মেজি
|
|
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
মাঘ বিহুত জ্বলাবলৈ তৈয়াৰ কৰা কাঠ বা খেৰৰ ওখ দ'ম৷ বহু ঠাইত এনে মেজি কলগছৰ শুকান পাত, নৰা আদিৰে তৈয়াৰ কৰে আৰু বহু ঠাইত কাঠ-বাঁহ আদিৰেও তৈয়াৰ কৰা দেখা যায়৷ মাঘ বিহুৰ উৰুকাৰ নিশা মেজি জ্বলাই ভেলাঘৰত ভোজ ভাত খাই আনন্দ কৰে আৰু পিছদিনা বৰ মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰাৰ ৰীতি প্ৰচলিত আছে৷ ইয়াৰ পৰা বিভিন্ন অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয়৷
মেজি শব্দৰ উৎস[সম্পাদনা কৰক]
পালি ভাষাৰ ‘মেঝি’ শব্দটোৱে ‘মেজি’ৰ ৰুপ ললে বুলি আন একাংশ পণ্ডিতে যুক্তিসহকাৰে বিশ্লেষণ কৰি দেখুৱাইছে৷এই উৎসৱক আহোমসকলে ‘মাইক চোমফাই’ বুলিও কৈছিল৷ইয়াৰ অথ হৈছে- ‘মাই’ মানে কাঠ (খৰি),’ক’ মানে ইডালৰ ওপৰত সিডাল খৰি জাপি ওখকৈ সজা, ‘চোম’ মানে জ্বলোৱা,’ফাই’ মানে জুই৷ অৰ্থাৎ জাপ জাপকৈ ওখ কৰি সজা কাঠখৰিত জুই জ্বলোৱা৷ সেয়ে উজনি অসমত বতমানেও খৰিৰ মেজি জ্বলোৱাৰ পৰম্পৰা বৰ্তি আছে৷
প্ৰচলিত লোকবিশ্বাস আৰু মেজি[সম্পাদনা কৰক]
ব'হাগ বিহুৰ দৰে মাঘ বিহুতো বিভিন্ন লোকবিশ্বাস জডিত আছে বা সেইবোৰক পৰম্পৰাগত ভাৱে পালন কৰি অহা হৈছে৷
ফাগুন মাহত বৰদৈচিলা মাকৰ ঘৰলৈ যায় বুলি চহা সমাজত বিশ্বাস আছে৷ বৰদৈচিলা মাকৰ ঘৰলৈ যাওঁতে বাৰীৰ গছ-বিৰিখৰ গুটিবোৰ যাতে লৈ নাযায়, তাৰ প্ৰতিৰোধৰ বাবে পুহ মাহতে অথাৎ মাঘ বিহুৰ উৰুকাৰ দিনা বাৰীৰ,বিশেষকৈ গুটি লগা গছ-বিৰিখবোৰ ধানখেৰ বা নৰাৰে বান্ধি থয৷(চহা সমাজে মাঘ মাহক ‘মতামাহ’ বুলি বিশ্বাস কৰে৷ সেয়ে মাঘ মাহত ভঁৰা্লঘৰ নুচুৱে,পপুহতে ধান মাৰি উলিয়াই থয়;ঘৰ নাসাজে, অত্যন্ত নোৱাৰি ঘৰ সাজিলেও মূধচ নোচোৱাকৈ থৈ দিয়ে,ফাগুণতহে মূধচ চায়৷ বিয়া বাৰুৰ দিন ঠিক নকৰে; মাঘত ঢেঁকী চুব নাপায়, সেয়ে পুহতে ধান ঢেঁকীত বানি মাঘ মাহটোৰ কাৰণে চাউল উলিয়াই থয়,পূৰঠ যেন লগা কলঠোকা পুহতে কাটি থয়;পাণ ছিঙি কলগছৰ বুকুত ভৰাই থয়৷একেটা কাৰণতে মাঘমাহত গছ নাবান্ধি পুহতে বান্ধি থয়৷)
