সমললৈ যাওক

দেৱ কুমাৰ বসু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেৱ কুমাৰ বসু
বাসগৃহ ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম দেৱকুমাৰ
বংশদ্ভূত বঙালী
পেচা চলচ্চিত্ৰ পৰিচালক
পিতৃ-মাতৃ দেৱকী বসু (পিতৃ)

দেৱ কুমাৰ বসু (ইংৰাজী: Deb Kumar Bose) এগৰাকী বঙালীভাষী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ অসমীয়া ছবিৰ উপৰিও মণিপুৰী ছবি মাতামগি মণিপুৰ পৰিচালনা কৰিছিল। তেওঁৰ পিতৃ আছিল বিখ্যাত চলচ্চিত্ৰ পৰিচালক দেৱকী বসু। অমৰ পাঠকে পৰিচালনা কৰা সংগ্ৰাম (১৯৬৮) ছবিৰ যোগেদি অসমীয়া ছবিৰ সৈতে বসুৰ সম্পৰ্ক ঘটে। তেওঁ পৰিচালক অমৰ পাঠকৰ সৈতে যুটীয়াভাবে চুপাৰহিট এই ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল। তেওঁ পৰিচালনা কৰা প্ৰথম অসমীয়া ছবি শেষ বিচাৰ (১৯৭১)। ছবিখন পিছে ফ্লপ হয়। তেওঁ পৰিচালনা কৰা আন দুখন ছবি হ’ল নিশাৰ চকুলো (১৯৭৯) আৰু মইনাজান (১৯৮০)।[1][2]

মণিপুৰী ছবিৰ জনক

[সম্পাদনা কৰক]

বসুৱে শ্বিলঙলৈ যাওঁতে তাত এগৰাকী মণিপুৰী ব্যৱসায়ী কৰম মোহন সিঙক লগ পায়। সিঙে তেওঁক মণিপুৰলৈ গৈ মণিপুৰী ভাষাত চিনেমা নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁৰ সহকাৰী জয়ন্ত পুৰকায়স্থৰ সৈতে ডিমাপুৰ হৈ ইম্ফলত উপস্থিত হ’ল। মঞ্চনাট তীৰ্থযাত্ৰাৰ আধাৰত মাতামগি মণিপুৰ (Matamgi Manipur) নামেৰে ছবি এখন নিৰ্মাণ কৰাৰ সিদ্ধান্ত কৰা হ’ল। কিন্তু সেইসময়ত মণিপুৰত চিনেমা নিৰ্মাণ কৰাৰ কোনো পৰিগাঁঠনি নাছিল। মণিপুৰত বহিৰ্দৃশ্য গ্ৰহণ কৰি বাকী সকলো কাম কলকাতাত কৰা হৈছিল। তেওঁৰ এই চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰধান সহযোগী আছিল ইম্ফলৰ ডি এম কলেজৰ দৰ্শনশাস্ত্ৰৰ শিক্ষক আৰু পিছলৈ মণিপুৰী ভাষাৰ শীৰ্ষস্থানীয় পৰিচালক হোৱা অৰিবাম শ্যাম শৰ্মা। অৰিবাম শ্যাম শৰ্মাই ছবিখনৰ সঙ্গীতো পৰিচালনা কৰিছিল। ১৯৭২ চনৰ ৯ এপ্ৰিলত মুক্তি পোৱা ছবিখনে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। জনতাৰ ভীৰ চম্ভালিবলৈ পুলিচে বেৰিকেড লগাবলগীয়া হৈছিল। মাতামগি মণিপুৰ মণিপুৰী ভাষাৰ প্ৰথম ছবি।[1]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • মাতামগি মণিপুৰ ১৯৭২ৰ ২০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত মণিপুৰী ভাষা শিতানত শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰিছিল।[3]
  • মণিপুৰী ছবিৰ বাটকটীয়া বসুলৈ আঞ্চলিক আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ২০১৮ চনৰ কৰম মোহন জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছিল।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "চিত্ৰাঙ্গদাৰ দেশে ক্যামেৰা নিয়ে দেবকুমাৰ". Anandabazar Patrika. https://www.anandabazar.com/supplementary/rabibashoriyo/film-director-deb-kumar-bose-and-his-journey-through-time-1.895722 আহৰণ কৰা হৈছে: 22 December 2020.
  2. Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 144, 289.
  3. "20th National Awards for Films". https://www.dff.nic.in/images/Documents/94_22ndNfacatalogue.pdf আহৰণ কৰা হৈছে: 10-10-2019.
  4. "uni". United News of India. http://www.uniindia.com/~/karam-monomohan-award-conferred-to-debkumar-bose/States/news/1271902.html আহৰণ কৰা হৈছে: 22 December 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]