মিনতি বৰঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিনতি বৰঠাকুৰ
জন্ম নগাঁও
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ফুলেশ্বৰী হাইস্কুল, দৰং কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়
পেচা অধ্যাপক, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা, সমাজ সেৱক
দাম্পত্যসঙ্গী নিকুঞ্জ বিহাৰী বৰঠাকুৰ (প্ৰয়াত)
পিতৃ-মাতৃ ভূমিদেৱ গোশ্বামী আৰু মোক্ষদা দেৱী
বঁটা, সন্মান, পুৰস্কাৰ আদি সতী সাধিনী বঁটা

মিনতি বৰঠাকুৰ (জন্ম: ১৯৪৭ চন) অসমৰ এগৰাকী অধ্যাপক, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা, সমাজ সেৱক। তেখেতৰ পিতৃৰ নাম ভূমিদেৱ গোশ্বামী আৰু মাতৃৰ নাম মোক্ষদা দেৱী। তেওঁৰ পিতৃ কৰ বিভাগত চাকৰি কৰিছিল।

শিক্ষা[সম্পাদনা কৰক]

১৯৬১ চনত ফুলেশ্বৰী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ১৯৬৫ চনত তেওঁ দৰং কলেজ, তেজপুৰৰ পৰা কলেজৰ শ্ৰেষ্ঠ স্নাতক হিচাপে উত্তীৰ্ণ হয়। ১৯৭৪ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

তেখেত ডিফু কলেজত প্ৰবক্তা বিচাপে ১৯৭৪ চনত যোগদান কৰে আৰু ১৯৭৬ চনত কটন কলেজৰ দৰ্শন বিভাগত যোগদান কৰে আৰু ইয়াৰ পৰাই ২০০৬ চনত দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক বিচাপে অৱসৰ গ্ৰহণ কৰে।চাকৰি কালতে ১৯৯৪ চনত তেখেতৰ দেহত দুৰাৰোগ্য কৰ্কট ৰোগ ধৰা পৰে।

মিনতি বৰঠাকুৰৰ প্ৰধান পৰিচয় হ’ল তেওঁ দুবাৰকৈ চতুৰ্থস্তৰৰ পৰা সুষ্ঠ হোৱা এগৰাকী কৰ্কট ৰোগী ৷ পিছে তেখতে ৰুগ্ন শৰীৰেৰেই ২২ বছৰ ধৰি ড° ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্কট ৰোগী সকলৰ বাবে বিনামূলীয়া সেৱা আগবঢ়াই আহিছে ৷ নিজৰ ঘৰত থকা ধ্যান কেন্দ্ৰ Minoti’s Counseling and Meditation Centre” ৰ যোগেদি ৰাইজলৈ বিনামূলীয়া সেৱা আগবঢ়াই আহিছে ৷ কটন কলেজত চাকৰি কৰি থকাৰ সময়ত ছাত্ৰ-ছাত্ৰীক ধ্যানৰ প্ৰশিক্ষণ দি পৰীক্ষাৰ ফলাফল উন্নত কৰিবলৈ সমৰ্থ হৈছিল ৷ অসমৰ বাহিৰেও ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ বহু দেশৰ হাস্পাতাললৈ গৈ প্ৰেৰণা মূলক বক্তৃতা দিছে ৷ বিভিন্ন স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ত তেখেতে কৰ্কট ৰোগৰ সজাগতাৰ ওপৰত ভাষণ দিছে ৷ তেখেতক প্ৰেৰণা দায়িনী মিনতি নামেৰেও অভিহিত কৰিছে ৷  

বৈবাহিক জীৱন[সম্পাদনা কৰক]

১৯৬৫ চনত তেখেতৰ প্ৰয়াত নিকুঞ্জ বিহাৰী বৰঠাকুৰৰ লগত বিবাহপাশত আবদ্ধ হয়।

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • মোৰ অসুখৰ এবছৰ
  • প্ৰেৰণা দায়িনী মিনতি (সম্পাদনা: নিকুমণি হুছেইন
  • The Hardworking Nyishi Women of India
  • কলিজা কাইতে বিন্ধিল যি চৰাইয়ে গান গায়
  • The Concept of Meditation and its Application to the Younger Generation (অপ্ৰকাশিত)

তেখেতে কৰ্কট ৰোগ আৰু মনৰ শক্তিৰ ওপৰত বিভিন্ন বাতৰি কাকত আৰু আলোচনীত নিয়মিতভাৱে লিখি আছে।

সন্মান[সম্পাদনা কৰক]

  • ২০২০ চনত অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল দেবে সন্মানীয় সতী সাধিনী বঁটা প্ৰদান কৰে
  • প্ৰাগ চেনেৰ পৰা ২০০৫ চনত 'N.E. T.V. Woman of the year' আৰু 'প্ৰাগ সন্মান' লাভ কৰে
  • ২০০৭ চনত নগালেণ্ডৰ গৱৰ্নৰে বিশেষ সন্মান প্ৰদান কৰে
  • ২০০৮ চনত ডা° বাট্ৰা সংগঠনে 'Positive Health Hero' হিচাপে সন্মান জনায়
  • আন্তঃৰাষ্ট্ৰীয় ৰটাৰী ক্লাবে ২০১২ চনত 'Four Avenues of Service Award' আৰু ২০১৪ চনত ৰটাৰীৰ সৰ্বোচ্চ সন্মান 'Service Above Self Award' প্ৰদান কৰে
  • Assamese Association of North America সন্মান জনায়
  • চণ্ডিগড়ৰ ইউনাইটেড নিউজপেপাৰে বৰঠাকুৰৰ জীৱন কাহিনী ২০১৯ চনত তেওঁলোকে প্ৰকাশ কৰা 'Global Women of Substance' কিতাপত অন্তৰ্ভুক্ত কৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. মিনতি বৰঠাকুৰৰ কিতাপ 'মোৰ অসুখৰ এবছৰ', 'প্ৰেৰণা দায়িনী মিনতি' (সম্পাদনা: নিকুমণি হুছেইন), 'কলিজা কাইতে বিন্ধিল যি চৰাইয়ে গান গায়'

বাহ্যিক সংযোগ[সম্পাদনা কৰক]