ভোগেশ্বৰী ফুকননী
ভোগেশ্বৰী ফুকননী | |
---|---|
জন্ম | ভোগেশ্বৰী ফুকননী ১৮৮৫ বঢ়মপুৰ, নগাঁও, অসম[1] |
মৃত্যু | ২০ ছেপ্টেম্বৰ, ১৯৪২ নগাঁও, অসম |
জনা যায় | ভাৰতৰ স্বাধীনতা আন্দোলনৰ ছহীদ হিচাপে |
ভোগেশ্বৰী ফুকননী (ইংৰাজী: Bhogeswari Phukanani) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় যুঁজাৰু আছিল।[2] ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত তেখেত ছহীদ হৈছিল।
জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]
১৮৮৫ চনত অসমৰ নগাঁৱৰ ওচৰৰ বঢ়মপুৰত তেখেতৰ জন্ম হৈছিল। পিতৃ আত্মৰাম, মাতৃ নীলেশ্বৰী।[3] ভোগেশ্বৰ ফুকনৰ সৈতে বিয়া হোৱাৰ পাছত তেখেতসকলৰ ৬জন পুত্ৰ সন্তান আৰু দুগৰাকী কন্যা সন্তান জন্ম হৈছিল।
স্বাধীনতা সংগ্ৰামলৈ অৱদান[সম্পাদনা কৰক]
স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল।[3] ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে তেখেত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। এই সময়ছোৱাত তেখেতে ফাটেকলৈকো যাব লগা হৈছিল। ১৯৪২ চনত ২০ ছেপ্টেম্বৰৰ দিনা ভাৰত ত্যাগ আন্দোলনত তেখেতে ব্ৰিটিছৰ হাতত গুলিবিদ্ধ হৈছিল আৰু শৰ্যাশায়ী হৈ তিনিদিন পাছত মৃত্যু হৈছিল। স্বাধীনতা আন্দোলনত মৃত্যুবৰণ কৰা বাবে তেখেত ছহীদ সন্মান দিয়া হৈছিল।[4]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Bhogeswari Phukanani. http://books.google.co.in/books?id=6igd9NaJFlUC&pg=PA34&lpg=PA34&dq=bhogeswari+phukanani&source=bl&ots=C_KkuGeP_p&sig=dtQNHwElwp8g1V_dcxtihYLk25A&hl=en&sa=X&ei=CLz7UMylCI-srAelhoDQDA&ved=0CC8Q6AEwAA#v=onepage&q=bhogeswari%20phukanani&f=false। আহৰণ কৰা হৈছে: February 09, 2013.
- ↑ স্বাধীনতা আন্দোলনত অসমৰ ছহীদ, কামাখ্যা চৰণ ভাগৱতী, পৃষ্ঠা-২৯
- ↑ 3.0 3.1 শিৱনাথ বৰ্মন (১৯৯২). "অসমীয়া জীৱনী অভিধান". মহতাব হুছেইন. https://archive.org/details/in.ernet.dli.2015.451337/page/n207/mode/2up। আহৰণ কৰা হৈছে: ৩১ মে', ২০২২.
- ↑ "Assamese women in India’s freedom movement". http://www.merinews.com/article/assamese-women-in-indias-freedom-movement/143486.shtml। আহৰণ কৰা হৈছে: February 09, 2013.