অসমৰ সাধুকথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


সাধুকথা অসমীয়া সাহিত্যৰ এটা বিশিষ্ট বিভাগ। সাধুকথাবোৰ সাধাৰণতে এক অনিৰ্দিষ্ট ৰূপৰ এক লোক-কথা। কিন্তু এইবোৰত এটা সজ নীতি কথা থাকে আৰু সেয়ে হয়তো এইবোৰ লোক-কথাক অসমীয়াত সাধুকথা বোলা হয়। সাধুকথাবোৰৰ স্থিৰ ৰূপ এটা নাই, সাধু কওঁতাই নিজৰ অভিৰুচি আৰু সামৰ্থ অনুসাৰে তাক বৰ্ণাই যায়।

অসমৰ সাধুকথাৰ ভড়াল যথেষ্ট চহকী। এইবিলাকৰ কিছুমান অসমীয়াত আৰু বাকীবিলাক কছাৰী, ৰাভা, মিকিৰ আদি জনজাতীয় ভাষাত ৰচিত। কিছুমান লেখত লবলগীয়া সাধু অসমৰ সকলো অধিবাসীৰ মাজতে সমানে পৰিচালিত।

অসমৰ সাধুবোৰক থলুৱা, সংস্কৃতৰ পৰা অহা আৰু বিদেশী- এই তিনিভাগত ভগাব পাৰি। থলুৱা সাধুবোৰৰ কাহিনী অসম অঞ্চলৰ; সংস্কৃতৰ পৰা অহা সাধুবোৰ হ'ল হিতোপদেশ, পঞ্চতন্ত্ৰ আদি আৰু কিছুমান সাধুৰ মূল কাহিনী মধ্য এছিয়া বা ইউৰোপৰ কাহিনীৰ সৈতে মিলে।

অসমৰ সাধুবোৰক ভালেমান জগতত ভগাব পাৰি। কিছুমান সাধু আছে যিবোৰ জীৱ-জন্তুক লৈ ৰচনা কৰা হৈছে। কিছুমান সাধু আকৌ আলৌকিক। আন এবিধ সাধু আছে যাৰ কাহিনী সৰু অথচ ৰসাল আৰু খুহুতীয়া। কিছুমান সাধুকথাত প্ৰাকৃতিক নানা পৰিঘটনাৰ আদি কাৰণ দেখুৱাবৰ যত্ন কৰা হয়,যেনে- আকাশখন ওখ হ'ল কিয়, লুইতে ফেনায় কিয়, আলিবাটবোৰ কেঁকোৰা-কেঁকুৰি হ'ল কিয় ইত্যাদি। এনেদৰেই অসমীয়া সাধুকথাত প্ৰেম-প্ৰীতি, পিতৃস্নেহ, মাতৃস্নেহ,সপত্নী-বিদ্বেষ,ঈৰ্ষা-অসূয়া,জীয়াই থকাৰ স্পৃহা, জনবিশ্বাস, কুসংস্কাৰ আদি আদিম ভাৱ আৰু অনুভূতিসমূহৰ সৰল আৰু মুকলি প্ৰকাশ দেখা যায়। প্ৰসংগক্ৰমে নেতিক জীৱনৰ আদৰ্শও এইবোৰে পৰোক্ষভাৱে দাঙি ধৰে। অসমীয়া সাহিত্যৰ বুৰঞ্জীত সধুকথাৰ বৰ বেছি মূল্য নাথাকিলেও সমাজতত্ত্বৰ অধ্যয়নৰ ফালৰ পৰা এইবোৰৰ মূল্য উলাই কৰিব নোৱাৰি। [1] এই প্ৰসঙ্গত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ "বুঢ়ী আইৰ সাধু"ৰ কথা উল্লেখ কৰিব পাৰি। পুঠিখনত বিভিন্ন অসমীয়া গ্ৰামীণ সাধুকথা সংগ্ৰহীত হৈ আছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-২০৯ (১)