অমৃতা গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অমৃতা গগৈ
জন্ম ২২ ডিচেম্বৰ, ১৯৯১
শিৱসাগৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষানুষ্ঠান কটন কলেজ
গুৱাহাটী বিশ্ববিদ্যালয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৫-বৰ্তমান
জনা যায় অহেতুক
দাম্পত্যসঙ্গী মনদ্বীপ কাকতি
পিতৃ-মাতৃ অমৃত গগৈ
দেৱজীতা গগৈ
বঁটা, সন্মান, পুৰস্কাৰ আদি প্ৰাগ চিনে বঁটা

অমৃতা গগৈ (ইংৰাজী: Amrita Gogoi) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী।[1] ২০১৫ চনত মুক্তিপ্ৰাপ্ত অহেতুক নামৰ অসমীয়া চলচ্চিত্ৰ খনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰজগতত প্ৰৱেশ কৰে।

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৯১ চনৰ ২২ ডিচেম্বৰত শিৱসাগৰ জিলাৰ কালিগাঁ‌ৱত অমৃতা গগৈৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম অমৃত গগৈ আৰু মাতৃৰ নাম দেৱজীতা গগৈ। তেওঁ চতুৰ্থ শ্ৰেণীলৈ জয়সাগৰ সাধাৰণ প্ৰাথমিক বিদ্য়ালয়ত অধ্য়য়ন কৰি তাৰপিছত বৰপাত্ৰ দ'ল উচ্চ বিদ্যালয়, কালুগাওঁত নাম লগায় ৷তাৰ পিছত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত কলা শাখাত অধ্যয়ন কৰে ৷ কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

তেওঁ ২০১৯ চনৰ ৩ অক্টোবৰ তাৰিখে মনদ্বীপ কাকতিৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ ২০২১ চনত তেওঁলোকৰ এজনী ছোৱালী সন্তান জন্ম হয় ৷[উদ্ধৃতিৰ প্ৰয়োজন]

নৃত্যশিল্পীৰূপে অমৃতা গগৈ[সম্পাদনা কৰক]

তিনিবছৰ বয়সত তেওঁ প্ৰথমতে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈছিল ৷ ৩ বছৰ বয়সতে তেওঁ পোনপ্ৰথমবাৰৰ বাবে শিৱসাগৰৰ আমগুৰিত কৃষ্ণনৃত্য প্ৰদৰ্শন কৰিছিল ৷ তেওঁ ২০১০ চনত ৰং চেনেলে আয়োজন কৰা “মই অসম দেশৰ ছোৱালী” শীৰ্ষক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু বিজয়ীয়ো হৈছিল ৷ তেওঁ বহুকেইটা ভিডিঅ’ সংগীতত অভিনয় কৰিছিল আৰু বাবু বৰুৱাৰ “পেডেল মাৰি মাৰি” শীৰ্ষক ভিডিঅ’ গীতটোৰ যোগেদি বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷[উদ্ধৃতিৰ প্ৰয়োজন]

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

অভিনেত্ৰীৰূপে চলচ্চিত্ৰত[সম্পাদনা কৰক]

চন চিনেমা চৰিত্ৰ পৰিচালক টোকা
২০১৫ অহেতুক জয়িতা বাণী দাস শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী, প্ৰাগ চিনে বঁটা,২০১৫
২০১৭ কোঁৱৰপুৰৰ কোঁৱৰ মাইনা ৰাজেশ ভূঞা
২০১৭ দূৰ পূজা কংকণ ৰাজখোৱা
২০১৭ চয়গাঁ‌ৱৰ চম্পা চম্পা চন্দ্ৰ মুদৈ
২০১৮ নিজানৰ গান ময়ূৰী মুন্না আহমেদ
২০১৯ ইপাৰ সিপাৰ প্ৰণৱজ্যোতি ভৰাঁ‌লী
২০১৯ প্ৰতিঘাত অচিন্ত শংকৰ
২০২০ ৰাইন’ এক্সপ্ৰেছ মণি সিন্হা
চন চিৰিয়েল চৰিত্ৰ পৰিচালক
২০২০-২১ সৰাপাত দ্বীপেন নাথ

বঁ‌টা[সম্পাদনা কৰক]

বৰ্ষ থিয়েটাৰ নাটক পৰিচালক
২০১৬-২০১৭ হেঙুল থিয়েটাৰ[2]
চন বঁ‌টা শ্ৰেণী চলচ্চিত্ৰ ফলাফল
২০১৫ প্ৰাগ চিনে বঁটা,২০১৫ শ্ৰেষ্ঠ অভিনেত্ৰী অহেতুক বিজয়ী
২০১৭ প্ৰাগ চিনে বঁটা,২০১৭ শ্ৰেষ্ঠ অভিনেত্ৰী দূৰ মনোনীত

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Amrita Gogoi- Film Music and Videos". Filmiclub. http://www.filmiclub.com/person/amrita-gogoi-a1hcd0r। আহৰণ কৰা হৈছে: 22 April 2016. 
  2. "Amrita Gogoi All Set For Her Theatre Debut". Magicalassam.com. 5 June 2016. http://www.magicalassam.com/2016/06/amrita-gogoi-actress.html। আহৰণ কৰা হৈছে: 23 July 2017.