শ্বেতা ত্ৰিপাঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বেতা ত্ৰিপাঠী

২০১৮ চনত শ্বেতা
জন্ম ০৬ জুলাই, ১৯৮৫ (৩৮ বছৰ)
নতুন দিল্লী, ভাৰত
শিক্ষা ফেশ্বন প্ৰযুক্তিবিদ্যাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৯–বৰ্তমানলৈকে
দাম্পত্যসঙ্গী চৈতন্য শৰ্মা(বিবাহ-২০১৮)

শ্বেতা ত্ৰিপাঠী (জন্ম-৭ জুলাই ১৯৮৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ প্ৰডাকচন সহকাৰী আৰু সহযোগী পৰিচালিকা হিচাপে তেখেতে ছবিজগতত নিজৰ কেৰিয়াৰৰ পাতনি মেলে৷ কিন্তু হিন্দী কথাছবি আৰু ৱেব চিৰিজত অভিনয়ৰ জৰিয়তেহে শ্বেতাই প্ৰশংসা আৰু সমাদৰ লাভ কৰে৷ তেখেতৰ উল্লেখনীয় কৰ্ম হৈছে মাছান (২০১৫) আৰু হাৰামখোৰ (২০১৭).[1][2][3]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৮৫ চনৰ ৬ জুলাইত শ্বেতা ত্ৰিপাঠীৰ জন্ম হৈছিল৷ জন্মৰ স্থান আছিল নতুন দিল্লী৷ [4] তেখেতৰ পিতৃ ভাৰতীয় অসামৰিক সেৱাৰ লগত জড়িত৷ মাতৃ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী৷ পিতৃয়ে চাকৰিসূত্ৰে কেইবাখনো ঠাই সলাই থাকিবলগা হোৱা বাবে শ্বেতাই তেওঁৰ শৈশৱ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, আৰু মুম্বাইত কটাবলগীয়া হয়৷ [4] আন্দামানত কটোৱা সময়খিনিত তেখেতে সৰ্বাধিক সুখৰ সময় বুলি অভিহিত কৰে-"That’s when I discovered how much I like travelling and being outdoors. Every weekend used to be a picnic on a new island, and it was an enriching experience".[5] উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰিবলৈ ত্ৰিপাঠী নতুন দিল্লীলৈ ঘূৰি আহে আৰু আৰকে পুৰমত থকা দিল্লী পাব্লিক স্কুলত শিক্ষাগ্ৰহণ কৰে৷ তাৰপিছত তেখেতে "নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্যন টেকন'লজি"ত অধ্যয়ন কৰে আৰু ফেশন কমিউনিকেশণত ডিগ্ৰী অৰ্জন কৰে৷[6] ২০১৮ চনৰ ২৯ জুনত অভিনেতা আৰু ৰেপাৰ চৈতন্য শৰ্মাৰ লগত তেখেতে বৈবাহিকজীৱনৰ পাতনি মেলে৷ [7]

অভিনয়-জীৱন[সম্পাদনা কৰক]

হিন্দী কথাছবি "মছান"ৰ জৰিয়তে শ্বেতা চৰ্চাৰ মাজলৈ আহে৷ ইয়াৰ পিছত শ্বেতাই ডিজনি ইণ্ডিয়াৰ ছিট কম "ক্য মষ্ট হ্যে লাইফ"ত এটি ল'ৰাসুলভ চৰিত্ৰ "জেনিয়া খান" ৰূপায়ণ কৰে৷ [8][9] টাটা স্কাই, ভোডাফোন আৰু মেকডোনাল্ডছৰ দৰে ব্ৰেণ্ডৰ বিজ্ঞাপনতো শ্বেতাই অভিনয় কৰিছে৷[10] ফেমিনা ইণ্ডিয়াৰ আলোচনীত তেখেতে ফটো সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ "ক্যা মষ্ট হে লাইফ"ৰ লগত জড়িত হোৱাৰ আগেয়ে শ্বেতাই পিক্সিৱন ট্ৰেইলাৰ হাউছত কাম কৰিছিল৷ তদুপৰি তেখেতে "অল মাই টি প্ৰডাকছনচ" নামৰ থিয়েটাৰ কোম্পানী এটাও চলাইছিল৷[11]

