সমললৈ যাওক

খগেন গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খগেন গগৈ
পৃষ্ঠভূমি
অন্য নাম বিহু সম্ৰাট (অনানুষ্ঠানিক)
জন্ম ১ মাৰ্চ, ১৯৫৯ (৬৬ বছৰ)[1]
লংপটীয়া গাঁও, চৰাইদেউ জিলা
উৎসস্থান অসম, ভাৰত
সংগীতৰ ধৰণ বিহুগীত, দেহবিচাৰ গীত, টোকাৰি গীত লোক-সংগীত
পেচা কণ্ঠশিল্পী

খগেন গগৈ (ইংৰাজী: Khagen Gogoi) অসমৰ এগৰাকী কণ্ঠশিল্পী। বিহুগীত আৰু দেহবিচাৰৰ শিল্পী হিচাপে তেওঁক বিশেষভাৱে জনা যায়।[2] কণ্ঠশিল্পীগৰাকীয়ে অবিভক্ত শিৱসাগৰ জিলাৰ (বৰ্তমানৰ চৰাইদেউ জিলা) সোণাৰিৰ সমীপৱৰ্তী লংপটীয়া গাঁৱত জন্মলাভ কৰে।[3] তেওঁ এমটিভিৰ ক’ক ষ্টুডিঅ’ত ১ম ছিজনত ‘পাটকাই পাৰে হৈ’ আৰু ‘টিপটপ দেখিলে’ শীৰ্ষক গীতত কণ্ঠদান কৰিছিল।[4][5]

খগেন গগৈয়ে চাওৰংগাবাম প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৭৫ চনত লংপটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ সোণাৰি মহাবিদ্যালয়ৰ পৰা স্নাতক উপাধি লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

স্নাতক পৰীক্ষা দি তেওঁ গুৱাহাটীলৈ আহে আৰু নৰকাসুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিবলৈ লয়। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ ডেপুটী সঞ্চালক আনন্দ মোহন ভাগৱতীয়ে ৰবীন্দ্ৰ ভৱনত এখন বিহু কৰ্মশালাত প্ৰশিক্ষাৰ্থীক বিহুনামৰ প্ৰশিক্ষণ দিবলৈ মাতি নিয়ে আৰু প্ৰথমাৱস্থাত ৰবীন্দ্ৰ ভৱনতে তেওঁক এক অবৈতনিক চাকৰি প্ৰদান কৰে। [1]

খগেন গগৈ টোকাৰী গীতৰো কণ্ঠশিল্পী। ভূপেন উজীৰৰ উদ্যোগত তেওঁ ‘বৈৰাগী’ নামৰ এক টোকাৰী গীতৰ কেছেটত কণ্ঠদান কৰে। গগৈ আছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দ্বাৰা স্বীকৃত টোকাৰী গীতৰ শিল্পী। ‘দিচাংমুখৰ পেঁপাটি’ খগেন গগৈয়ে কণ্ঠদান কৰা প্ৰথমটো বিহুগীতৰ কেছেট। এমটিভিৰ ক’ক ষ্টুডিঅ’ত গীত পৰিৱেশন কৰা গগৈ অসমৰ প্ৰথমগৰাকী লোকশিল্পী। [1]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

২০২১ চনত সদৌ অসম ছাত্ৰ সন্থাই গগৈক প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰে।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]