উমা চক্ৰৱৰ্তী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উমা চক্ৰৱৰ্তী
Uma Chakravarti

Chakravarti in 2015
জন্ম ২০ আগষ্ট, ১৯৪১
দিল্লী, ভাৰত
শিক্ষা গ্ৰহণ বেনাৰস হিন্দু বিশ্ববিদ্যালয়
মূল কামসমূহ
  • বৌদ্ধধৰ্মৰ আদিছোৱাত সমাজ মাত্ৰিকতা(Social Dimensions of Early Buddhism)
  • ইতিহাসৰ পুনৰ্লিখন: পণ্ডিত ৰামাবাইৰ জীৱন আৰু সময়(Rewriting History: The Life and Times of Pandita Ramabai)

উমা চক্ৰৱৰ্তী(ইংৰাজী: Uma Chakravarti, (জন্ম-২০ আগষ্ট, ১৯৪১)) হৈছে এগৰাকী ভাৰতীয় ইতিহাসবিদ আৰু চলচ্চিত্ৰ-নিৰ্মাতা৷ ১৯৮০ৰ দশকৰ পৰাই উমা চক্ৰৱৰ্তীয়ে ভাৰতীয় ইতিহাস সম্বন্ধে লিখিবলৈ লয়৷ তেখেতে লিংগ, জাতি আৰু সামাজিক শ্ৰেণীক আধাৰ হিচাপে লৈ বেছিভাগ লেখা লিখিবলৈ আৰম্ভ কৰে৷ তেখেতে সাতখনকৈ গ্ৰন্থ প্ৰকাশ কৰে৷ উমা চক্ৰৱৰ্তীৰ কৰ্মৰাজিয়ে মূলতঃ বৌদ্ধধৰ্মৰ ইতিহাস, প্ৰাচীন ভাৰত আৰু ঊনবিংশ শতিকাৰ ভাৰতক সামৰি লৈছে৷

কেৰেলাৰ পালাঘাটস্থিত এটি আমোলাৰ পৰিয়ালত জন্মলাভ কৰা উমা চক্ৰৱৰ্তীয়ে দিল্লী আৰু বাংগালোৰত নিজৰ প্ৰাৰম্ভিক শিক্ষা সমাপ্ত কৰে৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি শিক্ষকতা আৰম্ভ কৰে৷ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ মিৰাণ্ডা হাউছত উমা চক্ৰৱৰ্তীয়ে এগৰাকী শিক্ষাবিদ হিচাপে প্ৰতিষ্ঠা লাভ কৰে৷ এইখন শিক্ষানুষ্ঠানত তেখেতে ১৯৬৬ চনৰ পৰা ১৯৯৮ চনলৈকে শিক্ষকতা কৰে৷ তেখেতৰ প্ৰথমখন গ্ৰন্থ হৈছে-Social Dimensions of Early Buddhism (বৌদ্ধধৰ্মৰ আদিছোৱাত সমাজ মাত্ৰিকতা, ১৯৮৭)৷ ডক্তৰেট ডিগ্ৰীৰ বাবে গৱেষণা-কাৰ্যত জড়িত হৈ থকাৰ পৰিণতিস্বৰূপে এই গ্ৰন্থখন প্ৰকাশিত হয়৷ তেখেতৰ আন এখন সফল গ্ৰন্থ হৈছে-Rewriting History: The Life and Times of Pandita Ramabai (ইতিহাসৰ পুনৰ্লিখন: পণ্ডিত ৰামাবাইৰ জীৱন আৰু সময়, ১৯৯৮) আৰু Gendering Caste through a Feminist Lens (২০০২)৷ আটাইকেইখন গ্ৰন্থই শিক্ষাবিদ আৰু পঢ়ুৱৈসকলে আদৰি লৈছে৷

ভাৰতীয় উপ-মহাদেশত নাৰীৰ ইতিহাস আৰু নাৰীবাদীৰ ইতিহাস সম্পৰ্কে গভীৰভাৱে চৰ্চা কৰা ইতিহাসবিদসকলৰ ভিতৰত উমা চক্ৰৱৰ্তী অন্যতম৷ তেখেতক ভাৰতৰ হোৱা নাৰীৰ আন্দোলনৰ প্ৰতিষ্ঠাপক মাতৃ হিচাপে গণ্য কৰা হয়৷ নাৰীবাদী বিষয়সমূহত জড়িত হোৱাৰ উপৰি তেখেত গণতান্ত্ৰিক অধিকাৰৰো সক্ৰিয় কৰ্মী৷ তেখেতে গুজৰাটৰ ন্যায়ৰ বাবে বহুকেইখন তথ্য-অনুসন্ধানী সমিতিত অংশগ্ৰহণ কৰিছে৷[1][2] সমসাময়িক নাৰীৰ অধিকাৰ আৰু মানৱাধিকাৰ সম্পৰ্কে তেখেতে বাতৰিকাকততো প্ৰবন্ধ লিখে৷

উমা চক্ৰৱৰ্তীয়ে এতিয়ালৈকে চাৰিখন তথ্যচিত্ৰ পৰিচালনা কৰিছে৷ সেইকেইখন হৈছে-A Quiet Little Entry, Fragments of a Past, Ek Inquilab Aur Aaya: Lucknow 1920-1949, আৰু Prison Diaries৷ অন্যান্য বিষয়ৰ লগতে তথ্যচিত্ৰকেইখনে ভাৰতত নাৰীৰ ইতিহাসকো উপস্থাপন কৰিছে৷

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৪১ চনৰ ২০ আগষ্টত উমা চক্ৰৱৰ্তীৰ দিল্লীত জন্ম হয়৷ [3] তেখেতৰ পিতৃ আছিল এগৰাকী অসামৰিক সেৱাৰ বিষয়া৷ তেওঁলোকৰ প্ৰকৃত ঘৰ আছিল কেৰেলাৰ পালঘাটত৷ উমা চক্ৰৱৰ্তীয়ে প্ৰথমতে দিল্লী পাব্লিক স্কুলত পঢ়ে আৰু পাছলৈ বাংগালোৰত থকা মাউণ্ট কাৰ্ণেল কলেজত নামভৰ্তি কৰে৷ তাৰপিছত তেখেতে বাংগালোৰৰ আইন মহাবিদ্যালয়ত আইন অধ্যয়ন কৰে আৰু একেটা সময়তে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷[3]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

সমাজতত্ত্ববিদ আনন্দ চক্ৰৱৰ্তীৰ লগত উমা চক্ৰৱৰ্তীৰ বৈবাহিক জীৱন আৰম্ভ হয়৷ তেওঁলোকৰ উপালি নামৰ এগৰাকী কন্যা আৰু সিদ্ধাৰ্থ নামেৰে এটি পুত্ৰ সন্তান আছে৷ পতি আৰু পুত্ৰৰ সৈতে তেখেত বৰ্তমান দিল্লীত থাকে৷[3]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Dr Uma Chakravarti (bio) Archived 2015-05-29 at the Wayback Machine, Leiden University, retrieved 2015-12-11.
  2. WGST Visiting Scholar: Uma Chakravarti Archived 2018-02-10 at the Wayback Machine, Drew University, 22 October 2012, retrieved 2015-12-15.
  3. 3.0 3.1 3.2 Julia Dutta, Uma Chakravarti, a larger than life picture, Dignity Dialogue, November 2013, retrieved 2015-12-15.