সমললৈ যাওক

খেতৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ লোকবিশ্বাস অনুসৰি খেতৰ (ইংৰাজী: Khetor) একধৰণৰ ভূত বা আত্মা বা অপশক্তি। অতীজত অসম হাবি-জংগলেৰে ভৰা ঠাই আছিল৷ স্বাভাৱিকতে হাবি-জংগলেৰে ভৰা জয়াল ঠাইত নানা অলৌকিক অপশক্তিৰ কথাই পুৰণি কালত মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰিছিল৷ বৈজ্ঞানিক চিন্তা-চৰ্চাৰ অভাৱত বেমাৰ-আজাৰকে ধৰি নানা অপায়-অমংগলৰ কাৰণৰূপে অপশক্তিবোৰক জগৰীয়া কৰা হৈছিল৷[1]

বুৎপত্তি[সম্পাদনা কৰক]

খেতৰ শব্দটো ক্ষেত্ৰ বা ক্ষেত্ৰপাল শব্দৰ পৰা অহা বুলি অনুমান কৰিব পাৰি৷ খেতৰ সচৰাচৰ মুকলি পথাৰত থাকে বুলি বিশ্বাস কৰা হয়৷ অসমলৈ এই অপশক্তিৰ জনবিশ্বাস দ্ৰাবিড়ীয় মূলৰ জনগোষ্ঠীৰ প্ৰব্ৰজনৰ সৈতে অহা বুলি অনুমান কৰিব পাৰি৷ অৱশ্যে উৰিষ্যাৰ লোকৰ সৈতে থকা অসমীয়া মানুহ, ভাষা আৰু সংস্কৃতিৰ সাদৃশ্যই উৰিষ্যাৰ পৰা প্ৰব্ৰজিত হৈ অহা কোনো জনগোষ্ঠীৰ সৈতে ই অসমলৈ আহিল বুলি ভাবিবৰ থল আছে।[1]

খেতৰৰ শক্তি[সম্পাদনা কৰক]

খেতৰ মুকলি ঠাইত বা ঘৰৰ পিছফালৰ বহল বাৰীত অদৃশ্য হৈ থাকে৷ খেতৰৰ কোনো শাৰীৰীক বৰ্ণনা পাবলৈ নাই৷ ই মুকলি ঠাইত থকা সৰু ল’ৰা-ছোৱালীক কিছু সময়ৰ বাবে ধৰি বা পলুৱাই লৈ যায় আৰু কুদৃষ্টি বৰ্ষণ কৰে৷ খেতৰে ধৰা ল’ৰা-ছোৱালীৰ নানা বেমাৰ-আজাৰ হয়৷ ই গৰুৰ পোৱালিও ধৰি নিয়ে৷ খেতৰে ধৰা দামুৰীয়ে গাইজনীৰ গাখীৰ নোখোৱা হয় আৰু জলকা লাগি থাকে৷

খেতৰে ধৰা চিনাক্তকৰণ[সম্পাদনা কৰক]

খেতৰে ধৰা ল’ৰা-ছোৱালী চিনাক্ত কৰিবলৈ কিছুমান লক্ষণ দেখা দিয়ে বুলি বিশ্বাস৷ যিবোৰে অনবৰতে কান্দি থাকে আৰু মাজে মাজে জিকাৰ খাই উঠে, ভয়তে ৰঙা-ক’লা পৰে আৰু গাখীৰ নোখোৱা হয় তেনে ল’ৰা-ছোৱালীক খেতৰে ধৰা বুলি কোৱা হয়৷ খেতৰে দামুৰী ধৰি লুকুৱাই থয় বুলি বিশ্বাস কৰা হয়৷[2]

খেতৰৰ অপশক্তিৰ পৰা ৰক্ষাৰ বিধান[সম্পাদনা কৰক]

খেতৰে নাপাবলৈ সৰু ল’ৰা-ছোৱালীক ডিঙিত কড়ি আৰু সৰু শামুকৰ মালা পিন্ধাই দিয়া হয়৷ বহুতে ৰঙা আৰু ক’লা সূতাৰ ক’চ (মন্ত্ৰপুত সূতাৰ জৰী) বান্ধি দিয়ে৷ কড়ি বা শামুকৰ খোলাৰ মালা পিন্ধোৱাৰ বিধান দিয়াৰ পৰা ই কোনো সাগৰপৰীয়া জনগোষ্ঠীৰ পৰাই অসমলৈ অহা বুলি অনুমান কৰিব পাৰি৷[1] গৰু পোৱালিক খেতৰৰ পৰা ৰক্ষা কৰিবলৈ নতুনকৈ পোৱালি জগা গাইৰ গাখীৰ খীৰাই বাঁহৰ চুঙাত ভৰাই জুইত পোৰা হয়৷ বহুতে মাটিৰ বাচনত কলপাত পাৰি গাখীৰখিনি দি জুইৰ ওপৰত দিয়ে৷ নতুনকৈ পোৱালি দিয়া গাইৰ গাখীৰ ডাঠ হয়৷ জুইৰ সেকত ই টান হৈ পৰে৷ ইয়াক ফেঁহু বোলে৷ ফেঁহুখিনি টুকুৰাটুকুৰকৈ কাটি ভাগ ভাগ কৰি খেতৰ থাকিব পৰা ঠাইবোৰত বাঁহৰ শলা এডালত দুইমূৰে দুটুকুৰা দি ভাৰ বান্ধি নি দি অহা হয় আৰু নতুন পোৱালীটোৰো দুই কাণত সূতাৰে ওলোমাই দিয়া হয়৷ তাৰপিছত ফেঁহুখিনি সৰু ল’ৰা-ছোৱালীৰ মাজত ভগাই দিয়া হয়৷ এনে কৰিলে দামুৰীটো খেতৰৰ অপশক্তিৰ পৰা ৰক্ষা পায় বুলি অসমৰ গ্ৰাম্য সমাজত বিশ্বাস প্ৰচলিত হৈ আহিছে৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 নগেন শইকীয়া. অসমীয়া মানুহৰ ইতিহাস. পৃষ্ঠা. ৩০৩. 
  2. নিৰ্মলপ্ৰভা বৰদলৈ. অসমৰ লোকসংস্কৃতি. পৃষ্ঠা. ৬৬.