অসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেত
![](http://upload.wikimedia.org/wikipedia/commons/thumb/c/cb/Porua.png/220px-Porua.png)
অসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতৰ বিশ্বাস পৃথিৱীৰ অন্যান্য আদিম লোকসমাজৰ দৰেই প্ৰচলিত। অদৃশ্য আৰু ৰহস্যজনক শক্তি সম্বন্ধে প্ৰচলিত এই লোকবিশ্বাস নগৰতকৈ গাঁৱলীয়া সমাজত অধিক। অসমীয়া সমাজত ঘাইকৈ হিন্দু ধৰ্মৰ পৰম্পৰা চলি আহিছে। হিন্দু ধৰ্মত নানা দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰা হয়। এই দেৱ-দেৱীসকল স্বৰ্গত থাকে বুলি বিশ্বাস কৰা হয়। ইয়াৰে কিছুমান দেৱতাই নিম্নস্তৰ লাভ কৰি ভূত বা অপদেৱতাৰ স্থান পায়। অসমৰ সাধুকথা, লোকগীত, ডাকৰ বচন, প্ৰবাদ-পটন্তৰ, কথাছবি আদিত এই অপদেৱতা বা ভূত-প্ৰেত সমূহে স্থান দখল কৰি থৈছে।
শ্ৰেণী বিভাজন
[সম্পাদনা কৰক]![](http://upload.wikimedia.org/wikipedia/commons/thumb/7/78/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%AC%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%AC%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%AD%E0%A7%82%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A4-%E0%A6%AC%E0%A7%B0%E0%A6%A6%E0%A7%88%E0%A6%9A%E0%A6%BF%E0%A6%B2%E0%A6%BE_%E0%A5%A4.jpg/220px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%AC%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%AC%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%AD%E0%A7%82%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A4-%E0%A6%AC%E0%A7%B0%E0%A6%A6%E0%A7%88%E0%A6%9A%E0%A6%BF%E0%A6%B2%E0%A6%BE_%E0%A5%A4.jpg)
অপদেৱতাসমূহৰ বৈশিষ্ট্যলৈ লক্ষ্য কৰি এইবোৰক বিভিন্ন ভাগত ভাগ কৰা হৈছে৷ অশৰীৰী এই প্ৰেতাত্মাবোৰে বিশ্বাসমতে নানা ৰূপ ধাৰণ কৰিব পাৰে৷ পৰিত্যক্ত ঘৰ, ডাঙৰ গছ, এৰাবাৰী, বিল-পুখুৰীৰ পাৰ আদিত এই ভূত-প্ৰেতবোৰ থাকে বুলি কোৱা হয়৷ ভূত-প্ৰেতবোৰক প্ৰধানকৈ চাৰি ভাগত ভগোৱা হৈছে-[1]
- মাটিৰ তলত ফুৰা
- পাৰ্থিৱ
- বায়ৱীয়
- সৰগত থকা
পাৰ্থিৱ ভূতসমূহক আকৌ তিনি ভাগত ভগোৱা হৈছে-
- জলচৰ
- হাবিতলীয়া
- কূলদেৱতা
পাৰ্থিৱ ভূত-প্ৰেত
[সম্পাদনা কৰক]জলচৰ
[সম্পাদনা কৰক]এই শ্ৰেণীৰ অপদেৱতা সকল হৈছে বাঁক, দৈত্য, যখ, জল কাষৰীয়া, জলখাই, জলনাৰায়ণ, জলকোঁৱৰ আদি।
- বাঁক : এই অপদেৱতাবিধ সাধাৰণতে নৈ, খাল, পুখুৰী, বিল আদিৰ পাৰত থাকে। ইহঁতে মাছ খাবলৈ ভাল পায়। ইহঁতৰ গাটো দেখা নাযাই, মাত্ৰ চিলমিলকৈ অনুমান কৰিব পাৰি।[2]ই পানীৰ ওপৰত ঘূৰি ফুৰে। ই জালমাৰি মাছ খায়। ওচৰত থকা মানুহে জাল মৰাৰ শব্দ শুনিবলৈ পায়। ইয়াৰ গাটো মাছৰ দৰে গোন্ধাই।