বিহুৰ দিনা পূৱা জ্বলোৱা মেজিত দিবৰ বাবে নিয়া মাহকৰাই মেজিত উৎসগা কৰি তাৰে এটা অংশ ঘৰলৈ লৈ আনে আৰু সেইবোৰ আম-কঁঠাল,কলকল-নাৰিকল,তামোল-লাও আদি গুটি লগা গছত গুটি বেছিকৈ লাগিবলৈ ছটিয়াই দিয়ে৷ভঁৰালৰ ধান সুৰক্ষিত অৱস্থাত থাকিবৰ বাবে আৰু যাতে কোনেও বাণ মাৰিব বা অপায়-অমংগল ঘটাব নোৱাৰে,তাৰ বাবেও ভঁৰাল আৰু ঘৰত সেইবোৰ ছটিওৱাৰ লগতে সমৃদ্ধিৰ কথাও ভৱা হয়৷একে বিশ্বাসতে মেজিৰ আধাপুৰা খৰি আনি বাৰীৰ চাৰি চুকত পোতা হয়৷
মাঘ বিহুত আলু নাখালে পাছৰ জন্মত গাহৰি হৈ আলু খান্দি খাই ফুৰিব লাগে বুলি বিশ্বাস আছে৷সেয়ে মেজি পুৱাঁবৰ দিনা মেজিৰ জুইতে মিৰি আলু,গৰীয়া আলু, মোৱাচীনা আলু পুৰি খোৱাৰ নিয়ম কোনো কোনো অঞ্চলত বতি আছে৷
পুৱা মেজি জ্বলোৱা হয় ৰাতি চুৰ কৰি আনি থোৱা জেওৰা খৰিৰে৷লোকবিশ্বাসৰ মতে,এনেদৰে মেজি জ্বলালেহে ঠাণ্ডা আঁতৰে৷সেয়ে ৰাতি ভেলাঘৰত থাকি মেজি ৰখি থকা ডেকাসকলে গৃহস্থৰ কোনোধৰণৰ অনিষ্ট নোহোৱাকৈ জেওৰা বা তেনেধৰণৰ শুকান বাঁহ চুৰ কৰি আনি তাৰে পুৱা মেজি জ্বলায়৷জেওৰা বা শুকান বাহঁ কেৱল এঘৰ মানুহৰ পৰা নানে,কম কমকৈ কেইবাঘৰৰ পৰা আনে৷যিকেইঘৰৰপৰা জেওৰা চুৰ কৰা হয়, তেওঁলোকে তাক ৰাইজৰ আশীবাদ বুলি ভাবে৷কিন্তু হাহঁ-কুকুৰা বা বাৰীৰ শাক-পাচলি চুৰ কৰা নিয়ম কোনো কালেই নাছিল৷
মেজি সজাৰ পৰম্পৰা[সম্পাদনা কৰক]
মাঘ বিহু ইংৰাজী বছৰৰ লেখেৰে বছৰৰ প্ৰথম আৰু অসমীয়া মাহৰ লেখেৰে বছৰৰ শেষ বিহু৷ চহা কৃষকৰ গভীৰ আশা আৰু প্ৰত্যয়ৰ লগতে প্ৰয়োজনৰ ভাতমুঠি যেতিয়া পথাৰৰ পৰা ভঁৰাললৈ আহে, তেতিয়াই তেওঁলোকৰ মনত সীমাহীন আনন্দই বিৰাজ কৰে৷ আশা কৰা বস্তুটো হাতলৈ অহাৰ আনন্দৰ পৰিণতিৰ ফলস্বৰুপেই এই বিহুৰ আয়োজন৷পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত পালন কৰা এই বিহুৰ আন এটা নাম- ভোগালী বিহু ৷ সম্ভৱত: আকালৰ অৱসান ঘটাই আৰু ভোগৰ দিনত অহাৰ বাবেই পৰৱতী