বি. আৰ. চোপ্ৰা
বি. আৰ. চোপ্ৰা | |
---|---|
![]() ২০১৩ চনৰ এক ভাৰতীয় ডাক টিকটত বি. আৰ. চোপ্ৰা | |
জন্ম | বলদেৱ ৰাজ চোপ্ৰা ২২ এপ্ৰিল, ১৯১৪ পঞ্জাব, ভাৰত |
মৃত্যু | ৫ নৱেম্বৰ, ২০০৮ (৯৪ বছৰ) মুম্বাই, ভাৰত |
ৰাষ্ট্ৰীয়তা | ![]() |
পেচা | চলচ্চিত্ৰৰ পৰিচালক |
সক্ৰিয় হৈ থকা সময় | ১৯৪৪-২০০৬ |
দাম্পত্যসঙ্গী | প্ৰকাশ চোপ্ৰা |
সন্তান | ৩ |
বি. আৰ. চোপ্ৰা (ইংৰাজী: B. R. Chopra; সম্পূৰ্ণ নাম: বলদেৱ ৰাজ চোপ্ৰা; ২২ এপ্ৰিল ১৯১৪ – ৫ নৱেম্বৰ ২০০৮)[1] আছিল এগৰাকী হিন্দী চলচ্চিত্ৰৰ নিৰ্মাতা তথা নিৰ্দেশক। তেখেতে 'নয়া দৌৰ' (১৯৫৭), 'কানূন' (১৯৬০), 'ৱক্ত' (১৯৬৫), 'হমৰাজ' (১৯৬৭) আদি চলচ্চিত্ৰৰ উপৰিও ১৯৮০ৰ দশকত দূৰদৰ্শনৰ ধাৰাৱাহিক 'মহাভাৰত' নিৰ্মাণ কৰি জনপ্ৰিয় হৈছিল।[2] ১৯৯৮ চনত তেখেতে চলচ্চিত্ৰৰ বঁটা দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল।[3] তদুপৰি ২০০১ চনত তেখেতে পদ্মভূষণ বঁটাও লাভ কৰিছিল।
তেওঁৰ সৰু ভাই য়শ চোপ্ৰা, পুত্ৰ ৰবি চোপ্ৰা আৰু ভতিজা আদিত্য চোপ্ৰাও চলচ্চিত্ৰ উদ্যোগত কাম কৰে।[4]
জীৱন বৃত্তান্ত
[সম্পাদনা কৰক]চোপ্ৰাৰ জন্ম ১৯১৪ চনৰ ২২ এপ্ৰিলত ৰাহোঁন, শহীদ ভগৎ সিং নগৰ জিলাত (পূৰ্বতে নৱাংশহৰ জিলাত) হৈছিল। তেওঁৰ পিতৃ বিলায়তি ৰাজ চোপ্ৰা পিডব্লিউডিত কৰ্মৰত আছিল। পিছত তেওঁ লাহোৰলৈ স্থানান্তৰিত হৈছিল। তেওঁ বহু ভাই-ভনীৰ ভিতৰত দ্বিতীয়জন আছিল; তেওঁৰ আটাইতকৈ সৰু ভাই আছিল চলচ্চিত্ৰ নিৰ্মাতা য়শ চোপ্ৰা।[5]
চোপ্ৰাই লাহোৰস্থিত পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এম.এ. উপাধি লাভ কৰিছিল। ১৯৪৪ চনত তেওঁ চিনে হেৰাল্ড নামৰ এখন চলচ্চিত্ৰ-মাহেকীয়া আলোচনীতে চলচ্চিত্ৰ সাংবাদিক হিচাপে নিজৰ পেছাগত জীৱন আৰম্ভ কৰিছিল। এই আলোচনীৰ সম্পাদনা তেওঁ লাহোৰতে কৰিছিল আৰু ১৯৪৭ চাললৈকে এইটো চলাইছিল।[6] সেই বছৰে তেওঁ আই. এছ. জোহৰৰ কাহিনীত আধাৰিত চাঁদনী চক নামৰ এখন চলচ্চিত্ৰ আৰম্ভ কৰিছিল। এই চলচ্চিত্ৰখনত নায়কৰ ভূমিকাত আছিল নঈম হাশমী আৰু নায়িকা আছিল এৰিকা ৰুখচি। চলচ্চিত্ৰখনৰ শ্বুটিং আৰম্ভ হ'বলৈ দিয়া অৱস্থাত লাহোৰত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে তেওঁলোকৰ পৰিয়ালে লাহোৰ এৰি পলাব লগা হয়। ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ পিছত তেওঁ দিল্লীলৈ গৈছিল আৰু পিছত মুম্বাইলৈ স্থানান্তৰিত হৈছিল। তাত তেওঁ প্ৰথম চলচ্চিত্ৰ কাৰৱাট (১৯৪৮) প্ৰস্তুত কৰিছিল যদিও এই চলচ্চিত্ৰখন ব্যৰ্থ হৈছিল। তেওঁৰ প্ৰথম নিৰ্দেশিত চলচ্চিত্ৰ অফচানা ১৯৫১ চনত মুক্তি লাভ কৰিছিল য'ত অশোক কুমাৰে দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল। চলচ্চিত্ৰখন সফল হৈছিল আৰু তেওঁৰ নাম বলিউডত পৰিচিত কৰি তোলে। তেওঁ ১৯৫৪ চনত মীনা কুমাৰীক লৈ চাঁদনী চক বনাইছিল। ১৯৫৫ চনত তেওঁ বি. আৰ. ফিল্মছ নামৰ নিজৰ প্ৰযোজনা সংস্থা প্ৰতিষ্ঠা কৰে। এই সংস্থাৰ প্ৰথম চলচ্চিত্ৰ আছিল এক হি ৰাস্তা (১৯৫৬), যি অত্যন্ত সফল হৈছিল। তাৰ পিছতে তেওঁ দিলীপ কুমাৰ আৰু বৈজয়ন্তীমালা অভিনীত নয়া দৌৰ (১৯৫৭) নিৰ্মাণ কৰিছিল, যি এখন গোল্ডেন জুবিলী সফল চলচ্চিত্ৰ হৈছিল।[7][8] তাৰ পাছৰ কানুন, গুমৰাহ, হমৰাজ আদি ষাঠিৰ দশকৰ সফল চলচ্চিত্ৰ আছিল। ১৯৬৩ চনত তেওঁ ১৩তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱৰ জুৰীৰ সদস্য আছিল।[9] দিলীপ কুমাৰৰ সৈতে তেওঁৰ দ্বিতীয় চলচ্চিত্ৰ দাস্তান (১৯৭২) আছিল, যি বিৰাট বিফল হৈছিল।
১৯৭২ৰ পিছত তেওঁ বিভিন্ন ধৰণৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্দেশনা কৰিছিল। যেনে- চপেঞ্ছ থ্ৰিলাৰ ধুন্ধ (১৯৭৩), নাটকীয় চলচ্চিত্ৰ কৰ্ম (১৯৭৭), হাস্যৰসপূৰ্ণ পতি পত্নী ঔৰ ৱহ (১৯৭৮), অপৰাধ-ভিত্তিক ইনছাফ কা তাৰাজু (১৯৮০), মুছলিম সামাজিক নিকাহ (১৯৮২), আৰু ৰাজনৈতিক থ্ৰিলাৰ আৱাম (১৯৮৭)।
তেওঁ ধূল কা ফুল (১৯৫৯), ৱক্ত (১৯৬৫), আদমি ঔৰ ইনসান (১৯৬৯), ইত্তেফাক (১৯৬৯) আদি চলচ্চিত্ৰৰ প্ৰযোজক আছিল, যিবোৰ তেওঁৰ ভাই য়শ চোপ্ৰাই নিৰ্দেশনা কৰিছিল। তদুপৰি তেওঁ দ্য বাৰ্নিং ট্ৰেইন (১৯৮০), মজদূৰ (১৯৮৩), আজ কি আৱাজ (১৯৮৪), বাঘবান (২০০৩), বাবুল (২০০৬), ভূতনাথ (২০০৮) চলচ্চিত্ৰসমূহৰো প্ৰযোজক আছিল, যিবোৰ ৰবি চোপ্ৰাই নিৰ্দেশনা কৰিছিল।
চোপ্ৰাই টেলিভিছন জগতলৈ মহাভাৰতৰ জৰিয়তে প্ৰবেশ কৰিছিল, যি ভাৰতীয় টেলিভিছন ইতিহাসত ৯২% দৰ্শকৰ ৰেকৰ্ডসহ আটাইতকৈ সফল শৃংখলাসমূহৰ অন্যতম হৈ পৰিছিল। এই শৃংখলাত নিতীশ ভৰদ্বাজে শ্ৰীকৃষ্ণৰ আৰু মুকেশ খান্নাই ভীষ্ম পিতামহৰ চৰিত্ৰত অভিনয় কৰিছিল। এইটো তেওঁৰ পুত্ৰৰ সৈতে তেওঁ সহ-নিৰ্দেশনা কৰিছিল। তেওঁ [ঋবাহাদুৰ শাহ জাফৰ, কানুন, বিষ্ণু পুৰাণ, আপ বীতি আৰু মা শক্তি নামৰ টিভি শৃংখলাও প্ৰস্তুত কৰিছিল।