- দ'ত বা দৈত্য : দৈত্য শব্দটো সংস্কৃতৰ পৰা অহা। ই মানুহক বিভিন্ন ছলনা কৰি ফুচুলাই পথ হেৰুৱাই লৈ যায়। তাৰ পিছত নিৰ্জন হাবি বা আন্ধাৰত মানুহক অচেতন কৰি বা মাৰি পেলাই থৈ যায়। ৰাতি দোকমোকালিতে আন্ধাৰ সময়ত ই কোনো বন্ধুস্থানীয় লোকৰ ৰূপত দেখা দি মানুহক পুখুৰীৰ ফাললৈ লৈ যায়। দৈত্যবোৰ পিছল আৰু ওখ। ই দহ বাৰ ফুটলৈকে ওখ হ'ব পাৰে। ই পানী থকা জান্, পুখুৰী বা জলাহৰ পানী যুঁৱলীত থাকে। ই মানুহক ডিঙি চেপি ধৰে, ভুকুৱাই, হাতৰ আঙুলিৰে বাকুতি ধৰে। প্ৰথমে তাক মানুহৰ দৰে দেখি যদিও ক্ৰমে সি ডাঙৰ হৈ আহে আৰু হতাব নোৱাৰা হৈ পৰে। দৈত্যৰ লগত এটা জলমোনা থাকে। এই জলমোনাটো কোনো মানুহে বশ কৰি ল'ব পাৰিলে সি তেওঁৰ আদেশ মানি চলে।
- জান কাষৰীয়া : জান কাষৰীয়া জানৰ কাষত, পানীৰ ধাৰৰ ওচৰত থাকে। ই এক দেওপুজক। ইয়াক মন্ত্ৰৰ দ্বাৰায়ো বশ কৰিব নোৱাৰি।
- জলখাই আৰু জলনাৰায়ণ : এই দুই দেৱতা জলৰ অধিকাৰী। জলৰ ওপৰত ইহঁতৰ কৰ্তৃত্ব আৰু আধিপত্য থাকে। এওঁলোকে দায়-দোষ লাগিলে মানুহক শাস্তি দিয়ে যদিও মাৰি নেপেলাই।
- জলকোঁৱৰ : জলকোঁৱৰ পানীৰ দেৱতা। আগ অংশ মানুহৰ দৰে আৰু পিছ অংশ মাছৰ দৰে বুলি বিশ্বাস কৰা হয়।[3] বৰষুণৰ দেৱতা বৰুণৰ লগত ইয়াৰ যোগাযোগ আছে।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/8/8e/Mus%C3%A9e_Unterlinden_-_chapiteau_de_l%27%C3%A9glise_abbatiale_d%27Alspach_-_Triton_%28XIIe_si%C3%A8cle%29.jpg/170px-Mus%C3%A9e_Unterlinden_-_chapiteau_de_l%27%C3%A9glise_abbatiale_d%27Alspach_-_Triton_%28XIIe_si%C3%A8cle%29.jpg)
- দেও : এইবিধ ভূতে পৰিত্যক্ত পুখুৰী, বিল, নদী আদিত বাস কৰে। দেৱে কেতিয়াবা কোনো মানুহক পানীৰ তললৈ নি মানুহ মাৰি পেলাই বুলি বিশ্বাস কৰা হয়।
হাবিতলীয়া দেৱতা
[সম্পাদনা কৰক]হাবিৰ দেৱতাবোৰ হ'ল চামোন ডাঙৰীয়া, বুঢ়া ডাঙৰীয়া, আলষণী, পিশাচ, পিশাচিনী, ডাইনী, পেৰেত, ভূত, খেতৰ, মৰকুছীয়া, প্ৰসূতা, কিণ, বীৰা, পায়ামঙনী, খাবিচ, পৰুৱা আৰু থলগিৰী।
- চামোন ডাঙৰীয়া : চামোন ডাঙৰীয়া নিবোকা হৈ মনে মনে থাকে সেয়ে তেওঁক নিবোকা চামোন বুলিও কোৱা হয়। এয়া তেওঁৰ বিশিষ্ট লক্ষণ। চামোন ডাঙৰীয়াই লম্ভিলে মানুহে সকলো জ্ঞান চেতনা হেৰুৱাই পেলাই। আনকি মাত বোল মাতিব নোৱাৰা হৈ পৰে। চামোন শব্দটি অচলতে চাম গছৰ পৰা উদ্ভৱ হোৱা বুলি কওৱা হয়। চাম গছতেই স্সধাৰণতে চামোন ডাঙৰীয়া থাকে। নাহৰ গছ বা আন জোপোহা গছতো চামোন ডাঙৰীযা থাকে। যেতিয়া মানুহে এনে গছৰ ডাল কাটে নাইবা গছৰ তলত যধে মধে প্ৰসাৱ কৰে। তেতিয়াই চামোন ডাঙৰীয়া দোষ ধৰে আৰু মানুহৰ গাত লম্ভে।[উদ্ধৃতিৰ প্ৰয়োজন]
