সমললৈ যাওক

বিদ্যা ৰাও (অভিনেত্ৰী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বিদ্যা ৰাওৰ পৰা পুনঃনিৰ্দেশিত)
বিদ্যা ৰাও
জন্ম ডিব্ৰুগড়
বাসগৃহ ৰিহাবাৰী, গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা অভিনয়
সক্ৰিয় হৈ থকা সময় ১৯৬১- ২০০২
উল্লেখযোগ্য কৰ্ম
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী এম পি এন নায়াৰ
পিতৃ-মাতৃ গোপাল ৰাও (পিতৃ)
তনু ৰাও (মাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি
  • ফণী শৰ্মা বঁটা
  • জীৱনজোৰা সাধনাৰ বঁটা
  • আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা

বিদ্যা ৰাও (ইংৰাজী: Bidya Rao) এগৰাকী অসমীয়া আৰু বঙালী ছবিৰ অভিনেত্ৰী। তেওঁৰ অধিকাংশ চলচ্চিত্ৰ-কৰ্ম অসমীয়া ভাষাতেই সম্পন্ন হৈছে। ডিব্ৰুগড় নগৰত জন্ম হোৱা বিদ্যা ৰাও কলিকতা মহানগৰত ডাঙৰ-দীঘল হৈছিল। ছয়বছৰ বয়সতে ড॰ ভূপেন হাজৰিকা পৰিচালিত শকুন্তলা বোলছবিত এটা শিশু চৰিত্ৰত কৰা অভিনয়ৰে তেওঁ ছবিজগতত পদাৰ্পন কৰে। তেওঁ বাৰখন বঙালী ভাষাৰ ছবিত অভিনয় কৰিছে। ইয়াৰোপৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো তেওঁ অভিনয় কৰিছিল।[1]

বিদ্যা ৰাওৱে সত্তৰৰ পৰা আশীৰ দশকত কেইবাখনো জনপ্ৰিয় আৰু ব্যৱসায়িকভাৱে সফল ছবি উপহাৰ দিয়ে। বিজু ফুকন, নিপন গোস্বামী, তপন দাসকে ধৰি অসমীয়া ছবি-জগতৰ একাধিক নবীন আৰু প্ৰবীণ অভিনেতাৰ লগত তেওঁ অভিনয় কৰে। 'প্ৰতিধ্বনি', 'অৰণ্য', 'মানৱ আৰু দানৱ', 'ঘৰ সংসাৰ', 'জীৱন সুৰভি', 'পূজা', 'হৃদয়ৰ আঁৰে আঁৰে', 'অংগীকাৰ'ৰ দৰে বহুতো ছবিত তেওঁ মুখ্য চৰিত্ৰকে ধৰি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ড॰ ভূপেন হাজৰিকা, শিৱপ্ৰসাদ ঠাকুৰ, সমৰেন্দ্ৰ নাৰায়ণ দেৱ, পুলক গগৈ, ড॰ ভবেন্দ্ৰ নাথ শইকীয়া দৰে বিশিষ্ট চলচ্চিত্ৰকাৰৰ দ্বাৰা পৰিচালিত ছবি বিদ্যা ৰাওক ভিন্-ভিন্ ৰূপত দেখা গৈছিল।[2]

অসমীয়া ছবিজগতলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসমৰ অগ্ৰণী অনুষ্ঠান 'জ্যোতিৰূপা'ৰ পৰা বিদ্যা ৰাওৱে 'জীৱনজোৰা সাধনাৰ বঁটা' লাভ কৰিছে। অসম চৰকাৰে তেওঁক 'নটসূৰ্য ফণী শৰ্মা বঁটা'ৰে সন্মানিত কৰিছে।

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

অসমীয়া[উদ্ধৃতিৰ প্ৰয়োজন] মাতৃ আৰু মহাৰাষ্ট্ৰীয় পিতৃৰ সন্তান বিদ্যা ৰাওৰ জন্ম হৈছিল অসমৰ ডিব্ৰুগড় নগৰত। ডাঙৰ-দীঘল হয় কলকাতা মহানগৰীত। ছবি বিতৰক তথা অসমীয়া ছবি সোণ মইনাৰ প্ৰযোজক এম পি এন নায়াৰৰ সৈতে তেওঁৰ বিবাহ হয়। নায়াৰ আছিল এগৰাকী মালয়ালম লোক; গুৱাহাটীত তেওঁৰ এটা ছবি বিতৰণ কাৰ্যালয় আছিল। অসম আৰু কেৰালাৰ প্ৰাকৃতিক সাদৃশ্য থকা গুণে নায়াৰৰ অসমৰ প্ৰতি এক আকৰ্ষণ আছিল আৰু অসমলৈ উভতি আহিবলৈ আগ্ৰহী আছিল। সেই সূত্ৰেই বিদ্যা ৰাও স্বামীৰ সৈতে ১৯৮০ চনত স্থায়ীভাবে বাস কৰিবলৈ গুৱাহাটীলৈ গুচি আহে।[1]