তেওঁ ২০০৮ চনৰ ৫ নৱেম্বৰ তাৰিখে মুম্বাইত ৯৪ বছৰ বয়সতে পৰলোক গমন কৰে,[10] আৰু তেওঁ তেওঁৰ পুত্ৰ ৰবি চোপ্ৰা আৰু দুজনী কন্যা শশী আৰু বিনাক এৰি গৈছিল।[11]
পুৰস্কাৰ
[সম্পাদনা কৰক]
- নাগৰিক বঁটা
- ১৯৬০: হিন্দী ভাষাৰ তৃতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ – কানুন[13]
- ১৯৬১: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ – ধৰ্মপুত্ৰ (উৎপাদক হিচাপে)[14]
- ১৯৬৩: হিন্দী ভাষাৰ তৃতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ – গুমৰাহ[15]
- ১৯৬৭: শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰ – হমৰাজ[16]
- ১৯৯৮: দাদাচাহেব ফাল্কে বঁটা[17]
- ১৯৬২: শ্ৰেষ্ঠ পৰিচালক ফিল্মফেয়াৰ বঁটা – কানুন
- ২০০৪: ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটা
চলচ্চিত্ৰ তালিকা
[সম্পাদনা কৰক]বৰ্ষ | চলচ্চিত্ৰ | পৰিচালক | প্ৰযোজক | টোকা |
---|---|---|---|---|
১৯৪৯ | কৰৱট | নহয় | হয় | |
১৯৫১ | অফচানা | হয় | হয় | [18] |
১৯৫৩ | শোলে | হয় | নহয় | |
১৯৫৪ | চান্দনী চাউক | হয় | নহয় | |
১৯৫৬ | এক হি ৰাস্তা | হয় | হয় | |
১৯৫৭ | নয়া দৌৰ | হয় | হয় | |
১৯৫৮ | সাধনা | হয় | হয় | |
১৯৫৯ | ধূলি কা ফুল | নহয় | হয় | [19] |
১৯৬০ | কানুন | হয় | হয় | |
১৯৬১ | ধৰ্মপুত্ৰ | নহয় | হয় | |
১৯৬৩ | গুমৰাহ | হয় | হয় | [20] |
১৯৬৫ | ৱক্ত | নহয় | হয় | [21] |
১৯৬৭ | হামৰাজ | হয় | হয় | |
১৯৬৯ | আদমী ঔৰ ইনসান | নহয় | হয় | |
১৯৬৯ | ইত্তেফাক | নহয় | হয় | [22] |
১৯৭২ | দাস্তান | হয় | হয় | |
১৯৭৩ | ধুন্ধ | হয় | হয় | [23] |
১৯৭৫ | জমিৰ | নহয় | হয় | |
১৯৭৬ | ছোটি চি বাত | নহয় | হয় | |
১৯৭৭ | কৰ্ম | হয় | হয় | |
১৯৭৮ | পতি পত্নী ঔৰ ৱোহ | হয় | হয় | |
১৯৮০ | দ্য বৰ্ণিং ট্ৰেইন | নহয় | হয় | |
১৯৮০ | ইনছাফ কা তৰাজু | হয় | হয় | |
১৯৮১ | অগ্নি পৰীক্ষা | নহয় | হয় | |
১৯৮২ | বেটা | নহয় | হয় | |
১৯৮২ | নিকাহ | হয় | হয় | |
১৯৮২ | তেৰী মেৰী কাহানী | নহয় | হয় | টিভি চলচ্চিত্ৰ |
১৯৮৩ | মজদুৰ | নহয় | হয় | |