- বুঢ়া ডাঙৰীয়া : বুঢ়া ডাঙৰীয়াই সম্ভ্ৰান্ত ব্যক্তিয়ে থকাৰ দৰে সুন্দৰ পাগুৰি মাৰি থাকে। তেওঁ গাত খনীয়া কাপোৰ লয় আৰু আঁঠুৰ তললৈ ওলমি পৰা, মাৰ্বলৰ দৰে বগা ধুতি পিন্ধে। সেয়েহে তেওঁক ডাঙৰীয়া বুলি সম্বোধন কৰা যায়। তেওঁ আকৃতিত ওখ-পাখ আৰু হৃষ্ট-পুষ্ট থুলন্তৰ পুৰুষ। সকলো অপদেৱতাতকৈ বুঢ়া ডঙৰীয়াক মানুহে বেছিকৈ পূজে। বুঢ়া ডাঙৰীয়া ডাঙৰ গছত থাকে আৰু গছ কাটিবলৈ আহিলে মানুহক ধৰে। গছকটা জনক নৰীয়াত প্লৈ দিয়ে। তেতিয়া তেওঁ বুঢ়া ডাঙৰীয়াক পূজা দিবলগীয়া হয়। বুঢ়া ডাঙৰীয়া ৰাতি হ'লে বগা ঘোঁৰাৰ পিঠিত উঠি গাঁৱত তহল দিয়ে বুলি কোৱা হয়।
- আলষণী : আলষণী এক মহিলা অপদেৱতা। মতা আলষণীও থাকে। সিহঁত জোপোহা বাঁহ গছত থাকে। কেতিয়াবা ই বাঁহ গছত আঠ-দহ ইঞ্চি কাঠফুলাৰ দৰে দেখা দিয়ে। ইয়াক তেতিয়া মানুহে আলষণী বাঁহ বোলে। আলষণী অলপ ধেমেলিয়া অপদেৱতা। মাইকী আলষণীয়ে মতা মানুহক বেছিকৈ ধৰে আৰু তেতিয়া মানুহৰ পেটৰ কামোৰ হয় আলষণীয়ে পালে জৰা-ফুঁকা কৰা হয়। দেহত বচ, বগা নহৰু আদি সানি দিয়া হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
- পিশাচ : সংস্কৃত পৈশাচ শব্দৰ পৰা পিশাচ শব্দতি উদ্ভৱ হৈছে।[1] পিশাচ সধাৰণতে গেৰেকনি হাবিত থাকে।
- ফিচাহিনী : মাইকী পিশাচক পিশাচিনী বা ফিচাহিনী বোলে। পিশাচিনীয়ে একোখিলা অজান পাতত থুই পেলাই থৈ দিয়ে। এই থুই মানুহে এৰাই চলে। যদিহে সেই থুইত খোজ পৰে নাইবা দেহত লাগে তাত ডাঙৰ ঘাঁ লাগে।[উদ্ধৃতিৰ প্ৰয়োজন]
- ডাইনী : সংস্কৃতৰ ডাকিনী শব্দৰ পৰা ডাইনী শব্দৰ উদ্ভৱ হৈছে। ডাইনী কালী দেৱীৰ পালি-পহৰীয়া বুলি জনাজাত। এয়া এগৰাকি মাইকী, খকুৱা অপদেৱতা। ডাইনীয়ে মানুহ খাই। সুন্দৰ নিপোটল মানুহ দেখিলে ডাইনীৰ জিভাৰ পানী পৰে আৰু শুকান বুকুৰ মানুহ দেখিলে তেজ শুহি খাবলৈ লালায়িত হয়।
- পেৰেত : কোনো মানুহ ঢুকালে তেওঁৰ আত্মাটোৱে অইন দেহত থিতাপি লোৱাৰ আগত অনাই বনাই ঘূৰি ফুৰে আৰু সেই সমযছোৱাত আত্মাটোক পেৰেত বোলে। কোনো মানুহক পেৰেতে পালে তেওঁৰ দেহত খৰ-খহু আদি হয়। পেৰেতক দেখা নাযায় আৰু ই মানুহৰ দেহৰ লগতে মনকো লম্ভে। পেৰেতে ধৰিলে মানুহ শুকাই-খীনাই যায় আৰু মন মাৰি থাকে।[উদ্ধৃতিৰ প্ৰয়োজন]
- ভূত : সাধাৰণতে সকলো অপদেৱতাকে ভূত বুলি কোৱা হয় যদিও ভূত এবিধ সুকীযা অপদেৱতা। ই ঘনে ঘনে ৰূপ সলনি কৰিব পাৰে।
- খেতৰ : খেতৰ মানে কোনো এখন ঠাইৰ থলগিৰী বা থানগিৰী। ই মুকলি ঠাইতে থাকে। সাধাৰণতে সৰু ল'ৰা-ছোৱালীক খেতৰে পাই। বেজৰ দ্বাৰা মন্ত্ৰ মাতি ডোল বটি দিলে আৰোগ্য লাভ হয়। পোৱালি জগাৰ পিছত সৰু দামুৰি পোৱালিকো খেতৰে পায়। সেয়েহে পোৱালি জগাৰ দুই-তিনিদিনত ভোগ পায়স দি খেতৰ ভঙা হয়।