সময়ত এই উৎসৱক ‘ভোগালী বিহু’ নামেৰে নামকৰণ কৰা হৈছিল৷মুলত: চহা কৃষকে আশা কৰা মতে ধান মুঠি নিজৰ হাতলৈ অহাৰ আনন্দ আৰু শীতক বিদায় দিয়াৰ উদেশ্যই এই বিহু পালন কৰা হয়৷ পোৱাৰ আনন্দ আৰু শীতক বিদায় দিয়াৰ বাবে পালন কৰা এই উৎসৱটোৰ উৎস সৰ্ম্পকে বিভিন্ন পণ্ডিতৰ বিভিন্ন মত যদিও ইয়াত অনায্যৰ অৱদান সকলোতকৈ বেছি৷আদিতে তাই-বৌদ্ধসকলে মাঘ বিহুৰ পাছৰ পুৰ্ণিমাত মেজি সাজি, ভোজভাত খাই এই উৎসৱ পালন কৰিছিল বুলি জনা যায়৷ এই উৎসৱক তেওঁলোকে ‘বাপু মেজি’ বা ‘মাইক চোমকফাই’ বুলি কৈছিল৷
মাঘ বিহুত মেজি সজাৰ নিয়ম আৰু পৰম্পৰা ঠাইবিশেষে বেলেগ বেলেগ৷উজনি অসমত আৰু মধ্য অসমৰ কোনো কোনো ঠাইত বাঁহ আৰু কাঠ খৰিৰে মেজি সজা হয় যদিও গুৱাহাটীকে ধৰি নামনি অসম আৰু মধ্য অসমৰ কিছু অঞ্চলত শুকান কলপাত আৰু খেৰ-নৰা বা বিৰিণা আদিৰে মেজি সাজি জ্বলোৱা নিয়ম আছে৷
খৰিৰে মেজি সজাৰ পদ্ধতি দীঘলীয়া৷বিহুৰ পোন্ধৰ-বিছ দিন আগৰ পৰাই খৰি গোটোৱাৰ কাম আৰম্ভ হয়৷শিৱসাগৰ জিলাত চাৰিজোপা বা এজোপা কলগছেৰে সজোৱা মেজিটো প্ৰস্তুত কৰি উলিওৱাৰ বাবে চুবুৰিটোৰ)একেটা নামঘৰতে খোৱা)প্ৰতিঘৰৰপৰা এডোখৰকৈ খৰি আনি নামঘৰৰ কাষৰ পথাৰত গোটোৱা হয়৷মেজিৰ বাবে প্ৰথমে খৰিডল ননামঘৰীয়া, সাধু বা সাতোলাৰ ঘৰত কটা হয়৷ নামঘৰৰ মুৰব্বীজনে গাৱঁৰ আন বয়োজেষ্ঠ্যৰ সহযোগত আশীবাদ দি গছজোপাত এঘাপ মাৰি দিয়ে৷তাৰ পাছত ডেকাসকলে বাকী কাম সমাধা কৰে৷ঘৰে ঘৰে গৈ খৰি কাটি আনি গোটোৱাৰ পাছত সেইবোৰ ফালি শুকাবলৈ দিয়া হয় আৰু বিহুৰ উৰুকাৰ দিনা আবেলিলৈ মেজি সাজে৷ সাধাৰণতে এজোপা বা চাৰিজোপা মধ্যমীয়া কলগছেৰে সজা মেজিটো প্ৰথমে যোগ চিনৰ আহিত প্ৰায় এফুট বহল আৰু চাৰি-পাঁচ ইঞ্চিমান দকৈ খান্দি লোৰৰ চাৰ চুকত চাৰিজোপা কলগছ পুতে৷কলগছজোপাৰ পূব আৰু পশ্চিম দিশত,কলগছৰ বাহিৰত,দুডাল কাঠৰ গড দি গছজোপাৰ ভিতৰৰ ফালে যোগ চিনৰ আহিতে খৰিবোৰ জপা হয়৷ জুৰ তাপত কলগছজোপা যাতে বাহিৰৰ ফালে আতৰি বা হাউলি নাযায়,তাৰ বাবে প্ৰতি তিনি-চাৰি জাপ খৰিৰ অন্তৰে অন্তৰে কুমলীয়া বাহঁৰ টঙালেৰে চাৰিওজোপা কলগছ সাঙুৰি পেটাবান্ধ দিয়া হয়৷মেজি জ্বলি থকা অৱস্থাতে ফুটি ডাঙৰ শব্দ হ’বৰ বাবে খৰিবোৰৰ মাজে মাজে কুমলীয়া গোটা বাহোঁ ভৰাই দিয়া হয়৷
