আন্না হাজাৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আন্না হাজাৰে

তেওঁৰ গাওঁ ৰালেগন সিদ্ধি, মহাৰাষ্ট্ৰত হাজেৰে
জন্ম কিচান বাবুৰাও হাজাৰে
১৫ জুন, ১৯৩৭ (৮৬ বছৰ)
ভিঙ্গাৰ, বম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম কিচান বাবুৰাও হাজাৰে
জনা যায় ভাৰতৰ ২০১১-২০১২ চনৰ দুৰ্নীতি-বিৰোধী আন্দোলন,
তথ্য জনাৰ অধিকাৰ
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী (১৯৯০)
পদ্মভূষণ (১৯৯২)
ৱেবছাইট
annahazare.in

আন্না হাজাৰে (ইংৰাজী: Anna Hazare; জন্ম: ১৫ জুন, ১৯৪০) হ'ল ভাৰতৰ সমাজ সংস্কাৰক। তেওঁৰ প্ৰকৃত নাম কিচান বাবুৰাও হাজাৰে (ইংৰাজী: Kisan Baburao Hazare)। তেওঁ ভাৰতমহাৰাষ্ট্ৰ ৰাজ্যৰ আহমেদনগৰ জিলাৰ ৰালেগন সিদ্ধি গাঁৱৰ উন্নয়ন কাৰ্যসূচীৰ কাৰণে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। আনাৰ কাৰণেই এই গাঁৱখনে এখন আদৰ্শ গাঁও হিচাপে পৰিচয় লাভ কৰিছিল। এই কামৰ স্বীকৃতিৰ বাবে তেওঁক ১৯৯২ চনত ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে। ২০১১ চনৰ ৫ এপ্ৰিলৰ পৰা তেওঁ চৰকাৰী কাৰ্যলয়ত আৰু সমাজৰ পৰা দুৰ্নীতি নিৰ্মুলৰ কাৰণে জন লোকপাল বিল আইনৰূপে বলবৎ কৰাৰ কাৰণে আমৰণ অনশন কাৰ্যসূচী আৰম্ভ কৰে।

জীৱন[সম্পাদনা কৰক]

মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ ভিঙ্গাৰ গাঁৱৰ এক দৰিদ্ৰ পৰিয়ালত আন্না হাজাৰেৰ জন্ম হয়।[1] তেওঁৰ দেউতাকৰ নাম আছিল বাবুৰাও হাজাৰে আৰু মাতৃৰ নাম লক্ষ্মীবাই। আৰ্থিক দুৰ্বলতাৰ কাৰণে তেওঁ সপ্তম শ্ৰেণীতকৈ বেছি পঢ়িব পৰা নাছিল।

সামৰিক সেৱা[সম্পাদনা কৰক]

ভাৰতীয় সেনা বাহিনীত থকাৰ সময়ত আন্না হাজাৰে

আন্না হাজাৰে ভাৰতীয় সেনাবাহিনীত ড্ৰাইভাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এই সময়তে তেওঁ স্বামী বিবেকানন্দ, মহাত্মা গান্ধী আৰু বিনোৱা ভাবেৰ গ্ৰন্থাৱলী অধ্যয়ন কৰে আৰু তেওঁলোকৰ দৰ্শনৰ প্ৰতি আকৃষ্ট হয়। ১৯৭০ চনৰ সময় চোৱাত তেওঁ গাড়ী চলোৱাৰ সময়ত দুৰ্ঘটনাত আহত হয়।[2]

সামাজিক কৰ্ম[সম্পাদনা কৰক]

১৯৭৫ চনত সেনাবাহিনীৰ পৰা স্বইচ্ছাৰে তেওঁ অৱসৰ গ্ৰহণ কৰে আৰু নিজৰ গাঁৱলৈ ঘূৰি আহে। প্ৰথমতে তেওঁ গাঁৱৰ পৰা সুৰা নিবাৰণৰ কাৰণে আন্দোলন কৰে। তাৰপিছত তেওঁ গাঁৱৰ মানুহৰ মাজত নিজৰ পৰিশ্ৰমৰ মূল্য সম্পৰ্কে সজাগতা আনে আৰু গাঁৱত পানীৰ সমস্যা নিবাৰণৰ কাৰণে বিভিন্ন পানী যোগান প্ৰকল্পৰ সৃষ্টি কৰে। যাৰ ফলত গাঁৱত পানীৰ সমস্যা নাইকিয়া হয়। তেওঁ গাঁৱৰ মানুহৰ শ্ৰমেৰেই মাধ্যমিক বিদ্যালয় পৰ্যন্ত গঢ়ি তোলে।

