সুমন কল্যাণপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
সুমন কল্যাণপুৰ
প্ৰাথমিক তথ্য
জন্ম ২৮ জানুৱাৰী, ১৯৩৭ (৮৪ বছৰ)
হেম্মাড়ি, কৰ্ণাটক, ভাৰত
সংগীতৰ প্ৰকাৰ ভাৰতীয় শাস্ত্ৰীয় সঙ্গীত, চলচ্চিত্ৰৰ গীত
পেচা কণ্ঠশিল্পী
পিতৃ-মাতৃ শঙ্কৰ ৰাও হেম্মাড়ি
সীতা হেম্মাড়ি

সুমন কল্যাণপুৰ (ইংৰাজী: Suman Kalyanpur, জন্মː ২৮ জানুৱাৰী ১৯৩৭) এগৰাকী প্ৰখ্যাত ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। বহুতে বিশ্বাস কৰে যে প্ৰতিভা অনুযায়ী তেওঁ যি স্থানত উপনীত হব লাগিছিল, সেই স্থানত উপনীত হ’ব নোৱাৰিলে। অথচ শাস্ত্ৰীয় সঙ্গীতৰ জ্ঞান, সুৰীয়া আৰু বিশাল পৰিধিৰ কণ্ঠ আদি এগৰাকী নেপথ্য কণ্ঠশিল্পীৰ সকলো প্ৰয়োজনীয় গুণৰাজি তেওঁৰ আছিল। বহুসময়ত তেওঁৰ কণ্ঠস্বৰ লতা মঙ্গেশকাৰৰ বুলি ভুল কৰা হয়।[1] সুমনৰ কৰ্মজীৱন ১৯৫৪ত আৰম্ভ হৈছিল আৰু ৬০ আৰু ৭০ৰ দশকত জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছিল। তেওঁ হিন্দী, মাৰাঠা, অসমীয়া, গুজৰাটী, কানাড়া, মৈথিলী, ভোজপুৰী, ৰাজস্থানী, বঙালী, ওড়িয়া, পঞ্জাবী আদি বিভিন্ন ভাষাৰ চলচ্চিত্ৰত গীত গাইছিল।[2] তেওঁক হিন্দী ছবিৰ গীতৰ সোণালী যুগ বুলি বিবেচনা কৰা সময়চোৱাৰ মহম্মদ ৰফী, লতা মঙ্গেশকাৰ, মুকেশ, গীতা দত্ত, আশা ভোঁচলে, হেমন্ত কুমাৰ, তালাত মেহমুদ, কিশোৰ কুমাৰ, মান্না দে, মহেন্দ্ৰ কাপুৰ, চমচাদ বেগম আদি জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ অন্যতম বুলি বিবেচনা কৰা হৈছিল। তেওঁ আঠ শতাধিক গীত গাইছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

সুমন কল্যাণপুৰৰ জন্মৰ নাম আছিল সুমন হেম্মাড়ি। মাতৃ সীতা হেম্মাড়ি। তেওঁৰ জন্ম ২৮ জানুৱাৰীৰ দিনা ব্ৰিটিছ ভাৰতৰ, বৰ্তমান বাংলাদেশৰ ঢাকা চহৰত হৈছিল। তেওঁৰ পিতৃ শঙ্কৰ ৰাও হেম্মাড়ি কৰ্ণাটকৰ মাঙ্গালোৰৰ এক আভিজাত সাৰস্বত ব্ৰাহ্মণ পৰিয়ালৰ সন্তান আছিল।[3] হেম্মাড়ি কৰ্ণাটকৰ উড়ুপী জিলাৰ কুন্দনপুৰ তালুকৰ অন্তৰ্ভুক্ত এখন গাঁও। সুমনৰ পিতৃ চেণ্ট্ৰেল বেঙ্ক অৱ ইণ্ডিয়াৰ  এজন শীৰ্ষস্থানীয় বিষয়া আছিল আৰু দীৰ্ঘদিন ধৰি ঢাকাত কৰ্মৰত হৈ আছিল। তেওঁৰ পিতৃ-মাতৃৰ মুঠ পাচজনী জীয়ৰী আৰু এজন পুত্ৰসন্তান আছিল, যাৰ ভিতৰত সুমন আটাইতকৈ ডাঙৰ আছিল। ১৯৪৩ চনত তেওঁলোকৰ পৰিয়াল মুম্বাইলৈ স্থানান্তৰিত হয় আৰু তাতেই তেওঁ সঙ্গীতৰ প্ৰশিক্ষণ লাভ কৰে।

