বিহুগীত
| ||
|---|---|---|
|
তিনি বিহু নৃত্য গীত অন্যান্য |
||
অসমীয়া লোকসকলৰ বাপতিসাহোন উৎসৱ বিহুৰ সময়ত গোৱা পৰম্পৰাগতভাৱে চলি অহা গীতসমূহকে বিহুনাম বুলি কোৱা হয়। বৰ্তমান সময়ত বিহুগীত আৰু বিহুনাম দুয়োটাকে সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰা হয়। অসমীয়া জনজীৱনৰ লগত জড়িত সকলো বিষয়েই বিহুগীতত স্থান লাভ কৰিছে। মুখ্যতঃ পৰম্পৰাগত বিহু অনুষ্ঠানকেইটাৰ আধাৰতে বিহুনামবোৰ ৰচিত আৰু পৰিৱেশিত হৈ আহিছে। এনে পৰম্পৰাগত বিহু অনুষ্ঠান হৈছে: ৰাতিবিহু, দিনৰ ভাগত বৰ গছৰ তল, পথাৰ আৰু জুপজুপীয়া হাবিয়নিত মৰা গছতলৰ বিহু বা গাভৰু বিহু (চেনেহী বিহু/মাইকী বিহু/জেং বিহু) আৰু গৃহস্থৰ চোতালত মৰা হুঁচৰি।
ৰাতিবিহু আৰু গছতলৰ বিহুৰ বিহুনাম
[সম্পাদনা কৰক]ৰাতিবিহু আৰু গছতলৰ বিহুত বিহুনামৰ একো একোটা ফাকি ইফাকিৰ পিছত সিফাকিকৈ সকলোৱে গাইছিল। লগত বজোৱা হৈছিল টকা আৰু হাত চাপৰি। ৰাতিবিহুৰ প্ৰচলিত বিহুনাম গোৱা অন্য এটা ধৰণ আছিল যোৰানাম। একোফাকি বিহুনামৰ উত্তৰ হিচাপে তাৰ পিছৰ ফাকি বিহুনাম গোৱা হৈছিল। ৰাতিবিহু আৰু গছতলৰ বিহুৰ বিহুনামবিলাক ৰচিত হৈছিল দুলড়ী ছন্দৰ দুটা পংক্তিত। প্ৰায়বোৰ বিহুনামৰ ফাকিতে ব্যৱহৃত হৈছিল উপমাৰ, অৰ্থাৎ অতি পোনপটীয়াকৈ বা প্ৰত্যক্ষভাৱে নকৈ একোটা উপমাৰ আলমত একোটা ভাব একোফাকি নাম/গীতৰ দ্বাৰা প্ৰকাশ কৰা হৈছিল।
হুঁচৰি অনুষ্ঠানৰ বিহুনাম
[সম্পাদনা কৰক]হুঁচৰি অনুষ্ঠানতো প্ৰধানতঃ দুচাপৰীয়া তালতে বিহুনাম গোৱা হয়। হাত চাপৰি আৰু টকাৰ উপৰিও বিহুনাম গাঁৱতে ঢোল সংগত কৰা হয়। হুঁচৰি অনুষ্ঠানত সাধাৰণতে একোটা মূল বিহুনাম বা জাত থাকে। যিটো প্ৰথমে এজন নামতিয়ে লগায় দিয়ে আৰু তাৰ পাছত সকলোৱে একেলগে গায়।[1]
যোজনা আৰু বিহুনাম
[সম্পাদনা কৰক]কেইফাকিমান বিহু যোজনা আৰু বিহু নাম তলত দিয়া হ’ল:
১) ঔৰে গছতে মৌৱে বাঁহে ল’লে
অ' ককাই পাৰি দিয়া ঐ খাওঁ।
বাঁহৰে টকাটি সাজি দিয়া ককাইটি ঐ
অ' বিহু নাচিবলৈ যাওঁ॥
২) হাই ঐ দিখৌত গুমেগুমাই কোম্পানীৰ জাহাজখন
অ' ঢেকীত গুমেগুমাই ঐ থোৰা।
গাতে জুই জ্বলিছে সৰিয়হ ফুটিছে ঐ
অ' বিহুটি অহাৰে পৰা॥
৩) বিহুৰে বিৰিণা পাতে সমনীয়া
ঐ বিহুৰে বিৰিণা ঐ পাত।
বিহু থাকে মানে বিহুকে বিনাবা ঐ
বিহু গ’লে বিনাবা কাক॥
৪) চ’তৰে শেষতে বহাগে পালেহি
গছে বনে সলালে ঐ পাত।
আজি বিহু তলিত ঢোল পেঁপা বাজিলে ঐ
নাচো নাচো লাগিছে গাত॥
৫) ৰৈ নো ৰৈ বিনালে বনৰে কেতেকী
ৰৈ নো ৰৈ বিনালে ঐ কুলি
নৈৰে ঘাটতে কোনে সুৰ জুৰিলে ঐ
চেনাই চেনেহৰে বুলি।
৬) হাই ঐ তোমালৈ যিমানে মৰম ঐ চেনাইটি
ঐ আনলৈ সিমানেই ঐ নাই
আশা কৰাই কৰাই নিৰাশা কৰিলা ঐ
তোমাৰ সমান নৰকী নাই।
৭) ধনশিৰী পাৰে হৈ ঢপলিয়াই আহিলোঁ
জিৰালোঁ কলিয়াবৰত।
তোমাকে বিচাৰি ঘৰ-বাৰী এৰিলোঁ
তোমাক নাপালোহি ঘৰত।