১৯৮৩ | ধৰ্তি আকাশ | নহয় | হয় | টিভি চলচ্চিত্ৰ |
১৯৮৪ | আজ কি আৱাজ | নহয় | হয় | |
১৯৮৫ | ঘজল | নহয় | হয় | |
১৯৮৫ | তৱায়েফ | হয় | নহয় | |
১৯৮৬ | কিৰায়াদাৰ | নহয় | হয় | |
১৯৮৬ | দহলিজ | নহয় | হয় | |
১৯৮৬ | বাহাদুৰ শ্বাহ জাফৰ | হয় | হয় | টিভি শৃংখলা [24] |
১৯৮৭ | আৱাম | হয় | হয় | |
১৯৮৮ | মহাভাৰত | হয় | হয় | টিভি শৃংখলা [25] |
১৯৯১ | মহাভাৰত কথা | হয় | হয় | টিভি শৃংখলা |
১৯৯১ | প্ৰতিজ্ঞাবদ্ধ | নহয় | হয় | |
১৯৯২ | কাল কি আৱাজ | নহয় | হয় | |
১৯৯২ | সৌদা | হয় | হয় | টিভি শৃংখলা |
১৯৯৩ | কানুন | হয় | নহয় | টিভি শৃংখলা |
২০০০ | বিষ্ণু পুৰাণ | নহয় | হয় | টিভি শৃংখলা |
২০০২–২০০৪ | ৰামায়ণ | নহয় | হয় | টিভি শৃংখলা |
২০০১–২০০৪ | আপ বীতি | নহয় | হয় | টিভি শৃংখলা |
২০০২–২০০৩ | মা শক্তি | হয় | হয় | টিভি শৃংখলা |
২০০৩ | বাগবান | নহয় | হয় | |
২০০৪ | কমিনী দমিনী | নহয় | হয় | টিভি শৃংখলা |
২০০৬–২০০৭ | ভিৰাসত | নহয় | হয় | টিভি শৃংখলা |
২০০৬ | বাবুল | নহয় | হয় |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Filmmaker B R Chopra passes away. Press Trust of India via NDTV. 5 November 2008
- ↑ B.R.Chopra made socially relevant films The Hindu, 6 November 2008.
- ↑ B.R. CHOPRA – Purposeful Film Maker – 30th Recipient – 1998 Archived 1 September 2009 at the Wayback Machine Dadasaheb Phalke Award.
- ↑ Taliculam, Sharmila (4 April 1997). "And miles to go...". Rediff.com. http://www.rediff.com/entertai/apr/04br.htm। আহৰণ কৰা হৈছে: 29 October 2018.
- ↑ Taliculam, Sharmila (4 April 1997). "And miles to go...". Rediff.com. http://www.rediff.com/entertai/apr/04br.htm। আহৰণ কৰা হৈছে: 29 October 2018.
- ↑ Films transformed Chopra's destiny and vice-versa The Times of India, 6 November 2008.
- ↑ Thombare, Suparna (2019-07-23). "Which is the Highest Grossing Indian Film of All Time?" (en ভাষাত). TheQuint. https://www.thequint.com/entertainment/bollywood/ten-highest-grossing-bollywood-films-of-all-time-inflation। আহৰণ কৰা হৈছে: 2021-09-26.
