বিভূতিভূষণ বন্দ্যোপাধ্যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বিভূতিভূষণ বন্দ্যোপাধ্যায়

বিভূতিভূষণ বন্দ্যোপাধ্যায়
পেচা লেখক
ঔপন্যাসিক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
Ethnicity বঙালী
নাগৰিকত্ব ভাৰত
সময় ১৯২৯-৫০
ধৰণ উপন্যাস, চুটিগল্প, ভ্ৰমণ সাহিত্য, দিনলিপি
উল্লেখনীয় কৰ্মৰাজী পথেৰ পাঁচালী, অপৰাজিত, আৰণ্যক, আদৰ্শ হিন্দু হোটেল, ইছামতী, অশনি সংকেত, মেঘমল্লাৰ, তালনবমী, চাঁদেৰ পাহাৰ
উল্লেখযোগ্য বঁটা ৰবীন্দ্ৰ পুৰস্কাৰ (মৰণোত্তৰভাৱে, ১৯৫১)
দাম্পত্যসংগী গৌৰী দেৱী (১৯১৭-১৮)
ৰমা দেৱী (১৯৪০-৫০)
সন্তান তাৰাদাস বন্দ্যোপাধ্যায়

বিভূতিভূষণ বন্দ্যোপাধ্যায় (১২ ছেপ্তেম্বৰ, ১৮৯৪ - ১ নৱেম্বৰ, ১৯৫০[1]) আছিল এজন জনপ্ৰিয় ভাৰতীয় বঙালী লেখক তথা আধুনিক বাংলা সাহিত্যিক। তেওঁ মূলতঃ উপন্যাস তথা চুটিগল্প লিখি খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ আত্মজীৱনীমূলক উপন্যাস পথেৰ পাঁচালী আৰু অপৰাজিত আছিল সকলোতকৈ বেছি পৰিচিত। অন্যান্য উপন্যাসসমূহৰ মাজত আৰণ্যক, আদৰ্শ হিন্দু হোটেল, ইছামতী তথা অশনি সংকেত বিশেষভাৱে উল্লেখযোগ্য। উপন্যাসৰ লগতে বিভূতিভূষণে প্ৰায় ২০খন গল্পগ্ৰন্থ, কিছু শিশু উপন্যাস তথা কিছু ভ্ৰমণকাহিনী আৰু কিছু দিনলিপি ৰচনা কৰিছিল। বিভূতিভূষণৰ পথেৰ পাঁচালীৰ আধাৰত সত্যজিৎ ৰায়ে পৰিচালনা কৰা চলচ্চিত্ৰই আন্তৰ্জাতিক খ্যাতি লাভ কৰিছিল। ১৯৫১ চনত ইছামতী উপন্যাসৰ বাবে বিভূতিভূষণে পশ্চিমবঙ্গৰ সৰ্বোচ্চ সাহিত্য সন্মান "ৰবীন্দ্ৰ পুৰস্কাৰ" মৰণোত্তৰভাৱে লাভ কৰিছিল।[2]

জন্ম তথা পৰিয়াল[সম্পাদনা কৰক]

১৮৯৪ চনৰ ১২ ছেপ্তেম্বৰত পশ্চিমবঙ্গৰ ঘোষপাৰা-মুৰাতিপুৰ গাঁওত বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মহানন্দ বন্দ্যোপাধ্যায় আছিল এজন প্ৰখ্যাত সংস্কৃত পণ্ডিত। বিভূতিভূষণৰ মাতৃ আছিল মৃণালিনী দেৱী।

শিক্ষা[সম্পাদনা কৰক]

বিভূতিভূষণে বনগাওঁ হাইস্কুলত পঢ়া-শুনা কৰিছিল। ১৯১৪ চনত প্ৰথম বিভাগত এন্ট্ৰেন্স তথা ১৯১৬ চনত কলিকতাৰ ৰিপণ কলেজৰ (বৰ্তমানৰ সুৰেন্দ্ৰনাথ কলেজ) পৰা প্ৰথম বিভাগত আই.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯১৮ চনত একেখন কলেজৰ পৰা অৰ্থনীতি, ইতিহাস আৰু সংস্কৃতত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপাছত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী তথা আইন পঢ়িবলৈ লৈছিল যদিও ১৯১৯ চনত পঢ়া-শুনা বাদ দিয়ে।

বিবাহ[সম্পাদনা কৰক]

১৯১৯ চনত হুগলী জিলাৰ জাঙ্গীপাৰাৰ দ্বাৰকানাথ হাইস্কুলত তৃতীয় শ্ৰেণীত পঢ়ি থকা সময়তেই কালীভূষণ মুখোপাধ্যায়ৰ জীয়ৰী গৌৰী দেৱীৰ সৈতে বিভূতিভূষণ বিবাহপাশত আৱদ্ধ হয়। কিন্তু বিবাহৰ এবছৰ পাছতেই গৌৰী দেৱীৰ পৰলোকপ্ৰাপ্তি ঘটে। পত্নীৰ শোকত তেখেতে কিছুদিন প্ৰায় সন্ন্যাসীৰ দৰে জীৱন-যাপন কৰিছিল। পাছলৈ ১৯৪০ চনৰ ৩ ডিচেম্বৰত ফৰিদপুৰ জিলাৰ ছয়গাঁও নিবাসী ষোড়শীকান্ত চট্টোপাধ্যায়ৰ জীয়ৰী ৰমা দেৱীক বিয়া কৰায়। বিয়াৰ সাত বছৰ পাছত তেওঁলোকৰ একমাত্ৰ সন্তান তাৰাদাস বন্দ্যোপাধ্যায়ৰ জন্ম হয়।

