কলাই কোঁচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কলাই কোঁচ
জন্ম ০ ছেপ্টেম্বৰ, ১৯১৭
শেনচোৱা কুমাৰ গাঁও, নগাঁও
মৃত্যু ২৫ আগষ্ট, ১৯৪২
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জনা যায় ভাৰতৰ স্বাধীনতা সেনানী

কলাই কোঁচ (১৯১৭, - ১৯৪২) ভাৰতৰ এগৰাকী স্বাধীনতা সেনানী। তেখেতৰ জন্মস্থান নগাঁও চহৰৰ ৩ মাইল পশ্চিমে শেনচোৱা কুমাৰ গাঁৱত। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনে নগাঁও জিলাত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিল। কলাই কোঁচ আৰু হেমৰাম বৰাই এই আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ১৯৪২ চনৰ ২৫ আগষ্টৰ দিনা বেবেজীয়া ৰাজপথৰ ওপৰত থকা কাঠৰ দলঙত অগ্নিসংযোগ কৰাৰ ফলত নগাঁৱৰ মাজত পথ সংযোগ বিচ্ছিন্ন হৈ পৰে। এই কাৰ্যৰ ফলত ২৬ আগষ্টৰ দিনা পুলিচৰ দলে সশস্ত্ৰ মিলিটেৰী লগত লৈ বেবেজীয়ে গাৱঁত সোমাই দোষী-নিৰ্দোষী সকলোকে নিৰ্বিচাৰে বহুসংখ্যক নিৰীহ লোকৰ ওপৰত নানা ধৰণে অত্যাচাৰ কৰি তেওঁলোকক আটক কৰি ৰাখে। তাৰে ৩০ জনৰ পিছত বিচাৰত জেল হয় আৰু বাকীসকলক মুক্তি দিয়া হয়। কিন্তু আটক কৰি ৰখা লোকসকলক নগাঁৱলৈ নিয়া বাতৰি বিয়পি পৰাৰ লগে লগে এই লোকসকলৰ খবৰ ল’বলৈ দলে দলে মানুহ বেবেজীয়া কাঠৰ দলঙৰ ওচৰ আহি পাওঁতেই তলত লুকাই থকা মিলিটেৰীয়ে হঠাৎ গুলি চলাবলৈ ধৰে। এই গুলি চালনাত চাৰিজন আহত হয়, কিন্তু হেমৰাম বৰা আৰু কলাই কোঁচ গুলীৰ আঘাতত থিতাতে মৃত্যু মুখত পৰে[1]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমা-২০১১, Assam Information