কৰ্ম-জীৱন

[সম্পাদনা কৰক]

অসমীয়া ছবি জগতত

[সম্পাদনা কৰক]
সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দ্বাৰা পৰিচালিত অসমীয়া ছবি 'অৰণ্য'ৰ প'ষ্টাৰত বিজু ফুকন আৰু বিদ্যা ৰাও

১৯৬১ চনত মুক্তিলাভ কৰা ড॰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত ছবি 'শকুন্তলা'ত বিদ্যা ৰাওক এটি শিশু চৰিত্ৰত পোনপ্ৰথমবাৰৰ বাবে দেখা যায়। সেই সময়ত তেওঁৰ বয়স আছিল মাথোঁ ছবছৰ।[3]১৯৬৫ চনত তেখেতে 'প্ৰতিধ্বনি' আৰু ১৯৬৬ চনত 'লটিঘটি'ত অভিনয় কৰে। এই দুয়োখন ছবিৰো নিৰ্মাতা আছিল ড॰ ভূপেন হাজৰিকা। 'লটিঘটি'ত তেওঁ কেন্দ্ৰীয় নাৰী চৰিত্ৰটিত অভিনয় কৰে।[2]

১৯৭১ চনত ৰাৱে সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পৰিচালনাত 'অৰণ্য'ত মুখ্য নাৰী চৰিত্ৰ ৰূপায়ণ কৰে। ছবিখনে আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ শিতানত ৰজত কমল লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিখনে ব্যৱসায়িক সফলতাও লাভ কৰে। ছবিখনত তেওঁৰ বিপৰীতে অভিনয় কৰে বিজু ফুকনে। ছবিখনৰ 'শিলে শিলে ঠেকা খালে' শীৰ্ষক গীতটো শ্ৰোতা-দৰ্শকৰ মাজত জনপ্ৰিয় হৈ উঠে, য'ত বিদ্যা ৰাওক দেখিবলৈ পোৱা গৈছিল। এই ছবিখন ৰাওৰ কেৰিয়াৰৰ এখনি গুৰুত্বপূৰ্ণ ছবি হিচাপে বিবেচিত হয়। কিয়নো, ইয়াৰ পিছতে তেওঁলৈ বহুকেইখন অসমীয়া ছবিত অভিনয়ৰ প্ৰস্তাৱ আহিবলৈ ধৰে।[2]

ৰাওৰ অভিনয়-জীৱনৰ আন দুখন উল্লেখযোগ্য কথাছবি হৈছে-শিৱপ্ৰসাদ ঠাকুৰৰ পৰিচালনাৰে 'ঘৰ সংসাৰ' আৰু 'মন-মন্দিৰ'। দুয়োখন ছবিতেই ৰাওক নায়িকাৰ ৰূপত দেখা যায়। ছবি দুখনে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। পুলক গগৈৰ পৰিচালনাত মুক্তি লাভ কৰা অসমীয়া ছবি 'সেন্দূৰ' ৰাওৰ জীৱনৰ আন এখন স্মৰণীয় ছবি।[2] ছবিখনত তপন দাসে নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। তপন দাসে সৰুতে বিদ্যা ৰাও অভিনীত 'সংগ্ৰাম', 'মুকুতা' আৰু 'অৰণ্য' আদি ছবি প্ৰত্যক্ষ কৰিছিল। সেয়েহে প্ৰথমাৱস্থাত সেইগৰাকী অভিনেত্ৰীৰ লগত 'ৰোমাণ্টিক যুটী' হিচাপে অভিনয় কৰিবলৈ সামান্য নাৰ্ভাচ হৈছিল। পৰিচালক পুলক গগৈৰ উৎসাহ আৰু বিদ্যা ৰাওৰ সহযোগিতাই তেওঁৰ সেই বিব্ৰতবোধ দূৰ কৰিছিল।[2]

