সমললৈ যাওক

চোমানা দুদি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চোমানা দুদি
পৰিচালক বি. ভি. কাৰান্থ
ৰচনা শিৱৰাম কাৰান্থ
ভিত্তি চোমানা দুদি
লেখক: কে. শিৱৰাম কাৰান্থ
প্ৰযোজক প্ৰজা ফিল্মছ্
অভিনয়ত এম.ভি. বাসুদেৱ ৰাও
পদ্মা কুমতা
চিত্ৰগ্ৰহণকাৰী এচ. ৰামচন্দ্ৰ
সম্পাদনা পি.ভক্তবৎসলম
সংগীত পৰিচালক বি.বি. কাৰান্থ
মুক্তি
১৯৭৫ (1975)
দৈৰ্ঘ্য
১৪১ মিনিট
দেশ ভাৰত
ভাষা কানাড়া

চোমানা দুদি (ইংৰাজী: Chomana Dudi; কন্নড়: ಚೋಮನ ದುಡಿ ; অনু. চোমাৰ ঢোল) বি. ভি. কাৰান্থ পৰিচালিত এখন কানাড়া ভাষাৰ ছবি। ছবিখনৰ চিত্ৰনাট্য বি. শিৱৰাম কাৰান্থে ৰচনা কৰা একে নামৰ উপন্যাসৰ আধাৰত ৰচনা কৰা হৈছে। ১৯৭৫ চনত মুক্তি পোৱা এই ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা স্বৰ্ণকমল লাভ কৰে।[1]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

চোমা এজন অস্পৃশ্য বন্ধা-শ্ৰমিক যিয়ে পৰিয়ালৰ সৈতে এজন মহাজনৰ ঘৰত কাম কৰে।[2] সামাজিক মৰ্যাদাৰ বাবে তেওঁক নিজৰ মাটিত খেতি কৰিবলৈ দিয়া নহয়। তেওঁ হাবিত অনাই-বনাই ঘূৰি ফুৰা এযোৰ বলধ প্ৰতিপাল কৰে, অথচ ম’হহাল ব্যৱহাৰ কৰি তেওঁ নিজে খেতি কৰিব নোৱাৰে। তেওঁ খ্ৰীষ্টান মিছনেৰীসকলৰ সংস্পৰ্শলৈ আহে যিয়ে তেওঁক মাটিৰ প্ৰলোভন দি ধৰ্মান্তৰিত কৰিবলৈ চেষ্টা কৰে। কিন্তু চোমাই তেওঁৰ ধৰ্মীয় বিশ্বাস ত্যাগ কৰিব নিবিচাৰে। নিজৰ ঢোলটো কোবাই নিয়তিৰ প্ৰতি থকা ক্ষোভটো তেওঁ উজাগৰ কৰিব বিচাৰে।

তেওঁৰ চাৰিজন পুত্ৰ আৰু এগৰাকী কন্যা; তেওঁৰ দুজন পুত্ৰই অকালতে মৃত্যুবৰণ কৰে। এজন দূৰৈৰ কফি বাগিচা এখনত কাম কৰি ঋণ পৰিশোধ কৰিবলৈ চেষ্টা কৰে। আনজনে খ্ৰীষ্টান ছোৱালীক বিয়া কৰাই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। তেওঁৰ কন্যা বেলিয়ে বাগানত কাম কৰে আৰু বাগানৰ কেৰাণী মনভেলাৰ প্ৰেমত পৰে। খঙত তেওঁ তাইক মাৰপিট কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। নিজৰ ভাগ্যক অৱজ্ঞা কৰিবলৈ তেওঁ মাটি এটুকুৰা চহ কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত নিজৰ গৰুহালক খেদি খেদি হাবিলৈ লৈ যায়। ছবিখনৰ ক্লাইমেক্সত চোমাই নিজকে নিজৰ ঘৰত ভিতৰত আবদ্ধ কৰি ঢোল বজাবলৈ আৰম্ভ কৰে আৰু এসময়ত মৃত্যুৰ কোলাত ঢলি পৰে।

  • এম.ভি. বাসুদেৱ ৰাও (চোমা)
  • পদ্মা কুমতা (বেলি)
  • জয়াৰঞ্জন (চানিয়া)
  • সুন্দৰ ৰাজ (গুৰাৱা)
  • এম.ভি. নাগৰাজ (কালা)
  • নাগেন্দ্ৰ (নীল)
  • গোবিন্দ ভাট
২৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৭৫)[3]
  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি
  • শ্ৰেষ্ঠ অভিনেতা- এম.ভি.বাসুদেৱ ৰাও
  • শ্ৰেষ্ঠ কাহিনী- কে. শিৱৰাম কাৰান্থ
কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা (১৯৭৫-৭৬)
  • প্ৰথম শ্ৰেষ্ঠ ছবি
  • শ্ৰেষ্ঠ অভিনেতা- এম.ভি.বাসুদেৱ ৰাও
  • শ্ৰেষ্ঠ কাহিনী লেখক- কে. শিৱৰাম কাৰান্থ
  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- পদ্মা কুমতা
  • শ্ৰেষ্ঠ চিত্ৰনাট্য- শিৱৰাম কাৰান্থ
  • শ্ৰেষ্ঠ শব্দগ্ৰহণ- কৃষ্ণমূৰ্তি
  1. "A genius of theatre". The Frontline. 12–25 October 2002. Archived from the original on 6 December 2008. https://web.archive.org/web/20081206090143/http://www.hinduonnet.com/fline/fl1920/stories/20021011005912100.htm আহৰণ কৰা হৈছে: 2009-03-14.
  2. Shampa Banerjee, Anil Srivastava (1988), p65
  3. "23rd National Film Awards" (PDF). Directorate of Film Festivals. http://dff.nic.in/2011/23rd_nff_1975.pdf আহৰণ কৰা হৈছে: October 4, 2011.
  • Shampa Banerjee, Anil Srivastava (1988). One Hundred Indian Feature Films: An Annotated Filmography. Taylor & Francis. ISBN 0-8240-9483-2. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]