কোনো কোনো ঠাইত পানীহিলৈৰ ব্যৱস্থা কৰে৷মাত্ৰ কলগছ দি সজাৰ মেজিৰ ক্ষেত্ৰত কলগছজোপাৰ মাজতে পুতি,মেজিত জপা খৰিবোৰ ধৰি ৰাখিবৰ বাবে চাৰিওফালে চাৰিটা গোটা বাহঁ বা তামোল গছ কাটি আনি পুতি দিয়া দেখা যায়৷ খৰিৰ মেজি সজাৰ উল্লিখিত বিৱৰণটোৰ কিছু ইফাল সিফাল কৰি যোৰহাট, গোলাঘাট, দেৰগাঁও,ডিব্ৰুগড,তিনিচুকীয়া,লক্ষীমপুৰ,ধেমাজি আদিটো খৰিৰ মেজি সজা দেখা যায়৷ গোলাঘাটৰ মহুৰামুখ আদি ঠাইত কলগছেৰে মেজি সজাৰ পৰিৱতে গোলাঘাট টাউন আৰু ইয়াৰ আশে আশে চাৰিটা গোটা বাহঁ বা তামোল পুতি ওপৰত উল্লেখ কৰাৰ দৰে খৰি জাপি মেজি সাজে৷
মেৰাপানীত মেজিটোৰ ওপৰত,এডাল সৰু বাহঁত ধেনু-কাডঁক ভীষ্মৰ প্ৰতীক হিচাপে লোৱা হয়৷ডিব্ৰুগড জিলাৰ মানকটা আদি ঠাইত কেৱল ৱাঁহেৰে মেজি সজা দেখা যায়৷জিলাখনৰ কোনো ঠাইত কলগছ পুতি খৰিৰ মেজি সাজে৷ যোৰহাটতো চাৰিটা বাহঁৰ খুটা বা তামোলৰ খুটাঁ পুতি খৰিৰ মেজি সাজে বুলি জনা গৈছে৷ আগৰ দিনত খৰিৰ অভাৱ নাছিল বাবে মেজিবোৰ বহু ওখকৈ(দহ পোন্ধৰ ফুট) সজা হৈছিল৷মেজি কোনে কিমান ওখকৈ সাজিব পাৰে,তাৰো অঘোষিত(আনন্দৰ) প্ৰতিযোগিতা চলিছিল৷মেজিবোৰ ওপৰলৈ ক্ৰমান্বয়ে সৰুকৈ সজা হৈছিল৷ উজনিৰ খৰিৰ মেজিৰ পৰিৱতে নগাৱঁৰ কোনো কোনো ঠাইত,মৰিগাঁও,গুৱাহাটী আৰু কামৰুপ,নলবাৰী,বৰপেটা,শোণিতপুৰ আদিত শুকান কলপাত,খেৰ,নৰা বা বিৰিণাৰে মেহি সজাৰ নিয়ম আছে৷এই মেজি সাজিবৰ বাবে কলপাত,বিৰণা,খেৰ বা নৰাৰ উপৰিও গোটা বাহঁ আৰু বা কামী প্ৰয়োজন হয়৷ নলবাৰী জিলাত প্ৰথমে মূল বাহঁটো থিয়কৈ পুতি সেইটোক কেন্দ্ৰ কৰি,তাৰ পৰা চাৰি-পাচঁ ফুট আতঁৰত,সমান দূৰত্বত,বগক্ষেত্ৰাকাৰে হাঁদ-ছটা বাহঁ অলহ হেলনীয়াকৈ(যাতে বাহঁকেইটাৰ আগলৈ মূল বাহঁটোৰ আগত