সতী সাধনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সতী সাধনী
বীৰাঙ্গনা ৰাণী সাধনীৰ ছবি
ৰাজত্ব ১৫২২-১৫২৪
অভিষেক ১৫২২
দাম্পত্য সঙ্গী নীতিপাল
সম্পূৰ্ণ নাম
সাধনী নাৰায়ণ পাল
বাসগৃহ চুতীয়া ৰাজবংশ
পিতৃ ধৰ্মধ্বজপাল(ধীৰনাৰায়ণ)

সতী সাধনী বা সাধনী নাৰায়ণ চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী আছিল।[1] শেষৰজন চুতীয়া ৰজা ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণৰ পুত্ৰ নাছিল। সাধনী এওঁৰ একমাত্ৰ জীয়েক আছিল। বহুত দিনৰ পিছত ৰজা ধীৰনাৰায়ণৰ সাধকনাৰায়ণ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়।

সাধনীৰ জীৱনী[সম্পাদনা কৰক]

সাধনীৰ জন্ম আৰু স্বয়ম্বৰ[সম্পাদনা কৰক]

সাধনী নাৰায়ণ জন্ম আনুমানিক ১৫ শতিকাৰ শেষ ভাগত হৈছিল বুলি জানিব পাৰি। সন্তান লাভৰ কাৰণে ঈশ্বৰৰ আগত সাধনা কৰাৰ বাবে পিতৃ ধীৰনাৰায়ণে তেওঁক "সাধনী" নাম দিছিল। তেওঁৰ আন এটা নাম আছিল "তেজা"। নিজ কন্যাৰ বাবে যোগ্য জামাতা নোপোৱাৰ বাবে ৰজাই বিবাহৰ কাৰণে স্বয়ম্বৰ আয়োজন কৰিবলৈ নিৰ্ণয় কৰিলে। ৰজাই আদেশ দিলে যে গছৰ ওপৰত থকা কেৰ্কেটুৱা এটা যি জন লোকে কাড়ে মাৰিব পাৰিব, সেই জনকে সাধনী কন্যাৰ হাত দিয়া হ'ব। পিছে কোনো বৰা-বুৰুক বা‌ ৰাজকোঁৱৰে কাড় লগাব নোৱাৰিলে। ৰজাই দুখ কৰি ওচৰতে থকা সামান্য খৰিভাৰী ল'ৰা এজনক কʼলে, "দেখনী কন্যাক তোকে দিম; তই কাণ্ড লগা"। ল'ৰা জনে আচৰিত হৈ উত্তৰ দিলে, "মই সামান্য লোক; চাকৰে কি ৰূপে ৰজাৰ জীক পালিম? ইটো অযোগ্য কথা।" ৰজাই পুণৰ কʼলে, "সামুকতো মাণিক, কদলীতো কৰ্পূৰ; তাত তই সংশয় নকৰিবি। সোৱৰ্ণপুৰী লঙ্কাতো ৰাক্ষসে ভোগ কৰে, ক'ত শুনিছ খুন্ত (চুতীয়া) ৰজাৰ বচন লৰে?" ৰজাৰ আদেশত ল'ৰা জনে কাড় মাৰিলে। কাড় পাত কেৰ্কেটুৱাটোৰ গাত লাগিলে আৰু নিজৰ কথা ৰাখি ৰজাই সাধনীৰ বিবাহ ল'ৰা জনৰ লগত কৰালে। ল'ৰা জনৰ নাম নিতাই আছিল। ১৫২০ চনৰ মোঙখ্ৰাঙ দুৰ্গৰ(দিহিঙমুখ) যুদ্ধত(বৰ্তমানৰ পশ্চিম মাজুলী অঞ্চল) ধীৰনাৰায়ণৰ সেনাই আহোম সেনাপতি খেনমোঙক পৰাস্ত কৰি বিজয়ী হয় আৰু ইয়াৰ পাছতে(১৫২২ চন) হাবুং অঞ্চলৰ (বৰ্তমান ঢকোৱাখনা) ব্ৰাহ্মণক ভূমি দান কৰি সাধনী আৰু নিতাইক ৰাজ্য ভাৰ দিয়ে। ৰজা হৈ নিতায়ে নীতিপাল নাম লয়।

