তবলা
| অৱনদ্ধ বাদ্য | |
|---|---|
| শ্ৰেণী | ভাৰতীয় অৱনদ্ধ বাদ্য |
| আনুষঙ্গিক বাদ্য | |
| মৃদং, খোল | |
তবলা ভাৰতীয় সংগীতৰ এটা জনপ্ৰিয় বাদ্য। বহুতৰ মতে দিল্লীৰ সুধাৰ খাঁ (সিদ্ধাৰ খাঁ) ঢাঢ়ীহে তবলাবাদ্যৰ জন্মদাতা। সুধাৰ খাঁ আছিল ষোড়শ শতিকাৰ সম্ৰাট আকবৰৰ দিনৰ তবলাবাদক। সুধাৰ খাঁৰ তবলা আবিষ্কাৰ কৰাৰ সন্দৰ্ভত কাহিনী এটিও আছে। সেই সময়ত দিল্লীত ভগবান দাস নামৰ আৰু এজন পাখোৱাজ বাদক আছিল। তেওঁ সুধাৰ খাঁৰ সমকক্ষ। এই দুয়োজন লোকৰ মাজত এবাৰ পাখোৱাজ বাদনৰ প্ৰতিযোগিতা চলিছিল। প্ৰতিযোগিতাত সুধাৰ খাঁ পৰাজিত হয়। পৰাজিত হৈ খং আৰু বেজাৰত পাখোৱাজটোক দুটুকুৰা কৰে। সিমানতো পাখৌজীয়াজনৰ পাখোৱাজ বজোৱাৰ হেঁপাহ নপলাল। দুডোখৰ হৈ থকা সেই বাদ্যক হাতৰ তলুৱাৰে নবজাই আঙুলিৰে বজাব পৰাকৈ নিৰ্মাণ কৰে। এইদৰেই তবলাবাদ্য আবিষ্কৃত হ'ল। সুধাৰ খাঁয়েই পাখোৱাজৰবাদন ৰীতি সাল সলনি ঘটাই তাক ফুটাই তুলিলে তবলা বাদ্যত। অৱশ্যে সুধাৰ খাঁৰ সময় আৰু নামৰো মতান্তৰ আছে। কোনো কোনোৰ মতে সুধাৰ খাঁ ষোড়শ শতিকাৰ নহয়; অষ্টাদশ শতিকাৰ প্ৰথম ভাগৰ হে; আৰু সুধাৰ খাঁ নামটো এটা উপনামহে।

গঠন
[সম্পাদনা কৰক]বায়াঁ বা ডুগী
[সম্পাদনা কৰক]তবলাৰ যিটো ভাগ বাওঁ হাতেৰে বজোৱা যায়, তাকে বাঁয়া বা ডুগী বোলে। ইয়াৰ উচ্চতা প্ৰায় ন ইঞ্চি মান। অৱশ্যে ইয়াতকৈ ওখ বাঁয়াও কোনো কোনোৱে ব্যৱহাৰ কৰে। বায়াঁ সাধাৰণতে মাটি, এলুমিনিয়াম, তাম বা পিতলৰ হয়। ইয়াৰ মুখখনো চাম্ৰাৰে ছোৱা। বায়াঁৰ প্ৰধান ভাগ বা অঙ্গ আঠটা।
ডুগীৰ অংগ
[সম্পাদনা কৰক]- পুড়ী বা ছাউনি - যি ছালেৰে বায়াঁৰ মুখ ঢকা থাকে, তাকে পুড়ী বোলে। সাধাৰণতে বায়াঁৰ পুড়ী দাইনাৰ পুড়ীতকৈ কিছু ডাঠ।
- কুড়ী - বায়াঁৰ মাটিৰ, তামৰ বা পিতলৰ অংশটোক কুড়ী বোলে। সাধাৰণতে বায়াঁৰ এই পেটটো (কুড়ী) দাইনাতকৈ ওফোন্দা। বায়াঁৰ কুড়ী সাধাৰণতে দায়াঁতকৈ পাতল।
- স্যাহী বা চিয়াঁহী - পূড়ীৰ সোঁমাজত থকা ক'লা গোলাকাৰ পদাৰ্থটোৰ নাম স্যাহী। স্যাহীক লোৰ গুৰি আৰু ভাত বা তেনে আঠাৰে তৈয়াৰী কৰা হয়।
- গজৰা বা সিংগাৰ - পুড়ীৰ চাৰিওফালে চামৰাৰ ৰচিৰে গুঠি কৰা গোল পাগুৰি বা মেটটোক গজ্ৰা বা সিংগাৰ বোলে। এই গজৰাৰ ওপৰত আঠটা ঘাট বা ঘৰ থাকে।
- লৱ বা মৈদান - স্যাহীৰ চৰিওফালে পুড়ীৰ যি অংশ ওলাই থাকে সেই অংশকে লৱ বা মৈদান বোলে।
- চাঁটী বা কিনাৰ - লৱ আৰু গজৰাৰ মাজত প্ৰায় আধা ইঞ্চি বহল যি চালখন লগা থাকে, তাকে চাঁটী বা কিনাৰ বোলে।
- বদ্দি - গজ্ৰাৰ ওপৰত ষোলটা ভাগ বা ঘৰ আছে। ঘৰবোৰৰ মাজেৰে চাম্ৰাৰ ফিতা তবলাৰ কাঠৰ গুটি কেইটাৰ ওপৰেদি গৈ তলৰ চাম্ৰাৰ মেৰটোৰ (গুড়ৰী) সৈতে টনা থাকে। এই ফিতাকে বদ্দি বোলে।
