সমললৈ যাওক

দেৱদাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(দেবদাসৰ পৰা পুনঃনিৰ্দেশিত)
দেৱদাস  
লেখক শৰৎচন্দ্ৰ চট্টোপাধ্যায়
ভাষা বঙালী
প্ৰকাৰ উপন্যাস
প্ৰকাশক জিচিএছ
প্ৰকাশ ৩০ জুন, ১৯১৭

দেৱদাস শৰৎচন্দ্ৰ চট্টোপাধ্যায় ৰচিত এটি বঙালী ভাষাৰ উপন্যাস। ইয়াৰ মুখ্য চৰিত্ৰত থকা পাৰ্ব্বতী বা পাৰোৰ, দেৱদাসৰ প্ৰতি থকা গভীৰ অনুৰাগ, উৎকৃষ্ট প্ৰেমৰ উদাহৰণ। শৰৎচন্দ্ৰ চট্টোপাধ্যায় ১৯০০ চনত দেৱদাস ৰচনা সমাপ্ত কৰে যদিও ১৭ বছৰ পিছত অৰ্থাৎ ১৯১৭ চনত উপন্যাস প্ৰকাশিত কৰা হয়।[1]

সংক্ষিপ্ত কাহিনী

[সম্পাদনা কৰক]

দেৱদাস মুখাৰ্জী বঙালী ব্ৰাহ্মণ জমিদাৰৰ পুত্ৰ। পাৰো বা পাৰ্ব্বতী মধ্যবিত্ত বঙালী পৰিয়ালৰ কন্যা। বঙ্গদেশৰ তালচোনাপুৰ গাঁৱত দুয়ো পৰিয়াল ওচৰ-চুবুৰীয়া। সৰু কালৰ পৰাই দেৱদাস আৰু পাৰো অন্তৰঙ্গ বন্ধু যি পৰবৰ্তী সময়ত প্ৰেমৰ সম্পৰ্কত পৰিণত হয়। বয়সৰ তুলনাত দেৱদাস ডাঙৰ আৰু পাৰো সৰু। বিদ্যালয়ত লিখাপৰাৰ পৰা আৰম্ভ কৰি পুখুৰীত মাছমাৰা সকলো কাম একেলগে কৰিছিল। উন্নত শিক্ষাৰ বাবে দেৱদাস কলকাতাত গমন কৰে। কিছু বছৰ পিছত দেৱদাস নিজ গাঁৱত উভতি আহে। উভতি আহি দেৱদাস অনুভব কৰে যে সৰুকালৰ বন্ধুত্ব বৰ্তমানদিনত প্ৰেমৰ সম্পৰ্কত পৰিনত হৈছে। পাৰোৰ মা দেৱদাসৰ মা হৰিমতিক বিবাহ প্ৰস্তাব দিছিলে যদিও ওচৰ-চুবুৰীয়াৰ লগত বিবাহ সম্পৰ্ক স্থাপন কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে। পাৰোৰ পৰিয়ালৰ পৰম্পৰানুসাৰে পাত্ৰৰ ঘৰৰ পৰা পণ লোৱা প্ৰথা বহু আগৰ পৰা চলি আহিছিল। সেয়েহে দেৱদাসৰ পৰিয়াল পাৰোক কিনা-বেচা কৰা নিম্ন পৰিয়ালৰ কন্যা বিবেচনা কৰি বিবাহত অসন্মতি প্ৰকাশ কৰে। এই যুক্তিত পাৰ্বতীৰ পিতা নীলকণ্ঠ চক্ৰবৰ্তী অপমানিত বোধ কৰি জমিদাৰৰ ঘৰত পাৰ্বতীৰ বিবাহ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। পাৰ্বতী এদিন নিশাত দেৱদাসক প্ৰেম নিবেদন কৰি নিজক গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে যদিও দেৱদাসৰ পিতা এই অনুৰোধ প্ৰত্যাখান কৰে। বিভ্ৰান্ত দেৱদাস কলকাতাত পলাইগৈ পাৰ্বতীক চিঠি প্ৰেৰণ কৰি জনায় যে তেওঁৰ এই সম্পৰ্ক চলাবলৈ ইচ্ছা নাই। দেৱদাসৰ কাপুৰুষতাক ধিক্কাৰ জনাই পাৰ্বতী হাতিপোতা গাঁৱৰ ভুবন চৌধুৰী নামৰ জমিদাৰৰ লগত বিবাহৰ বাবে ৰাজি হয়।

কলকাতাত চুন্নিলালৰ সৈতে দেৱদাসৰ মিত্ৰতা হয়। চুন্নিলালৰ মাধ্যমত চন্দ্ৰমুখী নামৰ বেশ্যাৰ লগত দেৱদাসৰ পৰিচয় হয়। তেওঁ দেৱদাসক ভাল পায় যদিও দেৱদাস ঘৃণা কৰিছিল। হতাশাগ্ৰস্ত দেৱদাস সুৰাপান কৰাৰ ফলত অসুস্থ হৈ পৰে। চন্দ্ৰমুখী প্ৰতিদিন সেৱা কৰিছিল যদিও দেৱদাসৰ স্বাস্থ্যৰ চৰম অবনতি ঘটে। মৃত্যু সন্নিকট অনুভব কৰি দেৱদাস শেষবাৰ পাৰোৰ লগত সাক্ষাৎৰ বাবে হাতিপোতা গাঁও অভিমুখে যাত্ৰা কৰে। পাৰোৰ গৃহৰ সম্মুখত উপস্থিত হোৱাৰ লগে লগে দেৱদাসৰ মৃত্যু হয়।

দেৱদাস চলচ্চিত্ৰ

[সম্পাদনা কৰক]

