সমললৈ যাওক

ৰাজজ্যোতি কোঁৱৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজজ্যোতি কোঁৱৰ
জন্ম ০৭ অক্টোবৰ, ১৯৭৫ (৫০ বছৰ)
নকাৰী, উত্তৰ লক্ষীমপুৰ, অসম, ভাৰত
সংগীতৰ ধৰণ নেপথ্য সংগীত
পেচা গায়ক, সুৰকাৰ
সক্ৰিয়তাৰ বছৰ ২০০৪–
ৱেবছাইট www.raajkonwar.com

ৰাজজ্যোতি কোঁৱৰ (জন্ম- ৭ অক্টোবৰ ১৯৭৫) অসমউত্তৰ লক্ষীমপুৰৰ এজন গায়ক আৰু সুৰকাৰ। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ লগতে বলিউডৰো বহুকেইখন চলচ্চিত্ৰৰ সংগীতত কণ্ঠদান কৰিছে।[1]


শিক্ষাজীৱন

[সম্পাদনা কৰক]

উত্তৰ লক্ষীমপুৰ মজলীয়া বিদ্যালয় আৰু উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। তাৰ পাছত তেওঁ যোৰহাটজগন্নাথ বৰুৱা মহাবিদ্যালয়, গুৱাহাটীকটন কলেজ আৰু পাছলৈ মুম্বাইৰ নেচনেল কলেজ (জামাথমল আদৱানি ল' কলেজ)ৰপৰা শিক্ষা লাভ কৰে।[2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৭৫ চনৰ ৭ অক্টোবৰ তাৰিখে উত্তৰ লক্ষীমপুৰনকাৰীৰ এক আহোম পৰিয়ালত তেওঁৰ জন্ম হয়। পিতৃ ক্ষেত্ৰমোহন বৰা আৰু মাতৃ অমিয়া বৰা। ২০১৩ চনত তেওঁ লিজা কোঁৱৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[2]

প্ৰাৰম্ভিক সংগ্ৰাম

[সম্পাদনা কৰক]

১৯৯৬ চনত তেওঁ নিজৰ প্ৰথমখন সংগীতৰ এলবাম সাগৰ তুমিৰ ৰেকৰ্ডিঙৰ উদ্দেশ্যে মুম্বাইলৈ যায়।[3] তাৰ পাছৰ বছৰতে তেওঁ মুম্বাইত নিজৰ কেৰিয়াৰ গঢ়াৰ মানসেৰে স্থায়ীভাৱে তালৈ গুচি যায়। তাৰ সমান্তৰালকৈ তেওঁ বান্দ্ৰাস্থিত নেচনেল কলেজৰ আইন শাখাত নামভৰ্তি কৰে যদিও তেওঁ সংগীতৰ সাধনাতহে বেছিকৈ মনোনিৱেশ কৰে। এই সময়ছোৱাত তেওঁৰ ককায়েক ভাগ্যমোহন কোঁৱৰে তেওঁক আৰ্থিক সহায়-সহযোগ আগবঢ়াই থাকে। তথাপি আৰ্থিক অনাটনৰ কাৰণে তেওঁ মুম্বাইত ৪০খন বিছনাযুক্ত এক ডৰ্মিটৰীতো প্ৰায় ডেৰ বছৰ থাকিবলগীয়া হয়। [2]

চলচ্চিত্ৰত কণ্ঠদান

[সম্পাদনা কৰক]

প্ৰায় সাত-আঠ বছৰ সংগ্ৰাম কৰাৰ পাছত তেওঁ "ছুপাৰষ্টাৰ" নামৰ ছবিত কণ্ঠ দিয়াৰ সুবিধা পায়। ২০০৮ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰখনৰ "আজনবী খোৱাব' মে'" শীৰ্ষক গীতটি হিট গান হিচাপে পৰিগণিত হয়।[4] ইয়াৰ পাছত তেওঁ ক্লিক, এচিড ফেক্টৰী, মিছন ইষ্টানবুল, ৰাগিনী এম এম এছ, হোষ্টেল, ছাড্ডা আড্ডা, মল্লিকা ইত্যাদি বলিউডৰ বহুকেইখন চলচ্চিত্ৰৰ সংগীতত কণ্ঠদান কৰে। ইয়াৰ উপৰিও তেওঁ ৰামধেনু, ৰিচাং, আকাশ চুবলৈ মন, ৰ'দ্‌ ইত্যাদি অসমীয়া চলচ্চিত্ৰতো গান গায় আৰু বহুকেইটা গান হিট হয়।[2]