- ↑ Srivastava, Himani (2018-03-09). "Highest Grossing Films of Indian Cinema, Ever" (en ভাষাত). IndianFilmInstitute. https://www.indianfilminstitute.org/post/2018/02/21/highest-grossing-films-in-india-inflation-adjusted। আহৰণ কৰা হৈছে: 2021-09-26.
- ↑ "Berlinale: Juries". berlinale.de. http://www.berlinale.de/en/archiv/jahresarchive/1963/04_jury_1963/04_Jury_1963.html। আহৰণ কৰা হৈছে: 13 February 2010.
- ↑ Filmmaker B.R. Chopra dead. Thaindian.com (5 November 2008). Retrieved on 2018-11-09.
- ↑ Bollywood producer BR Chopra dies. BBC News, 5 November 2008.
- ↑ "Padma Awards". সৰ্গীয় বিষয়ক মন্ত্ৰণালয়, ভাৰত চৰকাৰ. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015.
- ↑ "8th National Film Awards". International Film Festival of India. http://iffi.nic.in/Dff2011/Frm8thNFAAward.aspx। আহৰণ কৰা হৈছে: 7 September 2011.
- ↑ "9th National Film Awards". International Film Festival of India. Archived from the original on 2 December 2016. https://web.archive.org/web/20161202115652/http://iffi.nic.in/Dff2011/Frm9thNFAAward.aspx। আহৰণ কৰা হৈছে: 30 July 2012.
- ↑ "11th National Film Awards". International Film Festival of India. http://iffi.nic.in/Dff2011/Frm11thNFAAward.aspx। আহৰণ কৰা হৈছে: 13 September 2011.
- ↑ The Times of India, Entertainment. "National Awards Winners 1967: Complete list of winners of National Awards 1967". timesofindia.indiatimes.com. Archived from the original on 24 March 2020. https://web.archive.org/web/20200324034914/https://timesofindia.indiatimes.com/entertainment/movie-awards/national-awards-winners/1967/108। আহৰণ কৰা হৈছে: 11 August 2021.
- ↑ "Rediff On The NeT: B R Chopra chosen for Dadasaheb Phalke Award". Rediff.com. 21 October 1999. https://www.rediff.com/news/1999/oct/21chopra.htm। আহৰণ কৰা হৈছে: 13 April 2022.
- ↑ Majumdar, Neepa (2009). Wanted Cultured Ladies Only! : Female Stardom and Cinema in India, 1930s-1950s. University of Illinois Press. পৃষ্ঠা. 138. ISBN 978-0-252-07628-2.
- ↑ "Nehru's vision shaped many Bollywood golden oldies". The Times of India. 16 November 2009. https://timesofindia.indiatimes.com/city/delhi/Nehrus-vision-shaped-many-Bollywood-golden-oldies/articleshow/5233286.cms.
- ↑ "Gumrah, BR Chopra's tale of a woman's desire that challenged conventions back in 1963". ThePrint. 25 April 2020. https://theprint.in/feature/gumrah-br-chopras-tale-of-a-womans-desire-that-challenged-conventions-back-in-1963/408477/.
- ↑ Chopra, Anupama (2007). King of Bollywood: Shah Rukh Khan and the Seductive World of Indian Cinema. Grand Central Publishing. পৃষ্ঠা. 120. ISBN 978-0-446-57858-5.
- ↑ "Here are 6 films adapted from Gujarati plays". https://www.sbs.com.au/language/english/here-are-6-films-adapted-from-gujarati-plays.
- ↑ "Aboard the mystery train". Cinema Express. 22 November 2017. https://m.cinemaexpress.com/stories/trends/2017/nov/22/aboard-the-mystery-train-3207.amp.
- ↑ "When Juhi Chawla "Kept Forgetting Her Lines" On The Sets Of BR Chopra's Bahadur Shah Zafar". 19 September 2021. https://www.ndtv.com/entertainment/when-juhi-chawla-kept-forgetting-her-lines-on-the-sets-of-br-chopras-bahadur-shah-zafar-2546115.
- ↑ Mohan, Lavanya (16 October 2015). "Epic television". The Hindu. https://www.thehindu.com/features/metroplus/radio-and-tv/retelling-of-mahabharata-on-television-over-the-years-epic-television/article7770181.ece.