বৰদৈচিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
অসমীয়া বায়বীয় ভূত-প্ৰেত বৰদৈচিলাৰ এখন কাল্পনিক চিত্ৰ।

বৰদৈচিলা (ইংৰাজী: Bordoisila) বৰ্ষাকালঅসমত মৌচুমী বায়ুৰ প্ৰৱেশৰ সময়ত অহা এক ধুমুহাৰ নাম। প্ৰতি বছৰ বৰদৈচিলাৰ কবলত ঘৰ, খেতিপথাৰৰ ক্ষতি হয়। চ'ত মাহৰ পৰা ব'হাগ মাহলৈকে অসমত বৰদৈচিলাৰ প্ৰভাৱ পৰিলক্ষিত হয়।[1]

নামকৰণ[সম্পাদনা কৰক]

বৰদৈচিলা নামৰ অৰ্থলৈ বিভিন্ন মতভেদ আছে। আহোমসকলৰ মতে "বৰদৈ" আৰু "চিলা" এই দুটা নাম মিলনৰ ফলত বৰদৈচিলা নামৰ সৃষ্টি হৈছে। বড়োসকলৰ মতে "বৰ," "দৈ" আৰু "চিলা" এই তিনি নামৰ মিলনৰ ফলত বৰদৈচিলা নামৰ সৃষ্টি। "বৰ" মানে ডাঙৰ বা বিশাল, "দৈ" মানে পানী আৰু "চিলা" চিখ্‌লাৰ পৰা লোৱা হৈছে যাৰ অৰ্থ ছোৱালী বা কন্যা।

অন্য এক বিশ্বাসমতে অসুৰকন্যা বৰদৈচিলাৰ নাম অনুসাৰে এই ধুমুহাৰ নাম বৰদৈচিলা হয়।

লোকবিশ্বাস[সম্পাদনা কৰক]

লোকবিশ্বাস মতে বৰদৈচিলা বিবাহিত মহিলা। বৰদৈচিলা প্ৰতি বছৰ ব'হাগ মাহত নিজৰ মাকৰ ঘৰত আহে। প্ৰবল বেগত উৰি অহাৰ কাৰণে ধুমুহাৰ সৃষ্টি হয় আৰু পথত পোৱা খেতিপথাৰ ধ্বংস কৰি দিয়ে। বৰদৈচিলা এই ধুমুহাৰ সৃষ্টিকৰ্তা, সেয়েহে ইয়াৰ নাম বৰদৈচিলা। বৰদৈচিলা ধুমুহাক শান্ত কৰিবলৈ চোতালত দাপোণ, ফণি আৰু বৰপীৰা দিয়া হয়। জেঠ মাহত বৰদৈচিলা মাকৰ পৰা বিদায় লৈ স্বামীগৃহ যাবলৈ সাজু হয়। বিদায়ৰ বেদনাত বৰদৈচিলাই কান্দি উঠে আৰু তেওঁৰ চকুৰ পানী বৰষুণ হৈ পৃথিৱীত পৰে।

বৈজ্ঞানিক দৃষ্টিভংগী[সম্পাদনা কৰক]

বৰদৈচিলা বিহুৰ সময়ত আহে। সেয়ে বৰদৈচিলাই বিহুৰ বতৰা আনে বুলি কোৱা হয়। সাধাৰণতে ই এক প্ৰাকৃতিক পৰিঘটনা। সেই অনুসৰি বৰদৈচিলাক অসমীয়া সংস্কৃতিত ভূত-প্ৰেতৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। বৰদৈচিলা বায়বীয় প্ৰেত। প্ৰাকৃতিক বুৰঞ্জী অনুসৰি এই ভূত-প্ৰেতবোৰক প্ৰধানকৈ চাৰি ভাগত ভগোৱা হৈছে-[2] আদিম মানুহসকল ৰ’দ-বৰষুণ, ধুমুহা, উল্কাপাত, ভূমিকম্প আদি বিভিন্ন প্ৰাকৃতিক ঘটনাৰ উৎস আৰু হেতু সম্পৰ্কত তেনেই অজ্ঞ আছিল। সেই অজ্ঞতাৰ বাবে তেওঁলোকে প্ৰকৃতিৰ ওচৰত বৰ অসহায় অনুভৱ কৰিছিল। সেই অজ্ঞতা আৰু অসহায়বোধেই তেওঁলোকৰ মনত ৰহস্যময় প্ৰাকৃতিক ঘটনাবোৰৰ সম্পৰ্কত বিভিন্ন ভ্ৰান্ত ধাৰণাৰ জন্ম দিছিল। আদিম মানুহে প্ৰাকৃতিক ঘটনাবোৰ কোনো অলৌকিক শক্তিয়ে সম্পন্ন কৰে বুলি বিশ্বাস কৰাৰ লগতে সেইবোৰক দেৱ-দেৱতা, ভূত-প্ৰেত আদি নাম দি লৈছিল। মানুহৰ হিত সাধন কৰা প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত দেৱ-দেৱতা আৰু মানুহৰ অহিত সাধন কৰা প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত ভূত-প্ৰেত জড়িত থাকে বুলি বিশ্বাস কৰিছিল।

তথ্যউৎস[সম্পাদনা কৰক]

  1. মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা, নৱকান্ত বৰুৱা (2013). আধুনিক অসমীয়া অভিধান. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. 332. 
  2. উমেশ চেতিয়া (২০০৮). "অসমীয়া লোক সমাজত ভূত-প্ৰেত তত্ত্ব". অসমৰ লোক সংস্কৃতিৰ ৰূপৰেখা. কিৰণ প্ৰকাশন.