কনকলতা বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


কনকলতা বৰুৱা

কনকলতাৰ প্ৰস্তৰ মূৰ্তি, বৰঙাবাৰী
জন্ম ২২ ডিচেম্বৰ, ১৯২৪
বৰঙাবাৰী, গহপুৰ, দৰং জিলা (বৰ্তমান শোণিতপুৰ জিলা)
মৃত্যু ২০ ছেপ্টেম্বৰ, ১৯৪২
গহপুৰ থানাৰ প্ৰাঙ্গন, গহপুৰ
বংশদ্ভূত অসমীয়া
জনা যায় প্ৰথম মহিলা শ্বহীদ
ৰাজনৈতিক আন্দোলন ভাৰতীয় স্বাধীনতা আন্দোলন

কনকলতা বৰুৱা আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছৰ গুলিত তেওঁ ছহিদ হয়।[1] তেওঁ অসমৰ প্ৰথম মহিলা শ্বহীদ।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

গহপুৰ থানাৰ সম্মুখত প্ৰতিস্থিত শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ ব্ৰঞ্জেৰে নিৰ্মিত যুগল ভাস্কৰ্য

অসমৰ অবিভক্ত দৰং জিলাৰ গহপুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত ১৯২৪ চনৰ ২২ ডিচেম্বৰত কৃষ্ণ কান্ত আৰু কৰ্ণেশ্বৰী বৰুৱাৰ কন্যা হিচাপে বৰুৱাৰ জন্ম হৈছিল। পিতৃ কৃষ্ণকান্ত বৰুৱা আছিল এজন খেতিয়ক। দুৰ্ভাগ্যজনকভাৱে ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হয়।[2] কনকলতাৰ দাদাৱক ঘনকান্ত বৰুৱা দৰঙৰ এজন বিখ্যাত চিকাৰী আছিল। তেওঁৰ পূৰ্বপুৰুষসকল পূৰ্বৰ আহোম ৰাজ্যৰ দোলাকাশৰীয়া বৰুৱা (চুতীয়া বশিষ্ঠ মুখিয়াল) আছিল। পিছলৈ দোলাকাশৰীয়া উপাধি ত্যাগ কৰি বৰুৱা উপাধি অক্ষুণ্ণ ৰাখিছিল। কনকলতাৰ মাত্ৰ পাঁচ বছৰ বয়সতে মাকৰ মৃত্যু হয় আৰু পুনৰ বিবাহ কৰোৱা দেউতাকৰো তেৰ বছৰ বয়সত মৃত্যু হয়। তেওঁ তৃতীয় শ্ৰেণীলৈকে স্কুললৈ গৈছিল যদিও পিছত সৰু ভাই-ভনীৰ যত্ন ল'বলৈ বুলি স্কুল এৰিব লগা হয়।[3]

স্বাধীনতা সংগ্ৰামলৈ অৱদান[সম্পাদনা কৰক]