নীতিপালৰ দুৰ্বল শাসন[সম্পাদনা কৰক]

১৫২২ চনত ৰজা ধীৰনাৰায়ণে ৰাজ্য ভাৰ এৰি জামাতাক যুৱৰাজ পাতি, আপোন পুত্ৰ তিনি বছৰৰ শিশু সাধক নাৰায়ণক নীতিপালৰ হাতত সমৰ্পন কৰি দেশান্তৰিত হয়। সামান্য ‌চুতীয়া ল'ৰা ৰজা হোৱাত ৰাজবংশৰ ৰাজপাট দাবীদাৰ কোঁৱৰসকল স্বাভাৱিকতে ক্ষুণ্ণ ‌হৈ পৰে। এই লোক সকলে নিত্যপালক সিংহাসনচ্যুত কৰিবলৈ ষড়যন্ত্ৰত নামে। এই ষড়যন্ত্ৰৰ মূল নায়ক ধীৰনাৰায়ণ ৰজাৰ ভায়েক সুৰজিৎ ওৰফে সুৰধ্বজপাল আছিল। ষড়যন্ত্ৰ সফল নহ'ল। নীতিপালে তেওঁৰ বিশ্বাসী চোৰাংচোৱাৰ পৰা সকলো কথা জানিব পাৰি ষড়যন্ত্ৰত লিপ্ত বিষয়াক ভাঙি নতুন মন্ত্ৰী বিষয়া নিয়োগ কৰে। পূৰ্ব্বৰ পাত্ৰ মন্ত্ৰী গুচাই সামান্য পাত্ৰ-মন্ত্ৰী পাতি লʼলে। সূৰধ্বজপালক ধৰি আনিবৰ বাবে কাচিতৰা সেনাপতিক পঠায়। কিন্তু সুৰধ্বজ দেশ এৰি পলাই যোৱাত সেই কাম সম্ভৱ নহ'ল। নীতিপালৰ দিনত নাৰায়ণ নামৰ এজন বৰসেনাপতি আৰু ৰঘূবীৰ তথা কাচিতৰা সহসেনাপতি আছিল বুলি জনা যায়। কিন্তু সময়ত নীতিপালৰ শাসন দুৰ্বল হৈ পৰে। পূৰ্বৰ সাধাৰণ বংশৰ লগৰীয়া সকলক ৰাজ্যৰ বিষয়-বাব দিবলৈ ধৰাৰ ফলত সম্ভ্ৰান্ত বংশৰ লোকৰ বিশ্বাস আৰু আনুগত্য হেৰুৱাব লগা হয়। দোষ গুণৰ সুবিচাৰ নকৰি হকে-বিহকে প্ৰজাৰ ওপৰত উৎপীড়ন চলোৱাৰ বাবেই‌ নীতিপাল প্ৰজাৰ মাজত অনীতিপাল বুলি খ্যাত হৈ পৰে। চুতীয়া ৰাজ্যৰ দুৰৱস্থাৰ বাতৰি আহোম ৰজা চুহুংমুঙৰ কাণত পৰিল। ফলত সেই বছৰৰ শেষৰ পিনে(১৫২২ চন) তেওঁ চুতীয়া ৰাজ্য আক্ৰমণ কৰে। প্ৰথমতে মাজুলীৰ নঙকঙমোঙ বীলৰ ওচৰলৈ আহি তেওঁ দিহিঙমুখত(বৰ্তমানৰ পশ্চিম মাজুলী অঞ্চল) কোঠ দি থকা চুতীয়াক আক্ৰমণ কৰিবলৈ সেনা পঠায়। যুদ্ধৰ নেতৃত্বত থকা বৰগোহাঁয়ে চুতীয়া সেনাক দিহিং মুখৰ পৰা পুবলৈ ঠেলি নিয়ে আৰু লাচাই-টাই নামৰ এজনক চুতীয়াৰ পৰা সংগ্ৰহ কৰা বৰ-নাঁৱত উঠাই ৰজাৰ ওচৰলৈ পঠায়। সেই সময়ত ৰজা বীলৰ পৰা আগ বাঢ়ি আহি চেৰুৱাকতা নামৰ অঞ্চল এটাত আছিল। চুহুংমুঙে লাচাই-টাইক যুদ্ধৰ খবৰ লয়। লাচাই-টাই ৰজাক জনাই যে চুতীয়া সৈন্য লুইত(টিলাও) নৈ‌ ওচৰৰ অঞ্চলৰ লগতে ডিব্ৰুমুখৰ(চোপ-নাম-টিফাও) পানীত কোঠ পাতি আছে। ১৫২৩ চনৰ কাতি মাহত চুহুংমুঙৰ আদেশত ফ্ৰাচেনমুঙ বৰগোহাঁই আৰু কিঙলুন বুঢ়াগোহাঁই ৰাজমন্ত্ৰীয়ে নিজৰ সমস্ত