- মৰকুছীয়া : মৰকুছীয়া এনে এবিধ অপদেৱতা যিয়ে গৰ্ভৱতী মহিলাৰ গৰ্ভস্থ সন্তানৰ বিনাশ ঘটায়। কোনো বিবাহিতা তিৰোতাই মাহেকীয়া ঋতু স্নান হোৱাৰ সময়তে কোনো অশুভ সমযতে মৰকুছীয়াই লগ লয় আৰু গৰ্ভৱতী হ'লে তিনি চাৰি চাৰিমাহতে সন্তানৰ বিনাশ কৰে। আনকি সন্তান জন্মৰ পিছতো ই আক্ৰমণ কৰে। তেতিয়া বেজ লগাই মৰকুছীয়া খেদোৱা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
- প্ৰসূতা : প্ৰসূতা অপদেৱীয়ে প্ৰসুতিক আক্ৰমণ কৰে।
- কন্ধ বা স্কন্ধ : কন্ধ এবিধ ভয়াবহ অপদেৱতা। ইয়াৰ মূৰ নাথাকে। বুকুত টল টল কৰি জিলিকি থকা এহাল চকু থাকে। ই সাধাৰণতে নৈ-বিলৰ পাৰৰ বালিতবা মুকলি পথাৰত থাকে। ই আন্ধাৰ নিশা ঘূৰি ফুৰে আৰু পোহৰ হ'লে নিজ ঠাইলৈ গুচি যায়। সংস্কৃত শব্দ কবন্ধৰ পৰা কন্ধৰ উদ্ভৱ হোৱা বুলি ভবা হয়।[1]
- বীৰা : বীৰা এক শ্ৰেণীৰ খেতৰ জাতিৰ অপদেৱতা। বহু ডাঙৰ বেজেহে বীৰাক মন্ত্ৰ মাতি খেদিব পাৰে।
- পানী মঙ্গলীয়া বা পানী মৰলীয়া : বছৰৰ আৰম্ভণিতে ন-পানী বাঢ়ি আহিলে উজানৰ মাছ পানীত ওলালে পানী মৰলীয়াও ওলাই। পানী মৰলীযাই বিলত মাছ মাৰি থাকোঁতে পালে আক্ৰমণ কৰি গাৰ কোনোবা আংগ, হাত বা ভৰি ভাঙি থৈ যায়। কেতিয়াবা বলে নোৱাৰা গাত জ্বৰ উঠে।[উদ্ধৃতিৰ প্ৰয়োজন]
- পৰুৱা : পৰুৱা এবিধ খৰতকীয়া স্ত্ৰী জাতীয় অপদেৱতা। তিনি আলি বা চাৰি আলিৰ মূৰত হে পৰুৱাক লগ পোৱা যায়। অকলশৰীয়া ৰাতি পৰুৱাই লগ পালে যাত্ৰীক ডাঠ আন্ধাৰে আৱৰি ধৰে আৰু আচল বাটটো পাহৰাই দিয়ে। তেনেদৰে বাট হেৰুওৱা মানুহক ক্ৰমে মূল বাটৰ পৰা দূৰলৈ লৈ যায়। ৰাতিৰ ৰাতিটো একে ঠাইত ঘূৰাই ফুৰে। অন্যলোকে পোহৰ দেখুৱাই লৈ গ'লেহে পৰুৱাই এৰা দিয়ে।[4]
- খাবিচ : খাবিচ এবিধ ইছলাম ধৰ্মীয় অপদেৱতা। অৱশ্যে কেতিয়াবা ই হিন্দুৰ গাতো লম্ভে।
- জাউকাৰ পাল : ই সাধাৰণতে অকলশৰে নাথাকে, সদায় সমূহীয়া ভাবে থাকে। দেৰ -দুই ফুট মানহে ওখ, চুটী-চাপৰ ক'লা বৰণৰ। ১৫-২০টা দলবদ্ধ ভাবে থাকে। ৰাতি ৰাস্তাত ইফালৰ পৰা সিফাললৈ দৌৰা দৌৰি কৰি ঘূৰি ফুৰে। ইহতে মানুহলৈ ভয় কৰে মানুহ দেখিলে দৌৰি পলাই।[উদ্ধৃতিৰ প্ৰয়োজন]
- কান্দুৰা বা কান্দুৰী : ইয়াক কাতচিৎ হে দেখা পোৱা য়ায়, আৰু দেখিলেও সমুখৰ পৰা দেখা নাযায়। মাজ ৰাতি উচুপি উচুপি কান্দি ৰাস্তাৰে অহা যোৱা কৰে, বিশেষকে ন-পানী হোৱাৰ সময়ত ইয়াৰ মাত শুনা যায়। মানুহৰ লগত কোনো প্ৰত্যক্ষ ভেটা ভেটি হোৱা শুনা নাযায়।[উদ্ধৃতিৰ প্ৰয়োজন]
- যঁখিনী : সাধাৰণতে পথাৰৰ মাজৰ সৰু ঢাপত থাকে। ভৰ দুপৰীয়া ইয়াক দেখা যায়। জুতুলি পুতুলি চুলিখিনি মেলি লেতেৰা পেতেৰাকৈ থাকে। খাদ্য অভাস সম্পৰ্কে বিশেষ একো জনা নাযায়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'ভূত পোৱালি' নামৰ কবিতাত এই যঁখিনী ভূতৰ উল্লেখ আছে।
কূলদেৱতা
[সম্পাদনা কৰক]- থলগিৰী বা থলখাই : প্ৰতিখন ঠাইৰেই একোজন থলগিৰী বা থলদেৱতা থাকে। কেতিয়াবা থলগিৰী ডাঙৰীয়াই দোষ ধৰিলে মানুহে সকাম্-নিকাম কৰে।
