জন লোকপাল বিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

লোকপাল শব্দটো আহিছে সংস্কৃত ভাষাত জনতাৰ সুৰক্ষা প্ৰদানকাৰী বুজোৱা শব্দৰ পৰা৷ ভাৰতনিৰ্বাচন আয়োগৰ নিচিনাই এই লোকপাল হৈছে এক স্বতন্ত্ৰ সংস্থা৷ চৰকাৰৰ পৰা আগতীয়া অনুমতি নোলোৱাকৈয়ে যিকোনো দুৰ্নীতিগ্ৰস্ত ৰাজনীতিক আৰু আমোলাৰ বিৰুদ্ধে তদন্ত কৰাৰ ক্ষমতা থাকিব লোকপালৰ হাতত৷ শেহতীয়াকৈ নাগৰিক সমাজৰ প্ৰতিনিধিয়ে প্ৰস্তুত কৰি উলিওৱা জন লোকপাল বিলৰ খচৰাত কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত বিবেচনা কৰা হৈছে৷ ইয়াৰ কেইটামান হৈছে-

  • লোকপাল থাকিব কেন্দ্ৰত আৰু প্ৰতিখন ৰাজ্যতে লোকায়ুক্ত থাকিব৷
  • দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে তদন্ত খৰতকীয়া হ'ব৷
  • লোকপালৰ সদস্যসকলৰ নিযুক্তি প্ৰক্ৰিয়া আৰু অপসাৰণ প্ৰক্ৰিয়াটো জড়িত থাকিব কেৱল জনতা৷[1]

পটভূমি[সম্পাদনা কৰক]

১৯৬৮ চনত চতুৰ্থ লোকসভাত প্ৰথম বাৰৰ বাবে শান্তিভূষণে লোকপাল বিধেয়ক উত্থাপন কৰে৷ ১৯৬৯ চনত লোকসভাই এই বিধেয়ক অনুমোদন জনাইছিল যদিও ৰাজ্যসভাই ইয়াৰ বিৰোধিতা কৰে৷ তাৰ পিছত ১৯৭১, ১৯৭৭, ১৯৮৫, ১৯৮৯, ১৯৯৬, ১৯৯৮, ২০০১, ২০০৫, আৰু ২০০৮ চনতো এই বিধেয়ক সদনত উত্থাপন কৰা হৈছিল৷ কিন্তু এতিয়ালৈকে সদনত গৃহিত হোৱা নাই৷ ৪২ বছৰ ধৰি সদনত উলমি থকা বিধেয়কখন আইনত পৰিণত কৰাৰ বাবে ২০১১ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা গান্ধীবাদী নেতা আন্না হাজাৰেৰ নেতৃত্বত সত্যাগ্ৰহ আন্দোলন আৰম্ভ হয়৷ লোকপালৰ বিভিন্ন আসোৱাহসমূহ দূৰ কৰি ইয়াক জন লোকপাল কৰি তোলাৰ বাবে টীম আন্নাই গ্ৰহণ কৰা আন্দোলনৰ বাবেই শেষত পুনৰ বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ বাবে চৰকাৰে বিবেচনা কৰে৷

লোকপালৰ চৰকাৰী খচৰাত কি আছে[সম্পাদনা কৰক]

  • প্ৰধান মন্ত্ৰী আৰু শীৰ্ষ ন্যায়পালিকা, সংযুক্ত সচিব পৰ্যায়ৰ তলৰ বিষয়া বা কৰ্মচাৰীসকলক লোকপালৰ আওতাৰ বাহিৰত থাকিব৷
  • প্ৰধান মন্ত্ৰী পদ এৰাৰ পিছতহে তেওঁক লোকপালে সোধা-পোছা কৰিব পাৰিব৷
  • সংসদৰ ভিতৰত সাংসদৰ আচৰণক লোকপালৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে৷
  • অধ্যক্ষৰ উপৰি লোকপালৰ ৮ গৰাকী সদস্য থাকিব৷ সদস্যসকলৰ ৫০ শতাংশই হ'ব ন্যায়পালিকাৰ৷
  • লোকপালৰ অধ্যক্ষৰূপে উচ্চতম ন্যায়ালয়ত কৰ্মৰত বা অৱসৰ গ্ৰহণ কৰা ন্যায়াধীশ বা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশকহে নিযুক্তি দিব পৰা হ'ব৷
  • ন্যায়াপালিকাৰ পৰা নিৰ্বাচিত সদস্যসকলৰ বাদে লোকপালৰ আন সদস্যসকলৰ সততা সৰ্বোচ্চ আৰু প্ৰশ্নাতীত হ'ব লাগিব৷ তেওঁলোক ২৫ বছৰীয়া ৰাজহুৱা জীৱনৰ হৈতে জড়িত থাকিব লাগিব৷
  • লোকপালৰ নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ ক্ষমতা থাকিব লাগিব৷
  • নিৰ্দিষ্ট সময়ৰ ভিতৰত তদন্ত সমাপ্ত হ'ব পৰাকৈ লোকপালৰ এটা স্বতন্ত্ৰ তদন্ত গোট থাকিব লাগিব৷
  • অপৰাধ সংঘটিত হোৱাৰ ৭ বছৰৰ পিছত অভিযোগ দিয়া কোনো বিষয়েই লোকপালে তদন্ত নকৰিব৷
  • জুডিচিয়েল ষ্টেণ্ডাৰ্ডছ এণ্ড একাউণ্টেবিলিটী বিল নামৰ এখন পৃথক বিধেয়কৰ দ্বাৰা ন্যায়িক দায়বদ্ধতা প্ৰদান কৰা হ'ব৷
  • প্ৰধান মন্ত্ৰী, লোকসভাৰ দুয়ো সদনৰ বিৰোধী দলপতিদ্বয়, লোকসভাৰ অধ্যক্ষ, ৰাজ্যসভাৰ সভাপতি, কেন্দ্ৰীয় কেবিনেটৰ এজন সদস্য, উচ্চতম ন্যায়ালয় আৰু যিকোনো উচ্চ ন্যায়ালয়ৰ কৰ্মৰত একোজনকৈ ন্যায়াধীশকলৈ গঠিত কমিটীয়ে লোকপালক নিযুক্তি দিব৷
  • লোকপালক ৰাষ্ট্ৰপতিয়ে মুখ্য ন্যায়াধীশলৈ দিয়া পৰামৰ্শ ভিত্তিতহে আঁতৰাব পাৰিব৷ মুখ্য ন্যায়াধীশে বিষয়টো চালি-জাৰি চাই পুনৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰাৰ পিছতহে ৰাষ্ট্ৰপতিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷

জন লোকপালৰ খচৰাত কি আছে[সম্পাদনা কৰক]

  • লোকপালত অধ্যক্ষৰ উপৰিও অন্য দহগৰাকী সদস্য থাকিব, যিয়ে এই আইনৰ অধীনত কাৰ্যনিৰ্বাহ কৰিব৷ কোনো ধৰণৰ গোচৰত অভিযুক্ত নোহোৱা 45 বছৰৰ ওপৰৰ ভাৰতীয় ব্যক্তিক লোকপালৰ সদস্য পদ দিয়া হওঁক৷ অতি কমেও 4গৰাকী সদস্য ন্যায়পালিকাৰ অধীনত হ'ব লাগিব৷
  • প্ৰধান মন্ত্ৰী হ'ব লোকপালৰ সদস্য নিৰ্বাচন সমিতিৰ অধ্যক্ষ৷ এই নিৰ্বাচন সমিতিত থাকিব লোকসভাৰ বিৰোধী দলৰ নেতা, উচ্চতম ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ে নিৰ্বাচন কৰা উচ্চ ন্যায়ালয়ৰ দুগৰাকী মুখ্য ন্যায়াধীশ, ইয়াৰো পৰি মুখ্য নিৰ্বাচনী আয়ুক্ত, লোকপালৰ পূৰ্বৰ অধ্যক্ষসকল৷
  • ইয়াৰে 5গৰাকী সদস্যক নিৰ্বাচন সমিতিয়ে নিৰ্বাচন কৰিব৷ তেওঁলোক প্ৰাক্তন মুখ্য ন্যায়াধীশ, প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু প্ৰাক্তন নিয়ন্ত্ৰক বা মহালেখকাৰ হ'ব৷ অৱশ্যে তেওঁলোকৰ কেৰিয়াৰত কোনো ধৰণৰ দাগ থাকিব নোৱাৰিব৷ অৱসৰৰ পিছত কোনো ৰাজনৈতিক দলৰ লগত জড়িত থাকিব নোৱাৰিব৷
  • লোকপালৰ আওতাত প্ৰধান মন্ত্ৰী, সকলো স্তৰৰ আমোলা আৰু শীৰ্ষ ন্যায়পালিকা থাকিব৷
  • অৱশ্যে লোকপালৰ 7জনীযা সদস্যৰ বিচাৰপীঠৰ অনুমতিৰ অবিহনে প্ৰধান মন্ত্ৰী আৰু মন্ত্ৰী মণ্ডলৰ কোনো সদস্য, উচ্চতম ন্যায়ালয় না উচ্চ ন্যায়ালয়ৰ কোনো ন্যায়াধীশ, সাংসদৰ সদস্যৰ বিৰুদ্ধে তদন্ত বা গোচৰ ৰুজু কৰিব নোৱাৰিব৷
  • সংসদত সাংসদৰ আচৰণ বিধেয়কৰ ভিতৰত থাকিব৷
  • লোকপালৰ বিচাৰ কৰাৰ আৰু ফ'ন টেপ কৰাৰ অধিকাৰ থাকিব৷
  • সকলো আমোলাই লোকপালৰ আওতাত থাকিব৷
  • চি বি আই সতৰ্কতা গোট আৰু কেন্দ্ৰীয় সতৰ্কতা আয়োগ লোকপালৰ সৈতে একীকৰণ৷
  • লোকপালক আঁতৰোৱাৰ বাবে সাধাৰণ জনতায়ো উচ্চতম ন্যায়লয়ৰ কাষ চাপিব পাৰিব৷
  • যিকোনো গোচৰৰ ক্ষেত্ৰত লোকপালৰ বিচাৰ কৰ্তৃপক্ষই ছয়মাহৰ ভিতৰত সিদ্ধান্ত দিব লাগিব৷ অৱশ্যে প্ৰয়োজ্ন হ'লে সময় সীমা 18 মাহলৈ বৃদ্ধি কৰিব পাৰিব৷
  • ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাসকলৰ সুৰক্ষা লোকপালে প্ৰদান কৰিব লাগিব৷ যদিহে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তথ্য প্ৰদান কৰা ব্যক্তিজনে বিচাৰে তেওঁ তথ্য গোপনে ৰখা হ'ব৷
  • দুৰ্নীতিত জড়িত যিকোনো ব্যক্তিৰ কাৰাবাসৰ ম্যাদ ন্যূনতম ছমাহ হ'ব লাগিব আৰু সেয়া হ'ব সশ্ৰম কাৰাদণ্ড৷ আনহাতে অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি যাৱজ্জীৱন কাৰাদণ্ডৰো ব্যৱস্থা থাকিব৷
  • দুৰ্নীতিত জড়িত চৰকাৰী ব্যক্তিৰ সা-সম্পত্তি জব্দ কৰা হ'ব৷ আৰু তেওঁ বৃহত পৰিমাণৰ জৰিমনাও ভৰিব লাগিব৷
  • যদিহে কোনো কোম্পানী বা কোম্পানীৰ বিষয়া দুৰ্নীতিৰ সৈতে জড়িত হোৱাৰ প্ৰমাণ পোৱা যায় তেন্তে সেই কোম্পানী বা কোম্পানীৰ প্ৰম'টাৰৰ সৈতে জড়িত সকলো কোম্পানীক ব্লেক লিষ্টেড কৰা হ'ব৷ কোনো চৰকাৰী কামতে তেওঁলোকক সুযোগ দিয়া নহ'ব৷ ঠিকা-ঠুকুলীৰ পৰাও বঞ্চিত কৰা হ'ব৷

