সমললৈ যাওক

দাদা ঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দাদা ঠাকুৰ

দাদা ঠাকুৰৰ এটা দৃশ্যত ছবি বিশ্বাস
পৰিচালক সুধীৰ মুখাৰ্জী
প্ৰযোজক শ্যামলাল জালান
অভিনয়ত ছবি বিশ্বাস
বিশ্বজিৎ চেতাৰ্জী
সুলতা চৌধুৰী
সংগীত পৰিচালক হেমন্ত মুখাৰ্জী
মুক্তি
১৯৬২
দৈৰ্ঘ্য
১৫৩ মিনিট
দেশ ভাৰত
ভাষা বঙালী

দাদা ঠাকুৰ (ইংৰাজী: Dada Thakur ) ১৯৬২ চনৰ এখন জীৱনীভিত্তিক বঙালী ভাষাৰ চলচ্চিত্ৰ। পৰিচালক সুধীৰ মুখাৰ্জী।[1] এই ছবিখন জনপ্ৰিয়ভাবে দাদা ঠাকুৰ নামেৰে জনাজাত প্ৰকাশক, সম্পাদক আৰু ব্যংগ লেখক শৰৎ চন্দ্ৰ পণ্ডিতৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে। পণ্ডিতৰ জীৱিত অৱস্থাতে ছবিখন নিৰ্মিত হৈছিল আৰু মুক্তি পাইছিল। নাম ভূমিকাত অভিনয় কৰে ছবি বিশ্বাসে।[2] ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ১০ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[3]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

বাস্তৱ জীৱনৰ দাদা ঠাকুৰ নামেৰে প্ৰখ্যাত শৰৎ চন্দ্ৰ পণ্ডিতৰ জীৱনৰ ওপৰত নিবিড়ভাৱে আধাৰিত এই ছবিখন তেওঁৰ জীৱনকালতে নিৰ্মাণ কৰা হৈছিল। দাদা ঠাকুৰে হাতেৰে চলোৱা ছপাযন্ত্ৰৰ জৰিয়তে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। পত্নী আছিল তেওঁৰ সহায়ক। পিছত তেওঁৰ লগত যোগ দিয়ে আত্মগোপনকাৰী স্বাধীনতা সংগ্ৰামী নলিনী কান্ত সৰকাৰে। দাদা ঠাকুৰে জংগীপুৰ সংবাদ নামেৰে কাকত এখন উলিয়াইছিল। সামাজিক অন্যায়ৰ বিৰুদ্ধে প্ৰচাৰ চলাই তেওঁ শাসকগোষ্ঠীৰ ৰোষত পৰে। স্থানীয় জমিদাৰৰ বংশধৰ দৰ্পনাৰায়ণৰ অবাঞ্চিত কামনাৰ বহ্নিৰ পৰা তেওঁ লতা নামৰ ছোৱালী এজনীক ৰক্ষা কৰে। লতাই স্বাধীনতা সংগ্ৰামত যোগদান কৰে। পিছলৈ দৰ্পনাৰায়ণৰো সংশোধন হয় আৰু দাদা ঠাকুৰৰ প্ৰবল অনুগামী হৈ ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামত অংশ লয়।দাদা ঠাকুৰে এজন সাধাৰণ মানুহ, এজন ক্ষুদ্ৰ দোকানীক জংগীপুৰৰ পৌৰ আয়ুক্ত হিচাপে নিৰ্বাচিত হোৱাত সহায় কৰে।

পিছত দাদা ঠাকুৰে জংগীপুৰ সংবাদ বন্ধ কৰিবলগীয়া হয় যদিও অতি সোনকালে আন এখন আলোচনী বিদুষক আৰম্ভ কৰে। কলকাতাৰ ৰাজপথত আলোচনীখন বিক্ৰি কৰি থাকোঁতে ব্ৰিটিছ আৰক্ষীয়ে তেওঁক অভিযুক্ত কৰে। অৱশ্যে তেওঁক উদ্ধাৰ কৰে তেতিয়াৰ কলকাতাৰ মেয়ৰ সুভাষ চন্দ্ৰ বসুৱে।