বিন্দাছত প্ৰচাৰিত "দ্য ট্ৰিপ"ত শ্বেতাই অংশ লৈছিল৷ [12]সাৰাৱন ৰাজেন্দ্ৰন পৰিচালিত "মেহেন্দী চাৰ্কাছ" আছিল শ্বেতাৰ প্ৰথমখন তামিল ভাষাৰ ছবি৷[13] আইফোনযোগে দৃশ্যগ্ৰহণ কৰা পূৰ্ণ দৈঘ্যৰ ভাৰতীয় ছবি "মুভি জু"ত শ্বেতাই কাম কৰিছিল৷[14]পৰৱৰ্তী কালত শ্বেতাই "মিৰ্জাপুৰ" নামৰ ৱেব-চিৰিজটোত অভিনয় কৰে৷[15] শেহতীয়া ছবি গ'ন কেশ হৈছে শ্বেতাৰ উল্লেখনীয় কৰ্ম৷ ছবিখনত শ্বেতাই এলোপেছিয়া ৰোগত আক্ৰান্ত যুৱতীৰ চৰিত্ৰত অভিনয় কৰে-যিয়ে জীৱনত সংঘাত আৰু আত্মমৰ্যাদা প্ৰতিষ্ঠা কৰিবলৈ যুঁজ দিবলগীয়া হয়৷[16]

টিভিএফৰ "ট্ৰিপলিঙ"ৰ দ্বিতীয়টো ছিজনত শ্বেতাই বেগম জেইনাবৰ চৰিত্ৰ ৰূপায়ণ কৰে৷ [17]

এমাজন প্ৰাইম ভিডিঅ'যোগে সম্প্ৰচাৰিত হোৱা ৱেব-চিৰিজ "লাখো মে এক"ৰ দ্বিতীয়টো চিজনত শ্বেতাই এগৰাকী চিকিৎসক ডা০ শ্ৰেয়াৰ ভূমিকা ৰূপায়ণ কৰে৷ শ্বেতাৰ অভিনয়ৰ প্ৰশংসা কৰি ইণ্ডিয়া টুডেয়ে কয় যে-The star of the show is Shweta Tripathi (Masaan and Mirzapur), in her first leading turn in a web series.[18]

চলচ্চিত্ৰপুঞ্জী[সম্পাদনা কৰক]

ছবি[সম্পাদনা কৰক]

বৰ্ষ ছবি চৰিত্ৰ টোকা
২০১১ তৃষ্ণা শ্বেতা
২০১১ সুজাতা তৰুণী সুজাতা চুটি ছবি[19]
২০১৫ মাছান শ্বালু গুপ্তা জি চিনে বঁটা, সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী
২০১৬ লাভ শ্বটছ চুটি ছবি
২০১৭ হাৰামখোড় সন্ধ্যা
২০১৮ বিউটিফুল ৱৰ্ল্ড চুটি ছবি
২০১৯ গ'ন কেশ এনাক্ষী
২০১৯ কাৰ্গো চুটি ছবি
২০১৯ মেহেন্দী চাৰ্কাচ মেহেন্দী তামিল ছবি
২০১৯ দ্য ইলিগেল মাহী
২০২০ টিকট টু বলিউড প্ৰাক্-প্ৰডাকচন
২০২০ "ধনুষ ফিল্ম" তামিল ছবি

দূৰদৰ্শন[সম্পাদনা কৰক]

