মেজি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আহোমসকলৰ মাইক চোমফাই বা মেজি

মাঘ বিহুত জ্বলাবলৈ তৈয়াৰ কৰা কাঠ বা খেৰৰ ওখ দ'ম৷ বহু ঠাইত এনে মেজি কলগছৰ শুকান পাত, নৰা আদিৰে তৈয়াৰ কৰে আৰু বহু ঠাইত কাঠ-বাঁহ আদিৰেও তৈয়াৰ কৰা দেখা যায়৷ মাঘ বিহুৰ উৰুকাৰ নিশা মেজি জ্বলাই ভেলাঘৰত ভোজ ভাত খাই আনন্দ কৰে আৰু পিছদিনা বৰ মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰাৰ ৰীতি প্ৰচলিত আছে৷ ইয়াৰ পৰা বিভিন্ন অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয়৷


মেজি শব্দৰ উৎস[সম্পাদনা কৰক]

পালি ভাষাৰ ‘মেঝি’ শব্দটোৱে ‘মেজি’ৰ ৰুপ ললে বুলি আন একাংশ পণ্ডিতে যুক্তিসহকাৰে বিশ্লেষণ কৰি দেখুৱাইছে৷এই উৎসৱক আহোমসকলে ‘মাইক চোমফাই’ বুলিও কৈছিল৷ইয়াৰ অথ হৈছে- ‘মাই’ মানে কাঠ (খৰি),’ক’ মানে ইডালৰ ওপৰত সিডাল খৰি জাপি ওখকৈ সজা, ‘চোম’ মানে জ্বলোৱা,’ফাই’ মানে জুই৷ অৰ্থাৎ জাপ জাপকৈ ওখ কৰি সজা কাঠখৰিত জুই জ্বলোৱা৷ সেয়ে উজনি অসমত বতমানেও খৰিৰ মেজি জ্বলোৱাৰ পৰম্পৰা বৰ্তি আছে৷

প্ৰচলিত লোকবিশ্বাস আৰু মেজি[সম্পাদনা কৰক]

ব'হাগ বিহুৰ দৰে মাঘ বিহুতো বিভিন্ন লোকবিশ্বাস জডিত আছে বা সেইবোৰক পৰম্পৰাগত ভাৱে পালন কৰি অহা হৈছে৷

ফাগুন মাহত বৰদৈচিলা মাকৰ ঘৰলৈ যায় বুলি চহা সমাজত বিশ্বাস আছে৷ বৰদৈচিলা মাকৰ ঘৰলৈ যাওঁতে বাৰীৰ গছ-বিৰিখৰ গুটিবোৰ যাতে লৈ নাযায়, তাৰ প্ৰতিৰোধৰ বাবে পুহ মাহতে অথাৎ মাঘ বিহুৰ উৰুকাৰ দিনা বাৰীৰ,বিশেষকৈ গুটি লগা গছ-বিৰিখবোৰ ধানখেৰ বা নৰাৰে বান্ধি থয৷(চহা সমাজে মাঘ মাহক ‘মতামাহ’ বুলি বিশ্বাস কৰে৷ সেয়ে মাঘ মাহত ভঁৰা্লঘৰ নুচুৱে,পপুহতে ধান মাৰি উলিয়াই থয়;ঘৰ নাসাজে, অত্যন্ত নোৱাৰি ঘৰ সাজিলেও মূধচ নোচোৱাকৈ থৈ দিয়ে,ফাগুণতহে মূধচ চায়৷ বিয়া বাৰুৰ দিন ঠিক নকৰে; মাঘত ঢেঁকী চুব নাপায়, সেয়ে পুহতে ধান ঢেঁকীত বানি মাঘ মাহটোৰ কাৰণে চাউল উলিয়াই থয়,পূৰঠ যেন লগা কলঠোকা পুহতে কাটি থয়;পাণ ছিঙি কলগছৰ বুকুত ভৰাই থয়৷একেটা কাৰণতে মাঘমাহত গছ নাবান্ধি পুহতে বান্ধি থয়৷)