যোৰহাটত উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰি থকা সময়ত ৰাজে 'ডাইনেষ্টী' (Dynasty) নামৰ এক বেণ্ড গঠন কৰিছিল। কটন কলেজত পঢ়ি থকা সময়ত তেওঁ 'জাষ্ট' (Just) নামৰ এক বেণ্ডৰ হৈ গান গায়। মুম্বাইত থকাৰ প্ৰাৰম্ভিক সময়ছোৱাত তেওঁ 'Hoboes' নামৰ এক বেণ্ডৰ লীড ভকেলিষ্ট হিচাপে অনুষ্ঠান পৰিৱেশন কৰিছিল। মনছুৰ আলম নামৰ সেই সময়ৰ এ্জন সফল গীটাৰিষ্টৰ সৈতেও তেওঁ কাম কৰে।[2]

গীতৰ তালিকা

[সম্পাদনা কৰক]

বলিউডৰ গান

চনগানবোলছবিসংগীত পৰিচালকসহ গায়ক/গায়িকা
২০০৮আজনবীছুপাৰষ্টাৰসমীৰ টেণ্ডনএকক
২০০৮ৱৰ্ল্ড হ'ল্ড অনমিছন ইষ্টানবুলসমীৰ টেণ্ডনকুনাল গাঞ্জাৱালা, গায়ত্ৰী গাঞ্জাৱালা
২০০৯য়ে জিছ্‌মএচিড ফেক্টৰীসমীৰ টেণ্ডনআঁচল দত্ত
২০১০ৰুবায়ীক্লিকসমীৰ টেণ্ডনসুনিধি চৌহান
২০১০য়াদেঁ ৰিমিক্সক্লিকসমীৰ টেণ্ডনএকক
২০১১ৰিস্তা বনোহোষ্টেলবিৰাগ মিশ্ৰম'নালি ঠাকুৰ
২০১১ইতনে' কৰীব আওৰাগিনী এম এম এছসমীৰ টেণ্ডনএকক
২০১১ইত্তেফাকমল্লিকাসমীৰ টেণ্ডনশিল্পা ৰাও
২০১২ৰৌছন দিল কা জহাঁ (ৰিমিক্স)ৰানৱে'সমীৰ টেণ্ডনসুনিধি চৌহান
২০১২ছাড্ডা আড্ডাছাড্ডা আড্ডাসমীৰ টেণ্ডনআহান শ্বাহ, শ্বাহিদ মাল্যা

অসমীয়া বোলছবিৰ গান

চনগানচিনেমাসংগীত পৰিচালকসহ গায়ক/গায়িকা
২০১১অস্ত আকাশতেৰামধেনুযতীন শৰ্মাএকক
২০১২ৱাৰিয়ৰ অৱ লাভৰিচাংযতীন শৰ্মাবব অ'মুল'
২০১২মজা কৰোঁআকাশ চুবলৈ মননন্দন ভূঞাএকক
২০১২ৰঙীন পলিথিনৰ'দ্‌যতীন শৰ্মাএকক

অসমীয়া এলবাম

চনএলবাম
১৯৯৬সাগৰ তুমি
১৯৯৭অভিমান
২০০০পখীৰাজ মিক্স
২০০৬পাখি মেলি
২০১৪অলস আবেলি

পুৰষ্কাৰ

[সম্পাদনা কৰক]
  • "অলস আবেলি" এলবামৰ শীৰ্ষগীতটিৰ বাবে ২০১৩ চনত শ্ৰেষ্ঠ গায়কৰ শিতানত ৰামধেনু ভিৱাৰ্ছ চইচ বঁটাৰ বাবে মনোনয়ন লাভ।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Raaj Jyoti Konwar, this time with brother!". http://rajdweep.blogspot.in. http://rajdweep.blogspot.in/2011/07/raaj-jyoti-konwar-this-time-with.html আহৰণ কৰা হৈছে: ১৬ নৱেম্বৰ ২০১৪.
  2. 1 2 3 4 5 "Raaj J. Konwar". raajkonwar.com. Archived from the original on 2022-09-25. https://web.archive.org/web/20220925210518/http://www.raajkonwar.com/raajkonwar/index.php/about-me আহৰণ কৰা হৈছে: ১৬ নৱেম্বৰ ২০১৪.
  3. "Raaj J Konwar". http://www.planitindia.com/raaj-j-konwar/. Archived from the original on 2013-09-28. https://web.archive.org/web/20130928012459/http://www.planitindia.com/raaj-j-konwar/ আহৰণ কৰা হৈছে: ১৬ নৱেম্বৰ ২০১৪.
  4. "Singer Raaj scores with Bollywood tracks". http://www.radioandmusic.com. http://www.radioandmusic.com/content/editorial/news/singer-raaj-scores-with-bollywood-tracks#story আহৰণ কৰা হৈছে: ১৬ নৱেম্বৰ ২০১৪.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]