১৯৯৮ চনত মহাৰাষ্ট্ৰৰ শিৱসেনা-বিজেপি চৰকাৰৰ সমাজকল্যাণ মন্ত্ৰী বাবানৰাও গোলাপে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিয়ে। পুলিচে আন্না হাজাৰেক গ্ৰেপ্তাৰ কৰে। কিন্তু শেষত ৰাইজৰ অসন্তুষ্টিত হাৰ মানি মুকলি কৰি দিয়ে।[3]

জন লোকপাল বিল আন্দোলন[সম্পাদনা কৰক]

যন্তৰ-মন্তৰত আন্না হাজাৰে

২০১১ চনত আন্না হাজাৰে ভাৰতৰ সংসদত অধিক শক্তিশালী দুৰ্নীতি-বিৰোধী লোকপাল বিল পাছ কৰাৰ কাৰণে আন্দোলন আৰম্ভ কৰে। এই আন্দোলনৰ অংশ হিচাপে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰপতি তথা কৰ্ণাটকৰ লোকায়ুক্ত এন সন্তোষ হাগৰে, উচ্চতম ন্যায়ালয়ৰ প্ৰবীণ আইনজীবী প্ৰশান্ত ভূষণ আৰু ইণ্ডিয়া এগেইনষ্ট ক'ৰাপশ্বন আন্দোলনৰ অন্যান্য সদস্য মিলি এটা বিকল্প খচৰা প্ৰস্তুত কৰে। এই বিলখনৰ নাম দিয়া হৈছে জন লোকপাল বিল। পূৰ্বৰ লোকপাল বিলতকৈ এই বিলখনত অধিক ক্ষমতা দিয়াৰ দাবি কৰা হৈছে।

২০১১ চনৰ ৫ এপ্ৰিলৰ পৰা হাজাৰে দিল্লীযন্তৰ মন্তৰত আমৰণ অনশন আৰম্ভ কৰে। গণমাধ্যমসমূহত এই কথা প্ৰচাৰ হোৱাত সমাজৰ সকলো শ্ৰেণীৰ মানুহে তেওঁৰ আন্দোলনলৈ সমৰ্থন আগবঢ়াই। পিছলৈ মেধা পাটকৰ, অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন আইপিএচ বিষয়া কিৰণ বেদিয়েও হাজাৰেৰ অনশন আৰু দুৰ্নীতি-বিৰোধী আন্দোলনলৈ সমৰ্থন আগবঢ়াই আন্দোলনত যোগ দিয়ে।

পুৰস্কাৰ আৰু সন্মান[সম্পাদনা কৰক]

  • ১৯৮৬ – ইন্দিৰা প্ৰিয়দৰ্শনি বৃক্ষমিত্ৰ পুৰস্কাৰ (ভাৰত চৰকাৰ)
  • ১৯৮৯ – কৃষিভূষণ পুৰস্কাৰ (মহাৰাষ্ট্ৰ চৰকাৰ)
  • ১৯৯০ – পদ্মশ্ৰী (ভাৰত চৰকাৰ)
  • ১৯৯২ – পদ্মভূষণ (ভাৰত চৰকাৰ)
  • ২০০৮ – বিশ্ববেংক জিত গিল স্মৃতি পুৰস্কাৰ (অসামান্য জনসেৱাৰ কাৰণে)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "আৰ্কাইভ কপি". Archived from the original on 2011-05-01. https://web.archive.org/web/20110501044457/http://www.rxpgnews.com/specialtopics/Anna-Hazare-the-keeper-of-the-earth-and-human-conscience_99924.shtml। আহৰণ কৰা হৈছে: 2011-08-18. 
  2. Seabrook, Jeremy. Victims of Development: Resistance and Alternatives. প্ৰকাশক London: Verso. পৃষ্ঠা. 109-17. ISBN 0-86091-385-6. http://books.google.com/books?id=gb804ulCzSMC&pg=PA109&dq=Ralegan+Siddhi&hl=en&ei=gq-cTZjhIMblrAebq9yLCg&sa=X&oi=book_result&ct=result&resnum=6&ved=0CEIQ6AEwBQ#v=onepage&q=Ralegan%20Siddhi&f=false. 
  3. "Anna Hazare's arrest". Anna Hazare's arrest. Archived from the original on 2011-04-10. https://web.archive.org/web/20110410001047/http://www.umiacs.umd.edu/~venu/ANNA/। আহৰণ কৰা হৈছে: 2011-08-18. 

বহিঃসংযোগ[সম্পাদনা কৰক]