অসমৰ গল্পকাৰ, চলচ্চিত্ৰকাৰ, সাহিত্যিক ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা পৰিচালিত 'সাৰথি'ত বিদ্যা ৰাৱে এটি ব্যতিক্ৰমী চৰিত্ৰ ৰূপায়ণ কৰিছিল। ১৯৯১ চনত ছবিখন মুক্তি হয়। ছবিখনে ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজতকমল পাবলৈ সক্ষম হৈছিল।[4]

বঙালী ছবিজগতত

[সম্পাদনা কৰক]

বিদ্যা ৰাওৱে বাৰখন বঙালী ভাষাৰ ছবিত অভিনয় কৰিছিল। সৌমিত্ৰ চেটাৰ্জী, উত্তম কুমাৰ, অনুপ কুমাৰ সেন, সত্য বেনাৰ্জী, ৰবি ঘোষৰ দৰে অভিনয়-শিল্পীৰ লগত তেওঁ কাম কৰিছে।[2]

টেলিভিছনৰ জগতত

[সম্পাদনা কৰক]

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত হোৱা ধাৰাবাহিকত বিদ্যা ৰাওৱে অভিনয় কৰিছে। ইয়াৰোপৰি তেখেতে সন্ধ্যাতৰা, বিষবাষ্প, ১৪ আগষ্ট, আকাশী লতাৰ ৰং, সীমা আদি টিভি চিৰিয়েল প্ৰযোজনা কৰিছিল।[3]

ভ্ৰাম্যমাণ থিয়েটাৰত

[সম্পাদনা কৰক]

১৯৮৪ চনত বিদ্যা ৰাৱে কহিনুৰ থিয়েটাৰৰ মঞ্চত অভিনয় কৰিছিল। উক্ত নাট্যবৰ্ষতে তেওঁ মহাভাৰত নাটকৰ 'দ্ৰৌপদী'ৰ ভূমিকাত অৱতীৰ্ণ হৈছিল।[2]

প্ৰযোজক হিচাপে

[সম্পাদনা কৰক]

বিদ্যা ৰাৱে অসমীয়া ছবি মইনাজান প্ৰযোজনা কৰিছিল।[2] আনহাতে তেওঁৰ স্বামী এম পি এন নায়াৰ 'সোণ মইনা' নামৰ ছবিখনৰ অন্যতম প্ৰযোজক আছিল।[2]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

বিদ্যা ৰাৱে বহুকেইখন অসমীয়া ছবিত মূল ভূমিকাত বা সহযোগী চৰিত্ৰত অভিনয় কৰাৰ উপৰিও প্ৰায় ২০খন বঙালী ছবিতো অভিনয় কৰে।[5][1][3]

চন ছবিৰ নাম ভাষা টোকা
১৯৬১শকুন্তলাঅসমীয়াশিশু চৰিত্ৰ
১৯৬৪প্ৰতিধ্বনিঅসমীয়া
১৯৬৬লটিঘটিঅসমীয়াবিজয় শঙ্কৰৰ বিপৰীতে নায়িকা। ১৯৬৫ৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ছবি।
১৯৬৮সংগ্ৰামঅসমীয়া
১৯৬৯চিকমিক বিজুলীঅসমীয়া
১৯৭০অপৰাজেয়অসমীয়াসহয়োগী অভিনেত্ৰী
১৯৭০মুকুতাঅসমীয়া১০০ দিন পাৰ কৰা প্ৰথম অসমীয়া ছবি।
১৯৭১মানৱ আৰু দানৱঅসমীয়া
১৯৭১অৰণ্যঅসমীয়ানায়িকা। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ছবি।
১৯৭৭সোণমাঅসমীয়া
১৯৭৮নিয়তিঅসমীয়া
১৯৮০আজলী নবৌঅসমীয়াঅন্যতম নায়িকাৰ ভাওত অভিনয়। ছবিগৃহত ২৫ সপ্তাহ জুৰি চলা প্ৰথম অসমীয়া ছবি।
১৯৮০মইনাজানঅসমীয়ানায়িকা। মইনাৰ চৰিত্ৰত।
১৯৮১মানসীঅসমীয়া
১৯৮৩শ্ৰী শ্ৰী মা কামাখ্যাঅসমীয়ানায়িকা
১৯৮৩ঘৰ সংসাৰঅসমীয়ানায়িকা
১৯৮৪সেন্দূৰঅসমীয়ানায়িকা
১৯৮৪নয়নমণিঅসমীয়া
১৯৮৪জীৱন সুৰভিঅসমীয়ানায়িকা
১৯৮৫পূজাঅসমীয়া
১৯৮৫মন মন্দিৰঅসমীয়া
১৯৮৭প্ৰতিদানঅসমীয়া
১৯৮৭জেতুকীঅসমীয়া
১৯৯১প্ৰেম জনমে জনমেঅসমীয়া
১৯৯২সাৰথিঅসমীয়ামুখ্য নাৰী চৰিত্ৰত অভিনয়
১৯৯৫উৰ্বশীঅসমীয়া
১৯৯৬ৰাগ-বিৰাগঅসমীয়া
২০০২জোনাকী মনঅসমীয়া
২০০২প্ৰেম আৰু প্ৰেম অসমীয়া
২০১২তুলা আৰু তেজা অসমীয়া
২০১২সমীৰণ বৰুৱা আহি আছেঅসমীয়াঅতিথি শিল্পী
১৯৬৬পৰীবঙালী
১৯৬৬দোল গোবিন্দেৰ কড়চাবঙালী
১৯৬৮তিন অধ্যায়বঙালী
১৯৬৯শেষ থেকে শুৰুবঙালী
১৯৭৩অগ্নি ভ্ৰমৰবঙালী
১৯৭৩বন পলাশীৰ পদাবলীবঙালী
১৯৭৩নতুন দিনেৰ আলোবঙালী
১৯৮৩চেনা অচেনাবঙালী

