২২ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ডিচেম্বৰ ২২ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

২২ ডিচেম্বৰ (ইংৰাজী: 22 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৫৬তম (অধিবৰ্ষত ৩৫৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

  • ১৬৬৬ - গুৰু গোবিন্দ সিং, দশম শিখ গুৰু। এজন আধ্যাত্মিক শিক্ষক, যোদ্ধা, কবি আৰু দাৰ্শনিক। যেতিয়া তেওঁৰ পিতৃ গুৰু টেগ বাহাদুৰক মোগল সম্ৰাট ঔৰঙ্গজেৱ-এ মৃত্যুদণ্ড দিছিল তেতিয়া গুৰু গোবিন্দ সিঙক ন বছৰ বয়সতে শিখসকলৰ নেতা হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল আৰু তেখেত দশম আৰু অন্তিম মানৱ শিখ গুৰু হিচাপে পৰিগণিত হৈছিল। তেওঁৰ চাৰিজন পুত্ৰ তেওঁৰ জীৱনকালত মৃত্যু বৰণ কৰিছিল – দুজন যুদ্ধত আৰু দুজনক মোগল সেনাপতি ৱাজিৰ খানে মৃত্যুদণ্ড দিছিল। মৃত্যু ৭ অক্টোবৰ, ১৭০৮।
  • ১৮৫৩ - সাৰদা দেৱী, ঊনবিংশ শতিকাৰ হিন্দু সন্যাসী ৰামকৃষ্ণ পৰমহংসৰ পত্নী, সাধনসঙ্গিনী আৰু ৰামকৃষ্ণ মঠ আৰু মিছনৰ সংঘজননী। শ্ৰীৰামকৃষ্ণ সন্ন্যাসী আদেশৰ অনুগামীসকলে সৰদা দেৱীক পবিত্ৰ মাতৃ (শ্ৰীশ্ৰী মা) বুলিও শ্ৰদ্ধাৰে সম্বোধন কৰে। দক্ষিণেশ্বৰত অৱস্থিত শ্ৰী সৰদা মঠ আৰু ৰামকৃষ্ণ সৰদা মিছন সৰদা দেৱীৰ আদৰ্শ আৰু জীৱনৰ ওপৰত আধাৰিত। তেওঁ ৰামকৃষ্ণ আন্দোলনৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মৃত্যু ২০ জুলাই, ১৯২০।
  • ১৮৮৭ - শ্ৰীনিবাস ৰামানুজন, বিশ্বপ্ৰসিদ্ধ ভাৰতীয় গণিতজ্ঞ। যদিও তেওঁ গণিতৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল তথাপি তেওঁ নিজৰ একক প্ৰচেষ্টাৰে গাণিতিক বিশ্লেষণ, সংখ্যা তত্ত্ব, অসীম শৃংখলা, আৰু অপ্ৰাকৃত ভগ্নাংশৰ আগতে সমাধান নোহোৱা গাণিতিক সমস্যাৰ সমাধান কৰিছিল। সেই সময়ৰ বিশ্বৰ আগশাৰীৰ পেছাদাৰী গণিতজ্ঞসকলক তেওঁ তেওঁৰ একক প্ৰচেষ্টাৰে সমাধান কৰা গাণিতিক সমস্যাসমূহ প্ৰদৰ্শন কৰি বুজাবলৈ চেষ্টা কৰিছিল যদিও বেছিভাগ সময়ৰ বাবে বিফল হৈছিল। কিয়নো তেওঁ তেওঁলোকক যি গাণিতিক সূত্ৰ প্ৰয়োগ কৰি সমস্যাসমূহ সমাধান কৰিছিল সেয়া অতি নতুন, অত্যাধিক অপৰিচিত আৰু অতিৰিক্তভাৱে অস্বাভাৱিক উপায়েৰে উপস্থাপন কৰা হৈছিল। সেইবাবে তেওঁ, তেওঁৰ কাম ভালদৰে বুজিব পৰা গণিতজ্ঞ বিচাৰি তেওঁ ১৯১৩ চনত ইংলেণ্ডকেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ইংৰাজ গণিতজ্ঞ জি এইচ হাৰ্ডিৰ সৈতে ডাকযোগে