শ্বিলং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(শ্বিলঙৰ পৰা পুনঃনিৰ্দেশিত)
শ্বিলং
—  মেঘালয়ৰ ৰাজধানী  —
Shillong.jpg
Mary Help of Christians Cathedral, Shillong – Front Side (2).jpg
Ward's Lake.jpg
Elephant Falls II.jpg
Shillong Airport terminal building 4.jpg
Shillong City.jpg
ঘড়ীৰ কাঁটাৰ দিশত শীৰ্ষৰ বাওঁফালৰ পৰা সোঁফাললৈ:
শ্বিলঙৰ এটি দৃশ্য, ৱাৰ্ডছ্ লেক, শ্বিলং বিমান বন্দৰ, পুলিচ বাজাৰ, এলিফেণ্ট জলপ্ৰপাত, মেৰি হেল্প অব খ্ৰীষ্টিয়ানছ্ কেথেড্ৰেল
অন্য নাম: পূবৰ স্কটলেণ্ড
দেশ  ভাৰত
ৰাজ্য মেঘালয়
জিলা পূব খাছী পাৰ্বত্য
Named for Deity
মাটিকালি
 - মেঘালয়ৰ ৰাজধানী ৬৪.৩৬ কি.মি. 
(২৪.৮ বৰ্গ মাইল)
উচ্চতা ১,৪৯৫−১,৯৬৫ মিটাৰ (−৪,৯৫১.৮৫ ফুট)
জনসংখ্যা (২০১১)[1]
 - মেঘালয়ৰ ৰাজধানী ১,৪৩,২২৯ জন
 - জনঘনত্ব ২৩৪ প্ৰতি বৰ্গ কি.মি. 
(৬০৬.১ প্ৰতি বৰ্গ মাইল)
 - মহানগৰ ৩,৫৪,৭৫৯ জন
বিশেষণ নং চৰ
Languages
 - Official খাছী (দ্বিতীয়- ইংৰাজী)
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
PIN ৭৯৩ ০০১ – ৭৯৩ ১০০
Telephone code ০৩৬৪
যানবাহনৰ নম্বৰ ML-05
Climate উপক্ৰান্তীয় হাইলেণ্ড
ৱেবছাইট eastkhasihills.gov.in

শ্বিলং (ইংৰাজী: Shillong)[2][3] উত্তৰ-পূৱ ভাৰতৰ এটি পাহাৰীয়া কেন্দ্ৰ আৰু মেঘালয় ৰাজ্যৰ ৰাজধানী। সমুদ্ৰপৃষ্ঠৰ পৰা গড়ে ৪,৯০৮ ফুট (১,৪৯৬ মিটাৰ) উচ্চতাত অৱস্থিত শ্বিলং পূৱ খাছী পাহাৰ জিলাৰ মূল কেন্দ্ৰ। ইয়াৰ সৰ্বোচ্চ বিন্দু শ্বিলং পিকৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ৬,৪৪৯ ফুট (১,৯৬৬ মিটাৰ)। ২০১১ চনৰ লোকপিয়ল অনুসৰি ১,৪৩,২২৯ গৰাকী লোকৰ বসতিৰে শ্বিলং ভাৰতৰ ৩৩০তম জনবহুল চহৰ।[4] কোৱা হয় যে চহৰখনৰ অকোৱা-পকোৱা পাহাৰসমূহে স্কটলেণ্ডৰ ইউৰোপীয় বাসিন্দাসকলক মনত পেলায় দিয়ে। সেইবাবে শ্বিলঙক "পূৱৰ স্কটলেণ্ড" বুলিও জনা যায়।[5]