- ঘৰ জেউতি : ঘৰ জেউতি এক মহিলা জাতীয় ঘৰৰ দেৱতা। মাজে মাজে তেওঁ ঘৰত শব্দ কৰি থাকে। কোনোবা মানুহে ঘৰৰ দুৱাৰডলিতে টোপনি গ'লে সেই ফালেদি ঘৰদেৱতা পাৰ হৈ গ'লে মানুহজনে টোপনিত মেকুৰী জাপ মৰি যোৱা যেন পায়।
বায়বীয় ভূত-প্ৰেত
[সম্পাদনা কৰক]- বৰদৈচিলা : বসন্ত কালত বাৰিষাৰ আগজাননী দি পাৰ হৈ যোৱা ধুমুহা বৰষুণক অসমীয়া লোক সংস্কৃতিত বৰদৈচিলা নামৰ দেৱী বুলি ভবা হয়। কোৱা হয় বসন্তৰ আগে আগে বৰদৈচিলা মাকৰ ঘৰলৈ যায় আৰু যাওঁতে গছ-গছনি, হিল-দ'ল ভাঙি থৈ যায়।
সৰগীয় ভুত-প্ৰেত
[সম্পাদনা কৰক]সৰগীয় ভূত-প্ৰেত : সৰগীয় ভূত-প্ৰেত বা দেৱতা সকল হৈছে আমাৰ লোক-সমাজত বিশ্বাস কৰা প্ৰকৃত দেৱ-দেৱী সকল। তাৰ ভিতৰত - শিৱ, যম, বিশ্বকৰ্মা, দুৰ্গা, কালী, লক্ষ্মী আদি প্ৰধান।
মাটিৰ তলৰ দেৱতা
[সম্পাদনা কৰক]গুলৈ বা ধনগুলৈ মাটিৰ তলত পুতি থোৱা ধন সম্পত্তিৰ অধিকাৰী।[5] তেওঁ বৰটোকোলা চৰাইৰ ৰূপত ৰাতিৰ আন্ধাৰত আহাৰ বিচাৰি ফুৰে। এই চৰাইৰ ঠোঁটৰ পৰা জুইৰ দৰে পোহৰ ওলাই আৰু সেই পোহৰত বাট দেখি পায়। ইয়াক মানুহে দূৰৰ পৰা একুৰা জুই যেন দেখে।
আন কিছুমান শ্ৰেণীভুক্ত নোহোৱা ভূত-প্ৰেত হ'ল- কালিকা, বেতাল, ঘোঁৰাপাক, হাটোৱালী, দ’ত, কালধূমা, ক্ষেত্ৰপাল আদি।
লোকবিশ্বাস
[সম্পাদনা কৰক]ভূত-প্ৰেতৰ ওপৰত থকা বিশ্বাসে অসমৰ লোক-সংস্কৃতিৰ ক্ষেত্ৰখনক চহকী কৰিছে। ভূত বা অপদেৱতা সম্বন্ধীয় বিশ্বাসৰ প্ৰথম ঢাপতো সুদৃঢ় কৰে মানুহৰ দেহত দেখা দিয়া বিভিন্ন বেহা-বেমাৰে। ঘাইকৈ গ্ৰাম্যাঞ্চলত মানুহৰ দেহত বেমাৰে দেখা দিলে দেও-ভূতৰ প্ৰতিমূৰ্তি সাজি পূজা কৰা হয়। পিঠাগুৰি, কুকুৰা, পাণ-তামোল, তুলসী, সেন্দূৰ আদিৰে শনিবাৰে বা মঙলবাৰে টাঙনদেও, বীৰা আদিক পূজা কৰা হয়। সৰু ল'ৰা-ছোৱালীক অপদেৱতাৰ নজৰৰ পৰা ৰক্ষা কৰিবলৈ কাজলৰ ক'লা ফোট দিয়া হয়। বেমাৰ নহ'লেও কেতিয়াবা কোনো মানুহৰ দেহত ভূতে ধৰা লক্ষণ দেখা দিয়ে। এই লক্ষণ সমূহ হ'ল - অসংলগ্ন কথা কোৱা, অট্টহাস্য কৰা অথবা চিঞৰি কন্দা, অস্থিৰ আচৰণ কৰা, নিশ্চুপ হৈ থকা, চকু টেলেকাই থকা আদি। এই লক্ষণসমূহে দেখা দিলে ওজা বা বেজ মাতি অনা হয়। ভূতক খেদিবলৈ নিমগছৰ পাত, সিজুগচৰ ডাল, বিহলঙনি, সৰিয়ঁহ গুটি আদি ব্যৱহাৰ কৰা হয়। বেজৰ হুমকিত ৰোগীৰ মুখেৰেই ভূতে সঁচা কথা কয় বুলি বিশ্বাস কৰা হয়। লোকবিশ্বাস মতে, গৰুৰ গোবৰ বা মূতত ভূত খেদিব পৰা শক্তি লুকাই আছে। সেয়ে গাঁৱৰ মানুহে চোতালত শুকান গোবৰেৰে জুই জ্বলায়। সৰিয়ঁহ গুটিক ভূতে ভয় কৰে বুলি বহুতে ভঁৰালত সৰিয়ঁহ গুটিৰ টোপোলা থৈ দিয়ে।[উদ্ধৃতিৰ প্ৰয়োজন]
সাধাৰণতে ডাঙৰ-ডাঙৰ গছবোৰত ভূত বসবাস কৰে বুলি বিশ্বাস কৰা হয়। তেনেকুৱা গছৰ পৰা ভূত খেদিবলৈ হ'লে তলত কুকুৰা-হাঁহ আদিৰে পূজা কৰা হয়। সেই গছজোপা কাটিবলৈ হ’লে ভূতটোকো পূজা দি অন্য এজোপা গছলৈ খেদি পঠোৱাৰ ব্যৱস্থা কৰা হয়। পূজা পালে ভূতটোৱে সি বাস কৰা গছ জোপালৈ গুচি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে বুলি বিশ্বাস কৰা হয়[উদ্ধৃতিৰ প্ৰয়োজন]
