সমললৈ যাওক

ভিখাজী কামা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভিখাজী কামা
জন্ম ২৪ ছেপ্টেম্বৰ ১৮৬১
ব'ম্বে, ব্ৰিটিছ ইণ্ডিয়া
মৃত্যু ১৩ আগষ্ট ১৯৩৬ (৭৪ বছৰ)
ব'ম্বে, ব্ৰিটিছ ইণ্ডিয়া
ৰাজনৈতিক আন্দোলন ভাৰতীয় স্বাধীনতা সংগ্ৰাম
জাৰ্মানীৰ ষ্টাটগাৰ্টত অনুষ্ঠিত ইন্টাৰনেশ্বনেল চ'ছিয়েলিষ্ট কনফাৰেঞ্চত ১৯০৭ চনৰ ২২ আগষ্টৰ দিনা ভিখাজি কামাই দাঙি ধৰা ভাৰতীয় স্বাধীনতাৰ পতাকাখনৰ আৰ্হি

ভিখাজী ৰুষ্টম কামা[n 1] (২৪ ছেপ্টেম্বৰ ১৮৬১- ১৩ আগষ্ট ১৯৩৬) ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত অগ্ৰণী ব্যক্তিসকলৰ এগৰাকী।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ভিখাজী ৰুষ্টম কামাৰ জন্ম হৈছিল ২৪ ছেপ্টেম্বৰ, ১৮৬১ চনত বোম্বেৰ (এতিয়াৰ মুম্বাই) এটা ডাঙৰ আৰু চহকী পাৰ্ছী পৰিয়ালত।[1] তেওঁৰ পিতৃ-মাতৃ ছৰাবজী ফ্ৰেমজী পেটেল আৰু জাইজীবাই ছৰাবজী পেটেল চহৰখনত সুপৰিচিত আছিল। পিতৃ ছৰাবজী পেটেল প্ৰশিক্ষণপ্ৰাপ্ত উকীল আৰু কৰ্মসূত্ৰে এগৰাকী ব্যৱসায়ী আছিল। পাৰ্ছী সম্প্ৰদায়টোৰ মাজতো তেওঁ এগৰাকী প্ৰভাৱশীল ব্যক্তি আছিল।

সেই সময়ৰ অধিকাংশ পাৰ্ছী ছোৱালীৰ নিচিনাকৈ ভিখাজীয়েও আলেকজেন্দ্ৰা নেটিভ গাৰ্লছ্ ইংলিছ ইনষ্টিটিউশ্বনত নামভৰ্ত্তি কৰিছিল।[2] শিশু হিচাপে ভিখাজী অধ্যৱসায়ী আৰু সুশৃংখল স্বভাৱৰ আছিল। বিশেষকৈ ভাষাজ্ঞানৰ ক্ষেত্ৰত তেওঁ বিশেষ প্ৰতিভা দেখুৱাইছিল।

১৮৮৫ চনৰ ৩ আগষ্টত কে. আৰ. কামাৰ পুত্ৰ ৰুষ্টম কামাৰ সৈতে ভিখাজী বিবাহপাশত আৱদ্ধ হৈছিল।[3] স্বামী ৰুষ্টম এগৰাকী প্ৰতিপত্তিশীল, ইংৰাজ-সমৰ্থক উকীল আছিল আৰু তেওঁ ৰাজনীতিত সোমাবলৈ আগ্ৰহ দেখুৱাইছিল। তেওঁলোকৰ এই বৈবাহিক জীৱন বৰ সুখৰ নহ'ল। ভিখাজীয়ে অধিকাংশ সময় স্বদেশৰ আৰু সামাজিক কাম-কাজত নিয়োজিত হৈ থাকিছিল।

কৰ্মৰাজি

[সম্পাদনা কৰক]

১৮৯৬ চনৰ অক্টোবৰ মাহত মুম্বাই প্ৰেছিডেন্সিত দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল আৰু ইয়াৰ কিছুদিন পাছতে বুবনিক প্লেগ মহামাৰীয়ে আগুৰি ধৰিছিল। ভিখাজীয়ে গ্ৰেণ্ট মেডিকেল কলেজৰ (পিছলৈ এইখন "হাফকিনছ্ প্লেগ ভেকশ্বিন ৰিচাৰ্ছ চেণ্টাৰ"ৰূপে পৰিগণিত হয়) পৰা ৰোগাক্ৰান্ত মানুহৰ যত্ন লোৱা আৰু পিছলৈ নিৰোগী মানুহক প্ৰতিৰোধক বেজী দিয়া দল এটাত যোগ দিছিল। ইয়াকে কৰিবলৈ যাওঁতে ভিখাজী কামা নিজেও প্লেগত আক্ৰান্ত হয় আৰু কোনোমতেহে মৃত্যুৰ পৰা ৰক্ষা পৰে। তথাপি কামাৰ স্বাস্থ্য দুৰ্বল হৈ থকাত ১৯০২ চনত উন্নতমানৰ চিকিৎসাৰ বাবে তেওঁক ব্ৰিটেইনলৈ পঠোৱা হয়।