বিহুৰ দিনা পূৱা জ্বলোৱা মেজিত দিবৰ বাবে নিয়া মাহকৰাই মেজিত উৎসগা কৰি তাৰে এটা অংশ ঘৰলৈ লৈ আনে আৰু সেইবোৰ আম-কঁঠাল,কলকল-নাৰিকল,তামোল-লাও আদি গুটি লগা গছত গুটি বেছিকৈ লাগিবলৈ ছটিয়াই দিয়ে৷ভঁৰালৰ ধান সুৰক্ষিত অৱস্থাত থাকিবৰ বাবে আৰু যাতে কোনেও বাণ মাৰিব বা অপায়-অমংগল ঘটাব নোৱাৰে,তাৰ বাবেও ভঁৰাল আৰু ঘৰত সেইবোৰ ছটিওৱাৰ লগতে সমৃদ্ধিৰ কথাও ভৱা হয়৷একে বিশ্বাসতে মেজিৰ আধাপুৰা খৰি আনি বাৰীৰ চাৰি চুকত পোতা হয়৷

মাঘ বিহুত আলু নাখালে পাছৰ জন্মত গাহৰি হৈ আলু খান্দি খাই ফুৰিব লাগে বুলি বিশ্বাস আছে৷সেয়ে মেজি পুৱাঁবৰ দিনা মেজিৰ জুইতে মিৰি আলু,গৰীয়া আলু, মোৱাচীনা আলু পুৰি খোৱাৰ নিয়ম কোনো কোনো অঞ্চলত বতি আছে৷

পুৱা মেজি জ্বলোৱা হয় ৰাতি চুৰ কৰি আনি থোৱা জেওৰা খৰিৰে৷লোকবিশ্বাসৰ মতে,এনেদৰে মেজি জ্বলালেহে ঠাণ্ডা আঁতৰে৷সেয়ে ৰাতি ভেলাঘৰত থাকি মেজি ৰখি থকা ডেকাসকলে গৃহস্থৰ কোনোধৰণৰ অনিষ্ট নোহোৱাকৈ জেওৰা বা তেনেধৰণৰ শুকান বাঁহ চুৰ কৰি আনি তাৰে পুৱা মেজি জ্বলায়৷জেওৰা বা শুকান বাহঁ কেৱল এঘৰ মানুহৰ পৰা নানে,কম কমকৈ কেইবাঘৰৰ পৰা আনে৷যিকেইঘৰৰপৰা জেওৰা চুৰ কৰা হয়, তেওঁলোকে তাক ৰাইজৰ আশীবাদ বুলি ভাবে৷কিন্তু হাহঁ-কুকুৰা বা বাৰীৰ শাক-পাচলি চুৰ কৰা নিয়ম কোনো কালেই নাছিল৷

মেজি সজাৰ পৰম্পৰা[সম্পাদনা কৰক]

মাঘ বিহু ইংৰাজী বছৰৰ লেখেৰে বছৰৰ প্ৰথম আৰু অসমীয়া মাহৰ লেখেৰে বছৰৰ শেষ বিহু৷ চহা কৃষকৰ গভীৰ আশা আৰু প্ৰত্যয়ৰ লগতে প্ৰয়োজনৰ ভাতমুঠি যেতিয়া পথাৰৰ পৰা ভঁৰাললৈ আহে, তেতিয়াই তেওঁলোকৰ মনত সীমাহীন আনন্দই বিৰাজ কৰে৷ আশা কৰা বস্তুটো হাতলৈ অহাৰ আনন্দৰ পৰিণতিৰ ফলস্বৰুপেই এই বিহুৰ আয়োজন৷পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত পালন কৰা এই বিহুৰ আন এটা নাম- ভোগালী বিহু ৷ সম্ভৱত: আকালৰ অৱসান ঘটাই আৰু ভোগৰ দিনত অহাৰ বাবেই পৰৱতী সময়ত এই উৎসৱক ‘ভোগালী বিহু’ নামেৰে নামকৰণ কৰা হৈছিল৷মুলত: চহা কৃষকে আশা কৰা মতে ধান মুঠি নিজৰ হাতলৈ অহাৰ আনন্দ আৰু শীতক বিদায় দিয়াৰ উদেশ্যই এই বিহু পালন কৰা হয়৷ পোৱাৰ আনন্দ আৰু শীতক বিদায় দিয়াৰ বাবে পালন কৰা এই উৎসৱটোৰ উৎস সৰ্ম্পকে বিভিন্ন পণ্ডিতৰ বিভিন্ন মত যদিও ইয়াত অনায্যৰ অৱদান সকলোতকৈ বেছি৷আদিতে তাই-বৌদ্ধসকলে মাঘ বিহুৰ পাছৰ পুৰ্ণিমাত মেজি সাজি, ভোজভাত খাই এই উৎসৱ পালন কৰিছিল বুলি জনা যায়৷ এই উৎসৱক তেওঁলোকে ‘বাপু মেজি’ বা ‘মাইক চোমকফাই’ বুলি কৈছিল৷