কৰ্মজীৱন[সম্পাদনা কৰক]


সাহিত্যকৰ্ম[সম্পাদনা কৰক]


পুৰস্কাৰ তথা সন্মান[সম্পাদনা কৰক]


গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

উপন্যাস[সম্পাদনা কৰক]

  • পথেৰ পাঁচালী (১৯২৯)
  • অপৰাজিত (১৯৩২)
  • দৃষ্টিপ্ৰদীপ (১৯৩৫)
  • আৰণ্যক (১৯৩৯)
  • আদৰ্শ হিন্দু হোটেল (১৯৪০)
  • বিপিনেৰ সংসাৰ (১৯৪১)
  • দুই বাড়ি (১৯৪১)
  • অনুবৰ্তন (১৯৪২)
  • দেৱযান (১৯৪৪)
  • কেদাৰ ৰাজা (১৯৪৫)
  • অথৈজল (১৯৪৭)
  • ইছামতী (১৯৫০)
  • অশনি সংকেত (অসমাপ্ত, বঙ্গাব্দ ১৩৬৬)
  • দম্পতি (১৯৫২)

গল্প-সংকলন[সম্পাদনা কৰক]

  • মেঘমল্লাৰ (১৯৩২)
  • মৌৰীফুল (১৯৩২)
  • যাত্ৰাবাদল (১৯৩৪)
  • জন্ম ও মৃত্যু (১৯৩৮)
  • কিন্নৰ দল (১৯৩৮)
  • বেণীগিৰ ফুলবাড়ি (১৯৪১)
  • নৱাগত (১৯৪৪)
  • তালনৱমী (১৯৪৪)
  • উপলখণ্ড (১৯৪৫)
  • বিধু মাষ্টাৰ (১৯৪৫)
  • ক্ষণভঙ্গুৰ (১৯৪৫)
  • অসাধাৰণ (১৯৪৬)
  • মুখোশ ও মুখশ্ৰী (১৯৪৭)
  • আচাৰ্য কৃপালিনী কলোনি (বৰ্তমান নাম 'নীলগঞ্জেৰ ফালমন চাহেব', ১৯৪৮)
  • জ্যোতিৰিঙ্গণ (১৯৪৯)
  • কুশল-পাহাড়ী (১৯৫০)
  • ৰূপ হলুদ (১৯৫৭)
  • অনুসন্ধান (বঙ্গাব্দ ১৩৬৬)
  • ছায়াছবি (বঙ্গাব্দ ১৩৬৬)
  • সুলোচনা (১৯৬৩)

শিশুগ্ৰন্থ[সম্পাদনা কৰক]

  • চাঁদেৰ পাহাৰ (১৯৩৮)
  • আইভ্যানহো (সংক্ষেপানুবাদ (১৯৩৮)
  • মৰণেৰ ডঙ্কা বাজে (১৯৪০)
  • মিছমিদেৰ কবচ (১৯৪২)
  • হীৰা মাণিক জ্বলে (১৯৪৬)
  • সুন্দৰবনেৰ সাত বৎসৰ (ভুৱনমোহন ৰায়েৰ সহযোগিতাত, ১৯৫২)

ভ্ৰমণকাহিনী তথা দিনলিপি[সম্পাদনা কৰক]

  • অভিযাত্ৰিক (১৯৪০)
  • স্মৃতিৰ ৰেখা (১৯৪১)
  • তৃণাঙ্কুৰ (১৯৪৩)
  • ঊৰ্মিমুখৰ (১৯৪৪)
  • বনে পাহাৰে (১৯৪৫)
  • উৎকৰ্ণ (১৯৪৬)
  • হে অৰণ্য কথা কও (১৯৪৮)

অন্যান্য[সম্পাদনা কৰক]

  • বিচিত্ৰ জগত (১৯৩৭)
  • টমাছ বাটাৰ আত্মজীৱনী (১৯৪৩)
  • আমাৰ লেখা (বঙ্গাব্দ ১৩৬৮)
  • প্ৰবন্ধাৱলী
  • পত্ৰৱলী
  • দিনেৰ পৰে দিন[3]

মৃত্যু[সম্পাদনা কৰক]

১৯৫০ চনৰ ১ নৱেম্বৰত বিহাৰৰ ঘাটশিলা নামে ঠাইত বিভূতিভূষণ বন্দ্যোপাধ্যায়ে নশ্বৰ দেহ ত্যাগ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://www.whereincity.com/india/great-indians/literary-persons/bibhutibhushan.php
  2. Sekhar, Saumitra (2012). "Bandyopadhyay, Bibhutibhushan". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Bandyopadhyay,_Bibhutibhushan. 
  3. সেলিনা হোসেন ও নুৰুল ইসলাম সম্পাদিত; বাংলা একাডেমী চৰিতাভিধান; ফেব্ৰুয়াৰি, ১৯৯৭; পৃষ্ঠা- ২৫১।