বঁটা-বাহন

[সম্পাদনা কৰক]
  • অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা কমিটিয়ে বিদ্যা ৰাওক ২০১৮ চনত পৰিবেশ্য কলালৈ (Performing Art) আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ভৱেন বৰুৱা বঁটা আগবঢ়ায়। এই বঁটাত থাকে নগদ দহহাজাৰ টকা, এখন প্ৰশস্তি পত্ৰ আৰু এখন চেলেং-চাদৰ।[6]
  • তেওঁ আঞ্চলিক আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বাছনি কমিটিৰ জুৰী সদস্যৰ আসন অলংকৃত কৰিছিল।[3]
  • জীৱনজোৰা সাধনাৰ বঁটা, জ্যোতিৰূপা
  • অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ সোঁৱৰণত আগবঢ়োৱা বঁটা[2]
  • নটসূৰ্য ফণী শৰ্মা বঁটা, অসম চৰকাৰ
  • প্ৰাগ চিনে বঁটা[2]

তথ্য উংস

[সম্পাদনা কৰক]
  1. 1 2 3 "Dramatis Persona - Personality- Vidya Rao". https://www.telegraphindia.com/states/north-east/dramatis-persona-personality/cid/1550050 আহৰণ কৰা হৈছে: 27-09-2019.
  2. 1 2 3 4 5 6 7 8 9 10 11 ভাগৱতী, কমল কুমাৰ (৪ জুলাই, ২০২১). "অসমৰ জনপ্ৰিয় নায়িকা বিদ্যা ৰাও". দৈনিক অসম. প্ৰকাশক গুৱাহাটী. পৃষ্ঠা দেওবৰীয়া পৰিপূৰিকা, পৃষ্ঠা ৪. Archived from the original on 9 July 2021. https://web.archive.org/web/20210709185016/https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/07/04/dainik-asam/2404/epaper-page-16?infinitescroll=1 আহৰণ কৰা হৈছে: 4 July 2021.
  3. 1 2 3 4 "https://www.imphaltimes.com/news/item/14954-vidya-rao-to-attend-guwahati-press-club-program". 9-7-2019. https://www.imphaltimes.com/news/item/14954-vidya-rao-to-attend-guwahati-press-club-program আহৰণ কৰা হৈছে: 29-09-2019.
  4. "39th national Film Festival, Page 52, 147". 1992. https://www.dff.nic.in/images/Documents/78_39ndNfacatalogue.pdf.
  5. "Bidya Rao- Actress, Supporting Actress". https://www.moviebuff.com/bidya-rao আহৰণ কৰা হৈছে: 28-09-2019.
  6. "Bhaben Baruah Award to be conferred on Bidya Rao". 2018. Archived from the original on 2018-08-08. https://web.archive.org/web/20180808111602/http://www.assamtribune.com/scripts/detailsnew.asp?id=aug0818/state050 আহৰণ কৰা হৈছে: 29-09-2019.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]