ৰেণু শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেণু শইকীয়া
জন্ম ৰেণু বৰবৰা
১০ ডিচেম্বৰ, ১৯৩৪
শ্ৰীপুৰীয়া, তিনিচুকীয়া জিলা, অসম
মৃত্যু ১৭ নৱেম্বৰ, ২০১১ (৭৬ বছৰ)
বৰপথাৰ, তিনিচুকীয়া জিলা, অসম,

ৰেণু শইকীয়া (১০ ডিচেম্বৰ ১৯৩৪ – ১৭ নৱেম্বৰ ২০১১)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ঘাইকৈ অসমীয়া চলচ্চিত্ৰ আৰু থিয়েটাৰত কৰা অভিনয়ৰ বাবে জনাজাত।[2] তেওঁ তিনিখন জনপ্ৰিয় অসমীয়া ছবিত অভিনয় কৰি চৰিত্ৰ অভিনেত্ৰীৰ মৰ্যাদা লাভ কৰিছিল। তেওঁ সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ মণিৰাম দেৱান (১৯৬৩) আৰু ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱা (১৯৬৮) আৰু ৰতনলাল (১৯৭০ৰ দশক) ছবিত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ কেইখনমান জনপ্ৰিয় নাটক কল্যাণী, জয়মতী, নিমিলা অংক, টেক্সি ড্ৰাইভাৰ, ৰাজপথ আদিতো অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৩৪ চনৰ ১০ ডিচেম্বৰ তাৰিখে অসমৰ তিনিচুকীয়া জিলাৰ শ্ৰীপুৰীয়াৰ এক সমৃদ্ধিশালী পৰিয়ালত ৰেণু শইকীয়াৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কমল বৰবৰা আৰু মাতৃ পুণ্যপ্ৰভা বৰবৰা। কমল বৰবৰা ভাৰতীয় তেল প্ৰাধিকৰণ, ডিগবৈৰ কাৰ্যকৰী বিষয়া আছিল। পিছলৈ তেওঁ কোম্পানীৰ দীঘলীয়া ধৰ্মঘটৰ বাবে চাকৰিৰ পৰা পদত্যাগ কৰিছিল। তেওঁলোকৰ দহগৰাকী সন্তান আছিল। অসমৰ প্ৰাপ্তন মুখ্যমন্ত্ৰী আৰু সাংসদ গোলাপ বৰবৰা ৰেণু শইকীয়াৰ ভাতৃ।

অভিনয় জীৱন[সম্পাদনা কৰক]

ৰেণু শইকীয়া আৰু সমৰেণ শইকীয়া

ৰেণু শইকীয়ায়ে ১৮ বছৰ বয়সতে ১৯৫২ চনত জয়মতী নাটকৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল। ইয়াত তেওঁ মুখ্য চৰিত্ৰ জয়মতীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ১৯৬১ চনত তেওঁ ৰাজপথ নাটকত অভিনয় কৰিছিল। এইখন নাটকৰ পৰা তেওঁ প্ৰবল জনপ্ৰিয়তা অৰ্জন কৰে আৰু অসমীয়া চলচ্চিত্ৰ আৰু থিয়েটাৰত কাম কৰিবলৈ সুযোগ পায়। তেওঁ সোমেশ্বৰ বৰুৱাৰ বঙালী নাটক নিছেৰ মহলতো অভিনয় কৰিছিল। তেওঁ সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ মণিৰাম দেৱান (১৯৬৩) আৰু ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱা (১৯৬৮) আৰু ৰতনলাল (১৯৭০ৰ দশক) ছবিত অভিনয় কৰিছিল। মণিৰাম দেৱান বোলছবিত ড॰ ভূপেন হাজৰিকাৰ বিখ্যাত গীত বুকু হম হম কৰে তেওঁৰ ওপৰত চিত্ৰায়ণ কৰা হৈছিল। ডক্তৰ বেজবৰুৱা ছবিত কৰা অভিনয়ৰ বাবে তেওঁ অসমীয়া চলচ্চিত্ৰৰ ললিতা পাৱাৰ আখ্যা পাইছিল।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৫৬ চনত ৰেণু শইকীয়ায়ে অভিনেতা, লেখক, নিৰ্দেশক সমৰেণ শইকীয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোক ইয়াৰ আগতে কেইবাখনো নাটকত একেলগে কাম কৰিছিল। তেওঁলোকৰ এজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছিল।

মৃত্যু[সম্পাদনা কৰক]

২০১১ চনৰ ১৭ নৱেম্বৰ তাৰিখে তিনিচুকীয়াৰ নিজা বাসভৱনত ৰেণু শইকীয়াৰ মৃত্যু হয়।

চলচ্চিত্ৰৰ তালিকা[সম্পাদনা কৰক]

চন চলচ্চিত্ৰ চৰিত্ৰ
১৯৬৩ ইটো সিটো বহুতো[3]
১৯৬৪ মণিৰাম দেৱান ৰাজ মাও
১৯৬৮ ডক্তৰ বেজবৰুৱা চাহ বাগিচাৰ মালিকৰ ঘৈণী তথা মুখ্য অভিনেতা নিপন গোস্বামীৰ মাক
১৯৭০ৰ দশক ৰতনলাল চাহ বাগিচাৰ শ্ৰমিকৰ মুখীয়াৰ ঘৈণী

তথ্য উৎস[সম্পাদনা কৰক]

  1. "আৰ্কাইভ কপি". Archived from the original on 2019-05-11. https://web.archive.org/web/20190511235231/http://ghy.wapka.mobi/site_renu_saikia.xhtml। আহৰণ কৰা হৈছে: 2020-04-03. 
  2. http://www.nettv4u.com/celebrity/hindi/movie-actress/renu-saikia
  3. Arunlochan Das (2013). 100 Asomiya Chalachchitror kahini Aru Geet. Sashi-Sishu Prakashan, Guwahati. পৃষ্ঠা. 126.