সৈন্য বাহিনী লয় ডিব্ৰুমুখলৈ আগ বাঢ়ি আহি তাত এটা গড় নিৰ্মাণ কৰে। চুহুংমুঙে চৰাইদেউ লৈ আহি ভগৱানৰ ওচৰত বলি আগ বঢ়ায়। ১৪২৩ চনৰ আঘোণ মাহত চুহুংমুঙে সৈন্য বাহিনী লয় আগ বাঢ়ি চেচামুখত কোঠ দিয়ে। নীতিপালে গড় বন্ধাৰ খবৰ পাই শদিয়াৰ পৰা লাৰুপাৰা(বৰ্তমান চাবুৱাৰ ওচৰৰ) লৈ আগ বাঢ়ি আহে। তাৰ পৰা তেওঁ শত্ৰুক দেশৰ পৰা খেদিবলৈ বুঢ়া বৰুৱাৰ নেতৃত্বত ডিব্ৰুমুখ লৈ সৈন্য বাহিনী পঠিয়ায়। চুতীয়া সেনাপতি জনে ৰজাৰ আদেশ মতে ডিব্ৰুগড় আক্ৰমণ কৰে। আনপিনে চুহুংমুঙেও ডিব্ৰুমুখলৈ আহি যুদ্ধত ভাগ লয়। ফ্ৰাচেনমুঙ বৰগোহাঁই আৰু কিঙলুন বুঢ়াগোহাঁই ৰাজমন্ত্ৰীয়ে একলগ হৈ পথে দি আগ বাঢ়ি চুতীয়াৰ নৌ বাহিনীক আক্ৰমণ কৰে। চুতীয়াৰ নৌ সেনাৰ নেতৃত্বত আছিল কাচিতৰা, চুলুকী চেতিয়া আৰু বৰপাত্ৰ নামৰ তিনিজন সেনাপতি। যুদ্ধত চুতীয়া সেনা পৰাস্ত হয়। পিছ দিনা চুহুংমুঙ ৰজাই গড়ত থকা সকলো মন্ত্ৰী ডাঙৰীয়া আৰু সেনাক লগত লৈ আগ বাঢ়ি সোণাৰী অঞ্চলত (বৰ্তমান কাকপথাৰ অঞ্চল) সোমাই। ইয়াকে দেখি নীতিপালে আহোম ৰজা লৈ কটকীৰ সৈতে কিছুমান উপহাৰ পঠায়। উপহাৰ সমূহৰ মাজত আছিল সোণৰ খাট(খাম-কু), সোণৰ কাণফুলী(খাম-খাও), সোণোৱালী‌ মেখেলা(খাম-চিন), তামৰ বাচন(টঙ-ৰু-খাং), কপাহী কাপোৰ(ফ্ৰা-নোন), শৰাই (ফোন), আৰোৱান, ইত্যাদি। সকলো উপহাৰ গ্ৰহণ কৰিও চুহুংমুঙে চুতীয়া ৰাজ সম্পদ(সোণ-ৰুপৰ মেকুৰী, সোণ-ৰুপৰ ছত্ৰ, ৰাজকীয় খাট আৰু ৰাজ দণ্ড), ১০টা দতাল হাতী, এজনী মাখুন্দী হাতী আৰু এজনী ছোৱালী বিচাৰি পঠায়। নীতিপালে ছোৱালী আৰু হাতী দিবলৈ মান্তি হয় যদিও ৰাজকীয় সম্পদ পূৰ্বপুৰুষৰ সম্পত্তি বুলি দিবলৈ নিবিচাৰে। ইয়াৰ বিপৰীতে এক মাহৰ পাছত সোণ-ৰুপৰ জাপি (খাম-ঙেন-কোপ), সোণৰ আঙঠি (খোপ-খাম), সোণৰ তোম (লিউ-খাম), সোণৰ ছত্ৰ (চাং-খাম), সোণৰ খাৰু (মাউ-খাম), শৰাই, হাতী, ঘোঁৰা, হাতীৰ দাতৰ পাটি, কটাৰী আৰু পানীকমলী কাপোৰ দি পঠায়। সমান্তৰাল ভাৱে নীতিপালে লুইতৰ পাৰত এটা দুৰ্গ নিৰ্মাণ কৰিবলৈ লয় আৰু তাতে থাকে। দুৰ্গ নিৰ্মাণৰ কথা শুনি, ৰাজসম্পদ নাপায় আৰু লগতে উপহাৰৰ মাজত কটাৰী দেখি চুহুংমুঙ ৰজাই শদিয়াপুৰ আক্ৰমণ কৰিবলৈ নিৰ্ণয় কৰে। ১৫২৪ চনৰ বহাগত লুইত নৈ পাৰ হৈ শদিয়া(সধয়াপুৰ) আক্ৰমণ কৰে।

