চন্দ্ৰ শেখৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
চন্দ্ৰ শেখৰ
চন্দ্ৰ শেখৰ
ভাৰতৰ প্ৰধান মন্ত্ৰী
কাৰ্যকাল
১০ নৱেম্বৰ ১৯৯০ – ২১ জুলাই ১৯৯১
ৰাষ্ট্ৰপতি আৰ. ভেংকটৰমন
সহকাৰী চৌধুৰী দেৱী লাল
পূৰ্বসূৰী ভি.পি. সিং
উত্তৰসূৰী পি. ভি. নৰসিংহ ৰাও
লোকসভাৰ সাংসদ
কাৰ্যকাল
১৯৭৭ – ১৯৮৪
পূৰ্বসূৰী চন্দ্ৰিকা প্ৰসাদ
উত্তৰসূৰী জগন্নাথ চৌধুৰী
কাৰ্যকাল
১৯৮৯ – ২০০৭
পূৰ্বসূৰী জগন্নাথ চৌধুৰী
উত্তৰসূৰী নীৰজ শেখৰ
সমষ্টি বাল্লিয়া, উত্তৰ প্ৰদেশ
ব্যক্তিগত তথ্য
জন্ম ১৭ এপ্ৰিল, ১৯২৭
ইব্ৰাহীমপট্টি, বাল্লিয়া, যুক্ত প্ৰদেশ, ব্ৰিটিছশাসিত ভাৰত, এতিয়াৰ ভাৰতৰ উত্তৰ প্ৰদেশ
মৃত্যু ৮ জুলাই, ২০০৭ (৮০ বছৰ)
New Delhi, India
ৰাজনৈতিক দল সমাজবাদী জনতা পাৰ্টী (১৯৯০–২০০৭)
আন ৰাজনৈতিক
সম্পৰ্ক
কংগ্ৰেছ ছ'ছিয়েলিষ্ট পাৰ্টী (১৯৬৪ৰ পূৰ্বে)
ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৬৪-৭৫)
নিৰ্দলীয় (১৯৭৫-৭৭)
জনতা পাৰ্টী (১৯৭৭-৮৮)
জনতা দল (১৯৮৮-৯০)
শিক্ষানুষ্ঠান এলাহাবাদ বিশ্ববিদ্যালয়
স্বাক্ষৰ

চন্দ্ৰ শেখৰ (১ জুলাই ১৯২৭ – ৮ জুলাই ২০০৭) এজন ভাৰতীয় ৰাজনীতবিদ আৰু দেশৰ অষ্টম প্ৰধান মন্ত্ৰী আছিল৷[1] কোনোধৰণৰ চৰকাৰী বিভাগ নচলোৱাকৈ দেশৰ প্ৰধান মন্ত্ৰী হোৱা তেওঁ ভাৰতৰ একমাত্ৰ ৰাজনীতিবিদ৷[2] তেওঁৰ দ্বাৰা শাসিত চৰকাৰখনক "পুতলা" অথবা "দুৰ্ভগীয়া" বুলি অভিহিত কৰা হৈছিল৷ লোকসভাৰ খুব কমসংখ্যক সাংসদৰ সমৰ্থন লৈ তেওঁ চৰকাৰখন গঠন কৰিছিল৷[3][4][5][6] মুডী বিনিয়োগ সেৱা চমুকৈ মুডিছে (Moody's) যেতিয়া ভাৰতৰ অৰ্থনৈতিক অৱস্থা নিম্নগামী হোৱাৰ কথা উল্লেখ কৰিছিল, তেতিয়া সেই গুৰুত্বপূৰ্ণ সময়ত চন্দ্ৰ শেখৰৰ চৰকাৰখনে বাজেট ঘোষণা কৰিব পৰা নাছিল৷ বাজেট ঘোষণা নকৰাৰ ফলত দেশৰ অৱস্থা অধিক বেয়ালৈ ঢাল খাইছিল আৰু গোলকীয় ক্ৰেডিট-ৰেটিং সংস্থাবোৰে বিনিয়োগৰ ক্ষেত্ৰখন জটিল কৰি তুলিছিল৷ ফলস্বৰূপে ভাৰতে সৰু-সুৰা ল'ন লোৱাৰ ক্ষেত্ৰতো বাধাৰ সমুখীন হৈছিল৷ আৰ্থিক অনুদানৰ প্ৰক্ৰিয়াটোত অধিক বিজুতি নঘটিবলৈ চন্দ্ৰ শেখৰে সোণৰ বন্ধকীকৰণ ব্যৱস্থাৰ অনুমোদন জনাইছিল আৰু সেই কাৰ্যৰ বাবে তেওঁ ভীষণ সমালোচনাৰ সমুখীন হৈছিল৷ কাৰণ সেই সিদ্ধান্তটো তেওঁৰ চৰকাৰখনে নিৰ্বাচনৰ সময়ত গোপনে গ্ৰহণ কৰিছিল৷[7][8][9][10] উল্লেখযোগ্য যে, ১৯৯১ চনৰ ভাৰতীয় অৰ্থনৈতিক সংকট আৰু ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ ঘটনাই তেওঁৰ চৰকাৰখনৰ অৱস্থা দুৰ্বিষহ কৰি তুলিছিল৷

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

উত্তৰ প্ৰদেশৰ বাল্লিয়া জিলাৰ এখন গাঁৱত, ইব্ৰাহীমপট্টী নামৰ এখন ঠাইৰ এটা ৰাজপুট পৰিয়ালত, ১৯২৭ চনৰ ১ জুলাই তাৰিখে চন্দ্ৰ শেখৰে জন্ম লাভ কৰিছিল৷ তেওঁ পৰিয়ালটোৱে খেতি-বাতি কৰি জীৱন-নিৰ্বাহ কৰিছিল৷ তেওঁলোকৰ আৰ্থিক অৱস্থা সুচল নাছিল৷ [11] বাল্লিয়াত থকা ছতীশ চন্দ্ৰ কলেজৰ পৰা তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ ১৯৫০ চনত তেওঁ এলাহাবাৰ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷[12] ছাত্ৰ ৰাজনীতিত তেওঁ "ফায়াৰব্ৰেণ্ড" হিচাপে জনাজাত হৈছিল আৰু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহন কৰাৰ পাছত তেওঁ সমাজবাদী আন্দোলনত যোগদান কৰিছিল৷[13]

দুৰ্গা দেৱীৰ নামৰ যুৱতীৰ লগত চন্দ্ৰ শেখৰ বিবাহপাশত আৱদ্ধ হৈছিল৷[14]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

বাল্লিয়া জিলাৰ প্ৰজা ছছিয়েলিষ্ট পাৰ্টীৰ সম্পাদক নিৰ্বাচিত হোৱাৰ এবছৰৰ পিছতে তেওঁ দলৰ ৰাজ্যিক গোটৰ যুটীয়া সম্পাদকৰ পদত অধিষ্ঠিত হয়৷ ১৯৫৫-৫৬ চনত চন্দ্ৰ শেখৰ সেইটো দলৰেই ৰাজ্যিক ক্ষেত্ৰৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়৷ ১৯৬২ চনত তেওঁ ৰাজ্য সভালৈ নিৰ্বাচিত হয় আৰু এনেকৈয়ে তেওঁৰ সংসদীয় জীৱন আৰম্ভ হয়৷ ১৯৬৫ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে৷ ১৯৬৭ চনত তেওঁ কংগ্ৰেছৰ সংসদীয় কমিটিৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়৷ নিজৰ সাহস, আস্থাভাজনতা, আৰু সততাৰ বাবে চন্দ্ৰ শেখৰ "তৰুণ টাৰ্ক" বুলি জনাজাত হৈছিল৷তেওঁ "ইয়ং ইণ্ডিয়ান" নামৰ এখন সাপ্তাহিক কাকত প্ৰতিষ্ঠা আৰু সম্পাদনা কৰিছিল৷ কাকতখন ১৯৬৯ চনত দিল্লীৰ পৰা প্ৰকাশিত হৈছিল৷[15]

ব্যক্তিবিশেষৰ ৰাজনীতি চন্দ্ৰশেখৰ সদায়েই বিৰোধিতা কৰিছিল৷ তাৰ পৰিৱৰ্তে তেওঁ নীতি-আদৰ্শ আৰু সামাজিক পৰিৱৰ্তনৰ পোষকতা কৰিছিল৷ ১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকালিন অৱস্থা ঘোষণা কৰাৰ সময়ত চন্দ্ৰ শেখৰক গ্ৰেপ্তাৰ কৰা হৈছিল, যদিও তেওঁ সেইসময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা নিয়োজিত ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু কৰ্ম আয়োগৰ এজন সদস্য আছিল৷ জৰুৰীকালীন অৱস্থাৰ সময়ত কাৰাৰুদ্ধ হোৱা শাসকীয় দলৰ কমসংখ্যক নেতাৰ ভিতৰত চন্দ্ৰ শেখৰৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি৷[16][17]

জৰুৰীকালীন অৱস্থা শেষ হোৱাৰ পাছতেই, ১৯৭৭ চনত তেওঁ জনতা দলৰ প্ৰথমজন সভাপতি নিৰ্বাচিত হৈছিল৷কেইবাটাও অকংগ্ৰেছী দলৰ সমৰ্থন আৰু একত্ৰীকৰণৰ ফলত সেইটো দল গঠিত হৈছিল৷[18] ১৯৭৭ চনৰ পাছৰ প্ৰতিটো নিৰ্বাচনতে (১৯৮৪ চনৰ বাহিৰে) তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল৷[19]

১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰে৷ তেওঁলোকৰ চৰকাৰৰ নেতৃত্ব দিছিল মোৰাৰজী দেশাইয়ে৷ অৱশ্যে ১৯৮০ চনৰ নিৰ্বাচনত দলটোৱে পৰাজয়বৰণ কৰে আৰু ১৯৮৪ চনত মাত্ৰ দহখন আসন লাভ কৰি সম্পূৰ্ণ ধূলিস্যাৎ হৈ পৰে৷ বাল্লিয়া সমষ্টিত চন্দ্ৰ শেখৰ জগন্নাথ চৌধুৰীৰ ওচৰত পৰাভূত হয়৷ ১৯৮৮ চনত জনতা পাৰ্টি অন্যান্য দলৰ সৈতে সংযুক্ত হৈ ভি.পি. সিঙৰ নেতৃত্বত চৰকাৰ গঠন কৰে৷[20] পিছে সন্মিলিত চৰকাৰৰ লগত তেওঁ পুনৰ মতানৈক্য হয়৷ ১৯৯০ চনৰ ৫ নৱেম্বৰত চন্দ্ৰ শেখৰে জনতা দল ত্যাগ কৰে আৰু "জনতা দল ছছিয়েলিষ্ট ফেকচন" গঠন কৰে৷ ১৯৯০ চনৰ ১০নৱেম্বৰত জাতীয় কংগ্ৰেছৰ নেতা ৰাজীৱ গান্ধীৰ সমৰ্থনত তেওঁ ভি.পি. সিঙক ওফৰাই ভাৰতৰ প্ৰধান মন্ত্ৰীৰ পদটি দখল কৰে৷[21]

১৯৮৩ চনত চন্দ্ৰ শেখৰে এক বিশেষ পদযাত্ৰা আৰম্ভ কৰিছিল৷ সেই বছৰৰ ৬ জানুৱাৰীৰ পৰা ২৫ জুনলৈ, প্ৰায় ৪২৬০ কিলোমিটাৰ দূৰত্ব তেওঁলোকে খোজ কাঢ়ি ভ্ৰমণ কৰিছিল৷ সেই যাত্ৰাটো দক্ষিণে থকা কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈ দিল্লীত থকা মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ "ৰাজঘাট"ত শেষ হৈছিল৷ বৃহত্তৰ সমাজখনৰ নানান সমস্যা আৰু তেওঁলোকৰ জীৱন-যাত্ৰাৰ বিষয়ে উৱাদিহ ল'বলৈ চন্দ্ৰ শেখৰৰ নেতৃত্বত সেই পদযাত্ৰাৰ সূচনা হৈছিল৷ তামিলনাডু, গুজৰাট, কেৰেলাকে ধৰি ভাৰতৰ পোন্ধৰটা ঠাইত তেওঁ কিছুমান "ভাৰত যাত্ৰা কেন্দ্ৰ" মুকলি কৰি দিছিল৷ সেইসমূহ কেন্দ্ৰই গ্ৰামাঞ্চলৰ পৰিৱেশত শিক্ষা আৰু তৃণমূল পৰ্যায়ৰ কামৰ উত্তৰণ ঘটাবলৈ সামাজিক আৰু ৰাজনৈতিক কৰ্মীসকলক বিশেষভাৱে প্ৰশিক্ষণ দিছিল৷[18]