তেজপুৰত অৱস্থিত কনকলতা উদ্যানত থকা বৰ্ণনাত্মক ভাস্কৰ্য

কনকলতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত 'মৃত্যু বাহিনী'ত[2] যোগ দি ১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছঅসম শাখাই প্ৰত্যেক থানাত (গহপুৰ,বিহালি,চতিয়া আৰু ঢেকীয়াজুলি) উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। তাৰ বাবে মৃত্যু বাহিনী তৈয়াৰ কৰা হৈছিল। গহপুৰত গোলোকচন্দ্ৰ পূজাৰী আৰু জোনাৰাম ভূঞাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী চলী থাকোঁ‌তেই গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যু বাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱিকা গৰাকী আছিল কনকলতা বৰুৱা। থানাৰ দ্বাৰৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ লগতে পুলিচৰ লগত কনকলতাৰো টনা-আজোৰা লাগে। এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলি এৰে। ফলত কনকলতা মাটিত বাগৰি পৰি থানাৰ সম্মুখতে শ্বহীদ হয়।[4] উল্লেখ্য যে, কনকলতা বাগৰি পৰাৰ পিছতে মুকুন্দ কাকতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন তুলি ল'বলৈ চেষ্টা কৰোঁতে পুলিচৰ গুলীত তেওঁ একে স্থানতে শ্বহীদ হয়। কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হোৱা স্থানতে বৰ্তমানৰ গহপুৰ নগৰৰ মাজমজিয়াত গহপুৰ আৰক্ষী থানাৰ সম্মুখৰ বৰপুখুৰীৰ পাৰত তেওঁলোকৰ স্মৃতিত ব্ৰঞ্জেৰে নিৰ্মিত পূৰ্ণাবয়ব মূৰ্তি যুগল প্ৰতিষ্ঠিত হৈ আছে। অসমীয়া আৰু ভাৰতীয় নাৰী সকলে পৰবৰ্তী সময়ত এই মহান বলীদানক অনুপ্ৰেৰণা হিচাপে লৈ ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰে।

মৃত্যু আৰু স্মৃতিচাৰণ[সম্পাদনা কৰক]

১৯৪২ চনৰ ২০ চেপ্তেম্বৰত পুলিচৰ গুলীত তেওঁৰ মৃত্যু হয়। ১৯৯৭ চনত আৰম্ভ হোৱা ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ আইচিজিএছ কনক লতা বৰুৱা নামৰ প্ৰথমখন পেট্ৰ'ল জাহাজ বৰুৱাৰ নামেৰে ৰখা হৈছে।[5] ২০১১ চনত গৌৰীপুৰত তেওঁৰ এটা জীৱন্ত আকাৰৰ মূৰ্তি উন্মোচন কৰা হয়।[6]

জনপ্ৰিয় সংস্কৃতি[সম্পাদনা কৰক]

পৰিচালক চন্দ্ৰ মুদৈৰ ছবি এপাহ ফুলিল এপাহ সৰিলত কনকলতা বৰুৱাৰ কাহিনীক চিত্ৰিত কৰা হৈছিল। এই চিনেমা খনৰ পূৰব কী আৱাজ শীৰ্ষক হিন্দী সংস্কৰণ এটাৰো মুক্তি দিয়া হৈছিল।[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Pathak, Guptajit (2008). Assamese Women in Indian Independence Movement: With a Special Emphasis on Kanaklata Barua. প্ৰকাশক New Delhi: Mittal Publications. পৃষ্ঠা. 52. ISBN 9788183242332. https://books.google.com/books?id=6igd9NaJFlUC&q=Kanaklata+Barua&pg=PA52. 
  2. 2.0 2.1 শিৱনাথ বৰ্মন, অসমীয়া জীৱনী অভিধান, ছ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা:লি:, ১৯৯২, পৃষ্ঠা-৪০
  3. "KANAKLATA BARUA (1924-1942)". Stree Shakti. http://www.streeshakti.com/bookK.aspx?author=13। আহৰণ কৰা হৈছে: 6 February 2013. 
  4. শ্ৰী সৰ্বানন্দ বৰা, ইতিহাসে গৰকা ছয়দুৱাৰ, পৃষ্ঠা-১২৮
  5. Wertheim, Eric (2007). The Naval Institute Guide to Combat Fleets of the World: Their Ships, Aircraft, and Systems. প্ৰকাশক Annapolis: Naval Institute Press. পৃষ্ঠা. 306. ISBN 9781591149552. https://books.google.com/books?id=TJunjRvplU4C&q=Kanaklata+Barua&pg=PA306. 
  6. "Statue of Kanaklata Barua unveiled". The Assam Tribunal. 1 October 2011. http://www.samachar.com/Statue-of-Kanaklata-Barua-unveiled-lkbkNTgegce.html. 
  7. "Kanaklata story in Hindi". The Telegraph. https://www.telegraphindia.com/1160725/jsp/northeast/story_98623.jsp.