সৰ্বোদয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

সৰ্বোদয়া হৈছে এটা সংস্কৃত শব্দ যাৰ অৰ্থ হৈছে 'সৰ্বজনীন উন্নতি' বা 'সকলোৰে প্ৰগতি'। মহাত্মা গান্ধীয়ে ১৯০৮ চনত জন ৰাস্কিনৰ ৰাজনৈতিক অৰ্থনীতিৰ ওপৰত ৰচা আনটু দিছ লাষ্টৰ অনুবাদৰ শিৰোনাম হিচাপে এই শব্দটি ব্যৱহাৰ কৰিছিল, আৰু গান্ধীয়ে তেওঁৰ নিজৰ ৰাজনৈতিক দৰ্শনৰ আদৰ্শৰ বাবে শব্দটো ব্যৱহাৰ কৰিছিল।[1] পিছত ভাৰতীয় অহিংসা কৰ্মী ভিনোবা ভাৱেৰ দৰে গান্ধীৱানসকলে স্বাধীনতাৰ পিছৰ ভাৰতত সামাজিক আন্দোলনৰ নাম হিচাপে এই শব্দটো গ্ৰহণ কৰিছিল যি ভাৰতীয় সমাজৰ সকলো পৰ্য্যায়ত আত্মনিৰ্ধাৰণ আৰু সমতা উপনীত কৰাৰ প্ৰচেষ্টাক নিশ্চিত কৰিছিল।

২য় শতিকাৰ আৰম্ভণিতে এজন প্ৰথিতব্য দিগমবাৰা ভিক্ষু সমান্তভদ্ৰই Mahāvīratīrthaক 'সৰ্বোদয়' বুলি কৈছিল।[2]

উৎস আৰু গান্ধীৰ ৰাজনৈতিক ধাৰণা[সম্পাদনা কৰক]

১৯০৪ চনত উকীল হিচাপে কাম কৰি থাকোঁতে গান্ধীয়ে ব্ৰিটিছ বন্ধু হেনৰি পোলাকৰ পৰা ৰাস্কিনৰ আনটু দিছ লিষ্ট কিতাপখন লাভ কৰে। তেওঁ আত্মজীৱনীত উল্লেখ কৰিছে যে ডুৰবান(য'ৰ পৰা কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিছিল)ৰ পৰা ২৪ ঘণ্টীয়া ৰে'লযাত্ৰাত ৰাস্কিনৰ চিন্তাত ডুবি তেওঁ অলপো শুব পৰা নাছিল:- "এই কিতাপখনৰ আদৰ্শেৰে মই মোৰ জীৱনটো সলনি কৰিবলৈ সিদ্ধান্ত ল'লো। "[3] গান্ধীয়ে ধাৰ্য কৰা অনুসৰি ৰাস্কিনৰ সামাজিক-ৰাজনৈতিক জীৱন তিনিটা কেন্দ্ৰীয় ধাৰণাত প্ৰবাহিত:

চাৰি বছৰ পিছত, ১৯০৮ চনত গান্ধীয়ে ৰাস্কিনৰ কিতাপখন স্থানীয় ভাষা গুজৰাটীলৈ অনুবাদ কৰে। তেওঁ কিতাপখনৰ শিৰোনাম দিয়ে সৰ্বোদয়া, এটা সংস্কৃত শব্দ, যিটো তেওঁ দুটা সংস্কৃত মূলীয় শব্দৰ পৰা আনিছে- সৰ্বা মানে সকলো আৰু উদয় মানে উন্নতি অৰ্থাৎ - "সকলোৰে উন্নতি"।