১৯০৮ চনত ভিখাজী কামাই ভাৰতলৈ উভতি অহাৰ প্ৰস্তুতি চলোৱাৰ পূৰ্বে শ্যামজী কৃষ্ণা বাৰ্মাক লগ পাইছিল। হাইড পাৰ্কত দিয়া জাতীয়তাবাদী বক্তৃতাৰ বাবে শ্যামজী লণ্ডনৰ ভাৰতীয় সম্প্ৰদায়ৰ মাজত বেছ পৰিচিত আছিল। তেওঁৰ জৰিয়তে ভিখাজীয়ে সেইসময়ৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ব্ৰিটিছ কমিটিৰ অধ্যক্ষ দাদাভাই নৌৰজীকো লগ পাইছিল। নৌৰজী আৰু সিং ৰেৱাভাই ৰাণাৰ লগ হৈ ভিখাজীয়ে ১৯০৫ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত "ইণ্ডিয়ান হোম ৰুল চ'ছাইটি" প্ৰতিষ্ঠাত সহায় কৰিছিল। লণ্ডনত ভিখাজীক জনাই দিয়া হৈছিল যে জাতীয়তাবাদী কাম-কাজত জড়িত নহওঁ বুলি লিখিত প্ৰতিশ্ৰুতি নিদিলে তেওঁ ভাৰতলৈ যাব নোৱাৰে। কিন্তু তেওঁ প্ৰতিশ্ৰুতি দিবলৈ ৰাজী নহ'ল। সেই বছৰতে তেওঁ পেৰিছলৈ স্থানান্তৰিত হ'ল আৰু তাত "পেৰিছ ইণ্ডিয়ান চ'ছাইটি" প্ৰতিষ্ঠাত আগভাগ লৈছিল।

১৯০৭ চনৰ ২২ আগষ্টত জাৰ্মানীৰ ষ্টাটগাৰ্টত অনুষ্ঠিত দ্বিতীয় চ'ছিয়েলিষ্ট কংগ্ৰেছত কামাই অংশ লয়। তাত তেওঁ ভাৰতীয় উপমহাদেশত হোৱা দুৰ্ভিক্ষৰ ভয়াৱহ পৰিণামৰ বিষয়ে ব্যাখ্যা কৰিছিল। তাতেই তেওঁ মানৱ অধিকাৰ, সমতা আৰু ব্ৰিটেইনৰ পৰা ভাৰতৰ স্বাধীনতা বিচাৰি এখন পতাকা মেলি ধৰিছিল।[n 2] ভিখাজীয়ে নিজে এই পতাকাখনত "ভাৰতীয় স্বাধীনতাৰ পতাকা" বুলি অভিহিত কৰিছিল। কলকাতা পতাকাৰ কিছু শুধৰণি ঘটাই ভিখাজীয়ে শ্যামজী কৃষ্ণা বাৰ্মাৰ সৈতে এই পতাকাখনৰ আৰ্হি প্ৰস্তুত কৰিছিল। এতিয়াৰ স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন প্ৰস্তুত কৰিবলৈ লওঁতে ভিখাজীৰ পতাকাখনৰ পৰাও কিছু সহায় লোৱা হৈছিল।

নিৰ্বাসিত জীৱন আৰু মৃত্যু

[সম্পাদনা কৰক]

১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সূত্ৰপাত হোৱাত ফ্ৰান্স আৰু ব্ৰিটেইনে মিত্ৰপক্ষত যোগ দিলে। ফলত কামা আৰু সিং ৰেৱাভাই ৰাণাৰ বাহিৰে "পেৰিছ ইণ্ডিয়া চ'ছাইটি"ৰ আন সকলো সদস্যই ফ্ৰান্স পৰিত্যাগ কৰিলে। ১৯১৫ চনৰ জানুৱাৰী মাহত তেওঁক ভিছিলৈ পঠাই বন্দী কৰা ৰখা হ'ল। ১৯১৭ চনৰ নৱেম্বৰত তেওঁ মুক্তি লাভ কৰে আৰু স্থানীয় পুলিচক সাপ্তাহিকভাৱে জনাই থকাৰ চৰ্তত বৰডিউক্সলৈ যোৱাৰ অনুমতি পালে। যুদ্ধ শেষ হোৱাৰ পিছত তেওঁ পেৰিছস্থিত বাসগৃহলৈ ঘূৰি আহে।