- গট্টা - বদ্দিক আৱশ্যক অনুযায়ী টানি ৰাখিবৰ বাবে আঠোটা প্ৰায় দুই ইঞ্চি দীঘল কাঠৰ টুকুৰা বা গুটি ব্যৱহাৰ কৰা হয়। এই টুকুৰা বোৰক গট্টা বোলে।
- গুড়ৰী - তবলাৰ একেবাৰে তলৰ ভাগৰ চামৰাৰ ৰচিৰে কৰা এটা মেৰ বা পাগুৰী আছে। ইয়াক বদ্দিৰ দ্বাৰা পুড়ীক টানি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা যায়। এই মেৰটোক গুড়ৰী বোলা হয়।
ডাঁয়া
[সম্পাদনা কৰক]তবলা মিলোৱাৰ নিয়ম
[সম্পাদনা কৰক]যি ৰাগ, গত্ বা গীতৰ লগত তবলা বজাবলৈ লোৱা হয়, সেই ৰাগৰ বা গতৰ যৰজ বা পঞ্চমত তবলাৰ (দাইনাৰ সুৰ) মিলাই তবলাৰ সুৰ বান্ধি লব লাগে। সেই ৰাগৰ পঞ্চমত যদি গুৰুত্ব দিয়া নহয় বা পঞ্চম যদি বৰ্জিত হয়, তেনে ক্ষেত্ৰত মধ্যমত তবলাৰ সুৰ বান্ধিব লাগে।
যি সুৰত তবলা বান্ধিবলৈ লোৱা হয় সেই সুৰৰ লগত তবলটোৰ সুৰৰ পাৰ্থক্যনো কিমান, তাকেহে প্ৰথমে নিৰ্দ্ধাৰণ কৰি লোৱাৰ আৱশ্যক। তালৈকে তবলাৰ 'তিন্' বাণীৰ মাতটোক, মিলাবলৈ লোৱা সুৰৰ লগত ৰিজাই চাব লাগিব। তাৰতম্য অধিক যেন দেখিলে প্ৰথমে তবলাৰ গট্টাক হাতুৰিৰ দ্বাৰা উঠুৱা নমোৱা কৰি লব লগিব। ইয়াৰ পিচত 'গজৰা'ত হাতুৰিৰ দ্বাৰা আঘাত কৰি তবলাৰ সুৰ মিলাই লব পৰা যায়। হাতুৰিৰ দ্বাৰা আঘত কৰাৰ নিয়মটো হল, বাওঁহাতত হাতুৰিটো লৈ তাৰে গজৰাত আঘাত কৰি সোঁহাতেৰে, সুৰ মিলিছেনে নাই, তাকে 'তিন্' বাণী বজাই চাব লাগে। গজ্ৰাৰ ওপৰত হাতুৰিৰ আঘাত হলে সুৰ ওপৰলৈ উঠিব আৰু গজ্ৰাৰ তলৰ ফালৰ পৰা আঘাত কৰিলে সুৰ তললৈ নামিব।
ঘৰাণা
[সম্পাদনা কৰক]তবলাৰ ক্ষেত্ৰত ৬টা মুখ্য ঘৰাণা দেখিবলৈ পোৱা যায়:-
কেইজনমান বিখ্যাত তবলাবাদকৰ তালিকা:
- উস্তাদ সিদ্দাৰ খান (দিল্লী ঘৰাণা)
- হাজী বিলায়েত খান (ফাৰুখাবাদ ঘৰাণাৰ প্ৰতিষ্ঠাতা)
- উস্তাদ মুনিৰ খান (ফাৰুখাবাদ ঘৰাণা)
- উস্তাদ আহম্মদজান থেৰাকুয়া (ফাৰুখাবাদ ঘৰাণা)
- উস্তাদ কেৰামতুল্লা খাঁ
- উস্তাদ নিসাৰ হুছেইন খাঁ
- পণ্ডিত শামতা প্ৰসাদ
- পণ্ডিত আনোখেলাল মিশ্ৰ
- কিষণ মহাৰাজ
- উস্তাদ আল্লাৰাখা
- উস্তাদ জাকীৰ হুছেইন
- উস্তাদ জুলফীকৰ হুছেইন
তবলাৰ বৰ্ণমালা
[সম্পাদনা কৰক]সোঁহাতেৰে বজোৱা
বাওঁহাতেৰে বজোৱা
|
দুইহাতেৰে একেলগে বজোৱা
বিশেষ
|
বিভাগ
তবলাৰ তালসমূহত থকা সৰু সৰু মাত্ৰাবোৰক কিছুমান সৰু, ডাঙৰ ভাগত ভাগ কৰা থাকে। এই ভাগবোৰকে সঙ্গীতৰ ভাষাত বিভাগ বুলি কোৱা হয়। এই বিভাগবোৰত মাত্ৰাৰ সংখ্যা এটাৰ পৰা কেইবাটাওলৈকে থকা দেখা যায়৷ বিভাগ বুজাবলৈ মাত্ৰাবোৰৰ মাজত থিয়কৈ | চিন দিয়া হয় । তলত ৬ মাত্ৰাৰ দাদৰা তালৰ দুটা ভাগ দেখুওৱা হ`ল -
মাত্ৰাৰ সংখ্যা ১ ২ ৩ ৪ ৫ ৬ বোল ধা ধিন না | ধা তুন না চিহ্ন x ০