সমললৈ যাওক

শিখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিখ

নিচান চাহিব, শিখসকলৰ ধৰ্মীয় নিচান
মুঠ জনসংখ্যা
৩০,০০০,০০০ কোটি (৩০ মিলিয়ন)[1]
সৰ্বাধিক জনসংখ্যা বিশিষ্ট অঞ্চল
ধৰ্ম
শিখ ধৰ্ম
ধৰ্মগ্ৰন্থ
গুৰু গ্ৰন্থ চাহেব
ভাষা
হিন্দী, পঞ্জাবী

শিখ ধৰ্মৰ অনুসাৰীসকলক শিখ (ইংৰাজী উচ্চাৰণ: /ˈsiːk/ or /ˈsɪk/; পঞ্জাবী: ਸਿੱਖ, sikkh [ˈsɪkkʰ]) বোলা হয়। এই শব্দটো মূলতঃ সংস্কৃত ভাষাৰ শিষ্য শব্দৰ পৰা উৎপত্তি হৈছে। শিষ্য মানে শিক্ষাৰ্থী বা শিক্ষানুৰাগী। অথবা সংস্কৃত শব্দ শিক্ষাৰ পৰা এই শব্দৰ উৎপত্তি, যাৰ অৰ্থ হৈছে নিৰ্দেশ, উপদেশ ইত্যাদি".[2][3]। ১৫ শতাব্দীতে ভাৰতৰ পঞ্জাব প্ৰদেশত এজন শিখ গুৰুৰ অনুসাৰী এই ধৰ্মৰ আৰম্ভণি হয়। এজন শিখধৰ্মৰ লোকক চিনি উলিয়াবলৈ উপায় হ’ল পাঁচটা "ক" ৰে বুজোৱা হয়; ১- কেশ (চুলি)। ২-কাৰা(শিখসকলে বাওঁহাতত পিন্ধা বিশেষ বন্ধনী)। ৩-কৃপাণ (সৰু এক প্ৰকাৰৰ তৰবাৰি)। ৪-কাশেৰা (বিশেষ ধৰণৰ অন্তৰ্বাস)। ৫-কঙ্গ (পাগুৰীৰ লগত থকা চিৰুনী)। এই চিহ্নবোৰ তেওঁলোকে বিশেষ ধৰ্মীয় নিয়ম হিচাপে মানি চলে। ইয়াৰ বাহিৰে মুখভৰ্ত্তি দাড়ি, পাগুৰী বা বাওঁহাতত ব্ৰেছলেট দেখিলেই অনায়সে এজন শিখক চিহ্নিত কৰা সম্ভৱ। ব্ৰেছলেটডালক পঞ্জাবী ভাষাত "কাৰা" বোলা হয়। ইয়াৰ বাহিৰে তেওঁলোকৰ অধিকাংশ পুৰুষৰ নামে "সিং" (সিংহ) আৰু নাৰীসকলৰ নাম "কাউৰ" (ৰাজকন্যা) উপাধি থাকে। শিখসকলৰ অধিকাংশই বসবাস কৰে ভাৰতৰ পঞ্জাব এলেকাত। অৱশ্যে পৃথিৱীৰ বিভিন্ন অঞ্চলতো তেওঁলোকৰ বিস্তৃতি আছে।

শিখ গুৰুসকল

[সম্পাদনা কৰক]
#নামজন্ম তাৰিখগুৰুত্ব অৰ্জনমৃত্যু তাৰিখবয়স
গুৰু নানকএপ্ৰিল ১৫, ১৪৬৯আগষ্ট ২০, ১৫০৭ছেপ্টেম্বৰ ২২, ১৫৩৯৬৯
অঙ্গদদেৱমাৰ্চ ৩১, ১৫০৪ছেপ্টেম্বৰ ৭, ১৫৩৯মাৰ্চ ২৯, ১৫৫২৪৮
অমৰ দাসমে ৫, ১৪৭৯মাৰ্চ ২৬, ১৫৫২ছেপ্টেম্বৰ ১, ১৫৭৪৯৫
ৰাম দাসছেপ্টেম্বৰ ২৪, ১৫৩৪ছেপ্টেম্বৰ ১, ১৫৭৪ছেপ্টেম্বৰ ১, ১৫৮১৪৬
অঞ্জনদেৱএপ্ৰিল ১৫, ১৫৬৩ছেপ্টেম্বৰ ১, ১৫৮১মে ৩০, ১৬০৬৪৩
হৰ গোবিন্দজুন ১৯, ১৫৯৫মে ২৫, ১৬০৬ফেব্ৰুৱাৰী ২৮, ১৬৪৪৪৮
হৰ ৰায়জানুয়াৰি ১৬, ১৬৩০মাৰ্চ ৩, ১৬৪৪অক্টোবৰ ৬, ১৬৬১৩১
হৰ কৃষানজুলাই ৭, ১৬৫৬অক্টোবৰ ৬, ১৬৬১মাৰ্চ ৩০ ১৬৬৪
তেগ বাহাদুৰএপ্ৰিল ১, ১৬২১মাৰ্চ ২০, ১৬৬৫নৱেম্বৰ ১১, ১৬৭৫৫৪
১০গুৰু গোবিন্দ সিংডিচেম্বৰ ২২, ১৬৬৬নৱেম্বৰ ১১, ১৬৭৫অক্টোবৰ ৭, ১৭০৮৪১

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Has India put the U.S. – India ‘Nukes – for mangoes’". Panthic Weekly. Archived from the original on 2008-04-02. https://web.archive.org/web/20080402033059/http://www.panthic.org/news/129/ARTICLE/3632/2007-10-24.html আহৰণ কৰা হৈছে: 4 April 2008.
  2. Singh, Khushwant (2006). The Illustrated History of the Sikhs. প্ৰকাশক India: Oxford University Press. পৃষ্ঠা. 15. ISBN 978-0-19-567747-8.
  3. পঞ্জাবী Nabha, Kahan. Then th Sahib Singh (1930) (Punjabi ভাষাত). Gur Shabad Ratnakar Mahan Kosh/ਗੁਰ ਸ਼ਬਦ ਰਤਨਾਕਰ ਮਹਾਨ ਕੋਸ਼. পৃষ্ঠা. 720. http://www.ik13.com/online_library.htm#mahankosh আহৰণ কৰা হৈছে: 2006-05-29.

অধিক তথ্যসমৃদ্ধ গ্ৰন্থ

[সম্পাদনা কৰক]
  • The Sikhs In History: A Millennium Study by Sangat Singh, Noel Quinton King. New York 1995. ISBN 81-900650-2-5
  • A History of the Sikhs: Volume 1: 1469–1838 by Khushwant Singh. Oxford India Paperbacks (13 January 2005). ISBN 0-19-567308-5
  • The Sikhs by Patwant Singh. Image (17 July 2001). ISBN 0-385-50206-0
  • The Sikhs of the Punjab by J. S. Grewal. Published by Cambridge University Press (28 October 1998). ISBN 0-521-63764-3.
  • The Sikhs: History, Religion, and Society by W.H. McLeod. Published by Columbia University Press (15 April 1989). ISBN 0-231-06815-8
  • The Sikh Diaspora: Tradition and Change in an Immigrant Community (Asian Americans  — Reconceptualizing Culture, History, Politics) by Michael Angelo. Published by Routledge (1 September 1997). ISBN 0-8153-2985-7


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]