৮) বিহুৰে বিৰিণা পাতে সমনীয়া
ঐ বিহুৰে বিৰিণা ঐ পাত।
ঐ গাভৰু ছোৱালী নাচোঁ জুমে পাতি ঐ
ঐ চ’তৰ বিহু লাগিছে গাত॥
৯) এ তুমি হ’লা শদিয়াৰ মই হ’লো ধুবুৰীৰ
লগ হ’লো বিহুৰে ঐ তলীত।
এ তোমাকে মৰমজান এৰিব নোৱাৰি ঐ
তুমি মোৰ চকুৰে মণি।
১০) আগলী বাঁহৰে লাহৰী গগনা
ঐ বহি তাঁতৰ পাতত বাওঁ
আহে কি নাহে ঐ মোৰেনো চেনাই ঐ
চিৰি পাতি মঙলখন চাওঁ।
১১) অ জান ঐ ভৰ দুপৰীয়া বহোঁ তাঁতৰ পাতত
অ' মাকো সৰি সৰি ঐ পৰে।
তাঁতৰ দোৰেপতি গৰকাতে ভৰি ঐ তোমালৈ মনতে পৰে॥
১২) হাবিলৈ গৈছিলো কটাৰী নিনিলো
ঐ লতাই বেৰি বেৰি ধৰে,
বিহুলৈ গৈছিলো হাঁচটি নিনিলো
ঐ ডেকাই বেৰি বেৰি ধৰে॥
১৩) চকলা টেঙাটি অকলে নাখাবি
ঐ আমাকো এচকল দিবা,
বিহু মাৰিবলৈ অকলে নাযাবি
ঐ আমাকো লগতে নিবি॥
বিহু নাম
[সম্পাদনা কৰক]১) মদাৰৰে ডালেটি অতিনোকৈ ঠুনুকা অতিনোকৈ ঠনুকা
আলাসতে ভাঙি পৰে অ’ চেনাইটি
হুৰহুৰ বতাহ বলে যেতিয়া
যৌৱনৰে বাৰিষা বতাহ বলে যেতিয়া২
ভয় লাগে মোৰ খহনীয়াই ঐ জানোচা নিয়ে উটুৱাই
কি কৰিম ঐ তেতিয়া, তাকে ভাগি ভাগে মোৰ২ হিয়া॥
২) ৰঙালী বিহুলৈ ও ককাই ও দদাই
ওলাই মই আহিছোঁ।
দুহাতত জেতুকা ও ককাই ও দদাই
ওলাই মই আহিছোঁ।
ঢোলৰে চাপৰত পেঁপাৰে লহৰত
নাচিম মই এইবেলি ও ককাই ও দদাই
এইবাৰ ব'হাগত
কপৌফুলাৰ বতৰত নাহৰ ফুলাৰ বতৰত২ আজি॥
৩) বজোৱাছোন ঢোলেটি ও ককাইটি
নাাচোনো হালিজালি ও ককাইটি
কিনো পেপাৰ অমিয়া মাত-২
মুগাৰ সাজ পিন্ধিলো অ' ককাইটি
খোপাত ফুল গুজিলো অ' ককাইটি
বিহু বিহু লাগিছে নাচো নাচো লাগিছে গাত।
৪) ৰঙাকৈ চোলাটি এ ভনী কোনে চিলাই দিলে ভনী কোনে বোলাই দিলে ভনী
দুহাততে জেতুকাৰ বোল।
নাচোতে নাচিবি এ ভনী ভালেকৈ
নাচোনত নকৰিবি ভুল॥
ৰঙাকৈ চোলাটি এ ককাই আয়ে চিলাই দিলে ককাই আয়ে বোলাই দিলে ককাই দুহাততে জেতুকাৰ বোল।
বজালে বজাবি এ ককাই ঢোলেটি ভালেকৈ ককাই পেপাটি
চেওত নকৰিবি ভুল॥
৫) কুঞ্জলতা কপৌফুল ফুলি আছে
ফুলি আছে
নাচনী ভণ্টিক ঢুলীয়াই মাতি আছে
হায় ঐ মাতি আছে।
নাযাও বুলি নক'বা বেয়া পাব
বেয়া পাব
চিৰদিনৰ কাৰণে বিদায় ল'ব
হায় ঐ বিদায় ল'ব॥
৬) হাতে মেলি হালধি নল'বি তই মালতী
নল'বি তই মালতী
চুলি মেলি নল'বি তেল।
চাৰিআলিৰ মূৰলৈ
অকলে তই নাযাবি
অকলে তই নাযাবি
ডেকা ল'ৰাই পাতিছে
ডেকা ল'ৰাই পাতিছে মেল॥
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ প্ৰান্তিক ১৬ এপ্ৰিল ২০১১
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিউৎসত বিহু গীত বিষয় সংক্ৰান্তীয় মূল পাঠ্য আছে। |
| ৱিকিউদ্ধৃতিত বিহুনাম বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
- বিহুগীত Archived 2011-08-10 at the Wayback Machine
- Bihu Songs of Assam, by Prafulladutta Goswami, published by Lawyers Book Stall,1957
| ||||||||||||||||||||||||||