দ'ত
অৱয়ব
দ'ত বা দৈত্য হৈছে এবিধ অপদেৱতা।[1] পাৰ্থিৱ ভূত-প্ৰেত সমূহৰ ভিতৰত দ'ত হৈছে এবিধ জলচৰ অপদেৱতা। দৈত্য শব্দটো সংস্কৃতৰ পৰা অহা। ই মানুহক বিভিন্ন ছলনা কৰি ফুচুলাই পথ হেৰুৱাই লৈ যায়। তাৰ পিছত নিৰ্জন হাবি বা আন্ধাৰত মানুহক অচেতন কৰি বা মাৰি পেলাই থৈ যায়। ৰাতি দোকমোকালিতে আন্ধাৰ সময়ত ই কোনো বন্ধুস্থানীয় লোকৰ ৰূপত দেখা দি মানুহক পুখুৰীৰ ফাললৈ লৈ যায়। পানীত থকা বাবে আন জলচৰ জীৱ সদৃশ দৈত্যবোৰ পিছল।[2] ইয়াৰোপৰি দ'তবোৰ ওখ। ই দহ বাৰ ফুটলৈকে ওখ হ'ব পাৰে। পানী থকা জান, পুখুৰী বা জলাহৰ পানী যুঁৱলীত দ'ত থাকে বুলি কোৱা হয়। ই মানুহক ডিঙি চেপি ধৰে, ভুকুৱাই, হাতৰ আঙুলিৰে বাকুতি ধৰে। প্ৰথমে তাক মানুহৰ দৰে দেখি যদিও ক্ৰমে সি ডাঙৰ হৈ আহে আৰু হতাব নোৱৰা হৈ পৰে। দৈত্যৰ লগত এটা জলমোনা থাকে। এই জলমোনাটো কোনো মানুহে বশ কৰি ল'ব পাৰিলে সি তেওঁৰ আদেশ মানি চলে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "দ'ত". xobdo.org. http://xobdo.org/dic/%E0%A6%A6%E2%80%99%E0%A6%A4। আহৰণ কৰা হৈছে: 18 March 2023.
- ↑ পদ্মনাথ গোহাঞি বৰুৱা. ভূত নে ভ্ৰম. লীলা এজেঞ্চি. https://as.m.wikisource.org/wiki/%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE:%E0%A6%AD%E0%A7%82%E0%A6%A4_%E0%A6%A8%E0%A7%87_%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE.pdf/%E0%A7%A7%E0%A7%AC.