বৃটিছে দৰ্পনাৰায়ণক হত্যা কৰে, যি মৰ্মান্তিক ঘটনাৰ সাক্ষী আছিল দাদা ঠাকুৰ আৰু ইয়াৰ লগেলগে ছবিখনৰ সামৰণি পৰে। দৰ্পনাৰায়ণৰ মৃত্যুত প্ৰথমবাৰৰ বাবে দাদা ঠাকুৰে চকুলো টোকে। যন্ত্ৰনাকাতৰ দাদা ঠাকুৰে প্ৰাৰ্থনা কৰে যাতে বংগভূমিত আৰু অধিক এনে নিষ্ঠাবান যুৱ সংগ্ৰামীৰ জন্ম হয়, যাৰ প্ৰচেষ্টাত চূড়ান্ত বিজয় সাধন হ’ব।[3]

অভিনয়শিল্পী

[সম্পাদনা কৰক]
  • ছবি বিশ্বাস (দাদা ঠাকুৰ)
  • বিশ্বজিৎ চেটাৰ্জী (দৰ্পনাৰায়ণ)
  • ছায়া দেৱী (দাদা ঠাকুৰৰ পত্নী)
  • তৰুণ কুমাৰ চেতাৰ্জী (নলিনী কান্ত সৰকাৰ)
  • সুলতা চৌধুৰী (লতা)
  • ভানু বন্দোপাধ্যায়

মুক্তিৰ পিচত ছবিখনে ব্যৱসায়িক আৰু সমালোচনাত্মক দুয়োটা দিশতে সফলতা লাভ কৰিছিল। দাদা ঠাকুৰৰ চৰিত্ৰত ছবি বিশ্বাসৰ অভিনয় প্ৰশংসিত হৈছিল। কোৱা হয় যে শৰৎ পণ্ডিতে নিজেই বিশ্বাসৰ অভিনয়ক ভূয়সী প্ৰশংসা কৰিছিল।[4] ছবিখন মুক্তিৰ আগেআগে এক পথ দুৰ্ঘটনাত ছবি বিশ্বাসৰ মৃত্যু হয় আৰু নিঃসন্দেহে এই বিষয়টোৱে ছবিখনৰ ব্যৱসায়িক সফলতাত প্ৰভাৱ পেলায়। দশম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অধিক জনাজাত সত্যজিৎ ৰায়অভিয়ান আৰু গুৰু দত্ত প্ৰযোজিত চাহিব বিবি ঔৰ গুলামক চেৰাই শীৰ্ষ পুৰস্কাৰ লাভ কৰে।[3] দাদা ঠাকুৰ ছবিখনক ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংগ্ৰহালয়ত সংৰক্ষিত আৰু ডিজিটাইজ কৰা হৈছে।[5]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Dada Thakur (1962) Cast - Actor, Actress, Director, Producer, Music Director". Cinestaan. Archived from the original on 2022-12-28. https://web.archive.org/web/20221228071233/https://www.cinestaan.com/movies/dada-thakur-34118/cast-crew আহৰণ কৰা হৈছে: 2022-12-28.
  2. "Dada Thakur (1962)". Indiancine.ma. https://indiancine.ma/KGP আহৰণ কৰা হৈছে: 2022-08-02.
  3. 1 2 3 4 "10th National Film Awards: Catalogue". Government of IndiaDirectorate of Film Festivals. Archived from the original on 12 June 2018. https://web.archive.org/web/20180612141239/http://164.100.60.104/Attachments/Documents/104_10thNfacatalogue.pdf আহৰণ কৰা হৈছে: 8 June 2018.
  4. "Chhabi Biswas|Upperstall.com". http://www.upperstall.com/people/chhabi-biswas আহৰণ কৰা হৈছে: 18 January 2014.
  5. "Digitized and Restored Films List". National Film Archive of Indianfai.gov.in. https://www.nfai.gov.in/upload/circleIconPdf/1499148501_Digitized%20and%20Restored%20Films%20List.pdf আহৰণ কৰা হৈছে: 23 July 2018.
  6. "Dadathakur (1962) Awards". gomolo.com. Archived from the original on 12 June 2018. https://web.archive.org/web/20180612144104/http://www.gomolo.com/dadathakur-movie-awards/13827 আহৰণ কৰা হৈছে: 8 June 2018.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]