বৰ্ষ শীৰ্ষক চৰিত্ৰ টোকা
২০০৯-১০ ক্যা মষ্ট হে লাইফ জেনিয়া খান ডিজনি ইণ্ডিয়াত সম্প্ৰচাৰিত
২০১৬-২০১৮ দ্য ট্ৰিপ অনন্যা[20]
২০১৮ মিৰ্জাপুৰ গজগামিনী গলু গুপ্তা এমাজন প্ৰাইম ভিডিঅ'[21][22]
২০১৯ মেইড ইন হেভেন প্ৰিয়ংকা মিশ্ৰ খণ্ড: "দ্য প্ৰাইচ অৱ লাভ"[23]
২০১৯ টিভিএফ ট্ৰিপলিং বেগম জৈনৱ খণ্ড: "কবুতৰ যা যা"[24]
২০১৯ লাখৌ মে এক(দ্বিতীয় চিজন) ডা০ শ্ৰেয়া পাথাৰে এমাজন প্ৰাইম ভিডিঅ'[25]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Shweta Tripathi: I can’t be an arm candy in films". http://indianexpress.com/article/entertainment/bollywood/shweta-tripathi-i-cant-be-an-arm-candy-in-films/. 
  2. Moudgil, Reema (3 August 2015). "'All I Want is To Touch a Chord as an Actor'". The New Indian Express. http://www.newindianexpress.com/cities/bengaluru/2015/aug/03/All-I-Want-is-To-Touch-a-Chord-as-an-Actor-793944.html। আহৰণ কৰা হৈছে: 18 October 2018. 
  3. "Masaan, Haraamkhor and web-series The Trip, Shweta Tripathi is going strong" (en-US ভাষাত). The Indian Express. 2017-01-15. http://indianexpress.com/article/entertainment/bollywood/shes-got-the-look-shweta-tripathi-haraamkhor-masaan-4473523/. 
  4. 4.0 4.1 "Shweta Tripathi birthday: Here are some little known facts about the Masaan actress that might surprise you! | Entertainment News" (en ভাষাত). Times Now. https://www.timesnownews.com/entertainment/news/people/photo-gallery/here-are-some-little-known-facts-about-masaan-actress-shweta-tripathi-that-might-surprise-you/449620। আহৰণ কৰা হৈছে: 20 May 2020. 
  5. Shah, Zaral (16 August 2017). "Shweta Tripathi on Why being an actor comes to her as naturally as breathing". Verve. https://www.vervemagazine.in/people/shweta-tripathi-on-why-being-an-actor-came-to-her-as-naturally-as-breathing। আহৰণ কৰা হৈছে: 19 June 2020. 
  6. "Masaan, Haraamkhor and web-series The Trip, Shweta Tripathi is going strong" (en-US ভাষাত). The Indian Express. 15 January 2017. https://indianexpress.com/article/entertainment/bollywood/shes-got-the-look-shweta-tripathi-haraamkhor-masaan-4473523/। আহৰণ কৰা হৈছে: 19 June 2020. 
  7. https://www.ndtv.com/entertainment/masaan-actress-shweta-tripathi-to-marry-rapper-chaitanya-sharma-aka-slowcheeta-1836412#:~:text=New%20Delhi%3A%20Actress%20Shweta%20Tripathi,she%20told%20news%20agency%20IANS.
  8. Disney channel launches summer offering Kya Mast Hai Life, Webindiea123.com Archived 2017-07-29 at the Wayback Machine, retrieved 7 April 2010.
  9. "Shweta Tripathi on Tamil debut: Want to explore as much as I can" (en-US ভাষাত). The Indian Express. 2017-09-27. http://indianexpress.com/article/entertainment/regional/shweta-tripathi-on-tamil-debut-want-to-explore-as-much-as-i-can-4864288/. 
  10. "Ads of Shweta Tripathi | Tv Commercials of Shweta Tripathi" (en ভাষাত). www.indianfilmhistory.com. https://www.indianfilmhistory.com/celebrity/tvc/shweta-tripathi। আহৰণ কৰা হৈছে: 2020-05-27. 
  11. https://www.postoast.com/shweta-tripathi-photos/
  12. "Revealed: First look of Masaan actress Shweta Tripathi in 'The Trip' - Times of India". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/Revealed-First-look-of-Masaan-actress-Shweta-Tripathi-in-The-Trip/articleshow/55689001.cms. 