১৯২৮ চনত প্ৰথমবাৰ দেৱদাস চলচ্চিত্ৰ নিৰ্মিত কৰা হয়। ১৯৩৫, ১৯৩৬, ১৯৫৫, ২০০২, ২০০৯ পুনৰায় হিন্দী ভাষাত দেৱদাস চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। বঙালী ভাষাৰ লগত ভাৰতৰ বিভিন্ন ভাষা যেনে তামিল, তেলুগু, মালায়লম, উৰ্দু আৰু অসমীয়া ভাষাত এই উপন্যাস চলচ্চিত্ৰ আকাৰত নিৰ্মাণ কৰা হৈছে।[2][3]

দেৱদাস উপন্যাসৰ ভিত্তিত নিৰ্মিত চলচ্চিত্ৰৰ তালিকা:

বছৰনামভাষাপৰিচালকভূমিকাটোকা
দেৱদাসপাৰ্বতীচন্দ্ৰমুখী
১৯২৭দেৱদাসনিৰ্বাক চলচ্চিত্ৰনৰেশ মিত্ৰফণী শৰ্মাতাৰকবালামিচ পাৰুল
১৯৩৫দেৱদাসবঙালীপ্ৰমথেশ বৰুৱাপ্ৰমথেশ বৰুৱাযমুনাচন্দ্ৰাবতী দেবী
১৯৩৬দেৱদাসহিন্দীপ্ৰমথেশ বৰুৱাকুন্দন লাল চায়গলযমুনা ৰাজকুমাৰী দুবে
১৯৩৭দেৱদাসঅসমীয়াপ্ৰমথেশ বৰুৱাফণী শৰ্মাজুবেইদা বেগম ধনৰাজগিৰমোহিনী
১৯৫৩দেৱদাসুতামিল আৰু তেলুগুবেদান্তম ৰাঘবৈয়াহঅক্কিনেনী নাগেশ্বৰ ৰাওসাবিত্ৰীললিথা"দেৱদাসু" নামত এটি পৰিচিত
১৯৫৫দেৱদাসহিন্দীবিমল ৰায়দিলীপ কুমাৰসুচিত্ৰা সেনবৈজয়ন্তীমালা
১৯৬৫দেৱদাসউৰ্দুখাজা সৰফৰাজহাবিব তালিশশামিম আৰানাইয়াৰ সুলতানাপাকিস্তানী চলচ্চিত্ৰ
১৯৭৪দেৱদাসুতেলুগুবিজয়া নিৰ্মলাঘত্তমনেনী কৃষ্ণবিজয়া নিৰ্মলাজয়ন্তী
১৯৭৯দেৱদাসবঙালীদিলীপ ৰায়সৌমিত্ৰ চট্টোপাধ্যায়সুমিত্ৰা মুখোপাধ্যায়সুপ্ৰিয়া চৌধুৰী
১৯৮২দেৱদাসবঙালীচাষী নজৰুল ইসলামবুলবুল আহমেদকবৰী সাৰোয়াৰআনোয়াৰাবাংলাদেশী চলচ্চিত্ৰ
১৯৮৯দেৱদাসমালয়ালমক্ৰচবেল্ট মণিবেণু নাগবল্লীপাৰ্বতীৰম্য কৃষ্ণা
২০০২দেৱদাসবঙালীশক্তি সামন্তপ্ৰসেনজিৎ চট্টোপাধ্যায়অৰ্পিতা পালইন্দ্ৰানী হালদাৰ
২০০২দেৱদাসহিন্দীসঞ্জয় লীলা ভানচালীশ্বাহৰুখ খানঐশ্বৰ্যা ৰায়মাধুৰী দীক্ষিত
২০০৯দেব.ডিহিন্দীঅনুৰাগ কাশ্যপঅভয় দেওলমাহী গিলকল্কি কয়েচলীনদেৱদাসৰ আধুনিক চিত্ৰায়ন
২০১০দেৱদাসউৰ্দুইকবাল কাশ্মীৰিনাদীম শাহজাৰা শেইখমীৰা পাকিস্তানী চলচ্চিত্ৰ
২০১৩দেৱদাসবঙালীচাষী নজৰুল ইচলামশাকিব খানঅপু বিশ্বাসমৌসুমীবাংলাদেশী চলচ্চিত্ৰ
২০১৭দেবিবঙালীৰিক বসুপাওলি দামশুভ মুখাৰ্জিশাতাফ ফিগাৰআধুনিক ৰূপায়ণ
২০১৭দেব ডিডিহিন্দীকেন ঘোষঅসীমা ভাৰডানঅখিল কাপুৰসঞ্জয় চুৰিৱেব চিৰিজ
আধুনিক ৰূপায়ণ
২০১৮দাস দেবহিন্দীসুধীৰ মিশ্ৰৰাহুল ভাটৰিচা চাদ্দাঅদিতি ৰাও হায়দাৰিআধুনিক ৰূপায়ণ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ সেন, সুকুমাৰ (১৩৫৩ বঙ্গাব্দ)। বাঙ্গালা সাহিত্যেৰ ইতিহাস। ৩য় খণ্ড। কলিকাতা: মডাৰ্ণ বুক এজেন্সি। পৃষ্ঠা ৫৫২।
  2. ↑ "আৰ্কাইভ কপি". Archived from the original on 2010-08-09. https://web.archive.org/web/20100809095254/http://www.hinduonnet.com/thehindu/fr/2002/05/31/stories/2002053100950300.htm। আহৰণ কৰা হৈছে: 2019-12-29.
  3. ↑ https://web.archive.org/web/20120113071438/http://www.uiowa.edu/~incinema/DEVDAS.html