মৃতকৰ আত্মাক সন্তুষ্ট কৰাৰ উদ্দেশ্যে প্ৰাচীন কালৰপৰাই বিভিন্ন জাতিৰ মানুহে অন্ত্যেষ্টিক্ৰিয়া পালন কৰে। অসমীয়া সমাজতো মৰিশালীলৈ নিয়াৰ আগতে মৃতকক থোৱা ঠাইডোখৰত বগৰীৰ জেং এডাল থোৱা হয়, যাতে মৃতকৰ আত্মাই অন্যান্য সদস্যসকলক আক্ৰমণ কৰিব নোৱাৰে। মৃতকৰ সৎকাৰ আৰু শ্ৰাদ্ধাদি কৰা জনে হাতত চোকা লোহাৰ অস্ত্ৰ লগত লৈ ফুৰে। অস্ত্ৰ লৈ নুফুৰিলে মৃতকৰ আত্মাই তেওঁৰ অপকাৰ কৰিব বুলি ভবা হয়। মৃত ব্যক্তিৰ নাম লিখোতে অপদেৱতাৰপৰা ৰক্ষা পাবলৈ মৃতকৰ নামৰ আগত স্বৰ্গীয় চিহ্ন ব্যৱহাৰ কৰা হয়। উল্লেখ্য যে সন্তান জন্মৰ পাছত প্ৰসূতিৰ লগতে সন্তানক ভূত-প্ৰেত, ডাইনী আদিৰপৰা ৰক্ষা কৰিবলৈ প্ৰসূতিৰ শয্যাৰ তলত এখন চোকা অস্ত্ৰ ৰখা হয়। গাঁৱৰ মানুহে নিশা ক’ৰবালৈ যাবলৈ হ’লে ভূত-প্ৰেতৰ পৰা ৰক্ষা পাবৰ বাবে লগত দা-কটাৰী লৈ ফুৰে।[উদ্ধৃতিৰ প্ৰয়োজন] অসমীয়া বিয়া-সবাহত দৰা-কন্যাক হৰ-পাৰ্বতী, ৰাম-সীতা, কৃষ্ণ-ৰাধা আদি আখ্যা দিয়া হয়। বিয়াত কন্যাৰ ঘৰলৈ যোৱা দৰাক অপদেৱতাৰপৰা আঁতৰাই ৰাখিবলৈ চাউল ছটিওৱা বা চোবোৱা হয়।
কামৰূপ আৰু গোৱালপাৰা জিলাত প্ৰচলিত লোকবিশ্বাস মতে, গৰ্ভৱতী মহিলাৰ গাত যখিনী লম্ভিলে মহিলাগৰাকীৰ সহজে প্ৰসৱ নহয় আৰু বিৰাট যন্ত্ৰণা ভোগ কৰে। যখিনী দুবিধ– সৰু যখিনী আৰু বৰ যখিনী। সৰু যখিনীক সন্তুষ্ট কৰিবৰ বাবে ‘চাৰেচানা’ (কুকুৰা চৰাইৰ পোৱালি), এখন জাকৈ আৰু এটা খালৈ আৱশ্যক হয়। সৰু যখিনীক পূজা কৰাৰ পাছতো যদি মহিলা গৰাকীৰ প্ৰসৱ নহয়, তেন্তে বৰ যখিনীক পূজা কৰা হয়। বৰ যখিনীক পূজা কৰোঁতে নতুনকৈ কলফুল ওলোৱা এজোপা কল গছ, জাকৈ, খালৈ, কুকুৰা, শামুক আৰু ক’লা কচুৰ ঠাৰি লাগে। অসমৰ অন্যান্য ঠাইৰ লোকসকলেও প্ৰসূতিৰ কঠিন প্ৰসৱৰ সময়ত প্ৰসূতিৰ গাত মন্ত্ৰই জৰা পানী ছটিয়াই দিয়ে। বহুতে ক’লা মেকুৰীৰ সৈতে ভূত-প্ৰেতৰ সম্বন্ধ আছে বিশ্বাস কৰে বাবে ক’লা মেকুৰী দেখিলে দুখোজ পিছুৱাই আহি আকৌ আগবাঢ়ে বা থুই পেলাই বিপদমুক্ত হ’ব বিচাৰে[উদ্ধৃতিৰ প্ৰয়োজন]।
জনজাতীয়সকলৰ মাজতো ভূত-প্ৰেত সম্পৰ্কীয় বিভিন্ন লোকবিশ্বাস আছে। চেমা নগাসকলে বিশ্বাস কৰে যে পুত্ৰ সন্তান হ’লে জেঠীয়ে ভূতক খবৰ দিয়ে। তাৰ ফলত সদ্যোজাত কেঁচুৱাটিক নি ভূতে মাৰি পেলায়। কাৰ্বিসকলে মাছখোৱা দেওক মাছ মৰা জালেৰেহে ধৰিব পাৰি বুলি বিশ্বাস কৰে। চাওঁতালসকলে বংগা নামৰ অপদেৱতাক বিশ্বাস কৰে। বড়োসকলৰ মাজত মাদাই নামৰ অপদেৱতাটোৱে মানুহৰ মাজত বিভিন্ন ৰোগ, মহামাৰী আদি সৃষ্টি কৰে বুলি লোকবিশ্বাস আছে।
বৈজ্ঞানিক বিশ্লেষণ