লাগে৷)পুতি ওপৰফালে মূল বাহঁটোৰ আগত বন্ধা হয়৷ইয়াৰ প্ৰতিটো বাহঁৰ আগত ডাল-পাত থাকে৷চাৰিওফালে পোতা বাহঁকেইটাৰ মোজত,মূল বাহঁচোৰ চাৰিওফালে অৱশিষ্ট দীঘল-চুটি আন বাহঁ বা আগ,জেং আৰু ডাল-পাত অথবা আন সতু-সুৰা খৰিৰ লগতে শুকান কলপাতেৰে প্ৰথমে মেজিটোৰ ভিতৰৰ অংশ পূৰোৱা হয়৷ তাৰ পাছত সেইবাৰৰ ওপজত নৰা বা খেৰ জাপি দি দৌলৰ দৰে সুন্দৰকৈসজাই তোলা হয়৷
কোনো কোনো অঞ্চলত কেৱল শুকান কলপাতেৰে অথবা নৰাৰে মেজি প্ৰস্তুত কৰে৷নগাঁও,মৰিগাওঁ আদিত আকৌ প্ৰথমে গোটা বাঁহ পুতি লৈ তাক কেন্দ্ৰ কৰি তাৰ চাৰিওফালে বাহঁৰ কামীৰে,দৌল আকৃতিৰ এটা জঁকা তৈয়াৰ কৰি,তাত নৰা বা বিৰিণা বান্ধি দি মেজি সাজাৰ নিয়ম আছে৷কোনো কোনো ঠাইত মেজিটো ধুনীয়া দেখাবলৈ মূৰত বিৰিণাৰে এপাহ ফুল সাজি লগাই দিয়ে৷ এই খেৰৰ মেজিবোৰ দহৰ পৰা বিছফুট পয্যন্ত ওখকৈ সজা হয়৷
নামনি অসমৰ খেৰৰ মেজিৰ চৰে শিৱসাগৰ,ডিব্ৰুগড আদিৰ কোনো কোনো ঠাইত মূল কাঠৰ মেজিটোৰ কাষতে এটা দীঘল বাহঁত নৰা বা শুকান কলপাত বান্ধি এটা মেজি সজা হৈছিল৷ইয়াক মেজিৰ ককায়েক বোলা হৈছিল৷উৰুকাৰ সন্ধিয়া প্ৰীতিভোজ খোৱাৰ পাছত এই মেজি জ্বলাই সকলোৱে জুই পুৱায়৷
আনহাতে ৰাতি মেজি ৰাখিবলৈ কাষতে এটা ভেলাঘৰো সজা হৈছিল৷ এই ভেলাঘৰতে ডেকাসকলে গোটেই ৰাতি জুই পুঁৱাই মেজি ৰখে৷কাহিলীপুৱাতে ভেলাঘৰ জ্বলাই,সেই জুইৰে গা গৰম কৰি গা ধুবলৈ যায় আৰু তিতাই-তিয়নিয়ে আহি ৰাতি চুৰ কৰি আনি,মোটাকৈ বান্ধি থোৱা শুকান জেওৰা খৰিৰে মেজি জ্বলায়৷
অসমৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰকাৰে মেজি সজা হয় যদিও ইয়াৰ মূল উদেশ্য এটাই৷ সেয়া হৈছে শীতক বিদায় দিয়া৷ খেৰৰেই হওক বা খৰিৰেই হওক-সকলোৱে মিলি শীতক বিদায় দিয়াটো আমাৰ সমাজৰ একতা আুৰ সমন্বয়ৰ প্ৰতীক৷এই একতা অনাগত বছৰবোৰতো নিখুঁতভাৱে অটুট থাকক,-এয়ে আমাৰ কামনা৷
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- প্ৰান্তিক ১ জানুৱাৰী ২০১১, (নিতুল চাংমাই)