চৰকাৰ আৰু টীম আন্নাৰ (আন্না হাজাৰে) দাবীসমূহ[সম্পাদনা কৰক]

ক্ৰমিক নং টীম আন্নাৰ দাবী চৰকাৰে বিচাৰে
প্ৰধান মন্ত্ৰী সম্পূৰ্ণৰূপে লোকপালৰ আওতাত থাকিব লাগিব৷ অভিযোগ আহিলেই তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ হওক৷ প্ৰধান মন্ত্ৰী লোকপালৰ আওতাত নাথাকিব৷
সকলো স্তৰৰ আমোলা আৰু শীৰ্ষ ন্যায়পালিকাও লোকপালৰ আওতাত থকা উচিত৷ শীৰ্ষ ন্যায়পালিকা আৰু সংযুক্ত সচিব পৰ্যায়ৰ তলৰ বিষয়া বা কৰ্মচাৰীসকলক লোকপালৰ আওতাৰ বাহিৰত ৰাখক৷
সংসদত সাংসদৰ আচৰণ বিধেয়কৰ ভিতৰত থাকিব৷ সংসদৰ ভিতৰত সাংসদৰ আচৰণক লোকপালৰ আওতাৰ পৰা বাহিৰত ৰাখিব লাগিব৷
লোকপাল নিযুক্তিৰ ক্ষেত্ৰত অধিক সংখ্যক অৰাজনৈতিক লোক থাকক৷ লোকপাল নিযুক্তিৰ ক্ষেত্ৰত অধিক সংখ্যক ৰাজনৈতিক লোক থাকক৷
লোকপালক আঁতৰোৱাৰ বাবে সাধাৰণ জনতায়ো উচ্চতম ন্যায়লয়ৰ কাষ চাপিব পাৰিব৷ যদিহে লোকপালক আঁতৰোৱাৰ পৰিস্থিতি আহি পৰে তেন্তে কেৱল চৰকাৰেহে উচ্চতম ন্যায়লয়ত আৱেদন কৰিব পাৰিব৷
লোকপালক অধিক শক্তিশালী কৰাৰ বাবে চি বি আইকো ইয়াৰ সৈতে একত্ৰিত কৰা উচিত৷ চি বি আইক লোকপালৰ সৈতে একত্ৰিত কৰাৰ কোনো প্ৰয়োজন নাই৷
কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত আৰু গোচৰ ৰুজু কৰাৰ বাবে চৰকাৰৰ মঞ্জুৰিৰ আৱশ্যকতা থাকিব নালাগিব৷ কৰ্মচাৰীসকল চৰকাৰৰ পৰিৱৰ্তে লোকপালৰ ওচৰত অধিক জবাবদিহি হোৱাটো চৰকাৰে নিবিচাৰে৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. আমাৰ অসম. ১৯ আগষ্ট ২০১১. http://amarasom.glpublications.in/epapermain.aspx. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]