জেং বিহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
জেং বিহু
Bihu Assam India.jpg
গছৰ তলত জেং বিহু পৰিৱেশনৰ দৃশ্য
শৈলী লোকনৃত্য
উৎপত্তিমূল অসম, ভাৰত

জেং বিহু হৈছে কেৱল মহিলাৰ দ্বাৰা পৰিৱেশন কৰা এক বিহু বিশেষ। ইয়াক গাভৰু বিহু বুলিও কোৱা হয়। এই বিহুত পুৰুষৰ কোনো গুৰুত্ব নাই। লগতে ঢোল,তাল, বাঁহী, পেঁপা আদি বাদ্যৰো গুৰুত্ব নাই। হাতত টকা আৰু হাত চাপৰি বজাই মহিলাসকলে এই নৃত্য বৃত্তাকাৰে পৰিৱেশন কৰে। বিহু নচা নাচনীৰ নৃত্যৰ ভৰত ভূমি উৰ্বৰা হয় বুলি বিশ্বাস কৰা হয়। জেং বিহু নামটো কোনে কেতিয়া দিছিল তাৰ ইতিহাস পাবলৈ নাই। হেমকোষ, চন্দ্ৰকান্ত অভিধান বা ৰজনীকান্ত বৰদলৈৰ উপন্যাসমূহতো জেংবিহু শব্দটো পোৱা নাযায়।

মতভেদ[সম্পাদনা কৰক]

জেংবিহু নামকৰণত বহু মতভেদ আছে। যেনে-

বিহু মাৰতীহঁতে হেনো বিহু মৰা ঠাইত শুকান জেং কেইডালমান থিয়কৈ লয় আৰু পিছত হেনো তাতেই সেউজীয়া ডালপাত লগাই দিয়ে"ব্যাখ্যাৰ প্ৰয়োজন নাই যে, জেং থিয়কৈ লোৱাৰ বাবে জেংবিহু নামটো আহিছে। (ড° মহেশ্বৰ নেওগ)

আহোমসকলে আদিতে বোলা জেং নাং পঈ কালক্ৰমত জেংবিহু হ'লগৈ। (প্ৰদীপ চলিহা)

জেং পুতি বিহু মৰা গাভৰু বিহুক জেংবিহু নামকৰণ কৰা হয় যদিও জেংবিহু আচলতে টাই গাভৰুসকলে মৰা গাভৰু বিহুহে হ'ব লাগে। (হেম বুঢ়াগোহাঁই)

প্ৰতিযোগিতাৰ যুগত মঞ্চত গছৰ ডাল এটা বা জেং এডাল পুতি তাতে গামোচা এখন আঁৰি দিয়া বাবেহে সৰ্বসাধাৰণৰ মাজত ভুলতে জেং বিহু শব্দটো অধিক জনপ্ৰিয় হ'ল। (জয়কান্ত গন্ধীয়া)

এই সূত্ৰসমূহৰ মতে ্জেং বিহুত জেং এডালৰ প্ৰয়োজন। জেং থকা বাঁহ অথবা গছৰ ডাল এটা পুতিও এই বিহু অনুষ্ঠিত কৰা হৈছিল। কোনো কোনোৱে সেই জেঙতে বিহু ডাঙৰীয়ালৈ বুলি এখনি ফুলাম গামোচা আগবঢ়ায়। কোনোৱে গুৱা-পাণ এজোৰ অথবা ফুলৰ মালা এধাৰি আঁৰি দিয়ে। আগৰ দিনত গাভৰু ছোৱালীয়ে গছৰ তলত পতা গাভৰু বিহুৰ ইয়াৰ সাদৃশ্য ভালেখিনি। প্ৰদীপ চলিহাৰ মতে,"জেং বিহুৰ অৰ্থ নিভাঁজ বিহু অৰ্থাৎ নিভাঁজ গাভৰু বিহু।" হাত চাপৰিৰ উপৰি টকা আৰু গগণা বজাই  গাভৰুহঁতে জেংবিহু পাতিছিল। ডেকাৰ প্ৰৱেশ ৰুদ্ধ এই জেং ডালে প্ৰতীক ৰূপ গ্ৰহণ কৰা বুলি কোৱা হয়। আগেয়ে জেংবিহু তিনিদিন ধৰি চলিছিল। আজিকালি উজনিৰ ভিতৰুৱা গাঁৱত এদিন বা দুদিনহে চলে। বৰ্তমান মঞ্চত গছৰ ডাল এডাল পুতি গাভৰুৱে মৰা বিহুকেই জেংবিহু আখ্যা দিয়া দেখা যায়।[1]

জেং বিহু সম্পৰ্কীয় বিহুগীত[সম্পাদনা কৰক]

তামোল কাটি কাটি অকলে নাখাবা আমাকো এখন দিবা
জেং বিহু চাবলৈ অকলে নাযাবা আমাকো লগতে নিবা।

চ'তে গৈয়ে গৈয়ে বহাগে পালেহি
গছৰ ডালত বিনালে ঐ কুলি,
জীয়ৰী-বোৱাৰী ওলাই ঐ আহিছোঁ
বিহুকে মাৰোগৈ বুলি(যোজনা)

বৰঘৰৰ মুধতে তাঁতে বৈ আছিলোঁ
ঘনাই মাৰিছিলো অ' মাকো,
আঁহতৰ তলতে টকাৰ মাত শুনিলোঁ অ'
ঘৰত মই কেনেকৈ থাকোঁ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমীয়া সংস্কৃতিৰ কণিকা. নাৰায়ণ দাস আৰু পৰমানন্দ ৰাজবংশী.