মাঘ বিহুত মেজি সজাৰ নিয়ম আৰু পৰম্পৰা ঠাইবিশেষে বেলেগ বেলেগ৷উজনি অসমত আৰু মধ্য অসমৰ কোনো কোনো ঠাইত বাঁহ আৰু কাঠ খৰিৰে মেজি সজা হয় যদিও গুৱাহাটীকে ধৰি নামনি অসম আৰু মধ্য অসমৰ কিছু অঞ্চলত শুকান কলপাত আৰু খেৰ-নৰা বা বিৰিণা আদিৰে মেজি সাজি জ্বলোৱা নিয়ম আছে৷

খৰিৰে মেজি সজাৰ পদ্ধতি দীঘলীয়া৷বিহুৰ পোন্ধৰ-বিছ দিন আগৰ পৰাই খৰি গোটোৱাৰ কাম আৰম্ভ হয়৷শিৱসাগৰ জিলাত চাৰিজোপা বা এজোপা কলগছেৰে সজোৱা মেজিটো প্ৰস্তুত কৰি উলিওৱাৰ বাবে চুবুৰিটোৰ)একেটা নামঘৰতে খোৱা)প্ৰতিঘৰৰপৰা এডোখৰকৈ খৰি আনি নামঘৰৰ কাষৰ পথাৰত গোটোৱা হয়৷মেজিৰ বাবে প্ৰথমে খৰিডল ননামঘৰীয়া, সাধু বা সাতোলাৰ ঘৰত কটা হয়৷ নামঘৰৰ মুৰব্বীজনে গাৱঁৰ আন বয়োজেষ্ঠ্যৰ সহযোগত আশীবাদ দি গছজোপাত এঘাপ মাৰি দিয়ে৷তাৰ পাছত ডেকাসকলে বাকী কাম সমাধা কৰে৷ঘৰে ঘৰে গৈ খৰি কাটি আনি গোটোৱাৰ পাছত সেইবোৰ ফালি শুকাবলৈ দিয়া হয় আৰু বিহুৰ উৰুকাৰ দিনা আবেলিলৈ মেজি সাজে৷ সাধাৰণতে এজোপা বা চাৰিজোপা মধ্যমীয়া কলগছেৰে সজা মেজিটো প্ৰথমে যোগ চিনৰ আহিত প্ৰায় এফুট বহল আৰু চাৰি-পাঁচ ইঞ্চিমান দকৈ খান্দি লোৰৰ চাৰ চুকত চাৰিজোপা কলগছ পুতে৷কলগছজোপাৰ পূব আৰু পশ্চিম দিশত,কলগছৰ বাহিৰত,দুডাল কাঠৰ গড দি গছজোপাৰ ভিতৰৰ ফালে যোগ চিনৰ আহিতে খৰিবোৰ জপা হয়৷ জুৰ তাপত কলগছজোপা যাতে বাহিৰৰ ফালে আতৰি বা হাউলি নাযায়,তাৰ বাবে প্ৰতি তিনি-চাৰি জাপ খৰিৰ অন্তৰে অন্তৰে কুমলীয়া বাহঁৰ টঙালেৰে চাৰিওজোপা কলগছ সাঙুৰি পেটাবান্ধ দিয়া হয়৷মেজি জ্বলি থকা অৱস্থাতে ফুটি ডাঙৰ শব্দ হ’বৰ বাবে খৰিবোৰৰ মাজে মাজে কুমলীয়া গোটা বাহোঁ ভৰাই দিয়া হয়৷

