সমললৈ যাওক

কনকলতা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কনকলতা
পৰিচালক কুন্তলা ডেকা
ৰচনা ভবেন বৰুৱা
চিত্ৰনাট্য দিলীপ ডেকা, কুন্তলা ডেকা
প্ৰযোজক দিলীপ ডেকা, কুন্তলা ডেকা
অভিনয়ত ৰুমী গোস্বামী (নাম ভূমিকা)
দিলীপ শৰ্মা
চিত্ৰগ্ৰহণকাৰী নলীন দুৱৰা
সম্পাদনা বিজয় চৌধুৰী
সংগীত পৰিচালক অনুপম চৌধুৰী
মুক্তি
 ফেব্ৰুৱাৰী ১৯৯০ (1990-02-03) (প্ৰিমিয়াৰ)
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কনকলতা (ইংৰাজী: Kanaklata) অসমৰ দ্বিতীয় মহিলা চলচ্চিত্ৰ পৰিচালক কুন্তলা ডেকাই পৰিচালনা কৰা আৰু লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা এখন জীৱনীভিত্তিক চলচ্চিত্ৰ। প্ৰযোজক দিলীপ ডেকা আৰু কুন্তলা ডেকা। শব্দগ্ৰহণত পীযুষ কান্তি ৰয়। ১৯৯০ চনৰ ৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উদেষ্ণা চিত্ৰগৃহত ছবিখনৰ প্ৰিমিয়াৰ শ্বো হৈছিল। ১৯৪২ চনৰ শ্বহীদ, গহপুৰৰ ওচৰৰ বৰঙাবাৰীত জন্মগ্ৰহণ কৰা কনকলতাৰ জীৱনৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰিছিল ভবেন বৰুৱাই। পৰিচালকগৰাকীয়ে এটা ভিডিঅ’ত কয় যে ছবিখন নিৰ্মাণ কৰোঁতে প্ৰায় পাঁচ বছৰ সময় লাগিছিল।[1]

  • ৰুমী গোস্বামী
  • দিলীপ শৰ্মা
  • হৰি ডেকা
  • অখিল ডেকা
  • মৃণাল সেনগুপ্ত
  • ভবেন বৰুৱা
  • মীনা দুৱৰা
  • আভালিন বৰুৱা[1]

ছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কেইটামান গীত ব্যৱহাৰ কৰা হৈছে। সমবেত কণ্ঠত গীতসমূহ গাইছে সন্ধ্যা মেনন, কুইন দাস আদিয়ে। সংগীত পৰিচালনা অনুপম চৌধুৰীৰ।[1]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 "Kanaklata movie in Youtube". https://www.youtube.com/watch?v=VskwqbDkrtY&t=270s আহৰণ কৰা হৈছে: 22 November 2023.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]