  13. "Masaan actress Shweta Tripathi plays circus performer in her Tamil debut Mehandi Circus; film likely to release in September- Entertainment News, Firstpost" (en ভাষাত). Firstpost. 2018-07-02. https://www.firstpost.com/entertainment/masaan-actress-shweta-tripathi-plays-circus-performer-in-her-tamil-debut-mehandi-circus-film-likely-to-release-in-september-4643991.html। আহৰণ কৰা হৈছে: 2018-12-27. 
  14. "Shweta Tripathi excited about 'Zoo' - a film shot entirely on iPhone 6, premiere at Busan Festival". The New Indian Express. https://www.newindianexpress.com/entertainment/hindi/2017/sep/12/shweta-tripathi-excited-about-zoo---a-film-shot-entirely-on-iphone-6-premiere-at-busan-festival-1656046.html। আহৰণ কৰা হৈছে: 2020-05-25. 
  15. "Decoding the women of Mirzapur: Why Vashudha, Golu and Beena stand out in the web series". https://www.indiatoday.in/television/web-series/story/decoding-the-women-of-mirzapur-why-vashudha-golu-and-beena-stand-out-in-the-web-series-1398898-2018-11-29. 
  16. Ganapathy Raman, Sruthi (March 25, 2019). "Shweta Tripathi on tackling alopecia in ‘Gone Kesh’: ‘I hope the concept of beauty changes’". scroll.in. https://scroll.in/reel/917095/shweta-tripathi-on-tackling-alopecia-in-gone-kesh-i-hope-the-concept-of-beauty-changes। আহৰণ কৰা হৈছে: 25 March 2019. 
  17. https://www.iwmbuzz.com/digital/editorial-digital/review-of-tvf-tripling-season-2-a-charming-nod-to-realistic-sibling-relationships/2019/04/11
  18. https://www.indiatoday.in/television/web-series/story/laakhon-mein-ek-2-review-shweta-tripathi-starrer-exposes-some-inconvenient-truths-of-a-corrupt-system-1500128-2019-04-12
  19. "Sujata". Junglee Film ClubYouTube. 25 September 2013. https://m.youtube.com/watch?v=hqkwQD7pzZY. 
  20. "The Trip will change my image of small town girl: Shweta Tripathi". The Indian Express. https://indianexpress.com/article/entertainment/bollywood/the-trip-will-change-my-image-of-small-town-girl-shweta-tripathi-4423638/. 
  21. Chaubey, Pranita (December 6, 2018). "Farhan Akhtar Unveils First Look Of Web-Series Mirzapur, Starring Ali Fazal And Shweta Tripathi". NDTV. https://www.ndtv.com/entertainment/farhan-akhtar-unveils-first-look-of-web-series-mirzapur-starring-ali-fazal-and-shweta-tripathi-1885027. 
  22. "Ali Fazal, Shweta Tripathi start shoot for 'Mirzapur' in Varanasi". Business Standard. September 29, 2017. https://www.business-standard.com/article/news-ians/ali-fazal-shweta-tripathi-start-shoot-for-mirzapur-in-varanasi-117092900450_1.html. 
  23. "Shweta Tripathi joins Zoya Akhtar’s web-series, Made in Heaven" (en ভাষাত). Hindustan Times. 2017-09-25. https://www.hindustantimes.com/bollywood/shweta-tripathi-joins-zoya-akhtar-s-web-series-made-in-heaven/story-5TUt3ybV6cSjtS9pvUvXrJ.html। আহৰণ কৰা হৈছে: 2019-03-14. 
  24. "TVF Tripling season 2 review: Amol Parashar, Sumeet Vyas, Maanvi Gagroo's road trip goes downhill". First Post. https://www.firstpost.com/entertainment/tvf-tripling-season-2-review-amol-parashar-sumeet-vyas-maanvi-gagroos-road-trip-goes-downhill-6392851.html. 
  25. "Laakhon Mein Ek season 2 review: Biswa Kalyan Rath creates a dark, compelling world in Amazon's medical drama- Entertainment News, Firstpost" (en ভাষাত). Firstpost. 2019-04-12. https://www.firstpost.com/entertainment/laakhon-mein-ek-season-2-review-biswa-kalyan-rath-creates-a-dark-compelling-world-in-amazons-medical-drama-6427381.html। আহৰণ কৰা হৈছে: 2019-04-18.