ৰাস্কিনৰ দ্বাৰা অনুপ্ৰাণিত হ'লেও গান্ধীৰ বাবে শব্দটো তেওঁৰ নিজৰ ৰাজনৈতিক আদৰ্শৰো প্ৰতীক হৈ থিয় দিলে। (Indeed, Gandhi was keen to distance himself from Ruskin's more conservative ideas.)[4]গান্ধীয়ে তেওঁৰ আশ্ৰমসমূহত অনুশীলন কৰিবলৈ চেষ্টা কৰা আদৰ্শ আছিল তেওঁৰ আশা, বিশ্বৰ আন জাতিবোৰৰ বাবে পোহৰ হ'ব পৰাকৈ সমগ্ৰ ভাৰতক আকৰ্ষণ কৰিবলৈ সৈমান কৰিব পৰা। গান্ধীৱান সামাজিক আদৰ্শত শ্ৰমৰ সন্মান, সম্পদৰ সমবিতৰণ, সাম্প্ৰদায়িক স্বাৱলম্বীতা আৰু ব্যক্তিগত স্বাধীনতাৰ কথা উল্লেখ হৈছিল।[5]

সৰ্বোদয়া আন্দোলন[সম্পাদনা কৰক]

গান্ধীৰ এটা মুখ্য প্ৰকল্প ভাৰতীয় স্বাধীনতাপ্ৰাপ্তিলৈকে তেওঁৰ আদৰ্শ ভালদৰে চলিছিল। তেওঁৰ অনুগামীসকলে (বিশেষকৈ বিনোৱা ভাবে) ভাৰতত তেওঁৰ আদৰ্শৰ সমাজখনৰ বাবে কাম কৰি গৈছিল আৰু এওঁলোকৰ প্ৰচেষ্টাকেই সৰ্বোদয়া আন্দোলন বোলা হৈছিল। অনিমা বসুৱে এই আন্দোলনক এইবুলি আখ্যা দিছিল- "আমি এতিয়ালৈকে জনা জনতাৰ গণতন্ত্ৰৰ ধাৰণাবোৰৰ এইটো এটা সম্পূৰ্ণ আৰু সচ্ছল ধাৰণা। " ১৯৫০ আৰু ১৯৬০ চনৰ সময়ত বিনোৱা ভাবে আৰু তেওঁৰ সৰ্বোদয়া সহযোগী জয় প্ৰকাশ নাৰায়ণ, দাদা ধৰ্মাধিকাৰী, ৰবি শংকৰ মহাৰাজ, ধীৰেন্দ্ৰ মজুমদাৰ, শংকৰাও দেউ, কে জি মাছৰুৱালা আদিয়ে স্ব-আয়োজনৰ জনপ্ৰিয়তাক উৎসাহ যোগাবলৈ ভূদান, গ্ৰামদান আন্দোলন প্ৰভৃতি বিভিন্ন কৰ্মত অগ্ৰসৰ হৈছিল। এই যোগসূত্ৰৰে বহুতো গোটে আজি ভাৰতত স্থানীয়ভাৱে কাম কৰি আছে।

গান্ধীৰ ভস্ম ৰখাৰ প্ৰথমবাৰ্ষিকীৰ পৰা শ্ৰীৰংগপাটনা আৰু টিৰুনাভয়াত এক বাৰ্ষিক সৰ্বোদয়া মেলা বা মহোৎসৱ অনুষ্ঠিত হৈছে।[6] পিছত এইটো কে কালাপানে অনুষ্ঠিত কৰিছিল।[7][8]

তথ্যউৎস[সম্পাদনা কৰক]

  1. Bondurant, Joan. Conquest of Violence: The Gandhian Philosophy of Conflict. (Princeton, 1958) p 156.
  2. Upadhye, Dr. A. N. (2000). Mahavira His Times and His philosophy of life. Bharatiya Jnanpith. https://books.google.com/books?id=GHfzERhGUjQC. 
  3. 3.0 3.1 Autobiography, part IV, chapter xviii.
  4. See Bondurant (1958), pp. 156-159.
  5. Bondurant (1958), chapter 5.
  6. Sharath S. Srivatsa, "A confluence by the Cauvery", The Hindu, 12 February 2006.
  7. T. Madhava Menon, A handbook of Kerala, Volume 2, Thiruvananthapuram: International School of Dravidian Linguistics, 2002, আই.এচ.বি.এন. 9788185692272, p. 617.
  8. Tourist Guide to Kerala, Chennai: Sura, 2008, আই.এচ.বি.এন. 9788174781642, p. 40.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]