জগজিৎ সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
জগজিৎ সিং

২০১১ ভুৱনেশ্বৰত চনত সংগীত পৰিবেশন কৰি থকা সময়ত জগজিৎ সিং
জন্ম জগমোহন সিং ধিমান
৮ ফেব্ৰুৱাৰী, ১৯৪১
শ্ৰী গংগানগৰ, বিকানেৰ, ব্ৰিটিছ ভাৰত
(বৰ্তমানৰ ৰাজস্থান, ভাৰত)
মৃত্যু ১০ অক্টোবৰ, ২০১১ (৭০ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা সংগীত পৰিচালক, সুৰকাৰ, কণ্ঠশিল্পী
দাম্পত্যসঙ্গী চিত্ৰা সিং (বি. ১৯৬৯)
সন্তান
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ গজল, শাস্ত্ৰীয়, ভক্তিমূলক, লোকসংগীত, ভজন
বাদ্যযন্ত্ৰ কণ্ঠ, হাৰমনিয়াম, তানপুৰা, পিয়ান', তবলা
কাৰ্যকাল ১৯৬০–২০১১

জগজিৎ সিং (ইংৰাজী: Jagjit Singh) ভাৰতৰ এজন সুপ্ৰসিদ্ধ গজল গায়ক আৰু সংগীত বিশাৰদ। গজলৰ যাদুৰে তেওঁ দেশবাসী আৰু বিদেশৰ শ্ৰোতাকো মোহাচ্ছন্ন কৰি ৰাখিছিল। পদ্মভূষণ সন্মানেৰে সন্মানিত সিঙে হিন্দীৰ উপৰি উৰ্দু, পঞ্জাবী, গুজৰাটী আৰু নেপালী ভাষাটো গীত গাইছিল। গজল সম্ৰাট ৰূপে খ্যাত জগজিৎ সিঙক ভাৰতৰ আধুনিক গজলৰ এজন অগ্ৰদূত বুলি গণ্য কৰা হয়। তেওঁৰ গজলৰ ভাৱ আৰু সুৰৰ এক স্বকীয় বৈশিষ্ট্য আৰু সন্মোহিনী শক্তি আছিল। তেওঁ কলা আৰু সংস্কৃতিৰ ৰাজনীতিকৰণত বিৰোধিতা কৰিছিল আৰু ভাৰতৰ পৰম্পৰাগত কলা বিশেষকৈ লোককলাৰ শিল্পী তথা সংগীতজ্ঞসকলৰ হকে মাত মাতি আহিছিল।[1]

জন্ম আৰু প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

জগজিৎ সিংৰ জন্ম হয় ১৯৪১ চনৰ ৮ ফেব্ৰুৱাৰীত ৰাজস্থানৰ শ্ৰীগংগা নগৰত। তেওঁৰ পিতৃ-মাতৃৰ নাম অমৰ সিং ধীমান আৰু বচন কৌৰ। শিখ ধৰ্মাৱলম্বী জগজিৎ সিঙক পৰিয়ালৰ লোকে জিৎ বুলি মাতিছিল।[2] পিতৃ-মাতৃয়ে আই এ এছ বিষয়া হোৱাটো বিচাৰিছিল যদিও সংগীতৰ প্ৰতি অন্ধ জগজিত সিঙে কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পঢ়া আধাতে সামৰি ভাগ্যৰ সন্ধানত ১৯৬৫ চনত মুম্বাইত উপস্থিত হয়।[3] জীৱন সংগ্ৰাম কৰিব লগীয়া হোৱা সময়খিনিত তেওঁ জিংগলছ (বিজ্ঞাপনৰ গীত) গাইছিল। নিজকে এজন গায়ক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়াৰ সময়খিনিতে জগজিতৰ গজল গায়িকা চিত্ৰাৰ লগত চিনাকি হয় আৰু পাছলৈ বিবাহপাশত আৱদ্ধ হয়। দুয়ো গজলৰ জৰিয়তে যথেষ্ট খ্যাতি অৰ্জন কৰে।[4]

সংগীত জীৱন[সম্পাদনা কৰক]

সৰুৰে পৰাই জগজিৎ সিঙৰ গানৰ প্ৰতি আকৰ্ষণ আছিল। গানৰ প্ৰতি আগ্ৰহ দেখি তেওঁৰ পিতৃয়ে পণ্ডিত চগনলাল শৰ্মাৰ ওচৰত গান শিকাৰ ব্যৱস্থা কৰি দিয়ে। জগজিৎ সিঙে ওস্তাদ জামাল খাঁৰ ওচৰত ছবছৰকাল সংগীত শিকে, লাভ কৰে খেয়াল থুমৰী, ধ্ৰুপদত পাৰদৰ্শিতা। জগজিৎ সিঙে তেওঁৰ সাংগীতিক যাত্ৰা গুৰুদ্বাৰত ভক্তিগীত 'শৱদ' গাই আৰম্ভ কৰিছিল। জলন্ধৰ অনাতাঁৰ কেন্দ্ৰতো গায়ক হিচাপে সুযোগ লাভ কৰা জগজিৎ সিঙে মুম্বাইলৈ নেপথ্য শিল্পী হিচাপে যোগদানৰ বাবে ১৯৬১ চনত আহে যদিও সেইবাৰ তেওঁ সফল হ'ব পৰা নাছিল। সেয়ে ১৯৬৫ চনত পুনৰ মুম্বাইত উপস্থিত হয়। সেই সময়তে তেওঁ এইচ এম ভিত দুটা গজল ৰেকৰ্ড কৰাৰ সুবিধা লাভ কৰে।[5]

মৃত্যু[সম্পাদনা কৰক]

২০১১ চনৰ ২৩ ছেপ্টেম্বৰত মগজুৰ ৰক্তক্ষৰণৰ হোৱাত মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰা হয়। শেষত এই ৰোগৰ বাবেই ২০১১ চনৰ ১০ অক্টোবৰত পুৱা ৮.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ গায়িকা পত্নী চিত্ৰা সিঙক এৰি থৈ যায়।[6][7][8]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-11 অক্টোবৰ ২০১১
  2. http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  3. http://ajirdainikbatori.com/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  4. http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  5. http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  6. http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  7. http://ajirdainikbatori.com/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  8. http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১