চিকমিক বিজুলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিকমিক বিজুলী
Chikmik Bijuli

চিকমিক বিজুলীৰ পোষ্টাৰ
পৰিচালক ভূপেন হাজৰিকা
চিত্ৰনাট্য ভূপেন হাজৰিকা
কাহিনী ভূপেন হাজৰিকা
প্ৰযোজক তাৰাচান্দ বৰজাত্য, ভূপেন হাজৰিকা
অভিনয়ত বিদ্যা ৰাও
বিজয় শঙ্কৰ
চিত্ৰগ্ৰহণকাৰী অনিল গুপ্ত
সংগীত পৰিচালক ভূপেন হাজৰিকা
মুক্তি
২৮ অক্টোবৰ ১৯৬৯
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

চিকমিক বিজুলী (ইংৰাজী: Chikmik Bijuli) ১৯৬৯ চনত মুক্তি পোৱা এখন অসমীয়া কথাছবি। ছবিৰ পৰিচালনা, সঙ্গীত, কাহিনী, চিত্ৰনাট্য আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। ছবিখন ৰাজশ্ৰী প্ৰডাকচনৰ তাৰাচান্দ বৰজাত্য আৰু কামৰূপ চিত্ৰৰ ভূপেন হাজৰিকাই যৌথভাবে প্ৰযোজনা কৰিছিল। ছবিখনৰ গীতৰ লং প্লেয়িং ৰেকৰ্ড উলিওৱা হৈছিল। এইখনেই আছিল লং প্লেয়িং ৰেকৰ্ড উলিওৱা প্ৰথম অসমীয়া ছবি। তাৰোপৰি ইয়াত হিন্দী ছবিৰ বহুকেইগৰাকী অভিনেতায়ো অভিনয় কৰিছিল।[1]

কাহিনী[সম্পাদনা কৰক]

বিজুলী এজন ৱিড়িৱালাৰ জীয়ৰী। গুৱাহাটীৰ ফাঁচীবজাৰ এলেকাত ৰহস্যময়ীৰ দৰে ঘূৰি ফুৰা, কালৈকে ভ্ৰূক্ষেপ নকৰা ছোৱালীজনী নাচে-গানে পাকৈত। নিঠৰুৱা এই ছোৱালীজনী এদিন সত্ৰীয়া নাচ শিকিলে। পিছত সেই নাচৰ স্কুলতে শিকাৰুবোৰক নাচ শিকাবলৈ ল'লে। আপত্তি আহিল। ৱিড়িৱালাৰ সৈতে পথে-ঘাটে নাচি-বাগি বিড়িৰ কেনভাচিং কৰি ফুৰা ছোৱালীজনীয়ে সত্ৰীয়া নাচ কেনেকৈ শিকাব? বিজুলী অপমানিত হয়। নাচৰ স্কুল বন্ধ হৈ গ'ল।[1]

চহৰৰ বিখ্যাত ব্যৱসায়ী আৰু পক্ষীৰাজ বিড়ি কোম্পানীৰ মালিক কেশ মহাজনে আৰু তেওঁৰ ঘাই পৰিচালক বনমালী শইকীয়াই কৌশলেৰে বিজুলীক বিড়ি কোম্পানীৰ প্ৰচাৰৰ অজুহাতত লৈ আহিল। থাকিব দিলে চহৰৰ বদনামী অঞ্চল এটাত। তাতেই তাইৰ সঙ্গী হ'ল বিধবা আজলী আৰু তেওঁৰ পুত্ৰ ভাইটি। হৰজিত সিঙৰ গেৰেজত মেকানিকৰ কাম কৰে প্ৰশান্তই। প্ৰশান্তই বিজুলীক ভাল পাই বিয়াৰ প্ৰস্তাৱ দিলে। কিন্তু এই বিয়াত বাধা দিলে কেশ মহাজন আৰু বনমালী শইকীয়াই। কাৰণ তেওঁলোকৰ উদ্দেশ্য আছিল বেলেগ।[1]

অভিনয়ত[সম্পাদনা কৰক]

  • শশাঙ্ক সোম
  • জয়ৰাজ
  • মনমোহন
  • ভোলা কাকতি
  • দেৱবালা চলিহা
  • অৰুণ ৰায়
  • ডেভিদ
  • ইলা কাকতি (নৃত্যশিল্পীৰ ৰূপত) আদি[1]

সঙ্গীত[সম্পাদনা কৰক]

ছবিৰ সঙ্গীত পৰিচালনা আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। ইয়াত বলীউদৰ কণ্ঠশিল্পী কিশোৰ কুমাৰ, মুকেশ আৰু সুমন কল্যাণপুৰেও ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ সৈতে গীত গাইছে।[2]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "পক্ষীৰাজ ঘোৰা খট্ খট্ খটকৈ দৌৰা, মোৰ কপাল ফটা পাখি দুখনো কটা"  ভূপেন হাজৰিকাকিশোৰ কুমাৰ, ভূপেন হাজৰিকা  
2. "মৃত্যুক সাৱতি সমাধি তলীতে অকলে আছোহি শুই"  ভূপেন হাজৰিকাজয়ন্ত হাজৰিকা  
3. "ঘৰ আমাৰ মাটি হয় মাটিয়ে ঘৰ, বাটেই আমাৰ আপোন হয় আপোনেই ঘৰ"  ভূপেন হাজৰিকাভূপেন হাজৰিকা, মুকেশ  
4. "মিলনৰ এই শুভক্ষণ পখিলা উৰাদি উৰে মন"  ভূপেন হাজৰিকাভূপেন হাজৰিকা, সুমন কল্যাণপুৰ  
5. "বিজুলীৰ পোহৰ মোৰ নাই, তথাপি এন্ধাৰে মোলৈ ৰ লাগি চায়"  ভূপেন হাজৰিকাভূপেন হাজৰিকা  
6. "চম্মা থাকিলে জৰুৰ জৰুৰ পৰোৱানা যে আহিবই"  ভূপেন হাজৰিকাভূপেন হাজৰিকা  

তথ্য উংস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Arunlochan Das (2013). 100 Asomiya Chalachchitror kahini Aru Geet. Sashi-Sishu Prakashan, Guwahati. পৃষ্ঠা. 150. 
  2. Babul Das (1985). Asomiya Bolchabir Geetor Sankalan. Bani Prakash, Dibrugarh. পৃষ্ঠা. 129.