শদিয়া আক্ৰমণ[সম্পাদনা কৰক]

১৫২৪ চনৰ বহাগ মাহৰ বিহুৰ দিনা শদিয়া আক্ৰমণ কৰা হৈছিল। বিহুৰ দিনা শদিয়াৰ চাৰি শালত বৰ-বলি আয়োজন কৰা হয়, যʼত দেউৰী পূজাৰীৰ বাহিৰে অন্য লোকে হাতত অস্ত্ৰ লোৱাতো বৰ্জিত আছিল। আজিও এই বৰবলিৰ নিয়ম শদিয়া অঞ্চলৰ থান সমূহত পালন কৰা হয়। সেই সময়ত সৌমাৰ খণ্ডত একমাত্ৰ চুতীয়া সকলৰ মাজত হে খাৰ-বাৰুদ বা হিলৈ-বৰটোপৰ প্ৰচলন আছিল। সেই বাবে হয়তো আক্ৰমণকাৰী সকলে বিহুৰ বতৰত আক্ৰমণ কৰিবলৈ নিৰ্ণয় কৰি লৈছিল। বুৰঞ্জী সমূহৰ মতে সেই সময়ত নীতিপালে পুখুৰী এটাও খন্দাই আছিল। শদিয়াৰ দুৰ্গত কৰা আক্ৰমণ সহিব নোৱাৰি নীতিপাল চন্দনগিৰি লৈ গুচি আহে আৰু কাচিতৰা দৈথাং পৰ্বতত উঠে।

চন্দনগিৰ ৰণত সাধনীৰ বীৰত্ব[সম্পাদনা কৰক]