১৮৬৪ চনত ব্ৰিটিছে শ্বিলঙত খাছী আৰু জয়ন্তীয়া পাহাৰৰ অসামৰিক কেন্দ্ৰ স্থাপন কৰাৰ পিছৰে পৰা ইয়াৰ দ্ৰুত বিকাশ হ'বলৈ ধৰে। ১৮৭৪ চনত অসমক মুখ্য আয়ুক্তৰ এলেকা হিচাপে গণ্য কৰাৰ পিছত ইয়াক নতুন প্ৰশাসনিক ব্যৱস্থাৰ মুখ্যকেন্দ্ৰৰূপে বাছি লোৱা হৈছিল। ইয়াৰ কাৰণ আছিল ব্ৰহ্মপুত্ৰ আৰু সুৰমা উপত্যকাৰ মাজত শ্বিলঙৰ সুবিধাজনক অৱস্থান আৰু ভাৰতৰ ক্ৰান্তীয় অঞ্চলসমূহৰ তুলনাত ইয়াৰ শীতল জলবায়ু। ১৯৭২ চনৰ ২১ জানুৱাৰীত মেঘালয় ৰাজ্য গঠন হোৱাৰ পূৰ্বলৈ শ্বিলঙেই অবিভক্ত অসমৰ ৰাজধানী আছিল। তেতিয়াৰ পৰা শ্বিলং নৱগঠিত মেঘালয়ৰ ৰাজধানীৰূপে পৰিগণিত হয় আৰু অসমৰ ৰাজধানী গুৱাহাটীস্থিত দিছপুৰলৈ স্থানান্তৰ কৰা হয়।

ইতিহাস[সম্পাদনা কৰক]

ব্ৰিটিছৰ শাসনকালত আৰু পৰৱৰ্তী সময়ত মেঘালয় ৰাজ্য স্থাপন হোৱাৰ পূৰ্বলৈ শ্বিলং বৰ অসমৰ ৰাজধানী আছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্ৰিটিছ প্ৰশাসনিক বিষয়া ডেভিদ স্কট আছিল গৱৰ্ণৰ জেনেৰেলৰ উত্তৰ-পূব সীমান্তৰ প্ৰতিনিধি। ইংৰাজ আৰু মানৰ প্ৰথম যুদ্ধৰ সময়ত ব্ৰিটিছ বিষয়াসকলে ছিলেট আৰু অসম সংযোগী এটা পথৰ প্ৰয়োজন অনুভৱ কৰিছিল। সেই পথটো খাছী আৰু জয়ন্তীয়া পাহাৰৰ মাজেৰে পাৰ হৈ যাবলগীয়া আছিল।  খাছী চিয়েমসকল আৰু তেওঁলোকৰ মূৰব্বীৰ পৰা সন্মুখীন হোৱা বিৰোধক ডেভিদ স্কটৰ প্ৰশাসনে প্ৰতিহত কৰিছিল। খাছী পাহাৰৰ ঠাণ্ডা জলবায়ুৰ প্ৰতি মোহিত হৈ ১৮২৯ চনত ব্ৰিটিছসকলে তেওঁলোকৰ বাবে এটা স্বাস্থ্য-নিবাস স্থাপন কৰিবলৈ চোহৰাৰ ছিয়েমৰ সৈতে চুক্তি কৰিছিল। এনেদৰে খাছী-জয়ন্তীয়া পাহাৰৰ প্ৰতি থকা ব্ৰিটিছসকলৰ আগ্ৰহটো সুদৃঢ় হয়।