গুৱাহাটীৰ ভৰলুমুখৰ সোনাৰাম খেলপথাৰত ভোগালী বিহুৰ মেজি।

কোনো কোনো ঠাইত পানীহিলৈৰ ব্যৱস্থা কৰে৷মাত্ৰ কলগছ দি সজাৰ মেজিৰ ক্ষেত্ৰত কলগছজোপাৰ মাজতে পুতি,মেজিত জপা খৰিবোৰ ধৰি ৰাখিবৰ বাবে চাৰিওফালে চাৰিটা গোটা বাহঁ বা তামোল গছ কাটি আনি পুতি দিয়া দেখা যায়৷ খৰিৰ মেজি সজাৰ উল্লিখিত বিৱৰণটোৰ কিছু ইফাল সিফাল কৰি যোৰহাট, গোলাঘাট, দেৰগাঁও,ডিব্ৰুগড,তিনিচুকীয়া,লক্ষীমপুৰ,ধেমাজি আদিটো খৰিৰ মেজি সজা দেখা যায়৷ গোলাঘাটৰ মহুৰামুখ আদি ঠাইত কলগছেৰে মেজি সজাৰ পৰিৱতে গোলাঘাট টাউন আৰু ইয়াৰ আশে আশে চাৰিটা গোটা বাহঁ বা তামোল পুতি ওপৰত উল্লেখ কৰাৰ দৰে খৰি জাপি মেজি সাজে৷

মেৰাপানীত মেজিটোৰ ওপৰত,এডাল সৰু বাহঁত ধেনু-কাডঁক ভীষ্মৰ প্ৰতীক হিচাপে লোৱা হয়৷ডিব্ৰুগড জিলাৰ মানকটা আদি ঠাইত কেৱল ৱাঁহেৰে মেজি সজা দেখা যায়৷জিলাখনৰ কোনো ঠাইত কলগছ পুতি খৰিৰ মেজি সাজে৷ যোৰহাটতো চাৰিটা বাহঁৰ খুটা বা তামোলৰ খুটাঁ পুতি খৰিৰ মেজি সাজে বুলি জনা গৈছে৷ আগৰ দিনত খৰিৰ অভাৱ নাছিল বাবে মেজিবোৰ বহু ওখকৈ(দহ পোন্ধৰ ফুট) সজা হৈছিল৷মেজি কোনে কিমান ওখকৈ সাজিব পাৰে,তাৰো অঘোষিত(আনন্দৰ) প্ৰতিযোগিতা চলিছিল৷মেজিবোৰ ওপৰলৈ ক্ৰমান্বয়ে সৰুকৈ সজা হৈছিল৷ উজনিৰ খৰিৰ মেজিৰ পৰিৱতে নগাৱঁৰ কোনো কোনো ঠাইত,মৰিগাঁও,গুৱাহাটী আৰু কামৰুপ,নলবাৰী,বৰপেটা,শোণিতপুৰ আদিত শুকান কলপাত,খেৰ,নৰা বা বিৰিণাৰে মেহি সজাৰ নিয়ম আছে৷এই মেজি সাজিবৰ বাবে কলপাত,বিৰণা,খেৰ বা নৰাৰ উপৰিও গোটা বাহঁ আৰু বা কামী প্ৰয়োজন হয়৷ নলবাৰী জিলাত প্ৰথমে মূল বাহঁটো থিয়কৈ পুতি সেইটোক কেন্দ্ৰ কৰি,তাৰ পৰা চাৰি-পাচঁ ফুট আতঁৰত,সমান দূৰত্বত,বগক্ষেত্ৰাকাৰে হাঁদ-ছটা বাহঁ অলহ হেলনীয়াকৈ(যাতে বাহঁকেইটাৰ আগলৈ মূল বাহঁটোৰ আগত লাগে৷)পুতি ওপৰফালে মূল বাহঁটোৰ আগত বন্ধা হয়৷ইয়াৰ প্ৰতিটো বাহঁৰ আগত ডাল-পাত থাকে৷চাৰিওফালে পোতা বাহঁকেইটাৰ মোজত,মূল বাহঁচোৰ চাৰিওফালে অৱশিষ্ট দীঘল-চুটি আন বাহঁ বা আগ,জেং আৰু ডাল-পাত অথবা আন সতু-সুৰা খৰিৰ লগতে শুকান কলপাতেৰে প্ৰথমে মেজিটোৰ ভিতৰৰ অংশ পূৰোৱা হয়৷ তাৰ পাছত সেইবাৰৰ ওপজত নৰা বা খেৰ জাপি দি দৌলৰ দৰে সুন্দৰকৈসজাই তোলা হয়৷