চুহুংমুঙে শদিয়াৰ বৰনগৰত থাকি ফ্ৰাচেংমুঙ বৰগোহাঁই আৰু কিঙলুন ৰাজমন্ত্ৰীক(বুঢ়াগোহাঁই) চন্দনগিৰি লৈ আক্ৰমণ কৰিবলৈ পঠায়। আনহাতে কনচেং ধনুদাৰী গোহাঁইক (চাও-চঙ কুঙ-ৰিণ) কাচিতৰাৰ লগত যুঁজিবলৈ দৈথাং পৰ্বতলৈ পঠায়। চন্দনগিৰি পৰ্বতত উঠিবৰ কাৰণে আহোম সেনাই আপ্ৰাণ চেষ্টা চলাইও সফল নহয়। চুতীয়া সেনাই ওপৰৰ পৰা শিল বগৰাই আৰু দলিয়াই বহুতো আক্ৰমণকাৰীৰ বধ কৰে। সাতসৰী আৰু অসম বুৰঞ্জীৰ (SM)ৰ পৰা জনা যায় যে সেই সময়ত সাধনী ৰাণী গৰ্ভৱতী আছিল। লগতে আছিল তেওঁৰ ১২-১৩ বছৰীয়া পুত্ৰ। সাধনীৰ লগৰ ১২০ গৰাকী কুঁৱৰীয়ে শিলা কুচাই বিৰোধী পক্ষৰ সৈনিকক মাৰে। আহোম সৈন্য চন্দনগিৰি পৰ্বতত উঠিবলৈ সক্ষম নহৈ পিছুৱাই আহিব লগাত পৰে আৰু এজন চুতীয়া সৈনিকক লগত ধৰি আনে। ইয়াৰ পাছত আক্ৰমণকাৰী সকলে ৰননীতি কৰি পৰ্বতৰ তিনিফালে বেৰি ধৰিব লয়। ফ্ৰাচেংমুঙ বৰগোহাঁই কিছু লোকক ঘিলা গছত উঠি ঢোল বজাবলৈ আদেশ দিয়ে। হয়তো এই সকল আগতে ধৰি অনা‌ চুতীয়া বন্দী আছিল। আগৰ দিনত ঢোল বজোৱাটো যুদ্ধত জয়ৰ প্ৰতিক আছিল। ঢোল বজাই বিজয়ৰ কথা জনাই দিয়া হয়। সেই বাবে পাহাৰৰ ওপৰত উঠি থকা ৰজা ৰাণীয়ে বিহুৰ বতৰত ঢোলৰ মাত শুনি বাহিৰলৈ উলাই আহে আৰু তিনিও ফালৰ পৰা শত্ৰুৰ আক্ৰমণৰ বলি হয়। নীতিপালে শত্ৰুৰ গালৈ কাড় মাৰিবলৈ লয় যদিও বিৰোধী পক্ষৰ জানমোঙখাম হাতীবৰুৱাৰ(ফু-কে-চং) কাড় লাগি মৃত্যু বৰণ কৰে। সাধনীয়ে নিজৰ মহিলা সৈন্য বাহিনীক লগত লয় যুজ দিয়ে যদিও শেষত পৰাস্ত হৈ চন্দনগিৰিৰ পৰা জাপ মাৰে। প্ৰায় সংখ্যক বুৰঞ্জীত সাধনীয়ে আত্মবলিদান কৰিছিল বুলি আছে যদিও গোপাল চন্দ্ৰ বৰবৰুৱাৰ টাই ভাষাৰ বুৰঞ্জীত ৰাণীৰ(নাঙ-লুং) গাত যাঠি লাগিছিল বুলি উল্লেখ আছে। যিকি নহওক এই তথ্য পৰাও ৰানী সাধনীয়ে আত্মসমৰ্পন নকৰি শত্ৰুৰ বিৰুদ্ধে যুজ দিয়াৰ কথাহে পোহৰলৈ আনে, কাৰণ আত্মসমৰ্পন কৰা হ'লে তেওঁক যাঠি মাৰি আক্ৰমণ কৰা নহ'ল হয়। আনপিনে কাচিতৰাক কনচেঙে দৈথাং পৰ্বতত পৰাস্ত কৰে।

পৰবৰ্তী স্থিতি[সম্পাদনা কৰক]

চুতীয়া ৰজা নীতিপাল, তেওঁৰ পুত্ৰ আৰু কাচিতৰা তিনিওৰে মূৰ চন্দগিৰি আৰু দৈথাঙৰ পৰা কাটি আনি শদিয়াত থকা চুহুংমুঙৰ আগত প্ৰস্তুত কৰা হয়। ৰজা আৰু পুত্ৰৰ মূৰ নচোৱাই পৰ্বতত মুণ্ডামালা বান্ধি শেষত চৰাইদেউৰ শালৰ খটখটিত পোতি থোৱা হয়। অসম বুৰঞ্জী(SM)ৰ মতে আহোম সেনাই সাধনীৰ মৃত শৰীৰৰ পৰা ককালত পিন্ধা সোণৰ কঙ্কালি লয় আনি শদিয়াৰ থানলৈ আনিছিল, কিন্তু তাত কিছুমান চুতীয়াই আক্ৰমণ কৰি লাপিত ফাংত্যাং দেওধাই নামৰ এজনক বধ কৰিছিল। অন্য বুৰঞ্জী সমূহত এই অংশত ৰানী সাধনীৰ(নাঙ-লুং) কথা একো উল্লেখ নাই।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সতী সাধনী. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা. পৃষ্ঠা. ৩০.