পিয়লি বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


পিয়লি ফুকন
জন্ম পিয়লী বৰুৱা
অসম
মৃত্যু ২৬ জুলাই ১৮৩০[1]
যোৰহাট, অসম
মৃত্যুৰ কাৰণ ফাঁচী
জনা যায় মুক্তি যুঁজাৰু
অপৰাধৰ শাস্তি ফাঁচী

পিয়লি বৰুৱা (ইংৰাজী: Piyoli Baruah) অসমৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় যুঁজাৰু আছিল৷ তেখেতক ইংৰাজ চৰকাৰে বিদ্ৰোহৰ অভিযোগত ফাঁচী দিয়ে।

স্বাধীনতা আন্দোলন[সম্পাদনা কৰক]

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত ক্ৰমে ক্ৰমে সমগ্ৰ অসমৰ শাসন ভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দখল কৰে। প্ৰথমে ইংৰাজৰ শাসনত ৰাইজে আদৰি ললেও সোনকালেই ভিতৰি ভিতৰি বিদ্ৰোহৰ জুই জ্বলি উঠে। সেই সময়তে ৰাজনীতি বিশাৰদ, ৰাষ্ট্ৰজ্ঞানী, স্পষ্টবাদী মণিৰাম বৰভাণ্ডাৰ বৰুৱাই জৰ্জ এণ্ড্ৰিউ মোফাট মিলছ্‌ক (George Andrew Mofat Mills) লগ ধৰি ৰাইজৰ প্ৰতিক্ৰিয়াশীল মনৰ কথা প্ৰকাশ কৰি দুখন দৰ্খাস্ত লিখে। ইয়াৰ পাছত আকৌ তেখেতে মিলছ আৰু হলৰইদ চাহাবক লগ ধৰি দেশৰ শাসন ভাৰ দেশৰ ৰজাৰ হাতত অৰ্পন কৰিবলৈ আহ্বান জনায়। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই আহ্বান উপেক্ষা কৰে। ইয়াৰ পাছত মণিৰামে পাতনি মেলে গণ আন্দোলনৰ। এই গণ আন্দোলনত পিয়লি বৰুৱাৰ লগতে বাহাদুৰ গাওঁবুঢ়া, ফৰমুদ আলি, ঘৰফলীয়া বৰুৱা, মৰংগীখোৱা গোহাঁই, ৰাম চিৰস্তাদাৰ বৰুৱা ইত্যাদি বহুজনে যোগ দিয়ে[উদ্ধৃতিৰ প্ৰয়োজন]

বিদ্ৰোহৰ অগনি জ্বলি উঠে। মিল্‌ছ আৰু হলৰইদ চাহাবৰ চকুৰ টোপনি নাইকীয়া হয়। মণিৰামে পৰ্বতীয়া নেতাসকলৰ সহায় বিচাৰি তেওঁলোকৰ ওচৰলৈ কটকী পঠিয়ায়। উভতি আহোঁতে হৰনাথ দাৰোগাৰ হাতত বন্দী হয় ফুলকুমাৰী। ফুলকুমাৰী আছিল মণিপুৰৰ জীয়ৰী। গোৰা চিপাহীৰ কামনাৰ বলি হোৱাৰ ভয়ত তাই আহি দুতিৰাম বৰুৱাৰ অনুগ্ৰহত ৰাজকেৰেঙত আশ্ৰয় লৈছিল। পাছলৈ মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ নেতৃত্বত চলা স্বাধীনতাৰ ৰণত যোগ দিছিল। ইফালে মিল্‌ছ চাহাব স্বদেশলৈ উভতি যায়। হলৰইদৰ সহায়ৰ বাব কেপ্টেইন লুথাৰ আহে। তেওঁলোকে আসমৰ সকলো প্ৰধান ৰাজ-বিষয়াক মাতি সদৰ ৰংপুৰতে এখন মেল পাতে। ফুলকুমাৰীক এৰাতিৰ বাবে জেলৰপৰা পলুৱাই আনি উদ্দাম নৃত্যৰ লয়লাসত চাহাবক মদৰ ৰাগীত শুৱাই ৰাখি সেইনিশাই দেৱান কলিকতালৈ পলাই যায় আৰু বৰলাটৰ সৈতে সাক্ষাৎ কৰে। কিন্তু এই সাক্ষাততো কোনো ফল নধৰাত তেখেতে ১৮৭৭ চনত হোৱা চিপাহী বিদ্ৰোহত যোগ দিয়ে[উদ্ধৃতিৰ প্ৰয়োজন]। ইফালে পিয়লি বৰুৱাই বিদ্ৰোহৰ সঁজাল ধৰে। কলিকতাৰপৰা পোৱা নিৰ্দেশ মৰ্মে কাৰেঙত গুপুত আলোচনা চলে। হলৰইদ চাহাবে বিদ্ৰোহ দমন কৰিবলৈ উঠি-পৰি লাগে। ৰাজকাৰেং আক্ৰমণ কৰিলেই বিদ্ৰোহৰ মূল ঘাটি উচন কৰা হ'ব বুলি হৰনাথ দাৰোগাই হলৰইদ চাহাবক বাতৰি দিয়ে। কাৰেঙৰ ঘাই লিগিৰী সেউতীয়ে পিয়লি বৰুৱাক প্ৰেম নিবেদন কৰি বিফল হৈ প্ৰতিশোধৰ বাবে ছেগ বচাৰি আছিল। তেখেতেই কেপ্টেইন লুথাৰক কাৰেঙৰ গুপুত পথৰ সন্ধান দিয়ে। বিদ্ৰোহৰ মূল ঘাঁটি ইংৰাজে জয় কৰে[উদ্ধৃতিৰ প্ৰয়োজন]

ফাঁচী[সম্পাদনা কৰক]

কলিকতাৰপৰা মণিৰামে পঠিওৱা চিঠিৰ আধাৰতে তেখেতৰ ওপৰত বিদ্ৰোহত লিপ্ত থকাৰ গোচৰ তৰা হয়। বিচাৰত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচীৰ নিৰ্দেশ আহে। ১৮৩০ চনৰ ২৬ জুলাইত তেখেতক ইংৰাজ চৰকাৰে বিদ্ৰোহৰ অভিযোগত ফাঁচী দিয়ে।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সূত্ৰ[সম্পাদনা কৰক]