ৰাজঘাট সমাধি পৰিসৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহাত্মা গান্ধীৰ সমাধি

ৰাজঘাট ভাৰতৰ দিল্লীত অৱস্থিত জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ। পূৰ্বতে ৰাজঘাট ঐতিহাসিক পুৰণি দিল্লী বা ছাহজাহানবাদত অৱস্থিত ঘাটৰ নাম আছিল এই ঘাট দৰিয়াগঞ্জৰ পূবত অৱস্থিত গড়েৰে পৰিবেষ্টিত নগৰৰ ৰাজঘাট গেট যমুনা নদীৰ পশ্চিম পাৰৰ ৰাজঘাটত মিলিছিল।[1][2] পিছলৈ মহাত্মা গান্ধীৰ স্মৃতিক্ষেত্ৰ খনৰ নামো ৰাজঘাট হয়। গান্ধীজীৰ মৃত্যুৰ এদিন পিছত অৰ্থাৎ ১৯৪৮ চনৰ ৩১ জানুৱাৰী তাৰিখে এই স্থানতে তেওঁৰ অন্তিম সৎকাৰ কৰা হৈছিল। এই স্থানত ক'লা মাৰ্বলৰ এক বেদীত তেওঁ অন্তিম সময়ত উচ্চাৰণ কৰা "হে ৰাম" দেৱনাগেৰী লিপিত খোদিত কৰা হৈছে। ইয়াৰ এফালে অখণ্ড জ্যোতি প্ৰজ্বলিত কৰি থোৱা হৈছে। এই স্থান দিল্লীৰ ৰিং ৰ'ড বা চৰকাৰী ভাবে মহাত্মা গান্ধী পথত অৱস্থিত। ইয়াৰ কাষেৰে স্মৃতিক্ষেত্ৰলৈ শিলেৰে নিৰ্মিত পদপথ আছে। ইয়াৰ লগতে মহাত্মা গান্ধী যাদুঘৰো ইয়াৰ কাষতে অৱস্থিত।

ৰাজঘাট সমাধি পৰিসৰত অৱস্থিত অন্যান্য স্মৃতিক্ষেত্ৰ[সম্পাদনা কৰক]

মহাত্মা গান্ধীৰ উপৰিও ইয়াত কেইবাগৰাকী বিখ্যাত নেতাৰ সমাধিস্থল ৰাজঘাটত অৱস্থিত। এই স্থানত দেশ-বিদেশৰ নেতা আৰু বিখ্যাত ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহে। ইয়াৰ লগতে ৰাজঘাট পৰিসৰত অৱস্থিত উদ্যানত গছপুলি ৰোপণ কৰে। প্ৰতিবছৰে সমাধিক্ষেত্ৰ সমূহত স্মৃতিচাৰণৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াত অৱস্থিত অন্যান্য নেতাৰ সমাধিক্ষেত্ৰ সমূহ হ'ল:

ৰাজঘাট সমাধি পৰিসৰত অৱস্থিত স্মৃতিক্ষেত্ৰ সমূহ
নাম পদবী/শিৰোনাম মৃত্যুৰ চন স্মৃতিস্থলৰ নাম মাটিকালি
(একৰ)[3]
বৈশিষ্ট্য
মহাত্মা গান্ধী জাতিৰ পিতা ১৯৪৮ ৰাজঘাট ৫.১ ক'লা মাৰ্বলৰ এক বেদীত তেওঁ অন্তিম সময়ত উচ্চাৰণ কৰা "হে ৰাম" দেৱনাগেৰী লিপিত খোদিত
জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী ১৯৬৪ শান্তিবন ৫২.৬ উদ্ভিদেৰে পৰিবেষ্টিত বেদী
লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী ১৯৬৬ বিজয় ঘাট ৪০ ১৯৬৫ চনত ভাৰত-পাকিস্তান যুদ্ধত তেওঁৰ নেতৃত্বত ভাৰত জয়ী হৈছিল
ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ১৯৮৪ শক্তি স্থল ৪৫ ৰঙা বৰণৰ এটা বৃহৎ শিল
জগজীৱন ৰাম ভাৰতৰ চতুৰ্থ উপ-প্ৰধানমন্ত্ৰী ১৯৮৬ সমতা স্থল ১২.৫
চৌধুৰী চৰণ সিং ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী ১৯৮৭ কিষান ঘাট ১৯
ৰাজীৱ গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী ১৯৯১ বীৰ ভূমি ১৫ সম্পূৰ্ণকৈ ফুলি থকা শিলৰ পদুমফুলৰ চাৰিওফালে তেওঁৰ জীৱনকালক সূচোৱা ৪৬ টা পদুমফুল, ভাৰতৰ গোটেইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিল ইয়াৰ চাৰিওফালে সিঁচৰত[4]
গিয়ানী জাইল সিং ভাৰতৰ সপ্তম ৰাষ্ট্ৰপতি ১৯৯৪ একতা স্থল ২২.৫৬
শংকৰ দয়াল শৰ্মা[5] ভাৰতৰ নৱম ৰাষ্ট্ৰপতি ১৯৯৯ কৰ্ম ভূমি বিজয় ঘাটৰ কাষত
দেৱী লাল ভাৰতৰ ষষ্ঠ উপ-প্ৰধানমন্ত্ৰী ২০০১ সংঘৰ্ষ স্থল কিষান ঘাটৰ কাষত
চন্দ্ৰ শেখৰ ভাৰতৰ অষ্টম প্ৰধানমন্ত্ৰী ২০০৭ জননায়ক স্থল[6]
ইন্দেৰ কুমাৰ গুজৰাল ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী ২০১২ স্মৃতি স্থল
অটল বিহাৰী বাজপেয়ী ভাৰতৰ দশম প্ৰধানমন্ত্ৰী ২০১৮ ৰাষ্ট্ৰীয় স্মৃতি স্থল ৰাজঘাট আৰু বিজয় ঘাটৰ ওচৰত

চিত্ৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

স্থানাংক: 28°38′26″N 77°14′58″E / 28.640550°N 77.249433°E / 28.640550; 77.249433