সমললৈ যাওক

পৰুৱা (ভূত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা


পৰুৱা (ইংৰাজী: Porua) এবিধ খৰতকীয়া স্ত্ৰী জাতীয় অপদেৱতা। তিনি আলি বা চাৰি আলিৰ মূৰত হে পৰুৱাক লগ পোৱা যায়। অকলশৰীয়া ৰাতি পৰুৱাই লগ পালে যাত্ৰীক ডাঠ আন্ধাৰে আৱৰি ধৰে আৰু আচল বাটটো পাহৰাই দিয়ে। তেনেদৰে বাট হেৰুওৱা মানুহক ক্ৰমে মূল বাটৰ পৰা দূৰলৈ লৈ যায়। ৰাতিৰ ৰাতিটো একে ঠাইত ঘূৰাই ফুৰে।[1] অন্যলোকে পোহৰ দেখুৱাই লৈ গ'লেহে পৰুৱাই এৰা দিয়ে।[2]

অসমীয়া অপদেৱতা পৰুৱাৰ কৃত্ৰিম বুদ্ধিমত্তাৰে নিৰ্মিত এখন চিত্ৰ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Bishaldeep Kakati. The folklore of Assamese ghosts and spirits: A brief study. https://www.sentinelassam.com/more-news/editorial/the-folklore-of-assamese-ghosts-and-spirits-a-brief-study-685337. 
  2. “অসমৰ ভূতৰ কথা”; জয়ন্ত শৰ্মা, সঁফুৰা আলোচনী, দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা