কৃষ্ণানন্দ ব্ৰহ্মচাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৃষ্ণানন্দ ব্ৰহ্মচাৰী
জন্ম ১৮৯৬
বালাগাঁও, বৰপেটা, অসম, ভাৰত
মৃত্যু ১৯৯১
প্ৰকৃত নাম ভবেন্দ্ৰ চৌধুৰী
উপাধি/সন্মান ব্ৰহ্মচাৰী
সাহিত্যিক কৰ্ম শ্ৰীমদ্ভাগৱত গীতাখন অসমীয়ালৈ তৰ্জমা, শ্ৰীশ্ৰীনামঘোষা ভাবামৃত

কৃষ্ণানন্দ ব্ৰহ্মচাৰী (ইংৰাজী: Krishnananda Brahmachari, ১৮৯৬–১৯৯১) অসমৰ এগৰাকী সমাজসেৱক, সমাজ সংস্কাৰক, ধৰ্মগুৰু, আৰু স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰু আছিল।

জন্ম[সম্পাদনা কৰক]

কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ ১৩০৩ চনৰ ২২ আঘোণ (১৮৯৬ চনৰ ৬ ডিচেম্বৰ) তাৰিখে বৰপেটা জিলাৰ অন্তৰ্গত বাউসী পৰগণাৰ তিতাপানী মৌজাৰ বালাগাঁৱত জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল সভাৰাম চৌধুৰী আৰু মাতৃৰ নাম গোধুলীপ্ৰিয়া চৌধুৰী। পিতৃদত্ত নাম আছিল ভবেন্দ্ৰ চৌধুৰী।

শিক্ষা[সম্পাদনা কৰক]

ভবেন্দ্ৰ চৌধুৰীৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় আবাদী গাঁৱৰ প্ৰাইমাৰী স্কুলত। প্ৰাইমাৰী পাছ কৰাৰ পিছত অভয়াপুৰী এম.ই স্কুলত ৪ৰ্থ শ্ৰেণীলৈ পঢ়ে। অভয়াপুৰী এম.ই স্কুলৰ পৰা গৈ সৃজনগ্ৰাম (বৰঘোলা) মাইনৰ স্কুলত ভৰ্তি হয়। তাৰ পৰাই মাইনৰ পাছ কৰে। সৃজনগ্ৰাম মাইনৰ স্কুলৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত হাইস্কুলত পঢ়াৰ বাবে কোচবিহাৰৰ দিনহাটালৈ যায়, পিছত তেওঁ সেই সময় গোৱালপাৰা (ধুবুৰী)ৰ গৌৰীপুৰলৈ উভতি আহে আৰু গৌৰীপুৰৰ স্কুলত তেওঁ নৱম শ্ৰেণীলৈ পঢ়িছিল। ইয়াৰ পিছতেই তেওঁৰ পঢ়াশালীয়া জীৱনৰ এটা অধ্যায়ৰ অন্ত পৰে।

গৌৰীপুৰত পঢ়ি থাকোঁতেই ভবেন্দ্ৰ চৌধুৰীয়ে লগ পাইছিল শিক্ষক আশুতোষ মুখোপাধ্যায়ক। এইজনা ব্যক্তিৰ পৰা ভবেন্দ্ৰ চৌধুৰীয়ে ব্ৰহ্মচৰ্যৰ জ্ঞান লাভ কৰে। সেই সময়তে আত্মানন্দ স্বামী নামৰ এজন তান্ত্ৰিক গুৰুৰো তেওঁ সান্নিধ্য লাভ কৰে আৰু তেওঁৰ পৰাই তান্ত্ৰিক সাধনাৰ শিক্ষা লাভ কৰে। তান্ত্ৰিক সাধনাত তেওঁ যেতিয়া সিদ্ধি লাভ কৰিছিল তেতিয়াৰে পৰা লোক সমাজত তেওঁ জনাজাত হ'ল ভবেন্দ্ৰ ব্ৰহ্মচাৰী ৰূপে।[উদ্ধৃতিৰ প্ৰয়োজন] ভবেন্দ্ৰ ব্ৰহ্মচাৰী ১৯৩১ চনলৈ একেৰাহে বাৰ বছৰ কাল নিৰুদ্দেশ হৈ থাকে। সেই সুদীৰ্ঘ কালছোৱাত তেওঁ ভাৰতবৰ্ষৰ নানা তীৰ্থস্থান ভ্ৰমণ কৰে আৰু বহুতো যোগী, পৰম হংস, স্বামী সাধু-সজ্জন, পণ্ডিত আৰু নানা ধৰ্মৰ ধৰ্মগুৰুৰ সাঙ্গী হৈ থাকি বিভিন্ন ধৰ্মৰ তত্ত্ববোৰ শাস্ত্ৰ অধ্যয়ন আৰু সাধনাৰ দ্বাৰা আয়ত্ত কৰে। তেওঁ শাস্ত্ৰ আয়ত্ত কৰি সাধনাতো সিদ্ধি লাভ কৰাৰ পিছত লোক সমাজত গৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ ৰামকৃষ্ণ পৰমহংস দেৱৰ আদেশ পায়। তেতিয়া তাৰ পৰা আহি অযোধ্যাত কিছুদিন থাকে। অযোধ্যাত থকা কালত বিজ্ঞ সমাজৰ লগত হোৱা ধৰ্মতত্ত্ব বিষয়ক তৰ্ক যুদ্ধত জয়ী হৈ তেওঁ স্বামী উপাধি লাভ কৰে। তেতিয়াৰ পৰাই তেওঁ শ্ৰীমৎ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী নামে জনাজাত হয়।

কৰ্মজীৱন[সম্পাদনা কৰক]

ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ নেতৃত্ব বহন কৰিছিল গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন আদি বৰেণ্য ব্যক্তিয়ে। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, পণ্ডিতপ্ৰৱৰ কনক চন্দ্ৰ শৰ্মা আদি কেবাজনো বিশিষ্ট নেতা আৰু মুক্তি যুঁজাৰুৰ সঙ্গী হৈ কৃষ্ণানন্দদেৱে ভাৰতৰ এই স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল, যাৰ ফলত ১৯২৩ চনত দুবাৰকৈ নগাঁও আৰু চিলেট জেলত সশ্ৰম কাৰাবৰণ কৰিবলগীয়া হৈছিল। চিলেট জেলত থাকোঁতে তেওঁ "শ্ৰীমদ্ভাগৱত গীতা"খন অসমীয়ালৈ তৰ্জমা কৰে। তাৰ বাহিৰেও তেওঁৰ আৰু কেবাখনো অপ্ৰকাশিত ধৰ্মপুথি আছে যদিও তেওঁৰ প্ৰকাশিত ধৰ্মগ্ৰন্থ "শ্ৰীশ্ৰীনামঘোষা ভাবামৃত"খন হৈছে তেওঁৰ জীৱনৰ উল্লেখযোগ্য সৃষ্টি।

১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত স্বামী কৃষ্ণানন্দদেৱে মাণিকপুৰৰ পৰাই বলিষ্ঠ নেতৃত্ব দিছিল। পিছত পুলিচৰ হাতত ধৰা পৰাৰ ভয়ত বংগলৈ পলাই গৈ আত্মগোপন কৰিবলগীয়াও হৈছিল। অৱশ্য ভাৰত স্বাধীন হোৱাৰ পাছত ভাৰত চৰকাৰে তেওঁক তাম্ৰফলি প্ৰদান কৰি মুক্তি যুঁজাৰু ৰূপে সন্মানিত কৰে।

১৯৪৬ চনত মাণিকপুৰত প্ৰতিষ্ঠা কৰা হয় পূব বিজনী হাইস্কুল (বৰ্তমান মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়)। এই বিদ্যালয়খন স্বামী কৃষ্ণানন্দদেৱৰ প্ৰেৰণাতেই ঠন ধৰি উঠিছিল। তেখেতে হাইস্কুলখনৰ সভাপতি পদো অলংকৃত কৰিছিল।

১৯৫১ চনত ৩৯ নং বিজনী সমষ্টিৰপৰা [1] আৰু ১৯৫৭ চনত ৩৫ নং কোকৰাঝাৰ দ্বৈত সমষ্টিৰ পৰা কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱ দুবাৰকৈ অসম বিধানসভাৰ বিধায়ক নিৰ্বাচিত হৈছিল।[2]

কৃষ্ণানন্দদেৱে মাণিকপুৰত এখন বৃহৎ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, এখন পশু চিকিৎসালয়, উন্নয় খণ্ডৰ কাৰ্যালয়, ডাকঘৰ, এটি পুলিচ আউট পোষ্ট আদি ভালেমান অনুষ্ঠান স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁ প্ৰতিষ্ঠা কৰি থৈ যোৱা সত্ৰসমূহ:

  • মাণিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰ
  • মৰিগাঁও গোবিন্দ ভৱন গীতা সত্ৰ
  • বজালী (ডুমুৰীয়া) গোবিন্দ ভৱন গীতা সত্ৰ
  • ভোটেপোৱাবড়ী গোবিন্দ ভৱন গীতা সত্ৰ
  • বিদ্যাপুৰ গোবিন্দ ভৱন গীতা সত্ৰ
  • দেবীতোলা গোবিন্দ ভৱন গীতা সত্ৰ
  • মদাতি গোবিন্দ ভৱন গীতা সত্ৰ
  • ঝগৰাৰপাৰ গোবিন্দ ভৱন গীতা সত্ৰ
  • ভাওৰাগুৰী গোবিন্দ ভৱন গীতা সত্ৰ
  • শাকদল গোবিন্দ ভৱন গীতা সত্ৰ
  • টাকুৱামাৰী গোবিন্দ ভৱন গীতা সত্ৰ
  • বাকলা গোবিন্দ ভৱন গীতা সত্ৰ
  • নলঙ্গীবাৰী (নিশিগঞ্জ) গোবিন্দ ভৱন গীতা সত্ৰ
  • ফুলবাড়ী গোবিন্দ ভৱন গীতা সত্ৰ
  • ঘৰিয়ালভাংগা গোবিন্দ ভৱন গীতা সত্ৰ

তদুপৰি আন আন ঠাইতো সত্ৰ প্ৰতিষ্ঠা কৰি একশৰণ নামধৰ্ম প্ৰচাৰ কৰিছিল।

মৃত্যু[সম্পাদনা কৰক]

তেওঁ ১৩৯৭ চনৰ ৯ চ'ত (ইংৰাজী ১৯৯১ চনৰ ২৪ মাৰ্চ), ৰামনৱমী তিথিত মৃত্যুবৰণ কৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. https://www.elections.in/assam/assembly-constituencies/1951-election-results.html
  2. https://www.elections.in/assam/assembly-constituencies/1957-election-results.html
  3. স্মৰণিকা, আধুনিক মাণিকপুৰৰ খনিকৰ শ্ৰীমৎ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱ, জলেশ্বৰ পাঠক, ২০০৭