কোনো কোনো অঞ্চলত কেৱল শুকান কলপাতেৰে অথবা নৰাৰে মেজি প্ৰস্তুত কৰে৷নগাঁও,মৰিগাওঁ আদিত আকৌ প্ৰথমে গোটা বাঁহ পুতি লৈ তাক কেন্দ্ৰ কৰি তাৰ চাৰিওফালে বাহঁৰ কামীৰে,দৌল আকৃতিৰ এটা জঁকা তৈয়াৰ কৰি,তাত নৰা বা বিৰিণা বান্ধি দি মেজি সাজাৰ নিয়ম আছে৷কোনো কোনো ঠাইত মেজিটো ধুনীয়া দেখাবলৈ মূৰত বিৰিণাৰে এপাহ ফুল সাজি লগাই দিয়ে৷ এই খেৰৰ মেজিবোৰ দহৰ পৰা বিছফুট পয্যন্ত ওখকৈ সজা হয়৷

নামনি অসমৰ খেৰৰ মেজিৰ চৰে শিৱসাগৰ,ডিব্ৰুগড আদিৰ কোনো কোনো ঠাইত মূল কাঠৰ মেজিটোৰ কাষতে এটা দীঘল বাহঁত নৰা বা শুকান কলপাত বান্ধি এটা মেজি সজা হৈছিল৷ইয়াক মেজিৰ ককায়েক বোলা হৈছিল৷উৰুকাৰ সন্ধিয়া প্ৰীতিভোজ খোৱাৰ পাছত এই মেজি জ্বলাই সকলোৱে জুই পুৱায়৷

আনহাতে ৰাতি মেজি ৰাখিবলৈ কাষতে এটা ভেলাঘৰো সজা হৈছিল৷ এই ভেলাঘৰতে ডেকাসকলে গোটেই ৰাতি জুই পুঁৱাই মেজি ৰখে৷কাহিলীপুৱাতে ভেলাঘৰ জ্বলাই,সেই জুইৰে গা গৰম কৰি গা ধুবলৈ যায় আৰু তিতাই-তিয়নিয়ে আহি ৰাতি চুৰ কৰি আনি,মোটাকৈ বান্ধি থোৱা শুকান জেওৰা খৰিৰে মেজি জ্বলায়৷

অসমৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰকাৰে মেজি সজা হয় যদিও ইয়াৰ মূল উদেশ্য এটাই৷ সেয়া হৈছে শীতক বিদায় দিয়া৷ খেৰৰেই হওক বা খৰিৰেই হওক-সকলোৱে মিলি শীতক বিদায় দিয়াটো আমাৰ সমাজৰ একতা আুৰ সমন্বয়ৰ প্ৰতীক৷এই একতা অনাগত বছৰবোৰতো নিখুঁতভাৱে অটুট থাকক,-এয়ে আমাৰ কামনা৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]