১৯৮৯ চনত তেওঁ বাল্লিয়া লোক সভা সমষ্টি আৰু বিহাৰৰ মহাৰাজগঞ্জৰ সমষ্টিৰ পৰা জয়লাভ কৰে৷ তেওঁ বাল্লিয়াৰ আসনখন গ্ৰহণ কৰে৷[22]

প্ৰধান মন্ত্ৰী হিচাপে[সম্পাদনা কৰক]

চন্দ্ৰ শেখৰ সাতটা মাহৰ বাবে প্ৰধান মন্ত্ৰী হৈছিল, যিটো আছিল চৰণ সিঙৰ পাছতেই দ্বিতীয়টো চুটি কাৰ্যকাল৷ সেই সময়ছোৱাত গৃহ পৰিক্ৰমা আৰু প্ৰতিৰক্ষা বিভাগটোও তেঁৱেই চলাইছিল৷ অৱশ্যে, ১৯৯১ চনৰ ৬ মাৰ্চত কংগ্ৰেছে তেওঁলোকৰ সমৰ্থন উঠাই লোৱা বাবে চন্দ্ৰ শেখৰৰ চৰকাৰে সম্পূৰ্ণ বাজেট ঘোষণা কৰাত ব্যৰ্থ হ'ল৷[23] যাৰ পৰিণতিস্বৰূপে চন্দ্ৰ শেখৰে সেইদিনাই প্ৰধান মন্ত্ৰীৰ কাৰ্যালয় ত্যাগ কৰিবলগা হ'ল৷[24]

মৃত্যু[সম্পাদনা কৰক]