[সম্পাদনা কৰক]আদিম মানুহসকল ৰ’দ-বৰষুণ, ধুমুহা, উল্কাপাত, ভূমিকম্প আদি বিভিন্ন প্ৰাকৃতিক ঘটনাৰ উৎস আৰু হেতু সম্পৰ্কত তেনেই অজ্ঞ আছিল। সেই অজ্ঞতাৰ বাবে তেওঁলোকে প্ৰকৃতিৰ ওচৰত বৰ অসহায় অনুভৱ কৰিছিল। সেই অজ্ঞতা আৰু অসহায়বোধেই তেওঁলোকৰ মনত ৰহস্যময় প্ৰাকৃতিক ঘটনাবোৰৰ সম্পৰ্কত বিভিন্ন ভ্ৰান্ত ধাৰণাৰ জন্ম দিছিল। আদিম মানুহে প্ৰাকৃতিক ঘটনাবোৰ কোনো অলৌকিক শক্তিয়ে সম্পন্ন কৰে বুলি বিশ্বাস কৰাৰ লগতে সেইবোৰক দেৱ-দেৱতা, ভূত-প্ৰেত আদি নাম দি লৈছিল। মানুহৰ হিত সাধন কৰা প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত দেৱ-দেৱতা আৰু মানুহৰ অহিত সাধন কৰা প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত ভূত-প্ৰেত জড়িত থাকে বুলি বিশ্বাস কৰিছিল।
ভূত-প্ৰেতৰ ধাৰণাটোৱে নানা বিৱৰ্তনৰ মাজেৰে আহি বৰ্তমানৰ ৰূপ পাইছে। ভূত-প্ৰেতৰ ধাৰণাৰ বিৱৰ্তনক তিনিটা পৰ্যায়ত ভাগ কৰা হয়। প্ৰথম পৰ্যায়ত আদিম মানুহে জীৱন আৰু মৰণৰ পাৰ্থক্য বিচাৰি পোৱা নাছিল। তেওঁলোকে দেখিছিল যে বনৰীয়া জীৱ-জন্তৰ আক্ৰমণ, দুৰ্ঘটনা আদিৰ ফলত আঘাতপ্ৰাপ্ত কিছুমান মানুহ সাময়িকভাৱে অচেতন হৈ পৰে আৰু পাছত স্বাভাৱিক জীৱন ঘূৰাই পায়। সেয়ে তেওঁলোকে মৃতকৰ শৰীৰ সন্মান সহকাৰে ৰাখিছিল আৰু খোৱা বস্তু যাচিছিল। দ্বিতীয় পৰ্যায়ত আদিম মানুহে মৰণক এক সাময়িক ঘটনা বুলি মানি লৈ মৃতকে পুনৰ্জীৱন পাব বুলি ধাৰণা কৰিছিল। এই ধাৰণাৰপৰাই আত্মাৰ বিশ্বাস জন্ম হয়। তৃতীয় পৰ্যায়ত আদিম মানুহে তেওঁলোকৰ জীৱিত শৰীৰত আত্মা থাকে আৰু আত্মা অবিনশ্বৰ বুলি বিশ্বাস কৰিছিল।[6]
মনোবিজ্ঞানীসকলৰ মতে, ভূতে পোৱা বা ভূতে ধৰাটো এক মানসিক ৰোগ আৰু বেছিভাগৰ ক্ষেত্ৰতে সেয়া উন্মাদ ৰোগ বা হিষ্টিৰিয়া ৰোগ বুলি প্ৰমাণিত হৈছে। এই ৰোগৰ প্ৰসংগত মনোবিজ্ঞানী ফ্ৰয়েডে কৈছিল যে অৱদমিত স্মৃতি(repressed memory)ৰ পৰাই উন্মাদ ৰোগৰ সৃষ্টি হয়। কিছুমান ঘটনাই শিশুমনত প্ৰচণ্ডভাৱে খং-ক্ষোভ, দুখ-শোক, ভয়-ভীতি আদি অনুভূতিৰ সৃষ্টি কৰে; অথচ সেই অনুভূতিবোৰ কাৰো আগত প্ৰকাশ কৰাটো সম্ভৱপৰ নহয়। পৰৱৰ্তী সময়ত সেই অৱদমিত অনুভূতিৰ স্মৃতিবোৰেই মানুহ এজনক উন্মাদ কৰি তুলিব পাৰে। সেয়ে এনে ৰোগীক বেজৰ ওচৰলৈ নিয়াতকৈ মানসিক চিকিৎসকৰ ওচৰলৈ নিয়াটো খুবেই প্ৰয়োজনীয়।[7]
অভিযোজন
[সম্পাদনা কৰক]অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত ভূত-প্ৰেতৰ এক উল্লেখযোগ্য স্থান আছে। ভূত-প্ৰেত সম্বন্ধত মানুহৰ চিৰন্তন আগ্ৰহ আৰু ৰহস্যৰ অন্ত নপৰে আৰু সেয়ে এই সাহিত্য তথা সংস্কৃতিৰ দিশ সমূহ সমাজত জনপ্ৰিয়।
অসমীয়া সাহিত্য