চিঠিপত্ৰ আৰম্ভ কৰে। ৰামানুজনৰ কামক অসাধাৰণ বুলি স্বীকৃতি দি হাৰ্ডিয়ে তেওঁক কেমব্ৰিজ ভ্ৰমণৰ ব্যৱস্থা কৰিছিল। হাৰ্ডিয়ে তেওঁৰ টোকাত মন্তব্য কৰিছিল যে— ৰামানুজনে যি নতুন উপপাদ্য প্ৰস্তুত কৰিছিল যাৰ ভিতৰত কিছুমান উপপাদ্যই মোক সম্পূৰ্ণৰূপে মোক আচৰিত কৰি তুলিছিল যি মই আগতে এনেধৰণৰ সমাধান সূত্ৰ দেখা নাছিলো আৰু এই উপপাদ্যসমূহ কিছুমান শেহতীয়াকৈ প্ৰমাণিত কিন্তু অত্যন্ত উন্নত ফলাফল। গণিতৰ প্ৰতি অসামান্য অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২২ ডিচেম্বৰ তাৰিখে সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰি আহিছে। মৃত্যু ২৬ এপ্ৰিল, ১৯২০।
  • ১৯২৪ - কনকলতা বৰুৱা, অসমৰ স্বাধীনতা সংগ্ৰামী। বিশ্বনাথ জিলাৰ বৰঙাবাৰী অঞ্চলত জন্মগ্ৰহণ কনকলতা বৰুৱাই ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰ তাৰিখে গহপুৰ থানাত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ গহপুৰ নগৰৰ পশ্চিম দিশৰপৰা যোৱা ভাৰত ত্যাগ আন্দোলনৰ দলটোক নেতৃত্ব দিছিল। সেইদিনাই গহপুৰ থানাৰ সন্মুখতে ব্ৰিটিছ সেনা সোমনাথ দাৰোগাই গুলীয়াই হত্যা কৰে। কনকলতা মাটিত ঢলি পৰাৰ আগতেই ভাৰতীয় জাতীয় পতাকা মাটিত পৰিবলৈ নিদি মুকুন্দ কাকতিয়ে উঠাই লয় আৰু লগে লগে তেওঁৰ ওপৰতো গুলীচালনা কৰে। উল্লেখযোগ্য যে সেইদিনা থানাৰ পিছফালে কচুৱনিত লুকাই থকা কলাবাৰী অঞ্চলৰ কামদেৱাল গাঁৱৰ ৰামপতি ৰাজখোৱায়ে আবেলিলৈ মনে মনে থানাৰ চৌহদৰ ওপৰলৈ উঠি ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰে।
  • ১৯৪৭ - দিলীপ দোশী, প্ৰকৃত নাম দিলীপ ৰছিকলাল দোশী। গুজৰাটী মূলৰ এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮৩ চনলৈ ৩৩ খন টেষ্ট মেচ আৰু ১৫ খন এদিনীয়া আন্তৰ্জাতিক খেলত খেলিছিল। দোশী হৈছে মাত্ৰ চাৰিজন টেষ্ট বলাৰৰ ভিতৰত এজন যি ত্ৰিশ বছৰ বয়সৰ পিছত তেওঁলোকৰ প্ৰথমখন টেষ্ট মেচ খেলিছিল। তথাপিও তেওঁ ১০০তকৈ অধিক উইকেট দখল কৰিছিল। বাকী তিনিজন হৈছে ক্লেৰি গ্ৰিমেট, ছাইদ আজমল আৰু ৰিয়ান হেৰিছ।
  • ১৯৯১ - অমৃতা গগৈ, অসমীয়া অভিনেত্ৰী।

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৮০ - জৰ্জ এলিয়ট, ইংৰাজ ঔপন্যাসিক, কবি, সাংবাদিক, অনুবাদক আৰু ভিক্ট'ৰিয়ান যুগৰ এগৰাকী আগশাৰীৰ লেখিকা।
  • ২০১০ - নলিনী জয়ৱন্ত, ভাৰতীয় অভিনেত্ৰী।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]