২০০৭ চনৰ ৮ জুলাই তাৰিখে চন্দ্ৰ শেখৰে মৃত্যু বৰণ কৰে৷ তেওঁ কিছুসময়ৰ পৰা মাল্টিপল মাইল'মাত ভুগি আছিল আৰু মে' মাহৰ পৰা দিল্লীস্থ এপ'লো হাস্পতালতো চিকিৎসাধীন হৈ আছিল৷[25]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Rival of Singh Becomes India Premier". Sanjoy Hazarika. The New York Times. 10 November 1990. https://www.nytimes.com/1990/11/10/world/rival-of-singh-becomes-india-premier.html?pagewanted=1। আহৰণ কৰা হৈছে: 20 December 2018. 
  2. "Socialist Is Installed as India's Eleventh Prime Minister". Sanjoy Hazarika. The New York Times. 11 November 1990. https://www.nytimes.com/1990/11/11/world/socialist-is-installed-as-india-s-eighth-prime-minister.html। আহৰণ কৰা হৈছে: 20 December 2018. 
  3. The Working Class. Centre of Indian Trade Unions. 1990. পৃষ্ঠা. 86. https://books.google.com/books?id=_b6KKd8wut4C। আহৰণ কৰা হৈছে: 20 December 2018. 
  4. Puppet on a String. Far Eastern Economic Review. October 1990. পৃষ্ঠা. 6. https://books.google.com/books?id=tWVOAQAAIAAJ. 
  5. "Chandra Shekhar exploits fears, weaknesses of Congress(I) and Janata Dal(S)". Inderjit Badhwar,.Prabhu Chawla. India Today. 15 December 1990. https://www.indiatoday.in/magazine/cover-story/story/19901215-chandra-shekhar-exploits-fears-weaknesses-of-congressi-and-janata-dals-813388-1990-12-15। আহৰণ কৰা হৈছে: 20 December 2018. 
  6. The Interim Man. The Economist. 1990. পৃষ্ঠা. 42. https://books.google.com/books?id=Xd7PAAAAIAAJ. 
  7. "1991, the untold story". Yashwant Sinha. The Hindu. 29 July 2016. https://www.thehindu.com/opinion/op-ed/1991-the-untold-story/article14513325.ece। আহৰণ কৰা হৈছে: 21 December 2018. 
  8. "How the economy found its feet". Deepak Nayar. The Hindu. 18 October 2016. https://www.thehindu.com/opinion/op-ed/How-the-economy-found-its-feet/article14506275.ece। আহৰণ কৰা হৈছে: 21 December 2018. 
  9. "In fact: How govts pledged gold to pull economy back from the brink". Shaji Vikraman. The Indian Express. 5 April 2017. https://indianexpress.com/article/explained/in-fact-how-govts-pledged-gold-to-pull-economy-back-from-the-brink/। আহৰণ কৰা হৈছে: 21 December 2018. 
  10. Stuart Corbridge; John Harriss (28 May 2013). Reinventing India: Liberalization, Hindu Nationalism and Popular Democracy. Wiley. পৃষ্ঠা. 144–. ISBN 978-0-7456-6604-4. https://books.google.com/books?id=ERgoAAAAQBAJ&pg=PT144। আহৰণ কৰা হৈছে: 20 December 2018. 
  11. Chand, Attar (1991). The Long March: Profile of Prime Minister Chandra Shekhar. Mittal. পৃষ্ঠা. 59. ISBN 978-8-17099-272-1. https://books.google.com/books?id=YY4I36ZbJ7gC&pg=PA59. 
  12. Dubey, Scharada (2009). Movers and Shakers Prime Minister of India. Westland. https://books.google.com/books?id=2dgqNH6uKUsC&pg=PT67। আহৰণ কৰা হৈছে: 7 June 2015. 
  13. https://www.pmindia.gov.in/en/former_pm/shri-chandra-shekhar/
  14. Chand, Attar (1991). The Long March: Profile of Prime Minister Chandra Shekhar. Mittal. পৃষ্ঠা. 13. ISBN 978-8-17099-272-1. https://books.google.com/books?id=YY4I36ZbJ7gC&pg=PA13. 
  15. http://www.pmindia.gov.in/en/former_pm/shri-chandra-shekhar/
  16. http://www.pmindia.gov.in/en/former_pm/shri-chandra-shekhar/
  17. http://www.britannica.com/biography/Chandra-Shekhar
  18. 18.0 18.1 "চন্দ্ৰ". https://www.globalsecurity.org/military/world/india/chandra-shekhar.htm. 
  19. https://timesofindia.indiatimes.com/india/Chandrashekhar-A-firebrand-idealist/articleshow/2185870.cms
  20. "General Elections, 1984 - Constituency Wise Detailed Results". Election Commission of India. Archived from the original on 18 July 2014. https://web.archive.org/web/20140718184911/http://eci.nic.in/eci_main/StatisticalReports/LS_1984/Vol_I_LS_84.pdf। আহৰণ কৰা হৈছে: 29 October 2015. 
  21. http://www.britannica.com/biography/Chandra-Shekhar
  22. https://www.pmindia.gov.in/en/former_pm/shri-chandra-shekhar/
  23. "Chandra Shekhar | prime minister of India" (en ভাষাত). https://www.britannica.com/biography/Chandra-Shekhar. 
  24. "Chandra Shekhar critical". The Hindu. 8 July 2007. http://www.thehindu.com/todays-paper/chandra-shekhar-critical/article1868892.ece। আহৰণ কৰা হৈছে: 11 December 2014. 
  25. "Chandra Shekhar dead". The Hindu. 9 July 2007. http://www.thehindu.com/todays-paper/chandra-shekhar-dead/article1869301.ece। আহৰণ কৰা হৈছে: 11 December 2014.