ইয়াৰ পিছতে বিদেশী আগ্ৰাসনৰ বিৰুদ্ধে খাছীসকলৰ এটা ডাঙৰ বিদ্ৰোহ আৰম্ভ হৈছিল। এই বিদ্ৰোহ ১৮২৯ চনৰ প্ৰথমভাগতে আৰম্ভ হৈ ১৮৩৩ চনৰ জানুৱাৰী মাহলৈ চলিছিল। অৱশেষত খাছী মূৰব্বীসকলৰ সংঘৱদ্ধ প্ৰচেষ্টাও ব্ৰিটিছ সামৰিক শক্তিৰ ওচৰত নগণ্য হৈ পৰিল। ডেভিদ স্কটৰ চুক্তি অনুসৰি খাছীসকলৰ নেতা টিৰট সিঙে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল। তেওঁক বন্দী কৰি ৰাখিবলৈ ডেক্কালৈ (এতিয়াৰ ঢাকা) পঠিওৱা হৈছিল। খাছীসকলৰ প্ৰতিৰোধৰ পিছত পাহাৰবোৰত এজনকৈ ৰাজনৈতিক প্ৰতিনিধি নিযুক্তি দিয়া হয়, যাৰ মুখ্য কাৰ্যালয় চোহৰাত আছিল, আৰু ইয়াক চেৰাপুঞ্জী নামেৰেও জনা গৈছিল। কিন্তু চোহৰাৰ জলবায়ু আৰু সা-সুবিধাই ব্ৰিটিছসকলক সুখী কৰা নাছিল। তেওঁলোকে তাৰ পিছত শ্বিলঙলৈ গুচি গ'ল, যিখন ঠাই তেতিয়া স্থানীয় লোকসকলে কোৱাৰ দৰে য়েড্ডো বা "লিউডুহ" নামেৰে জনাজাত আছিল। পিছলৈ "শ্বিলং" নামটো গ্ৰহণ কৰা হৈছিল, কাৰণ নতুন চহৰখনৰ অৱস্থান শ্বিলং শৃংগৰ তলত আছিল।

১৮৭৪ চনত শ্বিলঙক প্ৰশাসনৰ আসন হিচাপে লৈ এটা সুকীয়া মুখ্য আয়ুক্তৰ পদ গঠন কৰা হৈছিল। নতুন প্ৰশাসনত বৰ্তমান বাংলাদেশৰ অংশ হিচাপে পৰিগণিত হোৱা চিলেটক অন্তৰ্ভুক্ত কৰা হৈছিল। মুখ্য আয়ুক্ত পদত অন্তৰ্ভুক্ত আছিল নগা পাহাৰ (বৰ্তমানৰ নাগালেণ্ড), লুছাই পাহাৰ (বৰ্তমানৰ মিজোৰাম)ৰ লগতে খাচী, জয়ন্তীয়া আৰু গাৰো পাহাৰ। ১৯৬৯ চনত স্বায়ত্তশাসিত মেঘালয় ৰাজ্য গঠন হোৱাৰ আগলৈকে শ্বিলং বৰ অসমৰ ৰাজধানী আছিল। ১৯৭২ চনৰ জানুৱাৰী মাহত মেঘালয়ক পূৰ্ণাংগ ৰাজ্য হিচাপে গঢ়ি তোলা হয়।

১৮৯৭ চনৰ ১২ জুনত হোৱা বৰ ভূঁইকপটোও শ্বিলঙৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়। সেই ভূমিকম্পটোৰ প্ৰাৱল্য আছিল প্ৰায় ৮.১। ভূমিকম্পটোত শ্বিলঙৰ ২৭ গৰাকী বাসিন্দা নিহত হোৱাৰ উপৰি চহৰখনৰ এটা বৃহৎ অংশ ধ্বংস হৈছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Shillong City Population Census 2011 | Meghalaya". www.census2011.co.in. http://www.census2011.co.in/census/city/187-shillong.html. 
  2. "Define Shillong". Dictionary.com. http://dictionary.reference.com/browse/Shillong। আহৰণ কৰা হৈছে: 31 October 2013. 
  3. "Definition of Shillong". The Free Dictionary. http://www.thefreedictionary.com/Shillong। আহৰণ কৰা হৈছে: 31 October 2013. 
  4. "List of Most populated cities of India". http://www.census2011.co.in/city.php. 
  5. Rao, Sachin. "Travel: Shillong, India – ‘Scotland of the east’" (en ভাষাত). The Scotsman. http://www.scotsman.com/news/travel-shillong-india-scotland-of-the-east-1-3481504। আহৰণ কৰা হৈছে: 19 February 2017.