আদি শংকৰাচাৰ্য (চলচ্চিত্ৰ)
অৱয়ব
আদি শংকৰাচাৰ্য | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | জি ভি আয়াৰ |
চিত্ৰনাট্য | জি ভি আয়াৰ |
ভিত্তি | আদি শংকৰৰ জীৱন |
প্ৰযোজক | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম |
অভিনয়ত | সৰ্বদমন ডি বেনাৰ্জী শ্ৰীনিবাস প্ৰভু |
চিত্ৰগ্ৰহণকাৰী | মধু অম্বট |
সংগীত পৰিচালক | এম বালমুৰুলী কৃষ্ণ |
মুক্তি |
১৯৮৩ |
দৈৰ্ঘ্য |
১৬০ মিনিট |
দেশ | ভাৰত |
ভাষা | সংস্কৃত |
আদি শংকৰাচাৰ্য (ইংৰাজী: Adi Shankaracharya) ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত জি ভি আয়াৰ পৰিচালিত এখন সংস্কৃত ভাষাৰ চলচ্চিত্ৰ। অদ্বৈত বেদান্ত (অদ্বৈতবাদ) মতবাদক হিন্দু দৰ্শনত সুদৃঢ় কৰি তোলা হিন্দু দাৰ্শনিক আদি শংকৰাচাৰ্যৰ জীৱন আৰু তেওঁৰ সময়ক ছবিখনত চিত্ৰিত কৰা হৈছে। এই ছবিখন কানাড়া চলচ্চিত্ৰ উদ্যোগত সংঘটিত পৰীক্ষামূলক চলচ্চিত্ৰ যুগৰ এক মুখ্য উদাহৰণ আৰু সংস্কৃত ভাষাত নিৰ্মিত ভাৰতৰ প্ৰথমখন ছবি।[1] ১৯৮৩ চনত আদি শংকৰাচাৰ্যই শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ ছবি, শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফী আৰু শ্ৰেষ্ঠ অডিঅ'গ্ৰাফীকে ধৰি চাৰিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (৩১তম) লাভ কৰিবলৈ সক্ষম হয়।[2][3]
আদি শংকৰাচাৰ্যৰ পিছত ১৯৮৬ আৰু ১৯৮৯ চনত আয়াৰে শংকৰাচাৰ্যৰ শিষ্য ক্ৰমে মাধৱাচাৰ্য্ আৰু ৰামানুজাচাৰ্যৰ জীৱনৰ আধাৰত একে নামেৰে আন দুখন ছবি পৰিচালনা কৰিছিল।
অভিনয়শিল্পী
[সম্পাদনা কৰক]- সৰ্বদমন ডি বেনাৰ্জী (আদি শংকৰাচাৰ্য)
- শ্ৰীনিবাস প্ৰভু (প্ৰাজ্ঞনা)
- টি এচ নাগবৰণ (মৃত্যু)
- ভাৰত ভূষণ (শংকাচাৰ্যৰ পিতৃ)
- মঞ্জুনাথ ভাট (পদ্মপদ)
- গোপাল (থোতাকা)
- ভি আৰ কে প্ৰসাদ (হস্তমলাকা)
- এম ভি নাৰায়ণ ৰাও (সুৰেশ্বৰ)
- গোপীনাথ দাস (গোবিন্দ ভাগৱতপদ)
- এল ভি সাৰদা ৰাও (শংকাৰচাৰ্যৰ মাতৃ)
- লীলা নাৰায়ণ ৰাও (অভয় ভাৰতী)
বঁটা
[সম্পাদনা কৰক]- ১৯৮৩-৩১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি
- শ্ৰেষ্ঠ চিত্ৰনাট্য: জি ভি আয়াৰ
- শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ (ৰঙীন): মধু অম্বট
- শ্ৰেষ্ঠ অডিঅ’গ্ৰাফী: এচ পি ৰামানাথন
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "Adi Shankaracharya (1983)". IMDb. https://www.imdb.com/title/tt0085138/। আহৰণ কৰা হৈছে: 9 March 2012.
- ↑ "31st National Film Awards". India International Film Festival. Archived from the original on 12 November 2013. https://web.archive.org/web/20131112200555/http://iffi.nic.in/Dff2011/Frm31stNFAAward.aspx। আহৰণ কৰা হৈছে: 5 January 2024.
- ↑ "31st National Film Awards (PDF)". Directorate of Film Festivals. http://dff.nic.in/2011/31st_nff_1984.pdf.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Adi Shankaracharya সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।