[সম্পাদনা কৰক]অসমীয়া সাধুকথাৰ জগতখন ভূত-প্ৰেত, অপেশ্বৰী, ৰাক্ষস, দৈত্য অদিৰে ভৰপূৰ। ৰাতি চেমনীয়া সকল লগ লাগিলে ভূতৰ গল্পই তাত আগস্থান পায়। লক্ষ্মীনাথ বেজবৰুৱাৰ ককাদেউতা আৰু নাতিল'ৰা নামৰ সাধুকথাৰ পুথিখনত ভূত আৰু বাঢ়নী আৰু ৰাক্ষসৰ সাধু নামৰ দুটা সাধুকথা আছে। তাৰ পিছতো বহুতো ভূতৰ সাধুকথা পুথি প্ৰকাশিত হৈছে। তদুপৰি মুখে মুখে বাগৰি অহা সাধুবোৰতো ভূত-প্ৰেতৰ পয়োভৰ দেখা যায়। অসমীয়া ভৌতিক সাহিত্যই ৰঞ্জু হাজৰিকাৰ হাতত ঠন ধৰি উঠে। তেওঁ বহুকেইখন ভৌতিক উপন্যাস আৰু বহুকেইটা গল্প লিখি অসমীয়া ভৌতিক সাহিত্যৰ ভঁৰাল চহকী কৰিছে। বিস্ময়, মায়া, ৰহস্য আদি আলোচনীত তেওঁৰ বহুসংখ্যক ভৌতিক গল্প প্ৰকাশ পায়। তদুপৰি আন বহুতো সাহিত্যিকৰ ভৌতিক গল্প-উপন্যাস ইতিমধ্যে ছপা আৰু ডিজিটেল মাধ্যমত প্ৰকাশ পাইছে।
অসমীয়া কবিতাত ভূত-প্ৰেতৰ কথা ক'বলৈ হ'লে প্ৰথমে জ্যোতিপ্ৰসাদৰ কুম্পুৰ সপোন কবিতাটিৰ কথা উল্লেখ কৰিব পাৰি। কবিতাটিত কুম্পুৱে সপোনত দুটা ভূতৰ পোৱালি আৰু দুজনী যখিনী ছোৱালী দেখা পোৱা বুলি কয়।
অসমীয়া চলচ্চিত্ৰ
[সম্পাদনা কৰক]হিন্দী আৰু ইংৰাজী চলচ্চিত্ৰ জগতত ভূত-প্ৰেতৰ যি বহুল অৱতৰণ তাৰ তুলনাত অসমীয়া চলচ্চিত্ৰত ভূতৰ উল্লেখ খুব কমেইহে দেখা যায়। ২০১২ চনত মুক্তি পোৱা চন্দ্ৰ মুদৈৰ বাঁকৰ পুতেক ছবিখনত ছবিৰ নায়ক পোৱালক বাঁকে হত্যা কৰি পোৱালৰ ৰূপ লৈ নায়িকা পদ্মাৰ লগত যুগ্মজীৱন পাতে।[8] ২০১৬ চনত মুক্তি পোৱা ভাস্কৰ হাজৰিকাৰ কথানদীত তেজীমলাৰ মাকে ৰাতি নদীৰ পাৰত এক অপদেৱতাৰ সৈতে মিলিত হোৱা দেখুওৱা হৈছে।[9]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 উমেশ চেতিয়া (২০০৮). "অসমীয়া লোক সমাজত ভূত-প্ৰেত তত্ত্ব". অসমৰ লোক সংস্কৃতিৰ ৰূপৰেখা. কিৰণ প্ৰকাশন.
- ↑ http://www.xobdo.org/dic/%E0%A6%AC%E0%A6%BE%E0%A6%81%E0%A6%95
- ↑ http://www.xobdo.org/dic/%E0%A6%9C%E0%A6%B2%E0%A6%95%E0%A7%8B%E0%A6%81%E0%A7%B1%E0%A7%B0
- ↑ “অসমৰ ভূতৰ কথা”; জয়ন্ত শৰ্মা, সঁফুৰা আলোচনী, দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা
- ↑ "জ্ঞানাঞ্জন, ৩২শ বছৰ (১৬শ সংখ্যা), ২০১৩ ( ১৬-৩১ জুলাই) প্ৰান্তিক পৃষ্ঠা নং ৪৪"
- ↑ ডাঃ জীৱন দত্ত বৰুৱা (২০১৬). "ভূত-প্ৰেত আত্মা: আন এক অন্ধবিশ্বাস". অন্ধবিশ্বাস আৰু কুসংস্কাৰ. স্পন্দন প্ৰকাশ. পৃষ্ঠা. ৫২.
- ↑ ভট্টাচাৰ্য, সোমনাথ. "ভূতে ধৰা, ভৰ হওয়া, না হিষ্টিৰিয়া". বিজ্ঞান অবিজ্ঞান অপবিজ্ঞান, উৎস মানুষ সংকলন.
- ↑ "Bakor Putek to release on March 2". The Sentinel. February 25, 2012. Archived from the original on March 28, 2014. https://web.archive.org/web/20140328045838/http://www.sentinelassam.com/saturday/saturday2.php?sec=17&subsec=0&ppr=3&dtP=2012-02-25। আহৰণ কৰা হৈছে: March 5, 2012.
- ↑ https://www.thehindu.com/features/and-the-river-flows-to-tell-the-tales-kothanodi/article8645138.ece