ভিখাজী কামা ১৯৩৫ চনলৈ ইউৰোপতে নিৰ্বাসনত থাকিব লগা হৈছিল। সেইবছৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটাত আৰু ষ্ট্ৰ'কৰ ফলত পক্ষাঘাতগ্ৰস্ত হৈ পৰাত তেওঁ ছাৰ কোৱাছজি জেহাংগীৰৰ জৰিয়তে ব্ৰিটিছ চৰকাৰক ঘৰলৈ ঘূৰি যোৱাৰ অনুমতি বিচাৰিছিল। ১৯৩৫ চনৰ ২৪ জুনত পেৰিছৰ পৰাই ভিখাজিয়ে জাতীয়তাবাদী কাৰ্য্যকলাপত জড়িত নহয় বুলি লিখিত সন্মতি দিয়ে। ইয়াৰ পিছতে জেহাংগীৰৰ লগত তেওঁ ১৯৩৫ চনৰ নৱেম্বৰ মাহত বোম্বেত পদাৰ্পণ কৰে। ইয়াৰ মাত্ৰ নমাহ পিছতে ১৯৩৬ চনৰ ১৩ আগষ্টত পাৰ্ছী জেনেৰেল হস্পিটেলত ভিখাজী কামাৰ মৃত্যু হয়।[4]

পৰৱৰ্তী সময়ত প্ৰভাৱ

[সম্পাদনা কৰক]
১৯৬২ চনত কামাৰ স্মৃতিত প্ৰকাশিত এটি ডাক টিকট

ভিখাজীয়ে ব্যক্তিগত সম্পত্তিৰ অধিকাংশ ছোৱালীৰ বাবে স্থাপিত আভাবাই ক্ষুদ্ৰ অনাথ আশ্ৰমখনত দান দিয়াৰ কথা ইচ্ছাপত্ৰত লিখি গৈছিল। পিছত অনাথ আশ্ৰমখনৰ পৰা তেওঁৰ নামত এখন ন্যাস প্ৰতিষ্ঠা কৰা হয়।

বহু ভাৰতীয় চহৰৰ ৰাস্তা-ঘাট আৰু ঠাইৰ নাম ভিখাজী কামা বা তেওঁৰ পৰিচিত নাম মেডাম কামা ৰখা হৈছে। ১৯৬২ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰতৰ একাদশ গণতন্ত্ৰ দিৱসত ভাৰতীয় ডাক আৰু টেলিগ্ৰাফ বিভাগে তেওঁৰ স্মৃতিত এটা ডাক-টিকট প্ৰকাশ কৰিছিল।[5]

অতিৰিক্ত পঠন-সামগ্ৰী

[সম্পাদনা কৰক]
  • Sethna, Khorshed Adi (1987), Madam Bhikhaiji Rustom Cama, Builders of Modern India, প্ৰকাশক New Delhi: Government of India Ministry of Information and Broadcasting 
  • Kumar, Raj; Devi, Rameshwari; Pruthi, Romila, eds. (1998), Madame Bhikhaiji Cama, (Women and the Indian Freedom Struggle, vol. 3), প্ৰকাশক Jaipur: Pointer, ISBN 81-7132-162-3 .
  • Yadav, Bishamber Dayal; Bakshi, Shiri Ram (1992), Madam Cama: A True Nationalist, (Indian Freedom Fighters, vol. 31), প্ৰকাশক New Delhi: Anmol, ISBN 81-7041-526-8 .

Gupta, Indra (2003), India's 50 Most Illustrious Women, প্ৰকাশক New Delhi: Icon Publications, ISBN 81-88086-19-3 .

  1. Bhikhai- (with aspirated -kh-) is the name as it appears in the biographies. Another common form is Bhikai- (with unaspirated -k-), as it appears on the postage stamp. The name is also frequently misspelled 'Bhikha-' (with missing -i-), which is a male name (unlike the feminine Bhikhai-).
  2. "This flag is of India's independence. Behold, it is born. It is already sanctified by the blood of martyred Indian youth. I call upon you, gentlemen, to rise and salute the flag of Indian independence. In the name of this flag I appeal to lovers of freedom all over the world to cooperate with this flag in freeing one-fifth of the human race."

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Acyuta Yājñika; Suchitra Sheth (2005). The Shaping of Modern Gujarat: Plurality, Hindutva, and Beyond. Penguin Books India. পৃষ্ঠা. 152–. ISBN 978-0-14-400038-8. https://books.google.com/books?id=wmKIiAPgnF0C&pg=PA152. 
  2. Darukhanawala, Hormusji Dhunjishaw, ed. (1963), Parsi lustre on Indian soil, 2, প্ৰকাশক Bombay: G. Claridge .
  3. John R. Hinnells (28 April 2005). The Zoroastrian Diaspora : Religion and Migration: Religion and Migration. OUP Oxford. পৃষ্ঠা. 407. ISBN 978-0-19-151350-3. https://books.google.com/books?id=MWnUfjzvwHoC&pg=PA407। আহৰণ কৰা হৈছে: 19 August 2013. 
  4. Taraporevala, Sooni, Parsis: The Zoroastrians of India: A Photographic Journey, প্ৰকাশক New York City: Overlook Press, ISBN 1-58567-593-8 
  5. India Post (1962), Bhikaiji Cama, Indian Post Commemorative Stamps, প্ৰকাশক New Delhi, http://indianpost.com/viewstamp.php/Print%20Size/3.3%20x%202.9/BHI%4B%41%49JI%20CAMA 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]