সুমনৰ চিত্ৰাঙ্কণ আৰু সঙ্গীতৰ প্ৰতি গভীৰ আগ্ৰহ আছিল। মুম্বাইৰ প্ৰখ্যাত চেই্ণ্ট কলুম্বা হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ মৰ্যাদাপূৰ্ণ চাৰ জে জে স্কুল অৱ আৰ্টচত চিত্ৰাঙ্কণৰ শিক্ষাগ্ৰহণ কৰিবলৈ নাম ভৰ্তি কৰে।[1] সমান্তৰালভাবে তেওঁ পুণেপ্ৰভাত ফিল্মচৰ সঙ্গীত পৰিচালক আৰু পৰিয়ালৰ ঘনিষ্ঠ বন্ধু পণ্ডিত কেশৱ ৰাও ভোলেৰ ওচৰত শাস্ত্ৰীয় কণ্ঠসঙ্গীতৰ শিক্ষা লয়। সুমনৰ মতে প্ৰাৰম্ভিক অৱস্থাত গীত গোৱাটো তেওঁৰ অভীৰুচি আছিল। কিন্তু ক্ৰমশঃ তেওঁৰ সঙ্গীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায় আৰু পেচাদাৰী ৰূপত উস্তাদ খান, আব্দুল ৰেহমান আৰু গুৰুজী মাষ্টাৰ নৱৰঙ্গৰ ওচৰত সঙ্গীত শিকিবলৈ আৰম্ভ কৰে।[4]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৫২ চনত সুমনে আকাশবাণীত গীত গায়। এয়াই আছিল তেওঁৰ সৰ্বপ্ৰথম ৰাজহুৱা পৰিবেশন। ইয়াৰ পিছতে তেওঁ ১৯৫৩ চনত মুক্তি পোৱা মাৰাঠী ছবি শুক্ৰাসী চান্দনী ত গীত গোৱাৰ সুযোগ পায়। সেই সময়ত শ্বেইখ মুখতাৰে মঙ্গু নামৰ হিন্দী ছবি এখন নিৰ্মাণ কৰি আছিল, যাৰ সঙ্গীতৰ কাম কৰিছিল মহম্মদ শফীয়ে। মুখতাৰে শুক্ৰাসী চান্দনীৰ গীত ভাল পাই তেওঁৰ ছবিখনৰ তিনিটা গীত সুমনৰ দ্বাৰা গোৱাইছিল। কিন্তু বিশেষ কাৰণত সঙ্গীত পৰিচালনাৰ কাম মহম্মদ শফীৰ সলনি অ’ পি নায়াৰক দিয়াত তেওঁৰ কণ্ঠৰ মাত্ৰ এটাহে নিচুকণি গীত কোই পুকাৰে ধীৰে সে তুঝেটো ছবিত অন্তৰ্ভুক্ত কৰা হয়।

