কৰা হৈছে: November 8, 2016. 
  5. 5.0 5.1 5.2 5.3 5.4 "A Film and its Censorship". The Indian Express. 3 January 1970. পৃষ্ঠা: 10. https://news.google.com/newspapers?nid=P9oYG7HA76QC&dat=19700103&printsec=frontpage&hl=en। আহৰণ কৰা হৈছে: 9 April 2017. 
  6. Chandra Holm. "Samskara". Online Webpage of OurKarnataka.com. Archived from the original on 2007-08-27. https://web.archive.org/web/20070827212128/http://www.ourkarnataka.com/books/samskAra.htm। আহৰণ কৰা হৈছে: 2007-08-08. 
  7. Ananthamurthy, U. R., "How I wrote Samskara" in Boral, Rao, Rath: Samskara, a critical reader, Delhi, 2005
  8. 8.0 8.1 Muralidhara Khajane (2005-02-18). "Fruits of labour". The Hindu (Chennai, India). Archived from the original on 2007-02-28. https://web.archive.org/web/20070228023621/http://www.hindu.com/fr/2005/02/18/stories/2005021802820300.htm. 
  9. Ananthamurthy, U. R., "How I wrote Samskara" in Boral, Rao, Rath: Samskara, a critical reader, Delhi, 2005
  10. Kumar, G. S. (6 July 2014). "A sepia-tinted walk down 'Samskara' lane". The Times of India. প্ৰকাশক Bangalore. http://timesofindia.indiatimes.com/city/bengaluru/A-sepia-tinted-walk-down-Samskara-lane/articleshow/37865848.cms। আহৰণ কৰা হৈছে: 9 April 2017. 
  11. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; samsk নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  12. Narasimham, M. L. (20 May 2005). "Spinning magic". The Hindu. http://www.thehindu.com/fr/2005/05/20/stories/2005052001520300.htm। আহৰণ কৰা হৈছে: 9 April 2017. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]