মইনাজান
মইনাজান Mainajan | |
---|---|
মইনাজানৰ এটা গীতৰ দৃশ্য | |
পৰিচালক | দেৱকুমাৰ |
কাহিনী | প্ৰেম |
প্ৰযোজক | এম পি এন নায়াৰ |
অভিনয়ত | নিপন গোস্বামী বিদ্যা ৰাও |
চিত্ৰগ্ৰহণকাৰী | নলীন দুৱৰা |
সম্পাদনা | মণি অধিকাৰী |
সংগীত পৰিচালক | খগেন মহন্ত |
মুক্তি |
১৪ নবেম্বৰ ১৯৮০ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
মইনাজান (ইংৰাজী: Mainajan) ১৯৮০ চনত মুক্তি লাভ কৰা, দেৱকুমাৰ পৰিচালিত এখন ক'লা-বগা অসমীয়া ছবি। সঙ্গীত খগেন মহন্তৰ। ছবিখন প্ৰেম পিকচাৰচৰ বেনাৰ প্ৰযোজনা কৰিছিল এম পি এন নায়াৰে। এইখন নায়িকা বিদ্যা ৰাওৰ ঘৰুৱা প্ৰডাকচনৰ চিনেমা আছিল। প্ৰযোজক নায়াৰ বিদ্যা ৰাওৰ স্বামী আছিল।[1]
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]মইনাজান এক পাৰিবাৰিক কাহিনীৰে নিৰ্মিত ছবি। জীৱন আৰু জান দুই ভাই-ককাই। জীৱনে বিয়া কৰাইছে জেউতিক। ঘৰত বৃদ্ধা মাক। মইনা সেই গাঁৱৰে সহজ-সৰল, নিৰাখৰী ছোৱালী। সৰুৰে পৰা উমলি-জামলি ডাঙৰ হোৱা জান আৰু মইনাই ইজনে সিজনৰ প্ৰতি আকৃষ্ট হয়।[1]
এনেতে ঘৰখনত এক অঘটন ঘটিল। বেমাৰত পৰি বৃদ্ধা মাকৰ মৃত্যু হ’ল। ডাক্তৰৰ অভাৱত বিনা চিকিৎসাই মাকৰ মৃত্যু হোৱাত জীৱনে প্ৰতিজ্ঞা কৰিলে যে ভায়েক জানক ডাক্তৰী পঢ়াব। পঢ়ি উঠি ভায়েকে গাঁৱতে চিকিৎসা-সেৱা আগবঢ়াব। ঘৰ-সম্পত্তি, আ-অলংকাৰ সকলো বন্ধকীত দি জানক চহৰলৈ ডাক্তৰী পঢ়াবলৈ পঠালে। জানে কিন্তু ককায়েকে কিমান ত্যাগ আৰু কষ্টৰ বিনিময়ত ভায়েকক পঢ়ুৱাইছে, সেই বিষয়ে অলপো জ্ঞাত নহয়।[1]
জান ডাক্তৰ হৈ ওলাল। কিন্তু চহৰৰ ৰংচঙীয়া পৰিবেশত তেওঁ গাঁওখনৰ কথা, ঘৰখনৰ কথা পাহৰি গ’ল। মইনাক পাহৰি জান চহৰৰ আধুনিকা গাভৰু ৰীণাৰ প্ৰতি আকৃষ্ট হ’ল। ৰীণাৰ সহযোগত তেওঁ বিদেশলৈ যোৱাৰ প্ৰস্তুতি চলালে।[1]
কিন্তু এৰি অহা জীৱনটোক পাহৰা জানো ইমান সহজ। এদিন জানৰ জ্ঞানচক্ষু মুকলি হ’ল। অৱশেষত তেওঁ উভতি আহিল নিজৰ ওপজা গাঁওখনলৈ।[1]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- নিপন গোস্বামী
- বিদ্যা ৰাও
- হৰি ডেকা
- অনিল দাস
- মিনতি দাস
- জ্বলী চৌধুৰী
- ইৰাণ দত্ত ফুকন
- অমু (অমিতাভ গগৈ)
- ধৰণী চৌধুৰী (অতিথি শিল্পী)
- আৰতি বৰুৱা[1]
সংগীত
[সম্পাদনা কৰক]ছবিৰ সঙ্গীত পৰিচালনা খগেন মহন্তৰ। গীত লিখিছে কেশৱ মহন্তই।[1]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কণ্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "তুমি হেনো কৰুণাসাগৰ, তুমিতো কাৰো নধৰা জগৰ" | কেশৱ মহন্ত | অৰ্চনা মহন্ত | |||||||
2. | "বাঁহৰ মূঢ়া বগৰীৰ গুড়া, এটা যে আছিল বঢ়া" | কেশৱ মহন্ত | খগেন মহন্ত | |||||||
3. | "জোনটি ওলালে তৰাটি ওলাব, জোনক জানো সুধি চায়" | কেশৱ মহন্ত | খগেন মহন্ত, অৰ্চনা মহন্ত | |||||||
4. | "এই বৰষাতে মোৰ সপোনতে তুমি কোন সুমধুৰ দুখ" | কেশৱ মহন্ত | মিতালী চৌধুৰী | |||||||
5. | "কোমলকৈ বাঁহৰেঐ লেকেচি লেহুকা, পাতলকৈ পাবতে পাখি" | কেশৱ মহন্ত | খগেন মহন্ত, অৰ্চনা মহন্ত, নিকুঞ্জলতা মহন্ত, দীগেন মহন্ত, দিলীপ গগৈ, বলো কাকতি আদি |
তথ্য উৎস
[সম্পাদনা কৰক]
|