মঙ্গুৰ পিছতে নৌচাদৰ পৰিচালনাত তেওঁ ইচমত ছুগটাই প্ৰযোজিত আৰু শাহিদ লটিফ পৰিচালিত দৰৱাজা (১৯৫৪) ছবিত ৫টা গীত গায়। যদিও দৰৱাজা তেওঁৰ দ্বিতীয় হিন্দী ছবি, এইখন মঙ্গুতকৈ আগতে মুক্তি পায়। সেয়েহে এইখন তেওঁৰ প্ৰথম হিন্দী ছবি বুলি ভবা হয়। একে বছৰতে তেওঁ আৰপাৰ ছবিৰ বাবে তৈয়াৰ কৰা অ’ পি নায়াৰৰ জনপ্ৰিয় গীত মোহব্বত কৰ লো জী ভৰ লো শীৰ্ষক গীতত মহম্মদ ৰফী আৰু গীতা দত্তৰ সৈতে কণ্ঠদান কৰে। নায়াৰৰ বাবে গোৱা এইটোৱে আছিল তেওঁৰ একমাত্ৰ গীত। দৰৱাজাত সুমনে তালাত মেহমুদৰ সৈতে যুগল গীত গাইছিল। মেহমুদে এটা সঙ্গীতৰ অনুষ্ঠানত তেওঁৰ গীত শুনিছিল আৰু অতিশয় প্ৰভাৱান্বিত হৈছিল। সেইবাবেই মেহমুদৰ দৰে এজন শীৰ্ষস্থানীয় কণ্ঠশিল্পীয়ে এগৰাকী নবাগতা গায়িকাৰ সৈতে একেলগে গীত গাবলৈ সন্মত হৈছিল আৰু যাৰ ফলত দৃষ্টি আকৰ্ষণ তথা হিন্দী চলচ্চিত্ৰৰ জগতত এখন নিজা আসন তৈয়াৰ কৰিবলৈ সুমন সক্ষম হৈছিল।[1]

তেওঁ গীত গোৱা কেইখনমান ছবি হ’ল- মিঞা বিবি ৰাজী (১৯৬০), বাত এক ৰাত কী (১৯৬২), দিল এক মন্দিৰ (১৯৬৩), দিল হি তো হ্যায় (১৯৬৩), সগুন(১৯৬৪), জাহান আৰা (১৯৬৪), সাঝ ঔৰ সবেৰা (১৯৬৪), নুৰ জাহান (১৯৬৭), সাথী (১৯৬৮), পাকিজা (১৯৭১) আদি। তেওঁ সঙ্গীত পৰিচালক শঙ্কৰ-জয়কিষাণ, ৰোচন,মদনমোহন, শচীন দেৱবৰ্মণ, এন দত্ত, হেমন্ত কুমাৰ, চিত্ৰগুপ্ত, নৌচাদ, এচ.এন. ত্ৰিপাঠী, গুলাম মহম্মদ, কল্যাণজী-আনন্দজী আৰু লক্ষ্মীকান্ত-প্যাৰেলালৰ সৈতে কাম কৰিছে। ১৯৬০ৰ দশকত তেওঁ মহম্মদ ৰফীৰ সৈতেই ১৪০টাতকৈ অধিক যুগল-গীত গাইছে।

অসমীয়া ছবিত কণ্ঠদান[সম্পাদনা কৰক]

সুমনে ভূপেন হাজৰিকাৰ সঙ্গীত পৰিচালনাত কেইখনমান অসমীয়া ছবিতো গীত গাইছিল। সেইকেইখন হ'ল-

  1. প্ৰতিধ্বনি (১৯৬৪)
  2. চিকমিক বিজুলী (১৯৬৯)
  3. কাঁচঘৰ (১৯৭৫)[5]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

মুম্বাইৰ ব্যৱসায়ী ৰমানন্দ কল্যাণপুৰৰ সৈতে সুমনৰ ১৯৫৮ত বিয়া হয়।[1] দম্পতীটোৰ এজনী জীয়েক- চাৰুল অগ্নি, যিয়ে বিয়াৰ পিছত আমেৰিকাত বসবাস কৰি আছে। তেওঁ নাতিনীয়েক ঐশানী অগ্নি ভাৰতলৈ উভতি আহি মুম্বাইত তাইৰ আইতাৰ নামত এটা এন.জি.অ'. স্থাপন কৰিছে।

বঁটা[সম্পাদনা কৰক]

  1. তিনিবাৰকৈ হিন্দী ছবিৰ শ্ৰেষ্ঠ শাস্ত্ৰীয়ভিত্তিক গীতৰ বাবে প্ৰদান কৰা মৰ্যাদাপূৰ্ণ সুৰ শৃঙ্গাৰ চমচাদ বঁটা লাভ।
  2. মহাৰাষ্ট্ৰ চৰকাৰৰ দ্বাৰা ২০০৯ চনত লতা মঙ্গেশকাৰ বঁটা[1][3]
  3. গদিমা প্ৰতিষ্ঠানৰ দ্বাৰা গদিমা বঁটা প্ৰদান।[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]