সমললৈ যাওক

চুনীবালা দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুনীবালা দেৱী

পথেৰ পাঁচালীত চুনীবালা
জন্ম ১৮৭৫[1]
মৃত্যু ১৯৫৫
কলকাতা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চলচ্চিত্ৰ অভিনেত্ৰী
উল্লেখযোগ্য কৰ্ম পথেৰ পাঁচালী

চুনীবালা দেৱী (ইংৰাজী: Chunibala Devi; ১৮৭৫-১৯৫৫) এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁক বিশেষকৈ সত্যজিৎ ৰায়ৰ পথেৰ পাঁচালী ছবিখনত অপুৰ বিধবা পেহীয়েক ইন্দিৰ ঠাকুৰনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। এই চৰিত্ৰটোত অভিনয় কৰাৰ সময়ত তেওঁৰ বসয় আছিল ৮০ বছৰ। ছবিখন থিয়েটাৰত মুক্তি পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হৈছিল।[2][3]

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

১৮৭৫ চনত চুনীবালাৰ জন্ম হোৱা বুলি কোৱা হয়। এটা দৰিদ্ৰ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। ১৯৩০ চনত তেওঁ আকস্মিকভাবে বিগ্ৰহ নামৰ ছবি এখনত অভিনয় কৰাৰ সুযোগ পায়। ১৯৩২ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ পৰিচালনাত, তেওঁৰে ৰচিত নাট নটীৰ পূজাত অভিনয় কৰে। ১৯৩৯ চনত ৰিক্তাত অভিনয় কৰে। ইয়াৰ পিছত শেষ জীৱনত আৰু এখন ছবি, সত্যজিৎ ৰয়ৰ পথেৰ পাঁচালীত অভিনয় কৰে। ১৯৫৫ চনত কলকাতাত ইনফ্লুয়েঞ্জা ৰোগত তেওঁৰ মৃত্যু হয়।[1]

পথেৰ পাঁচালীত অভিনয়

[সম্পাদনা কৰক]

সত্যজিত ৰায়ে বিভূতিভূষণ বন্দোপধ্যায়ৰ চুটিগল্পপথেৰ পাঁচালীৰ আধাৰত একে নামেৰে চলচ্চিত্ৰ এখন নিৰ্মাণৰ বাবে সিদ্ধান্ত লয়। ইতিমধ্যে সকলো কাষ্টিং হৈ যায় যদিও ছবিৰ মূল চৰিত্ৰ অপুৰ বিধবা পেহীয়েক ইন্দিৰ ঠাকুৰনৰ চৰিত্ৰটোত অভিনয় কৰাৰ বাবে বৃদ্ধা অভিনেত্ৰী এগৰাকী বিচাৰি পোৱা নাছিল। কম বয়সীয়া অভিনেত্ৰী এগৰাকীক বৃদ্ধাৰ মেকআপ দি অভিনয় কৰোঁৱাত ৰায়ৰ প্ৰবল আপত্তি আছিল। বহুতো বিচাৰ-খোচাৰৰ অন্তত পথেৰ পাঁচালীৰে এগৰাকী অভিনয় শিল্পী ৰেবা দেৱীৰ সহযোগত কলকাতাৰ নিষিদ্ধ পল্লী এটাত বাস কৰা[3] চুনীবালা দেৱীক বিচাৰি উলিয়ায়।[1]

চুনীবালাই অভিনয় কৰিবলৈ মান্তি হয়। তেওঁক প্ৰতিদিনে ২০ টকাকৈ পাৰিশ্ৰমিক দিয়া হয়। যদিও চুনীবালাৰ চেহেৰা ইন্দিৰ ঠাকুৰনৰ সৈতে খাপ খাই পৰিছিল, কিন্তু যথেষ্ঠ বৃদ্ধ হোৱা বাবে ৰায়ৰ শংকা আছিল অভিনয় কৰিব পাৰিব নে নোৱাৰে বুলি। এই সংক্ৰান্তত ৰায়ে লিখিছে, “পসত্তৰ বছৰীয়া বৃদ্ধা, গাল দুখন ভঙা, পিঠিখন অলপ বেঁকা আৰু শৰীৰটো সন্মুখলৈ হাওলা; দূৰৈৰ বস্তুবোৰো ভালদৰে দেখা পোৱা নাছিল – বিভূতিভূষণে দিয়া বৰ্ণনাৰ সৈতে খাপ খোৱাকৈ অভিনেত্ৰী বিচাৰি পোৱাটো সহজ নাছিল। আমি বিজ্ঞাপনত বাৰে বাৰে ঘোষণা কৰিছিলো: ‘কোনো মেক-আপ এই ছবিখনত ব্যৱহাৰ কৰা নহ’ব’। এনেকুৱা নাছিল যে বৰ্ণনাৰ সৈতে খাপ খোৱা বৃদ্ধা এগৰাকী বিচাৰিবলৈ আমি চেষ্টা কৰা নাছিলো। কিন্তু চেহেৰাটোৱেই একমাত্ৰ কথা নাছিল, আটাইতকৈ ডাঙৰ চিন্তাটো আছিল সত্তৰৰ ঘৰত ভৰি দিয়া এগৰাকী বৃদ্ধাই আউটডোৰ শ্বুটিঙৰ কষ্ট সহ্য কৰিব পাৰিবনে? তাৰোপৰি বয়সে মানুহৰ মানসিক দক্ষতাত প্ৰভাৱ পেলাব পাৰে। ইন্দিৰৰ স্মৃতিশক্তি বিশ্বাস কৰিব পৰা যাবনে?”[4]

অৱশ্যে সকলো শংকা দূৰ কৰি চুনীবালাই যি অভিনয় কৰিলে, তাৰ স্বীকৃতি স্বৰূপে মেনিলা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ জিকিবলৈ সক্ষম হয়। ছবিখন সম্পূৰ্ণ হোৱাৰ পিছত চুনীবালাৰ শৰীৰ বেযা হোৱাত পৰিচালক ৰায়ে তেওঁৰ ঘৰলৈকে প্ৰজেক্টৰ লৈ আহি ছবিখন দেখুৱায়। ছবিগৃহত মুক্তি পোৱাৰ পূৰ্বেই ইতিমধ্যে তেওঁৰ মৃত্যু হয়।[1]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

বিগ্ৰহ (১৯৩০)
ৰিক্তা (১৯৩৯)
পথেৰ পাঁচালী (১৯৫৫)

পথেৰ পাঁচালীত কৰা অনবদ্য অভিনয়ৰ বাবে চুনীবালাই মেনিলা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। অৱশ্যে ইয়াৰ পূৰ্বেই তেওঁৰ মৃত্যু হৈছিল। আন্তৰ্জাতিক পুৰস্কাৰ পোৱা তেৱেঁ প্ৰথম ভাৰতীয় অভিনেত্ৰী। ১৯৫৮ চনত এই ছবিখন নিউয়ৰ্কত প্ৰদৰ্শন কৰা হয়। তাত বহু গুণমুগ্ধ লোকে তেওঁৰ অভিনয়ৰ ভূষসী প্ৰশংসা কৰে।[1]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]